Friday, 29 June 2012

~~~~~~~~~~উদ্ধৃতি~~~~~~~~~~~


১.জীৱনজোৰা সুখ !কোনো জীৱন্ত মানুহে তেনে সুখ সহ্য কৰিব নোৱাৰে ৷ এজন মানুহ গোটেই জীৱনজুৰি সুখী হ’বলৈ হ’লে পৃথিৱীখনতেওঁৰ বাবে নৰক হ’ব –জৰ্জ বাৰ্ণাৰ্ড শ্ব
২."কোনো এটা কথা কিতাপত পঢ়িছা বুলিয়েই বুলি বিশ্বাস নকৰিবা ৷
কোনো এটা কথা আন কোনোবাই সঁচা বুলি কৈছে কাৰণেই বিশ্বাস নকৰিবা ৷
কিছুমান কথা পৰম্পৰা অনুসৰি মানি অহা হৈছে বাবেই বিশ্বাস নকৰিবা ৷
সত্যটো নিজেই উলিয়াই লোৱা,যুক্তিৰে বিচাৰ কৰি চোৱা ৷
সেয়াই হৈছে উপলব্ধি"---স্বামী বিবেকানন্দ

৩.যিটো কাম বা কথা তুমি নিজৰ অন্তৰত শুদ্ধ বুলি ভাবা,ঠিক সেই কথাটোকে ক’বা আৰু সেই কামটোকে কৰিবা ৷ সমালোচনাৰ পৰা নিস্তাৰ পাবলৈ তোমাৰ উপায় নাই ৷ সমালোচনাৰ ভয়ত যদি তুমি একো নকৰা বা নোকোৱা ,তেতিয়াও তুমি তাৰ কাৰণে সমালোচিত হ’বা ----ইলিয়নৰ ৰুছভেল্ট
৪.প্ৰশংসা শুনাৰ সময়ত এজন মানুহৰ আচৰণ পৰ্যবেক্ষন কৰি তেঁওৰ চৰিত্ৰ বিষয়ে এটা ধাৰণা কৰিব পাৰি –ছেনেকা(ৰোমান দাৰ্শনিক)

৫.নজনাটো ডাঙৰ কথা নহয়,জানিব নিবিচৰাটোহে ডাঙৰ কথা-বেঞ্জামিন ফ্ৰেংকলিন
৬.ধন হেৰাই গ’লে একো নেহেৰায়,স্বাস্থ্য হেৰাই গ’লে সম্পদ হেৰায়,কিন্তু চৰিত্ৰ হেৰাই গ’লে সকলোখিনিয়ে হেৰায়-ছক্ৰেটিছ
৭.আটাইতকৈ সুখী মানুহ হ’ল সেইজন,যিজনে অতি কম বস্তুক লৈয়ে সন্তুষ্ট থাকিব পাৰে –ছক্ৰেটিছ
৮.যিজনে সুবিধা পালেই পৰনিন্দা,পৰচৰ্চাত মতলীয়া হয়,সেইজনলোক বাস্তৱিকতে ফেটি সাপতকৈ কোনো গুনে কম নহয়-প্লেটো
৯.মই সুপ্ত-শীতল গ্ৰহ হোৱাতকৈ এটা উজ্জল উল্কা হ’ম,আৰু সেই উল্কাৰ প্ৰতিটো কণা দীপ্ত হৈ থাকিব ৷ মই কেৱল বাচি থাকিবলৈ সময় নষ্ট নকৰো ৷ সেইখিনি সময় মই কামত লগাম—মই প্ৰতিজ্ঞা কৰিছো মই হ’ম  এক ‘লাভ’,লোকচান নহওঁ ৷ মই হ’ম সৎ,দুষ্ট নহও ৷ মই হ’ম সফল,বিফল নহও ৷-ড. ভৱেন্দ্ৰ নাথ শইকীয়া
১০.নদীয়ে নিজৰ পানী নাখায়,
গছে নিজৰ ফল ভক্ষন নকৰে,
ডাৱৰে শষ্য ধ্বংস নকৰে,
একেদৰে ভাল মানুহবোৰেও নিজৰ বাবে নহয়;
আনৰ বাবেহে জীয়াই থাকে –শুভাসীত

