Thursday, 25 April 2019

অতীতৰ গহ্বৰত বৰ্তমানক চলাথ কৰাৰ আন্তৰিক প্ৰয়াস-“কানীন”


“অপ্ৰকাশিত আৱেগৰ কোনোদিনে মৃত্যু নহয় ৷ সিহঁতক জীৱন্তে সমাধিস্থহে কৰা হয় ৷ ভৱিষ্যতৰ কোনোবা এটা দিনত সিহঁতবোৰ আকৌ উলটি আহে-একো একোটা অসুন্দৰ পথেৰে ৷”
        বোধহয় মঞ্জুল বৰুৱা পৰিচালিত অসমীয়া ছবি ‘কানীন’ৰ মূল মনস্তাত্ত্বিক সত্তাটোৰ স্বৰূপ উপলব্ধি কৰিবলৈ ছিগমাণ্ড ফ্ৰয়েডৰ এইষাৰ উক্তিয়েই যথোপযুক্ত ৷ মানসিক অপৰিপক্কতা,লোকলজ্জা,আত্মাভিমান,বংশমৰ্যাদা  ইত্যাদি একাধিক কাৰকে প্ৰকৃতিজাত মানৱীয় আৱেগবোৰক মোহাৰি-মুচৰি অতীতৰ ঘটনাসৰ্বস্ব কোনোবা আলি-পদূলিত লুকুৱাই থ’ব খোজে; অপহৃত কৰি থ’ব খোজে বৰ্তমানে স্পৰ্শ কৰিব নোৱাৰা পৰিত্যক্ত কোনোবা অন্ধকাৰ জুপুৰিতঅতি সংগোপনে,অতি সন্তৰ্পণে৷ কিন্তু অতীত জানো সিমান ক্ষমতাহীন ? মুঠেই নহয়৷ জীৱনৰ সাম্প্ৰতিক চিত্ৰপটত অতীত উজ্জ্বল হৈ দৃশ্যমান নহ’ব পাৰে,কিন্তু চিত্ৰপটৰ পৰা অতীত কাহানিও বিলুপ্ত নহয়৷ অতীতৰ লগত বৰ্তমানৰ পুনঃসংযোগ স্থাপনৰ বাবে লাগে মাথোঁ এটা অজুহাত ৷
        দুটি সন্তানৰ মাতৃ,উচ্চপদস্থ আৰক্ষী বিষয়া অভিজিত বৰুৱাৰ পত্নী মন্দিৰা বৰুৱাৰ সমুখতো হঠাতে এদিন আৰ্ৱিভাৱ হ’লহি তেনে এক অজুহাত ৷ সেই অজুহাতে মুহূৰ্তৰ ভিতৰতে মন্দিৰা বৰুৱাৰ সমুখত এটা প্ৰহেলিকাময় বেহু তৈয়াৰ কৰি পেলালে ৷ যি বেহুত প্ৰৱেশ কৰি মন্দিৰা বৰুৱাই হেৰুৱালে প্ৰাত্যাহিকতাৰ সমস্ত বিচিত্ৰতা ৷ তাৰ পৰিৱৰ্তে অতীতৰ সুগভীৰ খাদৰ পৰা তেওঁ বুটলি আনিলে অনাকাংক্ষিত আৰু বেদনাক্লিষ্ট দুৰ্ঘটনাৰ এখন বিনষ্টপ্ৰায় দলিল ৷ এতিয়া স্বাভাৱিকতেই সমুখসমৰত নামিল মন্দিৰা বৰুৱাৰ বৈচিত্ৰ্যপূৰ্ণ বৰ্তমান আৰু সদ্যোন্মোচিত অতীতৰ এটি তীব্ৰ আৱেগিক পৰিঘটনা ৷
        খ্যাতিশীৰ্ষ লেখিকা ৰীতা চৌধুৰীৰ এখন উপন্যাসৰ আধাৰত ৰচিত হৈছে ‘কানীন’ৰ চিত্ৰনাট্য ৷ সংলাপ লিখিছে মঞ্জুল বৰুৱা আৰু ৰীতা চৌধুৰীয়ে ৷
        ছবিৰ কাহিনীটোত কোনো জটিল পাকচক্ৰ নাই ৷ ডাষ্টবিনত পৰি থকা এটি কেঁচুৱাৰ হৃদয়বিদাৰক কান্দোন শুনি এগৰাকী অনুভূতিশীল মহিলাৰ অতীত জাগ্ৰত হৈ উঠে ৷ ক্ৰমান্বয়ে অতীতমুখী চেতনাৰ তীব্ৰতাই তেওঁৰ মন-মস্তিষ্কৰ সৰ্বাংশ অধিকাৰ কৰি পেলায় ৷ সেয়েহে আধুনিকতাৰে পৰিপূৰ্ণ এখন সমাজৰ পৰা লুকাই;স্বামী আৰু এহাল সন্তানৰ প্ৰশ্নবাণৰ পৰা দূৰত্ব বৰ্তাই তেওঁ অৰ্থাৎ মন্দিৰা বৰুৱা সআগ্ৰেহেৰে মাতৃৰ কাষ চাপি যায়-অতীতৰ বন্ধ অধ্যায়ৰ পাঠোদ্ধাৰ কৰিবলৈ৷ মোমায়েকৰ সহায় বিচাৰি যায় জটিল অতীতৰ পৰা ধূসৰতা আঁতৰাবলৈ৷ তেওঁ জানিব খোজে-আজিৰ পৰা চৌবিশ বছৰৰ পূৰ্বে সংঘটিত হোৱা দুৰ্ঘটনাটোৰ শেষ পৰিণতি কি হ’ল ? যি দুৰ্ঘটনাৰ জৰিয়তে তেওঁ লাভ কৰিছিল জীৱনৰ প্ৰথমটো তেজ-মঙহৰ সন্তান ৷ ক’লৈ গ’ল সি ? ক’ত থোৱা হ’ল তাক ?- আজি এই প্ৰশ্নবোৰৰ তেওঁক উত্তৰ লাগে
        অৱশেষত মন্দিৰা বৰুৱাই উত্তৰবোৰ পা ৷ যি তিক্ততাপূৰ্ণ অতীতক বিচাৰি তেওঁ উদ্বাউল হৈ ফুৰিছিল,সেই অতীতক তেওঁ এদিন নিচেই সমুখতে আৱিষ্কাৰ কৰে ৷ কিন্তু এয়াইতো শেষ নহয় ৷ বৰ্তমান আৰু অতীতৰ মাজত মন্দিৰা বৰুৱাই এখন স্থায়ী সাঁকো গঢ়িব খোজে ৷ আৰু তাৰ বাবে তেওঁ নিজাববীয়াকৈ শ্ৰম আৰু পৰিকল্পনা প্ৰস্তুত কৰে ৷ পিছে বৰ্তমানৰ পৰা অতীতলৈ কৰা ওভতনি যাত্ৰা সহজসাধ্য হ’লেও সিহঁতৰ একত্ৰীকৰণৰ প্ৰয়াস অত্যন্ত যন্ত্ৰণাদায়ক ৷ কাৰণ বৰ্তমানৰ লগত বাস্তৱৰ অভিন্ন সম্বন্ধ ৷ আনহাতে বাস্তৱৰ লগত কৰুণাৰ সিমান এটা ঘনিষ্ঠ সম্পৰ্ক নাই ৷ তেনেহ’লে তেনে এক দোদূল্যমান মানসিক পৰিস্থিতি অতিক্ৰমি মন্দিৰা বৰুৱাই বৰ্তমানৰ সৈতে অতীতৰ এক আন্তৰিক সম্বন্ধ স্থাপন কৰিব পাৰিবনে ? অতীতক বিনাদ্বিধাই আদৰি ল’বলৈ তেওঁ বৰ্তমানক অনুৰোধ কৰিব পাৰিবনে ? সৈমান কৰিব পাৰিবনে সমাজক ? এই সকলো প্ৰশ্নবোধকৰ কেন্দ্ৰস্থল হৈছে-কানীন
        ‘কানীন’ৰ চিত্ৰনাট্য-ৰচনাত মঞ্জুল বৰুৱাই প্ৰশংসাযোগ্য বুদ্ধিদীপ্ততাৰ পৰিচয় দিছে ৷ কিন্তু অ’ত-ত’ত,দুই-এঠাইত তেওঁৰ ৰচনাৰ স্বাদ হ্ৰাস হোৱাও পৰিলক্ষিত হৈছে ৷ ছবিৰ প্ৰথম পাঁচ মিনিটৰ ভিতৰতে কৌতূহলোদ্দীপক মুহূৰ্ত ৰচনাৰ জৰিয়তে বৰুৱাই দৰ্শকৰ বাবে কানীনৰ প্ৰৱেশদ্বাৰ মুকলি কৰি দিয়ে ৷ য’ত দেখুউৱা হয় মহানগৰীৰ মাজৰাস্তাৰে গৈ থকা এখন দিশাহীন গাড়ী ৷ তাৰ পিছৰটো দৃশ্যত আমি দেখিবলৈ পাওঁ দোকানৰ পৰা চকলেট ক্ৰয় কৰিবলৈ অহা মন্দিৰা বৰুৱাক ৷ ঘটনাক্ৰমে একেটা দৃশ্যতে মন্দিৰা বৰুৱাৰ অন্তৰ আলোড়িত কৰে মাখি এজাকৰ ভুনভুননিৰ মাজত পৰি থকা এটা ক্ৰন্দনৰত কেঁচুৱাই৷ মন্দিৰা বৰুৱাই ততালিকে সেই কেঁচুৱাটো বুটলি লয় আৰু হাস্পতালৰ কাষ চাপে ৷ তাৰপিছত আৰম্ভ হয় মন্দিৰা বৰুৱাৰ অতীতমুখী যাত্ৰা ৷
        প্ৰাৰম্ভিক পৰ্যায়ত চিত্ৰনাট্যৰ সঘন পৰিৱৰ্তন কেতিয়াবা আহুকলীয়া,অপৰিচ্ছন্ন গতিশীলতালৈ ৰূপান্তৰিত হয়৷ কেতিয়াবা সেই ভেটিৰ ওপৰতেই নিৰ্মাণ কৰা হয় ‘তৰল ছিনেমেটিক ছাছপেন্স’ ৷ কিন্তু কানীনৰ গতিশীলতা সুসংযত আৰু প্ৰভাৱশালী ৷ যাৰ ফলত দৰ্শকে ছবিৰ লগত একাত্মবোধ গঢ়িবলৈ আন্তৰিকভাৱে উৎসাহ অনুভৱ কৰে৷ প্ৰাৰম্ভিক পৰ্যায়ৰ সেই উৎসাহ আৰু একাত্মবোধ ছবিৰ শেষৰটো দৃশ্যলৈকে প্ৰাণময় কৰি ৰাখিব পৰাটোৱেই দৰাচলতে এজন চিত্ৰনাট্যকাৰৰ সাফল্য ৷ মঞ্জুল বৰুৱাৰ চিত্ৰনাট্যতো এই সফলতা পৰিস্ফূট হৈছে৷ অৱশ্যে মন্দিৰা বৰুৱাৰ অতীত-সন্ধানী মনটোক কোনোবা মুহূৰ্তত প্ৰয়োজনাধিক অগ্ৰাধিকাৰ প্ৰদান কৰাত চিত্ৰনাট্যই সামান্য পৰিমাণে সজীৱতা হেৰুৱাইছে ৷ নেতিবাচক পৰিণতি হিচাপে মন্দিৰা বৰুৱাৰ বৰ্তমানৰ বিচৰণভূমি আৰু তাৰ প্ৰধান চৰিত্ৰবোৰৰ পৰা দৰ্শকে অনাৱশ্যক দূৰত্বত অৱস্থান কৰিবলগীয়া হৈছে ৷
        চিত্ৰনাট্যকাৰ মঞ্জুল বৰুৱাই কিছুমান কৌতূহল ইচ্ছাকৃতভাৱেই অসমাপ্ত কৰি ৰাখিলে যেন লাগে৷ অৱশ্যে সেয়া অনুচিতো হোৱা নাই ৷ বৰঞ্চ এই কাৰ্যই মঞ্জুল বৰুৱাৰ দৃশ্য-নিৰ্মাণত থকা সংযম আৰু দক্ষতাৰ কথা উনুকিয়াইছে৷ কৌতূহলৰ আধিক্য আৰু সেইবোৰৰ ক্ৰমানুসৰি নিষ্পত্তিয়ে কেতিয়াবা মূল বিষয়বস্তুৰ গুৰুত্ব কমাই আনে ৷ দৰ্শকৰ উৎসাহবোধৰো হীন-ডেড়ি হয় ৷ মঞ্জুল বৰুৱাই চৰিত্ৰৰ মাজত ভিন ভিন সময়ত মনোমালিন্য ঘটোৱাইছে৷ বিভিন্ন আনুষংগিক কাৰকৰ দ্বাৰা সঠিক মাত্ৰাত কৌতূহলৰো সৃষ্টি কৰিছে ৷ কিন্তু সেই কৌতূহলবোৰক ছবিৰ মূল সত্তাটোৰ পৰা তেওঁ নিৰাপদ দূৰত্বত এৰি থৈ আহিছে ৷ যেনে-মন্দিৰা বৰুৱাৰ ছোৱালীৰ জন্মদিনৰ সন্ধ্যা অনুষ্ঠিত হোৱা পাৰ্টিত দেউতাক অভিজিত বৰুৱাৰ আগমন ঘটিল নে নাই-সেই কৌতূহলটো ৷ অভিজাত ঘৰৰ ছোৱালী এজনীৰ জন্মদিন ৷ ৰঙবিৰঙৰ বেশভূষাৰে সুসজ্জিত হৈ বৰুৱাৰ ঘৰলৈ অহা বিভিন্ন অতিথি,আলপৈচান ধৰিবলৈ তৎপৰ হৈ থকা গৃহস্থ আৰু সেইবোৰৰ মাজত জীয়েকৰ থেনথেননি যে-দেউতা নাহিলে মই ‘কেক্’ নাকাটোঁ ৷ পাৰ্টিৰ সমস্ত জাকজমকীয়া কাৰবাৰৰ পৰা আৰম্ভ কৰি বৰুৱাৰ পুতেকৰ গোপন সাংস্কৃতিক-সন্ধ্যা; এই সকলোবোৰ মঞ্জুল বৰুৱাই তন্ন-তন্নকৈ পৰ্দাত দেখুৱালে ৷ কিন্তু পাৰ্টিত দেউতাকৰ আগমন সম্বন্ধীয় সাঁথৰটোৰ তেওঁ সঠিক উত্তৰ নিদিলে ৷ তাৰ পৰিৱৰ্তে মন্দিৰা বৰুৱাৰ সন্দেহবাদীপ্ৰায়  আৰু প্ৰতিৰক্ষামূলক মনটোৰ এটা স্পষ্ট ইংগিত দি মঞ্জুল বৰুৱাই দৃশ্যটোৰ যৱনিকা পেলালে ৷
