Wednesday, 30 May 2012

আমাক এখন মুক্ত আকাশ লাগে উৰিবলৈ




অসমৰে বোকা-পানী গচকি জীৱনৰ ২২টা বসন্ত পাৰ কৰিলো ৷ মানুহৰ মনবোৰো লাহে লাহে বুজি পোৱা হ’লো ৷ লাহে লাহে এইটোও বুজি পোৱা হ’লো যে মোৰ বয়সৰ বা মোতকৈ কম বয়সৰ বহু ল’ৰা-ছোৱালী একো একোতা সঁজাত বন্দী ৷ য’ৰপৰা তেওঁলোক ওলাব বিচাৰিলেও ওলাব নোৱাৰে ৷ শিকলিডাল বৰ কঠোৰ ৷ ল’ৰাটো বা ছোৱালীজনীক খুব কম বয়সতে বন্দী কৰি পেলোৱা হয় এটা সজাঁত  ৷ তাক ব্যৱহাৰ কৰা হয় এটা যন্ত্ৰ হিচাপে ৷

ল’ৰাটো বা ছোৱালীজনী ৩-৪ বছৰ হ’ল কি নহ’ল ,আৰম্ভ হৈ গ’ল সেই কনমানিটোৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ ৷ যিটো বয়সত শিশুটোৰ মুক্তমনে খেল-ধেমালি কৰাৰ বয়স,যিটো বয়সত শিশুটোৱে ককাক-আইতাকৰ মুখত ৰামায়ন-মহাভাৰতৰ সাধু শুনাৰ বয়স,প্ৰানখুলি হঁহাৰ বয়স , সেই বয়সত কনমানিটোৰ পিঠিত তুলি দিয়া হয় এটা গধুৰ মোনা ৷ নিজৰ ল’ৰাটো বা ছোৱালীজনীক ডাঙৰ মানুহ হিচাপে তৈয়াৰ কৰিবৰ বাবে পিতৃ-মাতৃৰ দৈনন্দিন কচৰৎ ৷ কেৱল পঢ় আৰু পঢ় ৷ অকল সেয়াইনে ? সন্তানক  সৰ্বগুনসম্পন্ন কৰাৰ চেষ্টাত নৃত্য,সংগীত,সাঁতোৰ,চিত্ৰ-কলা আদি সকলোতে  জোৰ-জুলুম কৰি নামভৰ্তি কৰি জানো দিব নালাগিব ? ন’হলে যে অফিচত,চুবুৰীত বা তথাকথিত ছ’চাইটিত মুখ দেখুৱাব নোৱাৰা হ’ব ৷  সন্তান অলপ ডাঙৰ হৈ অহাৰ লগে  বাঢ়ি যায় মানসিক হেঁচা ৷ ডাক্তৰ ,ইঞ্জিনিয়াৰ হ’বই লাগিব ৷ সৰ্বভাৰতীয় পৰ্য্যায়ত নিজকে সাব্যস্ত কৰিব পাৰিবই লাগিব ৷  লাগিলে সন্তানে ডাক্তৰ-ইঞ্জিনিয়াৰ হ’বলৈ মন নকৰকেই ৷ নিজৰ ৰুচি-অভিৰুচি সকলো পৰিহাৰ কৰি সন্তানেও নিজৰ পিতৃ-মাতৃৰ অনুৰোধ (বা আদেশ) মানি চলে ৷  কিন্তু কোনেও কেতিয়াও সুধিব নুখোজে সন্তানে কি বিচাৰিছে ৷ কিয় ? সোধাটো জৰুৰী নহয় নেকি ?

মাজতে ডি.ৱাই.৩৬৫ ৰ এটা অনুস্থানত মৃনাল তালুকদাৰে কৈছিল -সকলোতে কেৱল প্ৰতিযোগিতা ৷ ৬-৭বছৰীয়া ল’ৰা-ছোৱালীৰ মাজত যদি এখন চিত্ৰাংকন প্ৰতিযোগিতা পাতে তেন্তে তাতো প্ৰথম/দ্বিতীয়/তৃতীয় স্থান প্ৰাপ্তক পুৰস্কাৰ দি সকলো শেষ কৰি থয়  ৷ কিন্তু প্ৰতিযোগিতাখনত অংশ লোৱা বাকীসকল কনমানিৰ সেইসময়ৰ মনোৱস্থা কি হ’ব পাৰে, সেয়া উদ্যোক্তাসকলৰ মগজুৱে ঢুকি নাপায় ৷ প্ৰতিযোগিতাত পুৰস্কাৰ নোপোৱাৰ বাবে ঘৰত পিতৃ-মাতৃয়ে  ল’ৰাটো বা ছোৱালীজনীৰ ওপৰত মানসিক নিৰ্যাতন চলাব ৷ ‘কিয় তই পুৰস্কাৰ নাপালি ?এনেই তোক চিত্ৰাংকন বিদ্যালয়ত নাম লগাই দিছিলো নেকি? তোৰ লগৰ সিনো কেনেকৈ পালে ?’ইত্যাদি ইত্যাদি ৷
এই গালি পৰা কাৰ্যটো পৰৱৰ্ত্তী কালচোৱাটো চলি থাকে ৷ মেট্ৰিকত ৮০-৯০ শতাংশ নাপালে ,উচ্চতৰ-মাধ্যমিকত ৪-৫ টা  বিষয়ত লেটাৰ নাপালে ,ডাক্তৰ-ইঞ্জিনিয়াৰিঙত চিট ল’ব নোৱাৰিলে ল’ৰা-ছোৱালীৰ ওপৰত পৰিয়ালৰ সকলোৰে ঠাট্টা-মস্কৰা, পিতৃ-মাতৃৰ তৰ্জন-গৰ্জন ৷  আপুনি হয়তো শুনিবলৈ বেয়া পাব পাৰে কিন্তু বস্তুবাদী আৰু ভোগবাদী আমাৰ বৰ্তমানৰ সমাজখনত এনেকুৱাই হৈ আছে ৷  এনেধৰনৰ মানসিকতাৰ চিকাৰ হোৱাৰ বাবেই চাগে  যুৱ-প্ৰজন্মৰ বহুতৰে  মনত ক্ষোভৰ উদ্গীৰন হৈছে,নিজৰ বিচৰাখিনি নাপায় বহুতেই অসৎ কাম কৰিবলৈ লৈছে ৷ বহুতে মাক-বাপেকৰ আশামতে ফলাফল দেখুৱাব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয় ৷ ধ্বংস হৈ যায় এটা নিৰ্দোষ প্ৰাণ !

