অশৰীৰী অট্টহাস্য




                                                      

                                                    অশৰীৰী অট্টহাস্য
                                                                                      ঈশানজ্যোতি বৰা
                                                                                      (৫ আগষ্ট,২০১২)      
‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌                                                (১)
কথাটো মাধৱীৰ মুখতেই  শুনিলো ৷ গৰৈমাৰী গাঁৱৰ হৰিকান্ত মহাজনে পৰহি হেনো ছুইচাইদ কৰিলে ৷ ধনে-ধানে চহকী মহাজনে বুঢ়া বয়সত এনে কাম কিয় কৰিলে কোনেও একো আদি-অন্ত বিচাৰি পোৱা নাই ৷ বুঢ়া অকলশৰীয়া আছিল যদিও গাৱঁৰ সকলোৱে বুঢ়াক ভাল পাইছিল ৷ ঘটনাটো হোৱাৰ দিনাই হেনো বুঢ়াই দুপৰীয়া বৰনামঘৰৰ বছেৰেকীয়া মিটিঙতো উপস্থিত আছিল ৷ হঠাতে এনে কি হ’ল যে বুঢ়াই আত্মঘাটী হ’ব লগা হ’ল ৷ ঘটনাটোত অলপ ৰহস্য থকা যেন লাগে ৷ বুঢ়াৰ আত্মঘাটীৰ  কিবা কাৰন নিশ্চয় থাকিব লাগিব ৷ যিয়েই ৰহস্য নাথাকক কিয় মোৰ সেইটোত বেছি চিন্তা কৰিবলগীয়া একো নাই ৷ মাধৱীৰ মুখত বুঢ়াৰ আত্মঘাটীৰ কথাটো শুনাৰ পৰাই বেলেগ এটা কথাইহে মোৰ ভাৱনাত তোলপাৰ লগাই আছে ৷ বহুতদিনৰ পৰাই শুনি আহিছো  -মহাজন বুঢ়াৰ হেনো ধন-সম্পত্তি ঢেৰ ৷ খাওঁতা কোনো নাই ৷ সন্তানহীন মহাজনৰ একমাত্ৰ লগৰী আছিল তেওঁৰ পত্নী  যি ১০ বছৰৰ আগতেই ইহসংসাৰ ত্যাগ কৰিছে ৷ কেনেবাকৈ যদি বুঢ়াৰ সা-সম্পত্তিৰ অলপমানো হাত কৰিব পাৰো তেন্তে এবছৰলৈ মোৰ টেনছন নাথাকিব ৷ মাধৱীয়ে চাগে মোক বাধা দিব বুঢ়াৰ ঘৰলৈ যোৱাত ৷ কিন্তু মই যিটো কাম কৰিম বুলি এবাৰ পন কৰো সেইটো কাম কৰিহে এৰো ৷ যিমানেই বাধা-বিঘিনি সমুখত নাহক কিয় মোৰ সেইবোৰলৈ কেৰেপ নাই ৷ কথা মতেই কাম ৷ কামটোৰ বাবেই কাইলৈৰ দিনটোৱেই থিক কৰিলো ৷     


                                                (২)
কৃষ্ণ পক্ষৰ ঘিটমিটীয়া অন্ধকাৰ ৷ পুহ মাহৰ গা কঁপাই তোলা ঠাণ্ডা ৷ তাতে অসময়ত অহা ফিৰিফিৰিয়া বতাহজাকে পৰিৱেশটো অধিক আমনিদায়ক কৰি তুলিছে ৷ হাতত লৈ অহা টৰ্চটোৰ পোহৰ পেলাই দিলো ৰাস্তাটোত ৷ নাই ৷ দূৰ-দূৰনিলৈ কোনো নৰ-নাৰীৰ উপস্থিতি চকুত নপৰিল ৷ গৰৈমাৰীৰ এই সৰু গাওঁখনৰ মানুহবোৰ সোনকালে ভাত-পানী খাই বিচনাত পৰে বুলি শুনি আহিছিলো ৷ তাতে বুঢ়াৰ অকাল মৰনৰ পাছত মানুহবোৰ ফুট-গধূলিতে ঘৰত সোমাই যায় ৷ অৱশ্যে মানুহ নাথাকিলে মোৰেই ভাল ৷ মোৰ কামটো কৰাত সুবিধা হব ৷ যোৱা দহবছৰ ধৰি এই কাম কৰি আহিছো ৷ আজিলৈকে কেতিয়াও বিফল হোৱা নাই ৷ ঘৰখনো ভালদৰেই চলাই আছো কোনো অসুবিধা নোহোৱাকৈ ৷ সঁচা কথা ক’বলৈ গ’লে আকালো নাই,ভৰাঁলো নাই ৷