        চৌপাশে ঘটি থকা বিচিত্ৰ অনুভৱ-উদ্ৰেককাৰী ঘটনাই কিশোৰ আৰু কিশোৰীৰ মনস্তাত্ত্বিক জগতখন প্ৰভাৱান্বিত কৰে ৷ চকুৰ আগত অনাকাংক্ষিতভাৱে উন্মুক্ত হৈ পৰা কিছুমান ঘটনাৰ চোক কেতিয়াবা ইমানেই প্ৰখৰ হৈ পৰে যে তাৰ ফলত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াই কিশোৰ-কিশোৰীৰ জীৱনৰ ৰূপ পৰ্যন্ত সলাই পেলায় ৷ মানুহৰ কৈশোৰ-জীৱনৰ এই বিশেষ মনস্তত্ত্বটোক মঞ্জুল বৰুৱাই খুউব সাৱধানেৰে আৰু সাহসেৰে দৃশ্য-ৰূপ দিছে ৷ তাৰ বাবে পৰিচালক অভিনন্দনৰ পাত্ৰ ৷ কিন্তু মনোজগতত আৰম্ভ হোৱা প্ৰতিক্ৰিয়াটোক শৰীৰমুখী কৰাত তেওঁ সামান্য খৰখেদা কৰিলে ৷ চৰিত্ৰটিক কেন্দ্ৰ কৰি আৰু দুটামান ইংগিতাত্মক মুহূৰ্ত-ৰচনাৰ অৱকাশ থাকি গ’ল ৷
         চিত্ৰনাট্যত প্ৰতীকৰ ব্যৱহাৰ কম ৷ কৌতূহলমিশ্ৰিত দৃশ্য-সংযোজনৰ তাড়না বেছি ৷ অতীত আৰু বৰ্তমানৰ লগত তুমুল সংঘৰ্ষ কৰি মুখ্য চৰিত্ৰ মন্দিৰা বৰুৱাই গ্ৰহণ কৰিবলৈ ওলোৱা জীৱনৰ সৰ্বাধিক শক্তিশালী সিদ্ধান্তটো আৰু তাৰ ফলত তেওঁৰ নিকটাত্মীয়ৰ জীৱনত পৰিব পৰা সম্ভাৱ্য প্ৰভাৱ-এই দুটা চিন্তাকে আগুৱাই ক্ৰমশঃ ‘ক্লাইমেক্স’ৰ ফালে লৈ যোৱা হ’ল ৷ সেই চেষ্টাত মঞ্জুল বৰুৱা সফলো প্ৰমাণিত হ’ল৷ তথাপিতো ভাৱ হয়,‘ক্লাইমেক্স’ৰ দৃশ্যটোত আৰু কিছু সৰলতা সংযোজন কৰিব পৰা গ’লহেঁতেন৷ দৃশ্যটোক কুঁৱলীৰ পৰা পৃথক কৰিব নালাগে,কিন্তু কুঁৱলীৰ অন্তৰ্ভাগতো এৰি থৈ আহিব নালাগে ৷
        ছবিখনৰ এটি মানবিশিষ্ট দৃশ্য হৈছে গহীন সন্ধ্যা এটাত অভিজিত বৰুৱাৰ লগত সম্পন্ন হোৱা মন্দিৰা বৰুৱাৰ ভাৱগধুৰ কথোপকথনটো ৷ দৃশ্যটোত সংলাপ বৰ বেছি নাছিল ৷ কিন্তু বাহাৰুল ইছলাম আৰু মুখ্য অভিনেত্ৰী ডাঃ জাহানাৰা বেগমৰ অভিব্যক্তি তথা সজীব উপস্থিতিয়ে দৃশ্যটোক অনন্য মাত্ৰা দিলে ৷ দৃশ্যটোৰ ছিৰিয়াছনেছখিনিক গাঢ়তৰ কৰি তুলিবলৈ নেপথ্যত ব্যৱহাৰ কৰা হৈছিল কেৱল ঝিলিৰ মাত ৷ নাতিদূৰৈৰ পৰা ভাঁহি অহা ঝিলিৰ সেই ব্যাকুল বিননিয়ে যে দুটি মানৱাত্মাৰ গভীৰত লুকাই থকা অব্যক্ত মৰ্মবেদনা আৰু অসহায়তাকেই উন্মোচন কৰিছিল ! শব্দৰ লগত দৃশ্যৰ এই নান্দনিক সংমিশ্ৰণৰ বাবে পৰিচালকৰ লগতে ছাউণ্ড ডিজাইনাৰ অমৃত প্ৰীতম দত্ত প্ৰশংসাৰ পাত্ৰ ৷
         আনহাতে ছবিখনৰ এটি দৃশ্য আউললগা ৷ ঘৰত অকলে থকা জীয়েকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পাৰ্টিৰ পৰা সোনকালে উলটি আহে মন্দিৰা বৰুৱা৷ ঘৰত প্ৰৱেশ কৰি তেওঁ প্ৰথমেই বনকৰা ল’ৰাটোক লগ পায়৷ সি সেই মুহূৰ্তত খটখটিৰ পৰা নামি আহিছিল৷ ল’ৰাটোক দেখি খঙতে হিতাহিত জ্ঞান হেৰুৱাই মন্দিৰা বৰুৱাই তাৰ ওপৰত শাৰীৰিক আক্ৰমণ কৰে ৷ পিছে-পিছে আহি থকা অভিজিত বৰুৱা আৰু তেওঁৰ পুত্ৰও সেইমুহূৰ্ততে উপস্থিত হৈ সেই অবাঞ্ছিত পৰিস্থিতি প্ৰত্যক্ষ কৰে ৷ উত্তেজিত মন্দিৰা বৰুৱাই ল’ৰাটোক মাৰকিল কৰা দেখি দুয়ো সামান্য আশ্বৰ্যান্বিত হয় ৷ কিন্তু তেওঁলোক আগবাঢ়ি নাযায়৷ পিতা-পুত্ৰই আঁতৰৰপৰাই সেই দৃশ্য নিশ্চুপ-নিৰ্বাক হৈ চাই থাকে ৷ মোৰ মতে,এইটো এটা অস্বাভাৱিক দৃশ্য ৷ ইয়াৰ আঁৰত পৰিচালক-চিত্ৰনাট্যকাৰৰ কেনে দৃষ্টিভংগী আছে,মই নাজানো ৷ কিন্তু উন্মাদপ্ৰায় আপোন মানুহ এগৰাকীৰ দ্বাৰা সংঘটিত হোৱা তেনে এক পৰিৱেশত প্ৰতিক্ৰিয়াশীল তৃতীয় ব্যক্তি এজনে একো এষাৰ বাক্য উচ্চাৰণ নকৰাটো নাইবা প্ৰকৃত ঘটনা সম্বন্ধে উৱাদিহ নোলোৱাটো মৰ্যাদা-সচেতন ঘৰ এখনৰ বাবে অপৰিচিত দৃশ্য ৷
       ‘কানীন’ৰ সংলাপ কৃত্ৰিমতাবৰ্জিত বুলি ক’ব নোৱাৰি ৷ দুই-এঠাইত তাৰ প্ৰকাশ আৰু প্ৰভাৱ দৃশ্যমান ৷ অৱশ্যে পুত্ৰ ৰাজীৱৰ মুখত দিয়া চুটি-চুটি সংলাপবোৰ যথাৰ্থ আৰু দৃশ্য-সহযোগী হৈছে ৷ সংলাপৰ ক্ষেত্ৰত আৰম্ভণিতে অভিজিত বৰুৱাই পুত্ৰধনক দিয়া পৰামৰ্শটো তাৎপৰ্যপূৰ্ণ ৷ “জীৱনত এবাৰ বদনামী হ’লে সেই দাগ কেতিয়াও নাঁতৰে৷”(ঠিক এনেকুৱাজাতীয়) অভিজিত বৰুৱাই সেই সংলাপটো শুনাইছিল সংগদোষত পৰা পুত্ৰক ৷ কিন্তু কথাষাৰ যেন সেইদিনা মন্দিৰা বৰুৱাৰ অৱচেতন মনতহে বৰ দলৈকে সোমাই গ’ল ৷ শেষত শব্দহীন ক্ৰন্দনৰ সৈতে আলিংগনাবদ্ধ হৈ পৰা তেওঁৰ অন্তৰখনকো বোধহয় সেই সংলাপটোৱে প্ৰভাৱান্বিত কৰিছিল ৷
        কাহিনীৰ লগত জড়িত হৈ থকা ভাৱাৱেগ আৰু চৰিত্ৰৰ মনত সৃষ্টি হোৱা অন্তৰ্দ্বন্দ্ব-এই দুয়োটা পৃথক ধাৰাক শিল্পীসকলৰ অভিনয়,দেহ-ভংগিমা নাইবা সূক্ষ্মানভূতিশীল দৃশ্য নিৰ্মাণৰ জৰিয়তে দৰ্শকৰ অন্তৰলৈ প্ৰৱাহিত কৰোৱাত মুখ্য ভূমিকা লয় পৰিচালকে৷ আৰু পৰিচালকৰ সেই অন্তৰ্দৃষ্টিক কেমেৰাৰে নিকপ্‌কপীয়াকৈ আৱদ্ধ কৰাৰ গুৰুদায়িত্ব লয় এজন ছিনেম’ট’গ্ৰাফাৰে ৷ পৰিচালক মঞ্জুল বৰুৱা আৰু ছিনেম’ট’গ্ৰাফাৰ নাহিদ আহমেদৰ যৌথ প্ৰয়াসৰ তেনে এক সফলপ্ৰায় পৰিণতি ‘কানীন’ত দেখিবলৈ পোৱা গ’ল ৷ প্ৰায়ে দেখি থকা দুই-এটা শ্ব’ট ‘কানীন’ত নতুনধৰণে লোৱা হৈছে ৷ কেঁচুৱাটোৰ ওচৰলৈ উদ্বিগ্নতাৰে গৈ থকা মন্দিৰা বৰুৱাক কেমেৰাত আৱদ্ধ কৰা হৈছে এটা অভাৰহেড শ্বটেৰে (Overhead Shot) ৷ ফলত সেই দৃশ্যটোত জনতাৰ জুম,মাজপথৰ সমস্ত পৰিৱেশ আৰু সদ্যজন্মা কৌতূহলৰ সুস্পষ্ট প্ৰকাশ ঘটিছে৷ অভাৰহেড শ্বটৰ এনে সুষমা কানীনৰ আৰু দুটামান দৃশ্যত দেখিবলৈ পাইছিলোঁ৷ দৃশ্যপটত সৃষ্টি কৰা এই ভিন্নতা আদৰণীয় ৷     
        মন্দিৰা বৰুৱাৰ অভিব্যক্তিৰ স্তৰে-স্তৰে লুকাই থকা ব্যাকুলতা আৰু বিষাদগ্ৰস্ততাকো ছিনেম’ট’গ্ৰাফাৰজনে অত্যন্ত সংবেদনশীলতাৰে তুলি ধৰিছে ৷ ক্ল’জ আপ নাইবা এক্সট্ৰিম ক্ল’জ আপ শ্বটৰ পৰিৱৰ্তে আহমেদে মন্দিৰা বৰুৱাৰ আৱেগক মিডিয়াম শ্বট নাইবা মিডিয়াম ক্ল’জ আপ শ্বটতেই সীমাৱদ্ধ কৰি ৰাখিছে ৷ এইটো এটা উচিত সিদ্ধান্ত ৷ আৱেগৰ অত্যধিক Exposure-এ কেতিয়াবা নান্দনিকতাৰ বিকৃতি ঘটায়৷ অৱশ্যে পুতেক ৰাজীৱৰ লগত হোৱা বাৰ্তালাপৰ কালছোৱাত জন্মদাত্ৰী মন্দিৰা বৰুৱাৰ পৰিৱৰ্তিত মুখাৱয়ৱক দুই-এটা ক্লজ-আপ শ্বটৰে তুলি ধৰিব পৰা গ’লহেঁতেন৷ আনহাতে,কামাখ্যা মন্দিৰত লোৱা শ্বটবোৰ নতুনত্ববিহীন যেন লাগিল ৷ ইয়াৰ বাহিৰে ‘কানীন’ৰ অধিকাংশ দৃশ্যতে পৰিচালক আৰু ছিনেমট’গ্ৰাফাৰে কলাত্মক চিন্তাৰ নিদৰ্শন দাঙি ধৰিছে ৷ ‘সূৰ্যাস্তৰ সময়ত নৈৰ সমুখত অকলশৰে ৰৈ থকা মন্দিৰা বৰুৱা’ৰ ৱাইড শ্বটটো ছবিখনৰ অন্যতম মননশীল মুহূৰ্ত৷ 