অতি দুখৰ কথা যে বৰ্তমান সময়ৰ বহু পিতৃ-মাতৃয়ে নিজৰ সন্তানক একো একোটা যন্ত্ৰৰ দৰে তৈয়াৰ কৰিবলৈ উঠি-পৰি লাগিছে ৷ দিনে-ৰাতিয়ে সন্তানক কেৱল গাধৰ দৰে পঢ়াৰ টেবুলত বহুৱাই ৰাখিছে   ৷ নিজৰ পাঠ্যক্ৰমৰ বাহিৰে বেলেগ কিতাপ এখন পঢ়িব খুজিলেও মাক-বাপেকৰ বাধা ৷ সন্তানে মুকলি মনেৰে একো কাম কৰিব নোৱাৰে ৷ নিজকে যেন সিঁহতে ক’ৰবাত হেৰুৱাই পেলাইছে ৷ নিজৰ জীৱনটোক ঘৃণা কৰিবলৈ ধৰিছে ৷
কিয় ? কিয় আমাৰ মানুহৰ মনবোৰ সলনি ন’হল এতিয়াও ৷ কিয় এতিয়াও নিজৰ মনপচন্দ কামবোৰ  মুক্তমনে কৰিব  নোৱাৰো ? আমাৰ একো অধিকাৰ নাই নেকি নিজৰ সপোনবোৰ পুৰণ কৰাত ? পৰীক্ষা-ৰিজাল্ট-মাৰ্কশ্বিট এইবোৰৰ পিছতেই গোটেই জীৱনটো দৌৰি ফুৰিব লাগিব নেকি ? কিয় আমি দিনে-দিনে ইমান স্বাৰ্থপৰ হৈ পৰিছো ? ধন,টকা-পইচা ঘটাই মানুহৰ জীৱনৰ একমাত্ৰ লক্ষ্য হ’ব পাৰেনে ? এইটো সঁচা যে জীয়াই থাকিবৰ বাবে কেইপদমান বস্তৰো প্ৰয়োজন আছে ৷ কিন্তু সেইটো কৰিবৰ বাবেই সন্তানৰ ওপৰত  ইমান মানসিকভাৱে  হাৰাশাস্তি কৰা উচিত জানো ?
ডাক্টৰ-ইঞ্জিনিয়াৰ হোৱাটো একো বেয়া কথা নহয় ৷ কিন্তু জোৰ-জুলুম কৰি ,নিজ সন্তানৰ ইচ্ছাৰ বিৰুদ্ধে গৈ,তেঁওলোকৰ স্বাধীনতাত হস্তক্ষেপ কৰি সন্তানক একোটা যন্ত্ৰ কৰি পেলোৱাটো কিমান সমীচিন সেইটো বুজিবলৈ চেষ্টা কৰা উচিত ৷ নৱ-প্ৰজন্মৰ ওপৰত দোষ জাপি দিলেই সকলো সমস্যাৰ সমাধান হৈ নাযায় ৷ এই ক্ষেত্ৰত পিতৃ-মাতৃৰো বহু কৰিবলগীয়া থাকে ৷ অকল নিজৰ ষ্টেটাচৰ কথা ভাবিলেই নহয় ৷ বৰ্তমানৰ সমাজখনক আগুৱাই নিবৰ বাবে বহু ভাল মানুহৰ প্ৰয়োজন ৷ ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ বাবে মানসিক চাপ প্ৰয়োগ নকৰি  পিতৃ-মাতৃয়ে সন্তানক ভাল মানুহ হ’বলৈ শিক্ষা দিয়াত অধিক প্ৰাধান্য দিয়া উচিত ৷

মোৰ এগৰাকী প্ৰিয় লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ ‘সোণ হৰিণৰ চেঁকুৰ’ শীৰ্ষক উপন্যাসৰ এটা শাৰী মোৰ মনত বহুত দকৈ ৰেখাপাত কৰিছিল –‘পৰীক্ষা আৰু ৰিজাল্টে মানুহৰ জীৱন নিয়ন্ত্ৰন নকৰে ৷ তুমি কি কাম কৰিবা সেয়াহে তোমাৰ প্ৰকৃত উদ্দেশ্য ৷’ কথাষাৰ ভাবিচাবলগীয়া ৷

xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx
 

No comments:

Post a Comment