১১.এজন বিশ্বাসি বন্ধু হৈছে জীৱনৰ মহৌষধ-টিৰুজ কুৰাল
১২.পাণ্ডিত্য নহয়,জীৱনৰ জটিলতম ক্ষনত বিচাৰ হয় চৰিত্ৰৰ-ৰবীন্দ্ৰ নাথ ঠাকুৰ
১৩.ভুল আতৰাই সত্যৰ প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল উদ্দেশ্য-ছক্ৰেটিছ
১৪.তুমি ইশ্বৰক ভাল পাব খোজানে ?তেনেহ’লে মানুহক প্ৰথমে ভাল পোৱা –হজৰত মহম্মদ
১৫.শিক্ষাই জ্ঞান , জ্ঞানেই শক্তি – ছক্ৰেটিছ
১৬.বন্দুকৰ গুলীৰে কোনেও আদৰ্শক হত্যা কৰিব নোৱাৰে-জ্যোতিপ্ৰসাদ আগৰৱালা
১৭.ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যু বৰণ কৰাই শ্ৰেয়-গান্ধীজী
১৮.এক মাত্ৰ দুৰ্বলসকলেহে ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আসক্ত হয় ৷ আৰু একমাত্ৰ মানসিকভাৱে সবলসকলহে এই আসক্তিৰপৰা মুক্ত হ’ব পাৰে;তেওঁলোকে নিজেই নিজকে মুক্ত আৰু আৰোগ্য কৰি তোলে-মাৰ্টিন এ.ফিচ্চাৰ
১৯.ভাল অসমীয়া নহলে ভাল ভাৰতীয় হব নোৱাৰি আৰু ভাল ভাৰতীয় নহলে বিশ্বৰ শৰীৰত পংগু অংগৰ স্থান নাই।” – °ভূপেন হাজৰিকা।
২০.নিজৰ খাবলৈ থাকিলে সৎ হোৱা সহজ। অভাৱতহে মানুহৰ স্ৱৰূপ প্রকাশ পায়।” – °প্রফুল্ল গোস্ৱামী।
২১.অভিজ্ঞতাৰ ওপৰত প্রতিষ্ঠিত হলেও সাহিত্য বাস্তৱতেঅভিজ্ঞতাৰ যাদুঘৰ নহয়। নিৰ্বাচন কৌশল,কল্পনা, আৰু ৰীতিৰ সহায়েৰে অভিজ্ঞতাৰ কেঁচা সঁজুলি গঢ়ি-পিটি ললেহে প্রকৃত সাহিত্যৰ সৃস্টি হয়।” – কৃষ্ণকান্ত সন্দিকৈ।
২২.সংসাৰত বাস কৰিব লাগে বোকাত থকা মাগুৰ মাছৰ দৰে। যেনেকৈ মাগুৰ মাছ বোকাত থাকে, অথচ গাত অকনো বোকা নালাগে। ” – ৰামকৃষ্ণ পৰমহংসদেৱ।
২৩.যুদ্ধৰ আটাইতকৈ ভাল কৌশলটো হৈছে বিনা যুদ্ধে শত্ৰুক পৰাস্ত কৰা। " - চীনা নীতি কথা
২৪.জীৱন জুখিবা হাঁহিৰে,চকুলোৰে নহয়। আয়ুস জুখিবা বন্ধুৰে বছৰেৰে নহয়।” – লক্ষ্যধৰ চৌধুৰী।
২৫.যেতিয়ালৈকে লক্ষ-লক্ষ মানুহ অনাহাৰ আৰু অজ্ঞতাত ডুব গৈ থাকিব,তেতিয়ালৈকে মই প্ৰত্যকে শিক্ষিত মানুহকে বিশ্বাসঘাটক বুলিম,কাৰণ সেইবিলাকৰ দুখ দুৰ্দশাৰ বিনিময়ত তেওঁবিলাক শিক্ষিত হৈও সিহঁতৰ  কাৰণে অলপো চিন্তা নকৰে –স্বামী বিবেকানন্দ  

No comments:

Post a Comment