        ছবিখনত অভিনয়-শিল্পীসকলে নিজ দায়িত্ব প্ৰায় সুচাৰুৰূপেই পালন কৰিছে ৷ অভিজিত বৰুৱা আৰু মন্দিৰা বৰুৱাৰ সন্তানৰ ভূমিকাত ৰাহুল গৌতম শৰ্মা আৰু কাছভি শৰ্মাই সাৱলীল অভিনয় কৰিছে ৷ তেওঁলোকৰ অভিনয় স্বাভাৱিক ৷ জড়তাবিহীন ৷ কিন্তু প’ষ্ট-মৰ্ডানিছমৰ ব্যাখ্যা শুনিবলৈ অভিমানী ভনীয়েকে ককায়েকক খেদি যোৱা দৃশ্যটো সামান্য কৃত্ৰিম আৰু গতানুগতিক(Cliched) যেন বোধ হ’ল ৷ চৰ্চিত বিষয়বস্তুৰ সাল-সলনি নকৰি ভ্ৰাতৃ-ভগ্নীৰ অভিমানভৰা দৃশ্যটোক পৰিচালকে অইনধৰণে উপস্থাপন কৰিব পাৰিলেহেঁতেন ৷ ৰাজীৱৰ ভূমিকাত অৱতীৰ্ণ হোৱা পাৰ্থ হাজৰিকাৰ অভিনয় প্ৰশংসনীয় ৷ নাৰীবিদ্বেষী মনটোক ফুটাই তোলাত তেওঁ কোনো অতিৰঞ্জিত ভাৱাৱেগৰ সহায় লোৱা নাই ৷ চৰিত্ৰটোৰ খঙাল স্বৰূপটোক ধীৰে-ধীৰে সহনশীলতাৰ ফালে আগুৱাই নিয়াত পৰিচালকৰ কৃতিত্ব যিমান,অভিনয়-শিল্পী পাৰ্থ হাজৰিকাকো শুভেচ্ছা দিব লাগিব সিমান ৷   
        ছবিখনৰ অন্যতম যোগাত্মক শক্তি হৈছে ডাঃ জাহানাৰা বেগমৰ সমাহিত অভিব্যক্তি আৰু বাহাৰুল ইছলামৰ স্বাভাৱিক অভিনয় ৷ বেদনাগধুৰ এখন বিমৰ্ষিত নাৰীমুখ,য’ত হাঁহিৰ উৎপত্তিক অনাধিকাৰ প্ৰৱেশ হিচাপে গ্ৰাহ্য কৰা হয়-তেনে এখন চিন্তাক্লিষ্ট মুখকেই মন্দিৰা বৰুৱাৰূপী ডাঃ জাহানাৰা বেগমে ছবিখনৰ অৰ্ধাংশতকৈও অধিক সময় কঢ়িয়াই ফুৰিলে ৷ মাজে-মাজে মন্দিৰা বৰুৱাৰ অভিব্যক্তিয়ে সুখৰ সাজ পিন্ধিলে যদিও তাত স্বতঃস্ফূৰ্ততাকৈ কৃত্ৰিমতাৰহে অংশগ্ৰহণ আছিল সৰ্বাধিক৷ অৱশ্যে অন্তহীন যন্ত্ৰণাই মূহুৰ্মূহুঃ যাক অনুসৰণ কৰি থাকে,তেওঁৰ বাবে সুখো এক কৃত্ৰিম অনুভূতিয়েই ৷ ডাঃ জাহানাৰা বেগমে সেই কৃত্ৰিম অনুভূতিকো বিচক্ষণতাৰে মুখত ফুটাই তুলিলে ৷ অভিনয়ৰ উপৰি সংলাপ-প্ৰক্ষেপণতো ডাঃ বেগমে সংবেদনশীলতাৰ পৰিচয় দিছে ৷ প্ৰত্যেকটো সংলাপ মাতোঁতে সতৰ্কতা অৱলম্বন কৰিছে ৷ মাকৰ লগত হোৱা  উৎকণ্ঠাময় বাৰ্তালাপত,স্বামী বৰুৱাৰ লগত হোৱা বাক্যহীন কথোপকথনত অথবা পুত্ৰ ৰাজীৱৰ সাক্ষাৎ লভি আনন্দত উথলি উঠা মাতৃ-হৃদয়ৰ অনুভূতিক ডাঃ জাহানাৰা বেগমে সম্পূৰ্ণ নায্যতা প্ৰদান কৰিছে ৷
        ‘তুমি এখন গাড়ী ল’ব খুজিছা৷ লোৱানা !’-পত্নীক উদ্দেশ্যি এই বিশেষ সংলাপটো মাতোঁতে বাহাৰুল ইছলামৰ মুখত যি আকুলতা আৰু সদভাৱ ফুটি উঠিছিল,সেইয়া ছবিখনৰ এক অতুলনীয় অংশ৷ কোৱাটো নিষ্প্ৰয়োজন,অভিজ্ঞ শিল্পীজনৰ অভিনয়-দক্ষতাই ‘কানীন’ৰ মান উন্নীত কৰিছে৷ এজন প্ৰভাৱশালী আৰক্ষী বিষয়া, এজন দায়িত্বশীল স্বামী, দুটি সন্তানৰ পিতৃৰ চৰিত্ৰত বাহাৰুল ইছলামে সজীৱ,সতেজ আৰু গতিশীল অভিনয় কৰিছে ৷
        বলিষ্ঠ অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াকে ধৰি অন্যান্য অভিনেতা-অভিনেত্ৰীসকলেও কানীনত প্ৰায় সফলভাৱে নিজকে প্ৰকাশ কৰিছে ৷ সংলাপ-প্ৰক্ষেপণ নাইবা অভিনয় কৰোঁতে দুই-এঠাইত নাটকীয়তাই মূৰ দাঙি উঠিছে যদিও তাৰ মাত্ৰাই আত্যান্তিক পৰ্যায়ত আৰোহণ কৰাগৈ নাই ৷ মন্দিৰা বৰুৱাৰ সুৰক্ষাকৰ্মী(নামটো জানিব নোৱাৰিলোঁ) আৰু গেৰেজৰ ‘দে’ৰ চৰিত্ৰ ৰূপায়ন কৰা ধনঞ্জয় দেৱনাথৰ প্ৰদৰ্শন সুন্দৰ ৷ পৰিচালকে সৃষ্টি কৰিব খোজা হাস্যৰস তেওঁলোকৰ সুঅভিনয়ত মানসম্পন্ন,স্বাভাৱিক আৰু নিৰ্মল হৈ উঠিছে ৷
        তৰালি শৰ্মাৰ সংগীত ‘কানীন’ৰ অন্যতম সম্পদ ৷ সংগীতৰ অবিৰত ধপধপনিৰে কাহিনী উপস্থাপন নকৰি কোনোবামুহূৰ্তত সম্পূৰ্ণ নিৰৱ নেপথ্যৰ আশ্ৰয় লোৱা হৈছে ৷ পোক-পতংগ আৰু চৰাইৰ মাতক ছবিখনক বিশেষাৰ্থত ব্যৱহাৰ কৰা হৈছে ৷ তেনে এটা ব্যৱহাৰৰ বৰ্ণনা লেখাৰ প্ৰথমতেই দিয়া হৈছেই ৷ আন এটা দৃশ্য হৈছে ক্লাইমেক্সৰ শেষৰফালে- মন্দিৰা বৰুৱা যেতিয়া নিৰ্বাক কান্দোনত ভাগি পৰে আৰু তেনে মুহূৰ্ততে সুদূৰৰ পৰা পক্ষী এটাৰ কাতৰ বিননি ভাঁহি আহে ৷ ক্ৰমশঃ তীক্ষ্নতৰ হৈ পৰা সেই পক্ষীৰ বিননি যেন মন্দিৰা বৰুৱাৰ হাহাকাৰময় অন্তৰাত্মাৰহে প্ৰতিনিধি ! সংগীত,শব্দ নাইবা ধ্বনিৰ লগত জড়িত এনেবোৰ সূক্ষ্মাতিসূক্ষ্ম পৰ্যবেক্ষণৰ বাবে দেৱজিৎ চাংমাই,অমৃত প্ৰীতম দত্ত আৰু তৰালি শৰ্মাক হিয়া উজাৰি প্ৰশংসা কৰিবই লাগিব ৷
        আনহাতে তৰালী শৰ্মাৰ দ্বাৰা লিখিত আৰু সুৰাৰোপিত ‘শুই থকা আৱেগ’ গীতটো ছবিৰ মূল সত্তাটোৰ প্ৰাণস্বৰূপ৷ গীতটোৰ চিত্ৰায়নো অৰ্থৱহ আৰু ইংগিতধৰ্মী হৈছে ৷ এনেবোৰ গীতে ‘আধুনিক’ শ্ৰুতাৰ পৰা যথোচিত সমাদৰ লাভ নকৰাটো হতাশা আৰু উদ্বেগৰ কাৰণ ৷ কেউদিশে গা কৰি উঠা তৰল ৰুচিবোধৰ অনিয়ন্ত্ৰিত পৰিৱেশত এনে আন্তৰিক সৃষ্টি দীৰ্ঘ সময়লৈকে দেদীপ্যমান হৈ থকাটো আজিৰ তাৰিখত বৰ প্ৰত্যাহ্বানজনক ৷  
        ছবিখনৰ সম্পাদনাৰ দায়িত্বত আছিল টুৱেনছাঙ৷ তেওঁৰ কাম মোটামুটি ভাল পাইছোঁ ৷ মন্দিৰা বৰুৱাৰ অতীত আৰু বৰ্তমানৰ মাজত যোগসূত্ৰ নিৰ্মাণ কৰাত টুৱেনছাঙৰ অৰিহণা স্মৰণযোগ্য ৷  
পৰিশেষতঃ
        প’ষ্টাৰত ‘কানীন’ আখৰটোৰ ডিজাইনত দীৰ্ঘ ঈ কাঁড়ডাল ৰঙা ৰঙেৰে বুলোৱা হৈছে ৷ আনবোৰ আখৰৰ বৰণ ক’লা ৷ মাত্ৰ ‘ঈ’ৰ কাঁড়ৰ ওপৰত এটা ৰঙা আঁক৷ ভাৱ হয়,এই ৰঙা চিহ্ন ‘কানীন’ৰ মূল চৰিত্ৰ মন্দিৰা বৰুৱাৰ বৰ্তমান জীৱনৰ প্ৰতীক ৷ তেওঁ শিৰত পিন্ধি থকা সেন্দূৰকণৰ প্ৰতীক ৷ আধুনিক সমাজৰ দ্বাৰা নিৰ্ধাৰিত চিৰপ্ৰচলিত কেতবোৰ নীতি-নিয়ম আৰু কঠোৰ সামাজিক বান্ধোনৰ আৱেষ্টনী ভঙাৰ দৃঢ়তাৰে মন্দিৰা বৰুৱা নামৰ আৱেগিক মহিলাগৰাকী অতীতৰ বোকাময় কেঁকুৰিয়েদি সোমাই গৈছিল ঠিকেই,কিন্তু শেষমুহূৰ্তত তেওঁ পুনৰ যুঁজ দিবলগীয়া হ’ল নিদাৰুণ বাস্তৱৰ লগত৷ যি অলঙ্ঘণীয় এক প্ৰাচীৰ ৷ বোধহয় সেই প্ৰাচীৰ,সেই বাধাৰ মূল চালিকা-শক্তি আছিল তেওঁৰ বৰ্তমান,তেওঁৰ কপালৰ ৰঙা ৰঙকণ ৷
        ডাঃ গোপেন্দ্ৰ মোহন দাসৰ প্ৰযোজনাত মঞ্জুল বৰুৱাই নিৰ্মাণ কৰা ‘কানীন’ আধুনিক জটিল সমাজখনৰ এক নিৰ্মোহ আখ্যান ৷ যি আখ্যানত লিপিবদ্ধ হৈছে ‘কানীন’ শব্দৰ গূঢ়াৰ্থ ৷ যাৰ অভ্যন্তৰত ভাঁহি উঠিছে অতীতৰ আপোনজনক নিচেই কাষত পাইও তাক আঁকোৱালি ল’বলৈ অক্ষম হোৱা এখন নাৰী-হৃদয়ৰ মৰ্মবেদনা আৰু স্বপ্নভংগৰ বিষাদগাঁথা ৷ বিৰহৰ এই সংঘাতময় কেঁকুৰি আৰু তাৰ আঁৰ সামাজিক,ব্যক্তিগত কাৰকসমূহ চেলুলয়ডত উপস্থাপন কৰাটোৱেই পৰিচালক মঞ্জুল বৰুৱাৰ মূল চেষ্টা আছিল৷
        ‘কানীন’ৰ কাহিনীক ছিনেমেটিক ট্ৰিটমেণ্ট দিয়াৰ সেই চেষ্টাত পৰিচালকে এশ শতাংশ সাফল্য অৰ্জন নকৰিব পাৰে৷ কিন্তু অতীতসন্ধানী নাৰী এগৰাকীৰ মনস্তাত্ত্বিক জগতত মঞ্জুল বৰুৱাই নিয়ন্ত্ৰিত আৱেগ আৰু উজ্জ্বল বুদ্ধিদীপ্ততাৰে বিচৰণ কৰাত সমৰ্থৱান হৈছে৷ পৰ্যবেক্ষণৰ প্ৰখৰতাতকৈ তেওঁৰ কৰ্মত সেয়ে অধিক সুস্পষ্টতাৰে প্ৰতিফলিত হৈছে এজন গল্প-কথকৰ(Story-Teller) অন্তৰ্দৃষ্টি আৰু সংবেদনশীলতা ৷ আনহাতে চৰিত্ৰৰ লগত দৰ্শকৰ সম্পৰ্ক স্থাপনৰ হেতু তেওঁ যি কৌতূহলমিশ্ৰিত অনুভূতিশীল পট নিৰ্মাণ কৰিছে,সেয়াও নিৰ্দিষ্ট সময়ত সুসংহত আৰু সফল প্ৰমাণিত হৈছে ৷
        আশা কৰিছোঁ,মঞ্জুল বৰুৱাৰ অন্তৰ্দৃষ্টি আৰু চিন্তাধাৰা তেওঁৰ ভৱিষ্যতৰ সৃষ্টিকৰ্মৰো অবিচ্ছেদ্য অংশ হৈ থাকিব৷

