Posts

Showing posts from June, 2012

~~~~~~~~~~উদ্ধৃতি~~~~~~~~~~~

১.জীৱনজোৰা সুখ !কোনো জীৱন্ত মানুহে তেনে সুখ সহ্য কৰিব নোৱাৰে ৷ এজন মানুহ গোটেই জীৱনজুৰি সুখী হ’বলৈ হ’লে পৃথিৱীখনতেওঁৰ বাবে নৰক হ’ব –জৰ্জ বাৰ্ণাৰ্ড শ্ব ২. " কোনো এটা কথা কিতাপত পঢ়িছা বুলিয়েই বুলি বিশ্বাস নকৰিবা ৷ কোনো এটা কথা আন কোনোবাই সঁচা বুলি কৈছে কাৰণেই বিশ্বাস নকৰিবা ৷ কিছুমান কথা পৰম্পৰা অনুসৰি মানি অহা হৈছে বাবেই বিশ্বাস নকৰিবা ৷ সত্যটো নিজেই উলিয়াই লোৱা , যুক্তিৰে বিচাৰ কৰি চোৱা ৷ সেয়াই হৈছে উপলব্ধি"---স্বামী বিবেকানন্দ ৩.যিটো কাম বা কথা তুমি নিজৰ অন্তৰত শুদ্ধ বুলি ভাবা,ঠিক সেই কথাটোকে ক’বা আৰু সেই কামটোকে কৰিবা ৷ সমালোচনাৰ পৰা নিস্তাৰ পাবলৈ তোমাৰ উপায় নাই ৷ সমালোচনাৰ ভয়ত যদি তুমি একো নকৰা বা নোকোৱা ,তেতিয়াও তুমি তাৰ কাৰণে সমালোচিত হ’বা ----ইলিয়নৰ ৰুছভেল্ট ৪.প্ৰশংসা শুনাৰ সময়ত এজন মানুহৰ আচৰণ পৰ্যবেক্ষন কৰি তেঁওৰ চৰিত্ৰ বিষয়ে এটা ধাৰণা কৰিব পাৰি –ছেনেকা(ৰোমান দাৰ্শনিক) ৫.নজনাটো ডাঙৰ কথা নহয়,জানিব নিবিচৰাটোহে ডাঙৰ কথা-বেঞ্জামিন ফ্ৰেংকলিন ৬.ধন হেৰাই গ’লে একো নেহেৰায়,স্বাস্থ্য হেৰাই গ’লে সম্পদ হেৰায়,কিন্তু চৰিত্ৰ হেৰাই গ’লে সকলোখিনিয়ে হেৰায়-ছক্ৰেটি