                                                (৩)
          যোৱা সপ্তাহত বেতবাৰীৰ কৃষ্ণৰামৰ ঘৰৰ পৰা সৰকাই অনা ছ’নাটাৰ ঘড়ীটোত সময়টো চালো ৷ ভালকৈ দেখা নোপোৱাত টৰ্চটো মাৰিলো ৷ নিশা প্ৰায় ১ বাজে ৷ আৰু মোৰ ষষ্ঠ ইন্দ্ৰিয়ই মোক বাৰে বাৰে সকীয়াই দিলে যে- কামটো কৰাৰ বাবে এইয়াই উত্তম সময় ৷

          মাধৱীয়ে মোক গৰৈমাৰীলৈ আহিবলৈ মানা কৰিছিল ৷ তাইৰ মতে বুঢ়াৰ  আত্মাই শান্তি পোৱা নাই ৷ আত্মঘাটী হোৱা মানুবোৰে হেনো য’তে ত’তে ঘূৰি ফুৰে ৷ সিহঁতৰ আত্মাই শান্তি নাপায় ইত্যাদি ঢেৰ কথা ক’লে তাই ৷ মোৰ মতে ভূত-চূত একো নাথাকে ৷ আজিলৈকে দেখা নাই ভূত ৷ ভয়েই ভূত বুলি মোৰ বিশ্বাস  ৷ মাধৱীৰ কথাবোৰ এখন কানেৰে শুনি আনখন কানেৰে উলিয়াই দিলো ৷  ভূতৰ চিন্তাতকৈ এতিয়া মোৰ বুঢ়াৰ সা-সম্পত্তিলৈহে বেছি চিন্তা ৷ হাতত লৈ অহা বেগ দুটা ‘ফুল’ কৰি নিব পাৰিলেই মোৰ কাম শেষ ৷ বাকী ভূত যাওঁক জহন্নামলৈ ৷ এইবোৰ অদৰকাৰী চিন্তা মনলৈ আহিলে কামটো ভালকৈ কৰা নহ’ব ৷ 

                                                (৪)    
          বুঢ়াৰ পদূলিত থিয় হৈ আকৌ হাতৰ ঘড়ীটোলৈ চালো ৷ ১ বাজি ১৫ মিনিট ৷ নিশাৰ অন্ধকাৰবোৰে মোক যেন গিলি পেলাইছে ৷ ক’ৰবাৰ পৰা ভাঁহি অহা ফেঁচা এটাৰ ভয়ানক কিৰিলীয়ে পৰিৱেশটো অধিক জয়াল কৰি তুলিছে ৷ ফিৰফিৰিয়া বতাহজাকো কমা নাই ৷ বৰষুন অহাৰ সম্ভাৱনা আছে ৷  আহিলে আহক বৰষুন ৷ মই সেইবোৰলৈ কেৰেপ কৰা নাই ৷ মোৰ এতিয়া ধান্দা বুঢ়াৰ ঘৰৰ পৰা যিমান পাৰি সিমান ধন-ধান লৈ ঘৰলৈ উভটা ৷ 
           জপনাখন খোলাই আছিল ৷ সোমাই আহিলো ৷ বুঢ়াৰ ঘৰটো বহু পুৰনা ৷ শুনামতে প্ৰায় ১০০ বছৰ পুৰনি ৷ আজোককাকে বনাই থৈ যোৱা ঘৰ ৷ পুৰনা যদিও ঘৰটো বুঢ়াই বৰ আটোম-টোকাৰিকৈ ৰাখিছিল ৷ বুঢ়াৰ পিছফালে ফলমূলৰ ডাঙৰ বাৰী ৷ বুঢ়াৰ ঘৰত খাঁওতা কোনো নাই ৷ গাৱঁৰ  ল’ৰা-ছোৱালীৰ পেটলৈহে যায় সেইবোৰ ৷
          বুঢ়াৰ ঘৰৰ চাৰিওফালে ইমান অন্ধকাৰ যে একোকে মনিব নোৱাৰি ৷ টৰ্চটো লাহেকৈ জ্বলালো ৷ বুঢ়াৰ ওচৰ-চুবুৰীয়া দুয়োঘৰ মানুহ হেনো এতিয়া গাঁৱত নাই ৷ বুঢ়াৰ ভূতে পাই বুলি ভয়তে ফুৰিবলৈ নিজৰ আত্মীয়ৰ ঘৰলৈ গৈছে ৷ মাধৱীৰ লগৰ সৰুমাইৰ মুখতে কথাষাৰ আজি আহোতে শুনিলো ৷ কথাষাৰ শুনি হাঁহিও উঠিছিল ৷ মোৰ আজি গাখীৰতে মহৰ খূঁটি ৷
                                                (৫)
         