Wednesday, 21 September 2016

প্ৰত্যাখ্যানৰ উপকাৰিতা আৰু অৰুণাভ কুমাৰ




“Ideas are like viruses. When experimented with and executed well, they infect people and spread like contagious fever.”
অনন্য-অগতানুগতিক চিন্তাৰে সমৃদ্ধ হৈ খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষতম বিন্দুত অৱস্থান কৰিবলৈ সমৰ্থ হোৱা “দা ভাইৰেল ফিভাৰ”(The Viral Fever; TVF) নামৰ ইউ টিউব চেনেলৰ ব্যক্তিগত ৱেবচাইটত উক্ত কথাখিনি (www.tvfmedialabs.com) লিখা আছে ৷ ব্যতিক্ৰমী ৱেবপৃষ্ঠাখনৰ মনোগ্ৰাহী কাৰুকাৰ্যতেই তেওঁলোকৰ চিন্তাৰ কিছু আভাস পাব পাৰি ৷  

ইউ টিউবৰ দৰ্শকৰ বাবে ‘দা ভাইৰেল ফিভাৰ’ (টিভিএফ) এটা নতুন নাম নহয়৷ আই আই টি খড়্গপুৰৰ প্ৰাক্তন ছাত্ৰ, আমেৰিকাৰ বায়ুসেনাৰ পৰামৰ্শদাতাৰ কাম কৰিবলৈ সুযোগ পোৱা,বিহাৰৰ যুৱক অৰুণাভ কুমাৰে শ্বাহৰুখ খানৰ ৰেড ছিলিছ এণ্টাৰটেইনমেণ্টৰ অধীনত ফাৰাহ খানৰ লগত সহযোগী পৰিচালক হিচাপে কাম কৰিছিল ৷ তাৰ পিছত তেওঁ জনপ্ৰিয় মিউজিক চেনেল এম টিভিত এটা অনুষ্ঠানত “জিনিয়াছ ডায়েৰী” অনুষ্ঠান এটাৰ নিৰ্মাণ কৰিছিল ৷ কিন্তু তেওঁ কামটোত সন্তুষ্টি নাপালে৷ তেওঁ যেনেকুৱা এটা অনুষ্ঠান কৰিব বিচাৰিছিল, এম টি ভি চেনেলটোৱে তেওঁক সেইটো কৰিবলৈ অনুমতি দিয়া নাছিল৷ অৰুণাভে ব্যংগাত্মক অনুষ্ঠান এটা আৰম্ভ কৰিব খুজিছিল৷ এম টি ভিয়ে তেওঁৰ নতুন চিন্তাটোক সমৰ্থন নকৰাত তেওঁ অলপ হতাশ আৰু ক্ষুণ্ন হ’ল৷ কিন্তু   এমটিভিৰ প্ৰত্যাখ্যানে তেওঁৰ মনোবল ভাঙিব নোৱাৰিলে৷

