অশৰীৰী অট্টহাস্য
অশৰীৰী অট্টহাস্য ঈশানজ্যোতি বৰা (৫ আগষ্ট,২০১২) (১) কথাটো মাধৱীৰ মুখতেই শুনিলো ৷ গৰৈমাৰী গাঁৱৰ হৰিকান্ত মহাজনে পৰহি হেনো ছুইচাইদ কৰিলে ৷ ধনে-ধানে চহকী মহাজনে বুঢ়া বয়সত এনে কাম কিয় কৰিলে কোনেও একো আদি-অন্ত বিচাৰি পোৱা নাই ৷ বুঢ়া অকলশৰীয়া আছিল যদিও গাৱঁৰ সকলোৱে বুঢ়াক ভাল পাইছিল ৷ ঘটনাটো হোৱাৰ দিনাই হেনো বুঢ়াই দুপৰীয়া বৰনামঘৰৰ বছেৰেকীয়া মিটিঙতো উপস্থিত আছিল ৷ হঠাতে এনে কি হ’ল যে বুঢ়াই আত্মঘাটী হ’ব লগা হ’ল ৷ ঘটনাটোত অলপ ৰহস্য থকা যেন লাগে ৷ বুঢ়াৰ আত্মঘাটীৰ কিবা কাৰন নিশ্চয় থাকিব লাগিব ৷ যিয়েই ৰহস্য নাথাকক কিয় মোৰ সেইটোত বেছি চিন্তা কৰিবলগীয়া একো নাই ৷ মাধৱীৰ মুখত বুঢ়াৰ আত্মঘাটীৰ কথাটো শুনাৰ পৰাই বেলেগ এটা কথাইহে মোৰ ভাৱনাত তোল