লাহে লাহে আগবাঢ়ি আহিলো মোৰ লক্ষ্য অভিমুখে ৷  ঘৰটোৰ ভিতৰলৈ সোমাইযোৱা দুৱাৰখন খোলাই আছিল ৷ দুৱাৰখন ঠেলি ভিতৰলৈ সোমাই আহিলো  ৷ সোমোৱাৰ লগে লগে কিবা এটা ভেকেটা-ভেকেট গোন্ধ নাকত আহি লাগিল ৷ বেৰত থকা ছুইচবৰ্ডখন দেখি টৰ্চটো বন্ধ কৰি থ’লো ৷ ছুইচবোৰ এটা এটাকৈ ‘অন’ কৰি দিলো ৷ কোঠাৰ লাইট,ফেন জ্বলি উঠিল ৷ বাকীবোৰ চুইচ অফ কৰি কেৱল লাইটৰ চুইছটো ‘অন’ কৰিলো ৷ হঠাতে কিবা এটা মনত পৰাত বাহিৰলৈ ওলাই আহি পদূলিলৈ চালো ৷ কোনোবা আহিছে নেকি ৷ নাই,কোনো অহা নাই ৷ এই ৰাতিখন বুঢ়াৰ ঘৰত মৰিবলৈ কোননো আহিব ?  এনেই মানুহবোৰৰ ভূতলৈ যিহে ভয় !! ইমানখিনি অন্তত: গ্যাৰেন্টি দিব পাৰো যে কোনেও আজি মোক বাধা দিব নোৱাৰে  ৷
ইতিমধ্যে বাহিৰত বৰষুন আৰম্ভ হৈছে ৷
                                               
                                                (৬)
   “গোবিন ,তই আহিলি ৷ ”----------- ভিতৰৰ কোনোবা এটা কোঠাৰ পৰা ভাঁহি অহা কাৰোবাৰ গহীন কন্ঠস্বৰত মই থমকি ৰ’লো ৷ মাতটোও অচিনাকী ৷ কাৰ মাত এইটো ? এই ৰাতিখন আকৌ বুঢ়াৰ ঘৰত কোন ? মোৰ আগতেই আকৌ কোনোবা বেলেগ আহি ৰৈ আহিছে নেকি ? সি চববোৰ সৰকালে নেকি ? সেইটো হ’লে চব শেষ হৈ হ’ব ৷ ইমান আশা মষিমূৰ হ’ব মোৰ ৷ কিমান ভাবিছিলো ,কিমান প্লেন কৰিছিলো ৷ চব পণ্ড হৈ যাব ৷
          ধেৎ !! কি যে চিন্তা মনলৈ আহিছে নহয় !! সেইবোৰ ভাবি থাকিলে নহ’ব এতিয়া ৷ কামটো কৰি সোনকালে যাব পাৰিলেই হয় আৰু ৷ মানুহ নথকা ঘৰত এনেই কিবা কিবি মাত শুনা যায় ৷
 
“গোবিন আহিলি তই  ৷ ”----আকৌ সেই একেটাই কন্ঠস্বৰ ৷ একেই গহীন মাত ৷ কোননো অ’ এইটো ৰাতিখন ? কোনোবাই মোৰ লগত ধেমালি কৰিছে নেকি !! চিনি পোৱা নাই বাপেকক ?? এনে মজা দিম যে গোটেই জীৱন মনত ৰাখিব ৷ মুহূৰ্ত্ততে এটা সাংঘাটিক খঙে আহি মোৰ মূৰ চুলেহি ৷

“আহ গোবিন ,মোৰ শুৱনি কোঠালৈ আহ ৷ তাতেই তই বিচৰা বস্তুবিলাক আছে ৷ ”---এইবাৰ আৰু মই ৰৈ থাকিব নোৱাৰিলো ৷ ধৈৰ্য হেৰাই গৈছে মোৰ ৷ খঙতে একো নাই হৈ বেগত লৈ অনা দা খন হাতত লৈ বুঢাৰ শুৱনি কোঠা পালোহি ৷ কোনো নাই দেখোন কোঠাটোত ৷ কোঠাটোৰ চুকত বুঢ়াৰ লাখূটিদালহে পৰি আছে ৷