“যেতিয়া এম টিভিয়ে মোৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে,তেতিয়া সেইটো মোৰ জীৱনৰ শ্ৰেষ্ঠ প্ৰত্যাখ্যান হৈ পৰিল৷ ভাৰতীয় যুৱচামে এনে অনুষ্ঠান চাব নোখোজে-তেওঁলোকে এনেদৰে ভাবিছিল ৷ কিন্তু তেওঁলোকৰ ধাৰণাক মই ভুল প্ৰমাণিত কৰিব বিচাৰিছিলোঁ৷”-অৰুণাভৰ মন্তব্য ৷তাৰ পিছতেই অৰুণাভে  আই আই টি খড়্গপুৰৰ দুজনমান ছাত্ৰৰ লগ লাগি ইউ টিউবত দা ভাইৰেল ফিভাৰ নামৰ চেনেলটোৰ জন্ম দিলে ৷ কুৱেনটিন টাৰানটিনোৰ প্ৰখ্যাত ইনগ্লৰিয়াছ বাষ্টাৰ্ডৰ ব্যংগাত্মক উপস্থাপনে আৰম্ভ কৰিলে তেওঁলোকৰ প্ৰথমটো সৃষ্টি “ইনগ্লৰিয়াছ চিনিয়ৰছ্”৷ প্ৰথমটো ভিডিঅ’ত তেওঁলোকে লাভ কৰিলে প্ৰায় সোতৰ হাজাৰটা দৰ্শন ৷ তাৰপিছত তেওঁলোকে এম টিভিৰ বিখ্যাত ‘ৰ’ডিছ’ নামৰ ৰিয়েলিটি শ্ব’টোৰ ব্যংগ কৰিলে ৷ তীক্ষ্ণ ব্যংগৰে সমৃদ্ধ “ৰাউডিছে” লাভ কৰিলে অভূতপূৰ্ব সফলতা ৷ তেওঁলোকে লাভ কৰিলে লাখতকৈও অধিক ইউ টিউব দৰ্শন৷ ২০১০ চনত জন্মলাভ কৰা চেনেলটোৰ এতিয়ালৈকে মুঠ অনুসৰণকাৰীৰ সংখ্যা ১০ লাখতকৈও অধিক ৷ ভাৰতৰ ৰাজনীতি,সমাজনীতি,যুৱ সমাজৰ বৈচিত্ৰময় চৰিত্ৰ,জনপ্ৰিয় ৰিয়েলিটি শ্ব’- সকলোকে ব্যংগৰ শানিত অস্ত্ৰৰে প্ৰহাৰ কৰি যোৱা দা ভাইৰেল ফিভাৰে ভাৰতীয় দৰ্শকক “বেয়াৰলিং স্পিকিং উইথ আৰ্ণৱ গোস্বামী”, “কে আই ডি“,“পিটছাৰছ”,”পাৰমাণেণ্ট ৰুমমেট”ৰ সৈতে পৰিচয় কৰাই দিছে৷ সমালোচকেও এইসমূহ চুটি ছবিৰ যোগাত্মক সমালোচনা কৰিছে৷  অলপতে তেওঁলোকে মুক্তি দিছে ‘পাৰমানেণ্ট ৰুমমেট’ৰ দ্বিতীয়টো সংস্কৰণ৷ নক’লেও হ’ব পূৰ্বৰ দৰে এইবাৰো দৰ্শকে আদৰি লৈছে তেওঁলোকৰ চিন্তাক৷

ভাৰতবৰ্ষৰ ডিজনি নাইবা HBO হোৱাৰ উচ্চাকাংক্ষা পুহি ৰখা ‘দা ভাইৰেল ফিভাৰ’ৰ Chief Experiment Officer অৰুণাভ কুমাৰক সোধা হৈছিল –ভাৰতৰ মাটিত তেওঁ কি ৰস বিচাৰি পায়?- উত্তৰত অৰুণাভে কৈছিল -“India is very funny country without a sense of humor. Hypocrisy is one thing I find very funny and ironic.
(তথ্যৰ উৎস-ইণ্টাৰনেট)

Sunday, 24 July 2016

কেৰ’লি টেকাছ-এটা প্ৰেৰণাদায়ী কাহিনী

কেৰ’লি টেকাছ-এটা প্ৰেৰণাদায়ী কাহিনী
----------------
'If you can't fly then run. If you can't run then walk.
If you can't walk,then crawl.
But whatever you do you have to keep moving forward.”-Martin luther king,Jr

কেৰ’লি টেকাছ নামেৰে এজন পিষ্টল শ্বুটাৰ আছিল ৷ লক্ষ্যভেদত অসাধাৰণ সাফল্য অৰ্জন কৰা, হাংগেৰীয়ান আৰ্মীৰ সুনিপুণ সৈনিক কেৰ’লিয়ে একাধিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজ প্ৰতিভাৰ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই সকলোকে বিস্ময়াভিভূত কৰিছিল ৷ দেশবাসীৰ আন্তৰিক ইচ্ছা আছিল-১৯৪০ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত কেৰ’লিয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিব আৰু পিষ্টল শ্বুটিঙত সোণৰ পদক অৰ্জন কৰি বিশ্ব-দৰবাৰত হাংগেৰীৰ নাম জিলিকাব ৷ কেৰ’লিয়েও চেষ্টাত ক্ৰূটি কৰা নাছিল ৷ দীৰ্ঘদিনীয়া প্ৰশিক্ষণ আৰু অধ্যৱসায়ৰ বলত কেৰ’লিৰ দক্ষতা দুগুণে বাঢ়ি গৈছিল ৷ অ’তদিনে কঢ়িয়াই লৈ ফুৰা সপোনটোক বাস্তৱায়িত কৰিবলৈ কেৰ’লি যেন ব্যগ্ৰ হৈ উঠিছিল ৷ কেৰ’লিৰ সপোনটো দিঠকত পৰিণত হ’লনে !

১৯৩৮ চনত সংঘটিত হোৱা এটা অনাকাংক্ষিত ঘটনাই কেৰ’লিৰ জীৱনৰ গতি সম্পূৰ্ণ সলাই পেলালে ৷ আৰ্মিৰ প্ৰশিক্ষণ শিবিৰ এটাত কেৰ’লি প্ৰশিক্ষণৰত অৱস্থাত আছিল ৷ প্ৰশিক্ষণৰ মাজতেই গ্ৰেণেড এটা দলিয়াবলৈ যাওঁতে গ্ৰেণেডটো কেৰ'লিৰ হাততে ফুটি থাকিল ৷ যিখন হাতেৰে পিষ্টল চলাই কেৰ’লিয়ে সোণৰ পদক অৰ্জন কৰাৰ স্বপ্ন দেখি আহিছিল,শক্তিশালী গ্ৰেণেডৰ বিষ্ফোৰণে সেইখন হাত মুহূৰ্ততে বিক্ষত কৰি পেলালে ৷ এতিয়া কেৰ’লিয়ে কি কৰিব ! তেওঁৰ সমুখত দুটা বিকল্প-জীৱনৰ আকস্মিক দুৰ্ঘটনায়ে নিথৰ কৰি থৈ যোৱা সপোনটোক সাবটি জীৱনৰ বাকীছোৱা সময় হতাশা আৰু নিৰাশাৰ মাজত কটাই দিয়া ৷ অন্যথা ঘটনাবহুল জীৱনৰ অৱশ্যম্ভাৱিতাক স্বীকাৰ কৰি এই ঘটনাটো স্মৃতিৰ পৰা দলিয়াই দি অক্ষত অৱস্থাত থকা বাঁওহাতখনেৰে জীৱনৰ সপোনটোৰ পিচে পিছে দৌৰা ৷ কেৰ’লিয়ে কোনটো পথেৰে অগ্ৰসৰ হ’ল ?

এফালে আছে সম্ভাৱনা আনফালে আছে অনিশ্চয়তা ৷ জীৱনৰ এই কেঁকুৰিত অৱস্থান কৰি কেৰ’লিয়ে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো সাহসেৰে গ্ৰহণ কৰিলে ৷ দৃঢ় মনটোৱে তেওঁৰ বাঁওহাতখনত পিষ্টলটোক তুলি দিলে ৷ জনমানসৰ পৰা আঁতৰত থাকি কেৰ’লিয়ে দিন-ৰাত একাকাৰ কৰি পিষ্টল-চালনা চলাই গ’ল ৷ লক্ষ্য এটাই-লক্ষ্যত উপনীত হোৱা ৷ যিটো হাতেৰে কেৰ’লিয়ে আখৰ এটাকে লিখিব নোৱাৰিছিল,সেইখন হাতেৰে কেৰ’লিয়ে পিষ্টল চলাবলৈ আৰম্ভ কৰি দিলে ৷
বছৰজোৰা প্ৰশিক্ষণৰ সফল সমাপ্তিৰ পিছত কেৰ’লিয়ে ১৯৩৯ চনত প্ৰত্যাৱৰ্তন কৰিলে ৷ উপস্থিত প্ৰতিযোগীসকলৰ চকু কপালত উঠাই কেৰ’লিয়ে ৰাষ্ট্ৰীয় খেল সমাৰোহত অংশগ্ৰহণ কৰিলে ৷ গ্ৰেনেড-বিষ্ফোৰণত কেৰ’লিয়ে সোঁহাতখন হেৰুউৱাৰ দুসংবাদ তেওঁলোকে লাভ কৰিছিল ৷ তেওঁলোকে ভাবিছিল দেশৰ সৰ্বশ্ৰেষ্ঠ শ্বুটাৰ কেৰ’লিয়ে জীৱনত দুনাই পিষ্টল হাতত নলয় ৷ কিন্তু কেৰ’লি আছিল বেলেগ ধাতুৰে গঢ়া মানুহ ৷ কেৰ’লিৰ অসামান্য মনোবল আৰু দুৰন্ত ইচ্ছা-শক্তিৰ উজ্জ্বলতম নিদৰ্শনৰ স্বাক্ষুস প্ৰমাণ তেওঁলোকে লাভ কৰিলে,যেতিয়া বাওঁহাতেৰে পিষ্টল চলোৱা কেৰ’লিয়ে প্ৰতিযোগিতাখনত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিলে ৷

কেৰ’লি থমকি নৰ’ল ৷ প্ৰশংসা বুটলাত ব্যস্ত নাথাকি ১৯৪০ চনত হ’বলগীয়া অলিম্পিকৰ বাবে কেৰ’লিয়ে জোৰদাৰ প্ৰস্তুতি আৰম্ভ কৰিলে ৷ কিন্তু দুৰ্ভাগ্যৰ কথা, দ্বিতীয় বিশ্ব যুদ্ধৰ বাবে ১৯৪০ চনৰ অলিম্পিক স্থগিত হ’ল ৷ ক্ষন্তেক সময়ৰ বাবে নিৰাশাৰ বতাহজাক বলিছিল যদিও সেইয়া স্থায়ী নহ’ল৷ কেৰ’লিয়ে এইবাৰ ১৯৪৪ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই গ’ল ৷ পিছে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাই এইবাৰৰ অলিম্পিককো গ্ৰাস কৰিলে ৷ কেৰ’লিৰ সপোনে এইবাৰো পূৰ্ণতা নাপালে ৷ আশাহত হৈছিল যদিও কেৰ’লিৰ ধৈৰ্যচ্যুতি নঘটিল ৷

১৯৪৮ চন ৷ লণ্ডন অলিম্পিক ৷ প্ৰতিযোগিতা আৰম্ভ হ’ল ৷ এইটো দিনৰ বাবেই যে কেৰ’লিয়ে অধীৰভাৱে অপেক্ষা কৰি আছিল ৷ বিশ্ববিজয়ী হোৱাৰ পৰমাকাংক্ষাৰে কে’ৰলি আগুৱাই গ’ল ৷ বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা পাকৈত নবীন শ্বুটাৰসকলৰ লগত বয়সৰ আঁচোৰ লগা ৩৮ বছৰীয়া কেৰ’লিয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ৷

সোণৰ পদক কাৰ হাতলৈ আহিল,জানেনে পাঠকসকল ? বাওঁহতীয়া কেৰ’লি টেকাছৰ হাতলৈ।কেৰ'লিৰ ডিঙিত অলিম্পিকৰ স্বৰ্ণৰ পদকে শোভা বৰ্ধন কৰিলে ৷ পিছে কেৰ’লি ইমানতো সন্তুষ্ট নহ’ল ৷ ৰৈ থাকিবলৈ যেন কেৰ’লিৰ সময় নাই ৷ ১৯৫২ চনৰ অলিম্পিকতো কেৰ’লিয়ে ভাগ ল’লে, আৰু সমগ্ৰ বিশ্ববাসীক স্তম্ভিত কৰি পুনৰবাৰ স্বৰ্ণৰ পদক অৰ্জন কৰিলে ৷
~~~~~~~~~~~~~~
সকলোখিনি থকাৰ পিছতো বহুতো মানুহৰ অভিযোগ আৰু অসন্তুষ্টিৰ তালিকাখন অসীম ৷ অজুহাতো অজস্ৰ ৷ জীৱনৰ স্বাভাৱিক ঘটনা এটাতে দিক্-বিদিক হেৰুৱাই দিশহাৰা হোৱা মানুহৰ সংখ্যা এইখন বিশ্বত তাকৰ নহয় ৷ পিছে এইখন পৃথিৱীতে কেৰ'লি টেকাচৰ দৰে এনে অসাধাৰণ মানুহো আছে-যিয়ে জীৱনৰ মোক্ষম আঘাতক জীৱনৰ এটা স্বাভাৱিক  অংশ হিচাপে গণ্য কৰি আঁকোৱালি লৈছে।সপোনৰ পিছে পিছে দৌৰি তেওঁলোক ক'ৰবাত উজুটি খাইছে,ক'ৰবাত পিছলি পৰিছে,অংগক্ষত হৈছে;কিন্তু তেওঁলোকৰ জীৱন- যাত্ৰা স্থবিৰ হোৱা নাই। দুদিন দেৰিকৈ হ'লেও
এইসকল স্বপ্নাতুৰৰ মুখত সাফল্যৰ হাঁহি জিলিকি উঠিছে।  অপৰিসীম মনোবল আৰু অকল্পনীয় ধৈৰ্যৰ পৰিচয় দি তেওঁলোকে অতিক্ৰম কৰিছে এটাৰ পিছত আনটো জীৱনৰ পথ ৷ কাৰণ আগুৱাই যোৱাটোৱেই তেওঁলোকৰ জীৱনৰ একমাত্ৰ লক্ষ্য।

Friday, 4 March 2016

‘জয় গংগাজল'


প্ৰকাশ ঝাৰ জয় গংগাজল
------------------------------------
সদ্যমুক্তিপ্ৰাপ্ত হিন্দী ছবি জয় গংগাজলৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে ভূমিকেন্দ্ৰিক সংঘাত ৷ ছবিখনক ২০০৩ চনত মুক্তি লাভ কৰা অজয় দেৱগন অভিনীত গংগাজলৰ ছিকুৱেল হিচাপে গণ্য কৰিব পাৰি৷ অৱশ্যে পূৰ্বৰ গংগাজলত  অজয় দেৱগনৰ বলিষ্ঠ অভিনয়ৰ তুলনাত জয় গংগাজলৰ আভা মাথুৰ(প্ৰিয়ংকা চোপ্ৰা)ৰ চৰিত্ৰটো অনুজ্জ্বল যেন বোধ হল৷ একছনৰ দৃশ্যসমূহত দৰ্শকৰ মনত প্ৰত্যয় জন্মাব পাৰিলেও আভা মাথুৰৰ চৰিত্ৰটোক বলিষ্ঠভাৱে উপস্থাপন কৰাত প্ৰকাশ ঝা সম্পূৰ্ণ সফল নহল৷ গংগাজলৰ প্ৰযোজক,পৰিচালক,চিত্ৰনাট্যকাৰ,কাহিনীকাৰ প্ৰকাশ ঝাই ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ আৰক্ষী বিষয়া বি এন সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰা ঝাৰ অভিনয় ভাল লাগিল ৷

কাহিনীৰ পটভূমি-বিহাৰৰ বাংকীপুৰ নামৰ অঞ্চল এটা ৷ বাংকীপুৰৰ স্থানীয় বিধায়ক বাবলু পাণ্ডেৰ নিৰ্দেশ অমান্য কৰাৰ সাহস নকৰে বাংকীপুৰৰ আৰক্ষী তথা প্ৰশাসনে৷ ভায়েক ডব্লিউ পাণ্ডেৰ অপকৰ্মবোৰত বিনাদ্বিধাই সন্মতি প্ৰদান কৰে ক্ষমতাশালী বিধায়ক বাবলু পাণ্ডেই৷ চামান্থা প্ৰজেক্টনামৰ এক বণিক গোষ্ঠীয়ে বাংকীপুৰত ১৬০০ মেগাৱাটৰ এটা তাপ-বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাত আগ্ৰহী ৷ কোটিটকীয়া প্ৰকল্পটোৰ বাবে আৱশ্যকীয় মাটিৰ যোগান ধৰাৰ স্বাৰ্থত বিধায়ক বাবলু পাণ্ডেৰ ছত্ৰছায়াত ভায়েক ডব্লিউ পাণ্ডেই গাঁৱৰ দুৰ্বল,ক্ষমতাশূন্য শ্ৰেণীটোৰ ওপৰত শোষণ,নিৰ্যাতন চলাবলৈ লয়৷ গাঁৱৰ কৃষকৰ ওপৰত জাপি দিয়া হয় অতিৰিক্ত ঋণৰ বোজা৷ দুখে-শোকে জৰ্জ্জৰিত কেইবাজনো দুখীয়া কৃষকে সঠিক সিদ্ধান্ত লব নোৱাৰি চৰম হতাশাৰ বলি হৈ এসময়ত আত্মহত্যাৰ পথ বাছি লয়৷

ডব্লিউ পাণ্ডেৰ কথা মতে উঠা-বহা কৰিবলৈ অমান্তি হোৱা গাঁৱৰে এজনী ছোৱালীয়ে এই সমগ্ৰ ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰে৷ বাংকীপুৰৰ হৰ্তা-কৰ্তা আৰু বিধাতাস্বৰূপ ডব্লিউ পাণ্ডেৰ কু-চক্ৰান্তৰ বলি হৈ ছোৱালীজনীৰ পিতৃয়ে সংঘটিত কৰা আত্মহত্যাৰ ঘটনাইও তাইৰ মনোবল ভাঙিব নোৱাৰে৷ ডব্লিউ পাণ্ডেৰ বাবে এই ছোৱালীজনী মূৰৰ কামোৰণি হৈ উঠে৷ এই সমগ্ৰ ঘটনাটো বাংকীপুৰৰ আৰক্ষী বাহিনীৰ নতুন মুখ আভা মাথুৰৰ কৰ্ণগোচৰ হয় ৷ ডব্লিউ পাণ্ডেৰ অপশাসন আৰু ভ্ৰষ্টাচাৰৰ ইতি পেলাবলৈ আভা মাথুৰ সংকল্পবদ্ধ হয়৷ অধিকাংশ হিন্দী ছবিত দেখুওৱাৰ দৰে জয় গংগাজলতো আৰক্ষী বাহিনীৰ অসহায় ৰূপটো প্ৰদৰ্শিত হল৷ ক্ষমতালোভী আৰু স্বাৰ্থপৰ নেতা-মন্ত্ৰীৰ আঙুলিৰ ঠাৰত নৃত্য কৰা উচ্চ পদবীধাৰী আৰক্ষী বিষয়াৰ চিৰপৰিচিত অসহায় আৰু নিৰ্লিপ্ত ৰূপটো৷

শোষিত,নিষ্পেষিত শ্ৰেণীটোৰ মনত পুঞ্জীভূত হৈ থকা ক্ষোভৰ উদ্গীৰণে কি বিপৰ্যয় সাধিব পাৰে, আইনী বিচাৰ-প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু দক্ষতাৰ প্ৰতি সন্দিহান হৈ উঠা শোষিত শ্ৰেণীটোৱে ৰাইজৰ আদালতত কিদৰে দোষীক শাস্তি প্ৰদান কৰে- বাংকীপুৰৰ এইসকল ক্ষোভিত জনতাৰ পৰিৱৰ্তিত ৰূপটো মধ্যান্তৰৰ পাছৰ কাহিনীভাগত দেখুওৱা হল৷ কিন্তু কাহিনীটোক অনাৱশ্যকভাৱে দীঘলীয়া কৰা যেন বোধ হ'ল ৷  

জয় গংগাজলত সংগীত সংযোজন কৰিছে অভিজ্ঞ চালিম-চুলেইমানে৷ মুন্না মৰদানি(মুৰুলী শৰ্মা) আৰু বাবলু পাণ্ডে’(মানৱ কৌল)ৰ অভিনয় ছবিখনৰ ইতিবাচক দিশ৷

ইণ্ডিয়ান এক্সপ্ৰেছৰ ছবি-সমালোচক শোভ্ৰা গুপ্তাই জয় গংগাজলক পাঁচৰ ভিতৰত ১.৫ নম্বৰ দিছে৷ প্ৰকাশ ঝাৰ অভিনয়-দক্ষতাৰ বিষয়ে উল্লেখ কৰি শোভ্ৰা গুপ্তাই এনেদৰে লিখিছে- “The best part about ‘Jai Gangaajal’, director Prakash Jha’s latest foray into the country’s badlands, is a surprise acting turn by Jha himself: as a corrupt-cop-with-a-latent-conscience, Jha looks as if he has been doing this all his life, so comfortable is he in front of the camera.”

টাইমছ্ অৱ ইণ্ডিয়াই জয় গংগাজলক ৩.৫, ভিজ এন ডি টিভিয়ে ২.৫ আৰু টলি ট্ৰেণ্ডজে ৪ নম্বৰ দিছে ৷ হিন্দুস্তান টাইমছে প্ৰিয়ংকা চোপ্ৰাক বলিউডৰ নতুন ডাবাং ৰূপে অভিহিত কৰি ছবিখনক পাঁচৰ ভিতৰত ২.৫ নম্বৰ প্ৰদান কৰিছে৷

Wednesday, 24 February 2016

কৰিম, কৰিম বুলি ভাবি থকা কামবোৰ




“Twenty years from now, you will be more disappointed by the things that you didn’t do than by
 the ones you did do. So throw off the bowlines, sail away from safe harbor, and catch the trade winds in your sails.  Explore, Dream, Discover.” Mark Twain



এজন মানুহ আছিল৷ মানুহজনে প্ৰত্যেক পুৱা এখন তালিকা প্ৰস্তুত কৰে৷ বজাৰৰ পৰা কি কি কিনিব,কাৰ্যালয়ত কি কাম কৰিব,কাম কৰি ক’লৈ যাব,ঘৰৰ কোনটো সামগ্ৰীৰ মেৰামতি কৰিব-ইত্যাদি কামৰ বিষয়ে খুব চমুকৈ,দুই বা তিনিটা শব্দত লিখি দহটামান পইণ্ট প্ৰস্তুত কৰে৷ প্ৰত্যেকটো কাম সম্পন্ন কৰি উঠি সেই নিৰ্দিষ্ট পইণ্টটোৰ কাষতে শুদ্ধ চিন এটা দি থয়৷ এই মানুহজনৰ আপদীয়া পেটৰ বিষ এটা আছে৷ স্বাস্থ্য-পৰীক্ষাৰ বাবে সেয়ে তেওঁ নিয়মীয়াকৈ চিকিৎসকৰ ওচৰলৈ গৈ থাকে৷ তেনে এটা পৰীক্ষা কৰাবৰ বাবেই এদিন চিকিৎসালয়লৈ যাওঁতে চিকিৎসকৰ মুখেৰে তেওঁ গম পালে যে তেওঁৰ পাকস্থলীত কেন্সাৰ নামৰ বিষাক্ত কীটটোৱে প্ৰৱেশ কৰিছে৷ তেওঁৰ হাতত সময় আছে মাথোঁ তিনি মাহ৷ মৃত্যু অৱধাৰিত৷ এনে আষাৰ কথা শুনি মানুহজন স্বাভাৱিকতেই হতভম্ব হৈ পৰিল৷ অবাক-বিস্মিত হৈ মানুহজনে কম্পিত স্বৰেৰে কৈ উঠিল- ‘ই কেনেকৈ সম্ভৱ! মইতো কেন্সাৰ হ’বলগীয়া একো কামেই কৰা নাই৷ না মদ খাওঁ, না চিগাৰেট খাওঁ,না মা-মছলা বেছিকৈ খাওঁ৷ ই অসম্ভৱ কথা৷’ কিন্তু মৃত্যু জীৱনৰ নিষ্ঠুৰ সত্য-পলমকৈ বা সোনকালে ই অহাটো নিশ্চিত৷ মানুহৰ হাজাৰ আৰ্তনাদ- চিৎকাৰ কৰক, মৃত্যুক ভেটা দি ৰাখিব নোৱাৰে৷ বিমৰ্ষ,বিষণ্ণ মনেৰে মানুহজন ঘৰলৈ গ’ল৷
হতাশগ্ৰস্ত মানুহজনে তাৰ পিছদিনা মেজত বহিল৷ ‘দিনটোত কৰিবলগীয়া কাম’ৰ তালিকা প্ৰস্তুত কৰিবলৈ হাতত কমল তুলি ল’লে৷ প্ৰথম দুটামান শাৰী লিখিছিলহে মাত্ৰ, তেনেতে তেওঁ পিছফালৰ পৰা মাত এটা শুনা পালে৷ ঘূৰি দেখে;তেওঁৰ সৈতে অবিকল চেহেৰাৰ মানুহ এজন৷ তফাৎ মাথোঁ সাজ-সজ্জা আৰু অভিব্যক্তিত৷  জাক-জমকীয়া সাজ-পোছাক পৰিহিত মানুহজন লয়লাস খোজেৰে কাষ চাপি আহিল আৰু মানুহজনৰ জীৱনটোক নিৰস আখ্যা দিয়াৰ লগতে তীব্ৰ ইতিকিং,তোষামোদেৰে উপচাই পেলালে৷
তেওঁ ক’লে “আপুনি বহু বছৰৰ আগতেই মৰি গৈছে৷ এইখন ( এক্স-ৰে’ৰ ৰিপ’ৰ্টখন) মাথোঁ আপোনাৰ মৃত্যুৰ লিপিবদ্ধ প্ৰতিবেদনহে৷”
থোকা-থুকি মাতেৰে মৃত্যুমুখী মানুহজনে ক’বলৈ ধৰিলে “চাওক৷ মোৰো বহুত আকাংক্ষা আছে৷ এনেকুৱা বহুত কাম আছে যিবোৰ মই কৰিবলৈ বিচাৰোঁ৷”
“যেনে কেনেকুৱা?”
“মই এখন গাড়ী কিনিব খোজোঁ,বিদেশ-ভ্ৰমণ কৰিব খোজোঁ....”
“তেন্তে তুমি তোমাৰ তালিকাখনত সেইবোৰ কথা নিলিখা কিয়?”
মৃত্যুমুখী মানুহজনৰ চকুহাল হঠাৎ তিৰবিৰাই উঠিল৷ মৰি থকা মানুহজনে যেন হঠাতে জীৱনক বিচাৰি পালে৷ মেজৰ ওপৰত পৰি থকা পুৰণি তালিকাৰ কাগজখন দলিয়াই এখন নতুন তালিকা তৈয়াৰ কৰিলে৷ “মোৰ মৃত্যুৰ পূৰ্বে কৰিব লগীয়া কাম”-তালিকাৰ ওপৰত তেওঁ ডাঙৰ আখৰেৰে লিখিলে৷
মৃত্যুৰ শংকা আৰু আতংকই যিজন মানুহৰ মনোজগতক অতবেলি বিষাদ আৰু নিৰাশাৰ ক’লা ডাৱৰে আৱৰি ৰাখিছিল সেইজন মানুহজনৰ মুখখন এতিয়া জীয়াই থকাৰ তীব্ৰ বাসনাৰে উজ্জ্বল হৈ উঠিল৷ মনত একোণত অতদিনে সোমোৱাই ৰখা সপোনবোৰ বাস্তয়াৱিত কৰাৰ দুৰ্বাৰ হেঁপাহ তেওঁৰ অভিব্যক্তিত পৰিস্ফুট হৈ উঠিল ৷
মানুহজনে প্ৰথমেই গৈ গাড়ী ক্ৰয় কৰিলে, তাৰ পিছত গীতাৰৰ শিক্ষা ল’লে,বিদেশত থকা তেওঁৰ বন্ধুক লগ কৰিলেগৈ,কৈশোৰ কালৰ প্ৰেমিকাৰ সমুখত ভালপোৱাৰ কথা ব্যক্ত কৰিলে,বহুদিন মাত-বোল নথকা ভায়েকজনৰ লগত আপোনত্বৰ বান্ধোনেৰে বান্ধ খালে৷ তালিকাভুক্ত আটাইবোৰ কাম সঠিকভাৱে সম্পাদন কৰি এসময়ত মানুহজনে মৃত্যুক সাবটি ল’লে৷ মৃত্যুৰ পূৰ্বে তেওঁ ঘৰ,গাড়ীকে আদি কৰি ব্যক্তিগত কেতবোৰ সা-সামগ্ৰী বিগত তিনিটা মাহত লগ পোৱা মানুহকেইজনলৈ উছৰ্গা কৰি গ’ল৷
‘দাছভিদানিয়া’ নামৰ পুৰণি হিন্দী ছবি এখনৰ কাহিনী আছিল এইটো৷
দৰাচলতে মানুহজনে তিনিটা মাহত যিবোৰ কাম কৰিলে সেইবোৰ কাম কাহানিবাই কৰি পেলাব পাৰিলেহেঁতেন৷ কামবোৰ তেওঁৰ সামৰ্থ্যৰ ভিতৰতে আছিল৷ কিন্তু আশংকা,সংশয়,লাজ,ভয়,অভিমান,ইগ’-এই নেতিবাচক শক্তিবোৰে তেওঁক আগবাঢ়িবলৈ দিয়া নাছিল৷
কিছুমান মানুহ মৃত্যুৰ পিছতো জীয়াই থাকে৷ কিছুমান মানুহ জীয়াই থাকোঁতেই মৃত্যু বৰণ কৰে৷ কৰিম কৰিম বুলি ভাবি থকা কামবোৰ কৰা নহয়,লিখিম লিখিম বুলি ভাবি থকা কথাবোৰ লিখা নহয়,অথচ অলপমান সাহস গোটালেই এই কামবোৰ কৰিব পৰা যায়৷ কিছুমান কথা মুখৰ আগতে থাকে,কিন্তু দৰকাৰী সময়ত ওলাই নাহে৷ যেতিয়া কথাবোৰ ওলায়,তেতিয়া বহু পলম হৈ যায়৷ অলপমান অভিমান,কিছু ইগ’-এইবোৰৰ কাৰণেই কিমান যে অমূল্য সম্পৰ্ক ছেদ হৈছে ৷
জীৱনটো হৈ পৰে ৰসহীন,বৈচিত্ৰ্যহীন,প্ৰত্যাহ্বানশূন্য৷ ত্ৰিশ বছৰতে মানুহ আলৰ বুঢ়া হৈ পৰে৷ তাৰ পিছত এদিন যেতিয়া চহৰৰ একোণৰ পুৰণি বন্ধুৰ লগত আড্ডাত গভীৰ শোকভৰা মন্তব্য এষাৰ ওলাই যায়, জীৱনৰ মাহাত্ম্য বুজিও নুবুজা অজলা মানুহে হুমনিয়াহ কাঢ়ি কয়--‘ বুজিছা ভাবিছিলোঁ মেট্ৰিক পাছ কৰি ফটোগ্ৰাফাৰ হ’ম৷ বিয়েৰ গ্ৰাইল,ষ্টিভেন আষ্টিনৰ দৰে পাহাৰে-পৰ্বতে ঘূৰি ফুৰিম৷ আমাজনলৈ যাম৷ একোৱেই নহ’লগৈ৷ ভাবিছিলোঁ ‘তাই’ক এদিন সকলো কথা খুলি ক’ম৷ আজীৱন তাইক সংগ দিয়াৰ কথা ক’ম৷ নাই,নোৱাৰিলোঁ৷ মা-দেউতাই চাই দিয়া ছোৱালীজনীকে জীৱন-সংগিনী কৰি ল’লোঁ৷ এতিয়া ন বজাত অ’ফিচলৈ যাওঁ,দুপৰীয়া টিফিন খাওঁ, পাঁচ বজাত  ঘৰলৈ আহোঁ৷ সন্ধ্যা শ্ৰীমতীৰ লগত চাহ-বিস্কুট খাই টিভি চাই চাই গোটেই দুনীয়াখনকে গোৱাল-গালি পাৰোঁ, ন বজাত ভাত খাওঁ,দহ বজাত বৰলা কাই চাই শুবলৈ যাওঁ৷’ছেহ্ জীৱনটোত দেখোন একোৱেই নহ’ল৷ কিমান সপোন দেখিছিলোঁ,কিমান আকাংক্ষা আছিল-একোৱেই কৰিব নোৱাৰিলোঁ৷’
মানুহৰ জীৱনটো এনে হ’ব নালাগে৷ মানুহে জীৱনটো এবাৰেই পায়৷ পৰিপূৰ্ণতাৰে,আশা কৰাধৰণে মানুহে জীৱনটো উপভোগ কৰিব লাগে৷ নহ’লে জীয়াই থাকোঁতেই আমাৰ ভিতৰৰ আত্মাটোৰ মৃত্যু ঘটে৷ বাহিৰত থাকে কেৱল অস্থিচৰ্মসাৰ দেহাটো৷
ক’ৰবাত পাইছিলোঁ-“সেইজন মানুহেই সুখী যিজন মানুহে পুৱা পাঁচ বজাত শোৱাৰ পৰা উঠে ,নিশা দহ বজাত শোৱাপাটীলৈ যায় আৰু তেওঁলোকে ভালপোৱা কামবোৰ কৰি দিনটোৰ সময়ছোৱা অতিবাহিত কৰে৷”



'এয়াৰলিফ্ট্'ৰ কথাৰে