                                                (৭)
বাহিৰত এতিয়া দোবাল-পিটা বৰষুন ৷ অথনিৰ বতাহজাকে এতিয়া ধুমুহাৰ ৰূপ লৈছে ৷ ঠাণ্ডাতে থক-থককৈ কঁপিব ধৰিছো ৷ পিন্ধি অহা ছুৱেটাৰটোৱেও ঠাণ্ডা কমাব পৰা নাই ৷ বৰষুন-ধুমুহাৰ লগতে বুঢ়াৰ ঘৰত এইয়া কাৰোবাৰ অচিন কণ্ঠস্বৰ ৷ বিপদৰ উপৰি বিপদ ৷ 

“কোন ?কোন তই ?ক’ত লুকালি এতিয়া ?”—কোঠাৰ লাইটটো জ্বলাই চাৰিওফালে সেই বিশেষ কণ্ঠস্বৰৰ গৰাকীক সন্ধান কৰিলো ৷ নাই ৷ কাকো দেখা নাপালো ৷ লাহে লাহে এক ভয়ে মোৰ অন্তৰত খোপনি পুতিছেহি ৷ কোন হ’ব পাৰে এইটো ? আৰু দেখা নিদিয়ে কিয় ই ? হাতত লৈ অহা দা খন লৈ বুঢ়াৰ শুৱনি কোঠাৰ বিচনাতলখন চালো এবাৰ ৷ বিচনা তলতো কোনো নাই ৷ তেন্তে কোনে মোক মাতি আছে অথনিৰে পৰা ? কোন হ’ব পাৰে এইটো ? আৰু মোৰ নাম কেনেকৈ জানিলে ই ?

“বৰপেৰাত ঢেৰ সোন-ৰূপৰ আ-অলংকাৰ আছে ৷ ১৫০০০ মান টকাও আছে ৷ চাবিটো মোৰ বিচনাৰ মূৰত থকা গাৰুটোৰ তলতে আছে ৷ চাচোন গোবিন”---আকৌ সেই গহীন কণ্ঠস্বৰ ৷ নিচেই কাষতে সেই মাতটো শুনা পালো ৷ বুকুখন চিৰিংকৈ মাৰিল ৷ মাতটো এইটো কোঠাৰ পৰাই আহিছে ৷ মাতটো যদি আছে , মানুহটো কিয় নাই ? কোন এইটো ? মোৰ বাৰু ভয় লাগিছে নেকি ? বাৰে বাৰে একেকেইটা প্ৰশ্নই মোৰ মাঠাটো গৰম কৰি তুলিলে ৷ মোক মাতি থকাটো বুঢ়াৰ ভূত নহয়টো ? কথাতো মনলৈ অহাৰ লগে লগে দেহৰ মাজেৰে এক প্ৰবল বিদ্যৎসোঁত পাৰ হৈ যোৱা যেন পালো ৷ বুকুখন ধান বনাদি বানিব ধৰিছে ৷ কপালত ঘাঁমৰ টোপাল ৷ মোৰ বাৰু ভয় লাগিছে নেকি ? ইমান কঁপিছো কিয় ? নাই,নাই হ’ব নোৱাৰে ৷ ভূত নাই দুনীয়াত ৷ ভয়েই ভূত ৷ গম পাওঁ যে ভূত নাই ৷ আজিলৈকে নেদেখা বস্তু এটাক কিয় ভয় কৰিম ? কিন্তু তথাপিও নাজানো কিয় পুহমহীয়া ঠাণ্ডাটো জ্বৰ উঠা মানুহৰ দৰে সৰ্বশৰীৰ কপিঁব ধৰিছে ৷ কি কৰো কি নকৰো ? মাধৱীৰ কথাইবোৰেই সঁচা নেকি বাৰু ?