সদ্যমুক্তিপ্ৰাপ্ত হিন্দী ছবি ‘এয়াৰলিফ্ট্’ত বলিউদৰ প্ৰচলিত যি নীতি অৰ্থাৎ-‘প্ৰয়োজন হওক বা নহওক; ছবিত গীত-নাচৰ সংযোজনৰে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰা’ , সেই বিশেষ নীতিটোৰ হেৰ-ফেৰ নহ’ল৷ এই কাৰবাৰবোৰ ভাল নালাগে৷ এইবোৰে কাহিনীৰ গভীৰতাত আঘাত হানে৷ ছবিখনৰ গাম্ভীৰ্য ম্লান কৰে৷ গতিশীল কাহিনীটোৰ প্ৰতি থকা উৎকণ্ঠা অন্তৰ্হিত হয়৷ অভিলেখসংখ্যক এক লাখ সত্তৰ হাজাৰ ভাৰতীয় নাগৰিকক বিমানৰ জৰিয়তে স্থানান্তৰকৰণৰ ঐতিহাসিক ঘটনাক মূল আধাৰ হিচাপে লৈ নিৰ্মিত ছবিখনৰ আনুষংগিক দিশবোৰ অৱশ্যে বেয়া নালাগিল ৷ ১৯৯০ চনত কুৱেইটত ইৰাকী সেনাৰ দ্বাৰা সংঘটিত হোৱা আক্ৰমণৰ সময়ছোৱাত এজন কুৱেইট-নিবাসী ভাৰতীয় ব্যৱসায়ীৰ মনত জাগ্ৰত হোৱা দায়িত্ববোধ, মানৱতাবোধৰ নিদৰ্শন এই ছবিখনত প্ৰতিফলিত হৈছে৷ ১৯৯০ চনৰ আগষ্টৰ প্ৰথমটো সপ্তাহত ছাদ্দাম হুছেইনৰ আৰ্শীবাদপুষ্ট ইৰাকী সেনাই কুৱেইটৰ স্থানীয় লোকৰ ওপৰত অতৰ্কিতে চলোৱা আক্ৰমণ,স্থানীয় লোকসকলৰ নিৰ্মম হত্যালীলা, টেংকৰ দ্বাৰা সুউচ্চ অট্টালিকাৰে পৰিৱেষ্টিত চহৰখনক ধ্বংসনগৰীলৈ পৰ্যবসিত কৰাৰ দৃশ্যসমূহৰ উপস্থাপন লেখত ল’বলগীয়া বিধৰ হৈছে৷ অভিনয়-শিল্পীসকলে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিছে,তাত কোনো শংকা নাই৷ কুৱেইটত বন্দী ভাৰতীয়সকলক উদ্ধাৰৰ অৰ্থে সেইসময়ৰ ভাৰত চৰকাৰে খৰতকীয়াকৈ সিদ্ধান্ত লোৱাত যে অৱহেলা প্ৰদৰ্শন কৰিছিল,সেইয়াও দৰ্শকক বুজাই দিয়া হৈছে৷  উল্লেখ্য যে ,বিভীষিকাময় সেই সময়ছোৱাত সন্ত্ৰাস আৰু সংশয়ৰ লগত সহাৱস্থান কৰি থকা এক লাখ সত্তৰ হাজাৰ ভাৰতীয়ক সংগঠিত কৰি ৪৮৮ খন ফ্লাইটেৰে বিমানেৰে ভাৰতলৈ ঘূৰাই অনাৰ 
বিস্ময়কৰ ঘটনাটোৱে গিনিজ বুকতো স্থান দখল কৰিছে৷


(ৰচনাকালঃ২৩ জানুৱাৰি,২০১৬)

সাম্প্ৰতিক সময়ৰ ভ্ৰাম্যমানৰ নাটক



যোৱা বছৰত(২০১৫ বৰ্ষত) দুটা জনপ্ৰিয় নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰা দুখনমান নাটক চাই ভৱিষ্যতে ভ্ৰাম্যমানৰ নাটক নাচাওঁ বুলিয়েই সংকল্পবদ্ধ হৈছিলোঁ৷ পিছে দুৰ্বলতাআৰু আশা’—এই দুয়োটাই মিলি যোৱাবছৰৰ সেই সংকল্পটোক পৰাভূত কৰিলে৷ নাটকৰ প্ৰতি থকা দুৰ্বলতা’ ; এখন ভাল নাটক চোৱাৰ আশা৷ সেয়ে গলোঁ, এক জনপ্ৰিয় নাট্যগোষ্ঠীৰ এখন জনপ্ৰিয়নাটক চাবলৈ ৷

দুদিনমান আগতে চাই অহা এই নাটকখনে মোক দুখী কৰিলে৷ এনে এখন নাটক চাবলৈ যে ধনৰ খৰছ কৰিলোঁ, সময়ৰ খৰছ কৰিলোঁ-তাকে উপলব্ধি কৰি বেজাৰ লাগিল ৷ আজিকালি সংলাপৰ জৰিয়তে ব্যৱসায় কৰাৰ নব্য পৰম্পৰা এটা গঢ় লৈ উঠিছে৷ কোনো বিখ্যাত চিমেণ্ট কোম্পানী,কোনো জনপ্ৰিয় ধাৰাবাহিকৰ নাম সংলাপত সংযোজন কৰি নাট্যগোষ্ঠীবোৰে সেই বিশেষ কোম্পানীটোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰে৷ কিন্তু ব্যৱসায়িক স্বাৰ্থজড়িত এই কামবোৰে সেই বিশেষ দৃশ্যকেইটাৰ উপস্থাপন কৃত্ৰিম আৰু অস্বাভাৱিক কৰি তোলে, দৃষ্টিকটু কৰি তোলে৷ এইবোৰৰ জৰিয়তে এটা কথা প্ৰতিপন্ন হয় - দৰ্শকক উন্নত মানৰ নাট উপহাৰ দিয়াতকৈ তেওঁলোকে কোনো ব্যৱসায়িক গোষ্ঠীক সন্তুষ্ট কৰাতহে অধিক আগ্ৰহী৷ সেই তৃতীয় পক্ষক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নাটকৰ মান,নাটকৰ সংলাপ,নাটকীয় উপাদানৰ লগত আপোচ কৰিবলৈও ইচ্ছুক৷ এইবোৰ হতাশাজনক কথা৷ নিজে সৃষ্টি কৰা বস্তুটোক প্ৰাণভৰি ভাল পাব নোৱৰা, প্ৰকৃত শ্ৰদ্ধা আৰু সন্মান যাঁচিব নজনা মানুহেহে এনে কাম কৰিব পাৰে৷

অসমৰ নাট্যগোষ্ঠীসকললৈ মোৰ বিনম্ৰ অনুৰোধ -আপোনালোকে অসমৰ ৰাইজক ভাল নাটক উপহাৰ দিয়ক৷ কিছুমান পাতল, গভীৰ দৃষ্টি নথকা নাটকীয় উপাদান সৃষ্টি কৰি অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ গৌৰৱোজ্জ্বল বৰ্ণময় ইতিহাসক উপলুঙা কৰিবলৈ চেষ্টা নকৰিব ৷ বৰ দোষণীয় কাম কৰা হব৷ ভবেন্দ্ৰ নাথ শইকীয়াছাৰেও নাটক লিখিছিল৷ সেৱাব্ৰত বৰুৱাইও নাটক লিখিছিল৷ হেমন্ত দত্তইও নাটক লিখিছিল৷ তেওঁলোকৰ নাটকত আজিৰ দৰে কাৰিকৰী কৌশলৰ প্ৰয়োগ নাছিল৷ দাক্ষিণাত্যৰ ছবিৰ আৰ্হিত একশ্যনৰ দৃশ্য নাছিল৷ তথাপিও তেওঁলোকৰ নাটক চাবলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহিছিল,দুই-তিনিটা দৰ্শনী হৈছিল৷ তেখেতসকলৰ সেইসমূহ সৃষ্টিৰ মহত্ব স্মৰণ কৰি আজিও বহু লোকৰ মন ৰোমাঞ্চিত হৈ উঠে৷ আপোনালোকে তেনে পৰ্যায়ৰ নাটক সৃষ্টি কৰিব নোৱাৰেনে; যিখন নাটকৰ  কাহিনী,সংলাপ আৰু অভিনয়  দহ-বিশবছৰৰ পিছতো চৰ্চাৰ বিষয় হৈ থাকিব ?

আপোনালোকৰ নাটকসমূহত চিঞৰ-বাখৰ আৰু কোৰ্হালময় পৰিৱেশ কিয় এক অবিচ্ছেদ্য অংগ হৈ পৰিছে ? নাচ-গানৰ অত্যধিক সংযোজন কিহৰ বাবে? নাটকত সুস্থ হাস্যৰসৰ সংযোজন কৰাত আপত্তি কি ?  দৰ্শকক হঁহুৱাবলৈ গৈ কিছুমান বিকৃত কাৰবাৰ কিয় কৰিবলৈ লৈছে? অভিনেতাৰ দ্বাৰা কিছুমান বিকৃত আৰু অতি-নাটকীয় ভংগীমা উপস্থাপন কৰি আপোনালোকে অসমীয়া সমাজৰ বা মানৱ-জীৱনৰ কোনটো মৌলিক সমস্যাৰ  ওপৰত আলোকপাত কৰিব বিচাৰিছে?

আমাক সমগ্ৰ অসমতে খলকনি তোলা’, ‘তীব্ৰ আলোড়ণ সৃষ্টি কৰানাটক লাগে৷ কিন্তু সেই আলোড়ণ তোলা নাটকবোৰ,খলকনি তোলা নাটকবোৰ ভালব লাগিব৷

অত্যধিক মছলাৰে ৰন্ধা মাংসৰ তৰকাৰীখনে পেটৰ অপকাৰ কৰে৷ মাংস খোৱাৰ লোভ আৰু আঞ্জাৰ গোন্ধত আপোনপাহৰা হৈ মাংসৰ জোলেৰে ভাত খাই থাকোঁতে খাওঁতাজনে কথাটো দকৈ উপলব্ধি নকৰে৷ খাই উঠাৰ পিছত যেতিয়া তেওঁৰ পেটটো বিষাবলৈ আৰম্ভ কৰে,যেতিয়া তেওঁ গৈ দুদিন চিকিৎসালয়ত পৰি থাকিবলগীয়া হয় তেতিয়া তেওঁ হৃদয়ংগম কৰে যে-তেওঁ এটা ভুল কাম কৰিলে৷ অতিপাত মছলাৰে ৰন্ধা মাংসৰ আঞ্জাখন তেওঁ খাব নালাগিছিল ৷ আপোনালোকৰ নাটকবোৰতো মছলাৰ প্ৰয়োগ অত্যধিক হৈছে৷ এতিয়া নাটকত মছলা দিব নে নিদিয়ে, বা দিলে কিমান দিব-সেই পৰিমাণটো সোনকালে নিৰ্ণয় কৰিলে ৰাইজৰ উপকাৰ হ'ব৷ অন্যথা অত্যধিক মছলাৰে তৈয়াৰী এই নাটকবোৰ চাই চাই মানুহবোৰ এসময়ত বেমাৰী হবগৈ ৷ পেটৰ নহয়  মনৰ বেমাৰী ৷ মানুহক বেমাৰী কৰাটো ভ্ৰাম্যমান থিয়েটাৰৰ লক্ষ্য আৰু উদ্দেশ্য হব পাৰে জানো ? হোৱা উচিত জানো ? কথাবোৰ দকৈ ভাবি চাবৰ হল ৷