“গোবিন ৷ নাযাঁও কিয় ? যা ৷ বৰপেৰাটো খোল ৷ তাতেই তই বিচৰা বস্তুবোৰ পাবি ৷ চাবিটো লৈ ল ৷ তোৰ একো নহয় ৷ যা গোবিন যা ৷ হা:হা:হা: ভয় কৰিছ কিয় ইমান গোবিন ? যা সোনকালে ৷ ”----
......................................................................................................
হে ভগৱান !!এইবোৰ কি হ’ব ধৰিছে ? কেনেকুৱা ভয়লগা হাঁহি !!!! গোটেই ঘৰটো কঁপি গৈছে তাৰ হাহিঁটোত ৷ ধেৎ তেৰি ৷ বিৰাট বেয়াকৈ ফচি গ’লো আজি ৷ কি কৰো ? কি কৰো ? মৰিলো আজি মই ৷ এতিয়াও  সময় আছে ৷ পলাই যাঁও নেকি ঘৰলৈ ?? মুৰটোও লাহে লাহে ঘুৰাব ধৰিছে ৷ গুচিয়েই যাওঁ ঘৰলৈ ৷ নালাগে বুঢ়াৰ ধন ৷ ইমান ৰিস্ক ল’ব নোৱাৰি ৷

ধুৰ!! নাই নাই ৷ এইবোৰ মনৰ ভ্ৰম ৷ বুঢ়াৰ ধনখিনি পালে মোৰ বহুত কামত আহিব ৷ এইবোৰ ভূত-চুত একো নাই ৷ নিশ্চয় কোনোবাই মোক বুৰ্বক বনাই আছে ৷ আজি পলাই গ’লে  মোৰ লাভ ন’হব ৷ আজি যি কোনো প্ৰকাৰেৰে এই কামটো কৰিবই লাগিব ৷ কিন্তু মোক কোনে আদেশ দি আছে ? কোনোবাই কিবা টেপ-ছেপ লগাই থৈ গৈছে নেকি ? আজিকালি বহুত টেকনিক ওলাইছে ৷ কোনোবাই কৰিবও পাৰে ৷ কথাবোৰ সহজভাৱে ল’বলৈ যিমানে চেষ্টা  কৰিছো সিমানেই দেখোন মোৰ ভয়টো বেছি বাঢ়ি আহিছে ৷
                                                (৮)
‘মৰিলে মৰিম’ বুলি ভাবি লৈ  মনটো অলপ ডাঠ কৰি বুঢাৰ বিচনাৰ সিমূৰে থোৱা গাৰুটোৰ ওচৰ পালোগৈ ৷ চাবি এটা দেখিলো ৷ চাবিটো লম ,ন’লম ভাবি থাকোতেই আকৌ এবাৰ সেই কণ্ঠস্বৰ শুনা পালো ৷
“গোবিন পালিনে চাবিটো ? এতিয়া খোল বৰপেৰাটো ৷ ভয় নাখাবি ৷ খোল ৷ তোৰ একো নহয় ৷ হা:হা:হা: ৷ তোৰ দৰে সাহসী এটাই ইমান ভয় খালে কেনেকৈ হ’ব ?”

ই দেখোন মোক ইনছাল্ট কৰিছে ৷ ছাল্লা চিনি পোৱা নাই !! চব গম পাইছো মই ৷ এইবোৰ নিশ্চয় কাৰোবাৰ কাৰচাজি ৷ মই যাতে বুঢ়াৰ সম্পত্তি নিব নোৱাৰো তাৰ বাবেই এই ব্যৱস্থা ৷ চাবিটো হাতত লৈ বৰপেৰাটোৰ ফালে আগবাঢ়িলো ৷ পুৰনা যদিও বহুত ডাঙৰ বৰপেৰা ৷ বৰপেৰাটোৰ ওপৰত অলপ ধূলি পৰি আছে ৷ হাতত লৈ অহা গামোচাখনেৰে ধুলিখিনি আতঁৰাই চাবিটোৰে তলাটো লাহে লাহে পকালো ৷ গাৰ কপঁনি কমা নাই মোৰ ৷ বাহিৰৰ বৰষুনজাকৰ শব্দও বাঢ়ি আহিছে ৷
                                                          (৯)
কেৰেক....কেৰেক...কেৰেক...বৰপেৰাটো লাহে লাহে খুলিলো ৷ বৰপেৰাৰ ভিতৰখন দেখোন ঘন অন্ধকাৰ ৷ চকুৰে একোকে মনিব পৰা নাই ৷ কোঠাৰ লাইটৰ পোহৰটোও আহি মোৰ ওচৰতে শেষ হৈছেহি ৷ কি কৰো কি নকৰো  ভাবি থাকোতেও হাতত লৈ অহা টৰ্চটোলৈ মনত পৰিল ৷ বেগৰ পৰা  টৰ্চতো উলিয়াই ল’লো ৷ সৰ্বশৰীৰতে এক অজান কঁপনি অনুভৱ কৰিলো ৷ এনেকুৱা লাগিছে যেন চাৰিওফালে বৰফৰ পাহাৰ ৷ আৰু তাৰমাজত মই অকলে প্ৰচণ্ড  ঠাণ্ডাত কঁপি কঁপি থিয় হৈ আছো ৷
বুঢ়াৰ সম্পত্তি পোৱাৰ লোভটোৱে মাজে মাজে মোক সাহসী কৰি তুলে ৷ পিচমূহুৰ্ততে আকৌ সেই কণ্ঠস্বৰ আৰু সেই অট্টহাস্যৰ কথা ভাবি গা কঁপে ৷ যি হ’ব দেখা যাব বুলি কামটো কৰিমেই বুলি ঠিৰাং কৰিলো ৷ ইমানদূৰ আহিছো যেতিয়া কামটো কৰিবই লাগিব ৷   
                                                          (১০)
টৰ্চটো দুবাৰমান জোকাৰি দিয়াতহে জ্বলিল ৷ য’তে বাঘৰ ভয় ত’তে ৰাতি হয় ৷ বিপদৰ সময়ত চবেই পাল মাৰে ৷ গাটো ঘামি অৱস্থা নাই ৷ কণ্ঠস্বৰটোৰ মাতটোও নুশুনা হ’লো ৷ ক’ত গ’ল সি আকৌ ? মোৰ পিছফালে থিয় হৈ মোক চাই আছে নেকি ?  দুবাৰমান সেপ গিলি  বহি থকা জেগাৰ পৰা পিছফালে টৰ্চটো মাৰি চালো ৷ নাই,কোনো নাই ৷ কেৱল বুঢ়াৰ লাখু্টি দাল আগৰদৰেই চুকটোত পৰি আছে ৷ সোঁহাতত জ্বলন্ত টৰ্চ আৰু বাওঁহাতত মেচি দাখন ৷ কিবা উল্টা-পুল্টা হ’লে দাখনৰ ব্যৱহাৰ কৰিম ৷ ‘গোবিনে কাকো ভয় নকৰে’-এইবুলি নিজেই নিজকে সান্ত্বনা দিলো ৷ তেৰাৰ নাম ল’লো বহুবাৰ ৷ বুকুত সাহ লৈ লাহেকৈ টৰ্চৰ পোহৰ পেলাই দিলো বৰপেৰাটোত .......

“আাআআআআআইইইইইইইইইইইইইইইইইইইইইইইইইই ঔ................”

………………………………………………………………………………………………………………………………………………………………………………………………
                                               
গোবিনৰ ৰাতিৰ সেই চিঞৰটো গৰৈমাৰী গাৱঁৰ কোনেও নুশুনিলে ৷ ঘটনাটোৰ পিছদিনা গোবিনক লাখুটি এদালৰ সৈতে বৰনামঘৰৰ কাষত অচেতন হৈ পৰি থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰিলে ৷ বৰপেৰাটোত গোবিনে কি দেখিলে সেইয়া কোনেও গম নাপালে ৷ কোনেও জানিবৰ ইচ্ছাও নকৰিলে ৷ সেই ঘটনাটোৱে গোবিনৰ জীৱনলৈ  অন্ধকাৰ নমাই আনিলে ৷ আজিকালি সি চুৰ কৰিবলৈ নাযায় ৷ গোবিন এতিয়া সম্পুৰ্ণ পাগল ৷ মাধৱীয়ে তাৰ চিকিৎসা কৰি কৰি ভাগৰি পৰিছে ৷ ৰাতি কেতিয়াবা হঠাতে সাৰ পাই সি ‘ বৰপেৰাটোত কিবা এটা আছে ,বুঢ়া মৰা নাই,’ আদি প্ৰলাপ বকে ৷ প্ৰায়েই গোবিনে চিঞৰি চিঞৰি হাঁহে  ৷ বৰ আচহুৱা আৰু ভয়ানক তাৰ সেই অট্টহাস্য ৷ তাক দেখিলে ল’ৰা-ছোৱালী পলায় ৷ ওচৰ-চুবুৰীয়া কোনো মানুহ সিহঁতৰ ঘৰলৈ নাযায় ৷ একেখন ঘৰত থাকিও পোনাকন বাপেকৰ ওচৰলৈ নোযোৱা দুমাহমানেই হ’ল ৷ সেই ৰাতি হৰিকান্ত মহাজনৰ  শুৱনি কোঠাৰ বৰপেৰাত গোবিন চোৰে কি দেখিলে সেইয়া আজিও ৰহস্য  ৷৷
...........................................অন্ত....................................................


 
 

 

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা