Sunday, 1 September 2013

(স্বপ্নভংগ)

(স্বপ্নভংগ)
নাজানো হঠাতে কি যাদু হৈ গ’ল,নুবুজো হঠাতে কেনেকৈ এই পৰিৱৰ্তন আহি গ’ল,কিন্তু এইমুহূৰ্তত অসমত বসবাস কৰি থকা প্ৰায় দুইকোটি ল’কেল আৰু এককোটি বাংলাদেশী অৰ্থাৎ সৰ্বমুঠ তিনিকোটি মানুহৰ নিচিনাকৈ মইয়ো এটা কথা স্বীকাৰ কৰিবই লাগিব যে-অসমৰ দৰে শান্তিময়,অসমৰ দৰে মনোমোহা,অসমৰ দৰে ঠাণ্ডা ৰাজ্য সম্প্ৰতি পৃথিৱীৰ ক’তো পাবলৈও নাই আৰু দেখিবলৈও নাই৷ আগষ্ট মাহৰ উৎকট গেলা গৰমৰ দিনতো বৰফৰ দৰে চেঁচা হৈ থকা এই অসমভূমিত জন্মগ্ৰহণ কৰি মোৰ জীৱন ধন্য হৈ গ’ল৷হে ভগৱান,অহা সাতোটা জনমতেই যেন মোক এইখন মুলুকলৈকে পঠিওৱা প্লিজ৷এইয়া তোমাৰ ওচৰত মোৰ তেনেই এক সৰল গোহাৰি৷
অবিশ্বাস্য হ’লেও সঁচা৷ আজি ৰাতিপুৱা গোৱালটোৱে আহি মোক এক লিটাৰ ‘বিশুদ্ধ’ গাখীৰ দি থৈ গ’ল৷ তাৰ দুইমিনিটমান আগত ছবজিৱালাটোৱে পঞ্চাছটকাত চাৰিকিলো আলুৰ সৈতে তিনিকিলো পিয়াজ দি থৈ গ’ল৷চৰকাৰে কিবা বোলে ‘আলু-পিয়াজ খোৱাৰ অধিকাৰ’ নামৰ  আইন এখন উলিয়াইছে৷ গাখীৰখিনিৰ ৰং ইমানেই বগা আছিল যে সেইখিনিক ‘নৰ্মেল’ অৱস্থালৈ আনিবৰ বাবে মই গাখীৰত দুইলিটাৰমান পানীয়েই ঢালিবলগা হ’ল৷তথাপিও বগা ৰঙতো কঁঠালৰ আঠা লগাদি লাগিয়েই আছে৷ আচলতে, ইমান বগা গাখীৰ খোৱা অভ্যাস নায়েইতো৷কিন্তু মোৰ চকু কপালত উঠিল তেতিয়াহে যেতিয়া গাখীৰ বেচা ল’ৰাটোৱে মোক হাঁহি হাঁহি ক’লে -দাদা,আজিৰপৰা গাখীৰৰ দাম পাঁচটকা প্ৰতি লিটাৰ৷সময়মতে দিব নোৱাৰিলেও আমাৰ কোনো আপত্তি নাই৷কাৰণ,এতিয়াৰপৰা চৰকাৰে আমাক মানে গোৱালসন্থাক মাহিলী পাঁচহাজাৰ টকাকৈ বেতন দিয়াৰ ব্যৱস্থা কৰিছে৷ আৰু শুনিছো,বছৰে বছৰে আমাৰ ইনক্ৰিমেন্টো হ’ব৷’
তাৰ মুখত আখৈ ফুটাদি ইংৰাজী শব্দ ফুটা দেখা পাই সুধিলো-বোপা,তই কি পাছ?
সি মোক বিনম্ৰতাৰে ক’লে-দাদা,মই এজন ডক্টৰেট৷ চাকৰিলৈ বাট নাচাই এই ব্যৱসায়তে সোমালো৷মোৰ লোকচান হোৱা নাই পিছে৷ধুনীয়াকৈ নিজেও চলি আছো৷পৰিয়ালকো চলাই আছে৷সচাঁকৈয়ে চৰকাৰখনে আমাৰ দৰে দুখীয়া মানুহৰ উন্নতিত যি ভূমিকা লৈছে,তাৰ বাবে আমি অত্যন্ত সুখী৷’
ডক্টৰেট ডিগ্ৰীধাৰী গোৱালডেকাই চৰকাৰৰ গুণানুকীৰ্তন কৰি থকাৰ সময়তেই হকাৰজনে খবৰকাকতখন আমাৰ মাজলৈ দলিয়াই দি থৈ গ’ল৷হেডলাইন চাই মোৰ চকু থৰ হ’ল-
‘মাজুলীকে ধৰি ৰাজ্যৰ বানাক্ৰান্ত অঞ্চলসমূহৰ বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান৷বান-গৰাখহনীয়াবিহীন প্ৰথমখন ৰাজ্য হোৱাৰ পথলৈ ক্ৰমাৎ অগ্ৰসৰ অসম’
‘কাজিৰঙাক পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ অভয়াৰণ্য ঘোষণা৷বনমন্ত্ৰীলৈ আমেৰিকা গ্ৰীন ছ’ছাইটিয়ে আগবঢ়ালে বিশেষ বঁটা ৷’
‘অৰুণাচল আৰু মিজোৰামৰ পিচত এইবাৰ অসমৰ লগত সংযুক্ত হ’ল মণিপুৰ৷বৰঅসমৰ পুনৰনিৰ্মাণ দ্ৰুতগতিত৷’
‘ভাৰতীয় ক্ৰিকেট দলৰ কেপ্তেইন হ’বলৈ আগবাঢ়িছে অসমৰ সুদক্ষ ক্ৰিকেটাৰ কমল কলিতা৷’
কি সাংঘাতিক কাণ্ড! এনে নাভ্ৰুত-নাশ্ৰুত ঘটনা দেখি মই হতবাক,হতভম্ব,স্তম্ভিত,বিষ্মিত৷ ‘অসম উন্নতিৰ পথত’ শ্ল’গানটো অ’তদিনে শুনিহে আহিছিলো৷দেখা হ’লে নাছিলো৷আজি দেখাৰ সৌভাগ্য হ’ল৷ মোৰ জীৱন আকৌ এবাৰ ধন্য হ’ল৷হে ভগৱান,কামটো কৰিবা আৰু৷সেই সাতোটা জনমৰ কামটো৷
বাৰু,সি যি কি নহওক,দুপৰীয়া ভাতকেইটা খাই গণেশগুৰিলৈ ওলাই গ’লো কাম এটাত৷ বাছত বহুত ভিৰ৷বহিবলৈ চিট নাই৷
‘দাদা, মোৰ আসনখনেই গ্ৰহণ কৰকচোন৷’-কাষতে বহি থকা ডেকা ল’ৰাজনে মোক অনুৰোধ কৰিলে৷ এই ল’ৰাটোক ক’ৰবাত দেখিছো৷ক’ত দেখিছো,ক’ত দেখিছো! অ’ আচ্ছা,ই কেইদিনমান আগতে দুইপেগ মাৰি জে’ললৈ যোৱা সমাজসেৱকটো,যি কথাই কথাই ‘ আই এম ট্ৰায়িং টু স্পীক এচামিজ’ সংলাপটো মাতে৷কিন্তু ইয়াৰ মুখত দেখোন আজি বিশুদ্ধ অসমীয়া আখৈ ফুটাদি ফুটিছে৷আৰু ব্যৱহাৰো লেখত ল’বলগীয়া!
‘তুমি দেখোন অ-আ-ক-খ চিনিয়েই নোপোৱা!হঠাতে....’-সি থিয় হ’ল৷মই তাৰ আসনত বহিলো৷
‘অ’ দাদা,ঠিকেই কৈছে আপুনি৷প্ৰকৃতাৰ্থত মই নিজকে সম্পূৰ্ণ সলাই পেলালো৷সেইদিনা দূৰদৰ্শনত দেখাৰ দৰে আজিকালি মই দুটা পেগ,তিনিটা পেগ গলাধকৰণ নকৰা হ’লো৷ডাঙৰক সন্মান কৰোঁ,সৰুক মৰম কৰোঁ৷সবাতোকৈ ডাঙৰ কথা ,আজিকালি অসমীয়া ক’বলৈ শিকিছো৷’
‘খুবেই ভাল কথা৷অনুশোচনাটো ডাঙৰ বস্তু৷’
‘কিন্তু দাদা,এটা প্ৰশ্ন আছিল৷যদি দয়া কৰি উত্তৰটো দি মোক কৃতাৰ্থ কৰে,নথৈ সুখী হ’ম’৷-বিশুদ্ধ অসমীয়াৰ ফুলজাৰিদাল তাৰ ক্ৰমাৎ উজ্জ্বল হৈ পৰিছে৷
‘কি প্ৰশ্ন?সোধাচোন৷’
‘এই যে মই ‘পেগ’,’পেগ’ বুলি ইংৰাজী শব্দটো কৈ আছো,তাৰ অসমীয়া প্ৰতিশব্দ কি বাৰু জানেনেকি?মানে জানি থ’লে সুবিধা হয়৷নিউজ চেনেলৰ ৰিপ’ৰ্টাৰে সুধি দিব পাৰেতো৷’
‘পেগ’ৰ অসমীয়া?নাই,মনলৈ অহা নাই৷অভিধান চাব লাগিব’ –কণ্ডাক্টৰৰ হাতত ভাৰা চমজি বাছৰ পৰা নামিলো৷
অবিশ্বাস্য হ’লেও সত্য,কৃষক মুক্তিৰ অখিল দাক পাই গ’লো গণেশগুৰিৰ বজাৰত৷সদায়ে টেনছনত থকা মানুহটো আজি যথেষ্ট  উৎফুল্লিত যেন দেখা গৈছে৷
‘অ’ অখিল দা,আজিকালি আন্দোলন,অনশন নকৰা হ’ল যে!’-পোনে-পোনে গৈ তাকেই সুধি দিলো৷
‘নাই,আজিকালি কৃষকৰ একো সমস্যাই নাই৷অসমৰ প্ৰতিগৰাকী কৃষকক পাঁচবিঘা মাটি আৰু খেতি কৰিবলৈ একোখনকৈ ট্ৰেক্টৰৰ যোগান ধৰিম বুলি ইতিমধ্যেই মাননীয় গগৈদেৱে কৈছে৷কাইলৈৰ পৰা খানাপাৰাত ট্ৰেক্টৰ বিতৰণ আছে৷’
‘আৰু আমাৰ সেই লোহিয়া,পৃথানী নামৰ ভূ-মাফিয়াকেইটাৰ কি হ’ল?’-আকৌ সুধিলো৷
‘কিয়?নাজানা নেকি!সিহঁত আটাইকেইটাক চিবিআইয়ে ধৰি তিহাৰ জেললৈ পঠিয়াই দিছে নহয়৷’
‘আৰু আমাৰ সেই নামনি সোৱনশিৰী প্ৰকল্পটো?’
‘সেইটো বন্ধ হ’ল৷তাৰ ঠাইত চৰকাৰে অসমত এতিয়া কেইবাটাও মিনি-পাৱাৰপ্লেণ্ট তৈয়াৰ কৰিব বুলি আমাৰ সৈতে চুক্তিবদ্ধ হৈছে৷ আৰু তাতোকৈয়ো ডাঙৰ কথা,তাৰ ঠিকা দিয়া হৈছে আমাৰ অসমৰ থলুৱা কোম্পানী এটাক৷হাজাৰ-হাজাৰ নিবনুৱাই তাত নিযুক্তি পাব’
‘ৱাহ! কি বঢ়িয়া কথা৷তেন্তে অনশন-আন্দোলন এইবোৰ বন্ধ আৰু ন!’
‘সকলো বন্ধ৷কি বিষয় লৈনো অনশন কৰিম,আন্দোলন কৰিম!চৰকাৰে দেখোন কৃষকক সকলো দিছেই৷জানানে,অচিৰেই, আমাৰ কৃষকৰ মাহিলী উপাৰ্জন দহৰ পৰা বিশহাজাৰ পৰ্যন্ত হ’ব!’-যুক্তিবাদী মানুহজনৰ পৰা কেইবাটাও ‘জানানে’ৰ তথ্য সংগ্ৰহ কৰি বিদায় মাগিলো৷
তাৰপিছত দিনটো ইমান ঘূৰিলো,কিন্তু ক’তো অলপো অশান্তি নাপালো৷দুৰ্ঘটনা নাই,মাৰ-পিট নাই,দৌৰা-দৌৰি নাই,ৰোগী নাই,আছামী নাই,বিসম্বাদী নাই,দাবী নাই,ধিক্কাৰ নাই,গৰিহণা নাই,পুত্তলিকা নাই৷মুঠতে একোৱেই নাই৷কেৱল আছে শান্তি,শান্তি আৰু শান্তি৷  আহ! সোণৰ অসমখন দেখাৰ সৌভাগ্য হ’ল তেনেহ’লে এই জনমতে৷
আজি গগৈদেৱৰ জন্মদিন৷তাৰ উপলক্ষতেই তেওঁ আজি ৰাজ্যৰ বিভিন্ন অনাথ-আশ্ৰমলৈ এক লাখকৈ টকা দান কৰিছে৷ৱাহ! কি ভাল কথা!
-ছাৰ, আপোনাৰ ভালেইনে?ঘৰত সকলোৰে ভালনে?ডলী বাইদেউৰ গা-মূৰ ঠিকে আছে?-সংবাদ মেলখনৰ শেষ পৰ্যায়ত সাংবাদিকৰ পোনপটীয়া প্ৰশ্ন গগৈছাৰলৈ৷
-হয়৷ঘৰত সকলোৰে ভালেই৷মোৰহে মূৰটো অলপ কামূৰি আছে৷-ছাৰৰ কণ্ঠত অলপ বিষাদ,অলপ আৱেগ৷
-কি কৈছে ছাৰ! ইমান ডাঙৰ নিউজ এটা আপুনি আমাক দিয়া নাই! ব’লক ব’লক এতিয়াই জিএমচিলৈ লৈ যাওঁ-সাংবাদিক বন্ধু এজন আগবাঢ়ি আহিলেই৷
-ধেইৎ ৰ’বাহে!তেনেকুৱা একো নাই৷আচলতে কালি ৰাতি এটা বৰ বেয়া সপোন দেখিলোহে৷তাকেই ভাবি থাকোতেই মূৰটো অলপ বিষাইছে৷এতিয়া তোমালোকৰ লগত কথা পাতোতে বিষটো অলপো পাতলিছে৷- ছাৰে সাংবাদিকজনক  আসনলৈ বহিবলৈ  ইংগিত দিলে৷
-কি সপোন ছাৰ?কেনেকুৱা সপোন?এইয়া কাৰোবাৰ ষড়যন্ত্ৰ নেকি?কিজানি আমাৰ অসমৰ উন্নতি দেখি অবামাই জ্বলি-পুৰি মৰিছে আৰু তাৰ বাবেই আপোনাৰ মূৰত চক্ৰান্ত কৰি কিবা ভাইৰাছ ভৰাই দিছে৷ মানুহ কিন্তু ইমান জেলাছ হ’ব নাপায় দেই৷-সংবাদ মেলত একেই শেষৰ শাৰীত বহি থকা ওখ-পাখ চুলিৱালা সাংবাদিকজনৰ উদ্বিগ্নতা প্ৰকাশ কৰিলে৷তেওঁৰ কথাত সকলোৱে হয়ভৰ দিলে৷
-হয় হয়৷তুমি ঠিকেই কৈছা৷এইয়া নিশ্চয় অ’বামাৰেই ছাল হ’ব৷বেটাই আমাৰ ডেভল’পমেন্ট দেখি জ্বলিছে৷-চুলিৱালক সমৰ্থন আগবঢ়াই তেওঁৰেই সতীৰ্থ এজনে দাঠি মন্তব্য  কৰিলে৷ বাকী সকলোৱে ‘হয় হয়’ বুলি মূৰ জোকাৰিলে৷
-নহয় নহয়,তেনেকুৱা কোনো কথা নাই৷অ’বামা মোৰ ভাল বন্ধু৷এইমাত্ৰ তাৰ লগত মই ফেচবুকত কথা পাতি আহিছো৷-ছাৰে সাংবাদিকমহলৰ ভুল ভাঙিলে৷
-আচলতে কালি মই সপোনত দেখিলো-ত্ৰিশ-চল্লিশজনমান ডেকা বিধায়কে বিসম্বাদীৰ ৰূপ লৈ মোক খেদি ফুৰিছে,দিল্লীলৈ গৈ মেডামক কৈফিয়ৎ দিছে৷সোণৰ অসম চাৰখাৰ হোৱাৰ দৰে হৈছে৷সকলোৱে ৰাজ্য লাগে,লেণ্ড লাগে বুলি হুলস্থুল কৰি ফুৰিছে,ৰূপজ্যোতিয়ে পুলিচক মাৰিছে,পৰাশৰে কেছ দিছে,মোক গোঁহাই,দত্তহঁতে অকৰ্মণ্য বুলি তাচ্ছিল্য কৰিছে৷মুঠৰ ওপৰত ৰাজ্যত চাৰিওফালে নৈৰাজ্যই বিৰাজ কৰিছে৷মানুহবোৰে গুৰু-গোঁসাই একো নমনা হৈছে৷যি মন যায় তাকেই কৰি ফুৰিছে,কলেজত ৰেগিং হৈছে,ৰাস্তাত টায়াৰ জ্বলিছে,পল্টনবজাৰত ব’ম ফুটিছে,চিৰাঙৰ গ্ৰেনেড ফুটিছে,ট্ৰেন্সফ্ৰমাৰ জ্বলিছে,বানপানীত গুৱাহাটীখন ডুব গৈছে,মাজুলীৰ মাটি কমি কমি দহবিঘামান আছেগৈ,দিনে এটাকৈ গড় হত্যা হৈছে৷মানে কি ক’ম আৰু,বিৰাটেই বেয়া সপোন৷সপোনটোৰ শেষৰফালেতো সাংঘাতিক দৃশ্য এটাই দেখিলো...
-কি দেখিলে?কি দেখিলে?-উৎসুক সাংবাদিকৰ দল আগুৱাই গৈ ছাৰৰ একে সন্মুখ পালেগৈ৷
-মোৰ বন্ধু প্ৰফুল্লহঁতে ৰাজনীতি বাদ দি চাৰ্কাছ পাৰ্টি খুলিছে৷আৰু নিজৰ গায়ে-মূৰে নান ৰঙ সানি কুকুৰ-গাধৰ ওপৰত উঠি জপিয়াব লাগিছে৷
-ইছছ!!!বৰ বেয়া সপোন দেই৷-ছাৰৰ সপোনটোৰ গাৰ নোম শিয়ৰি উঠা বৰ্ণনা শুনি সকলোৱে মনে মনে বিৰাট ভয় খালে৷সিহঁতৰ কপালত জিলিকি থকা ঘামৰ টোপালবোৰ দেখি গগৈছাৰৰ দুখ লাগিল৷তেওঁ সকলোকে বুজোৱাত লাগিল-তোমালোক মিছা-মিছি টেনশ্যন নল’বাচোন৷ভয় খাব নালাগে৷সেইয়া সপোনহে আছিল৷আৰু সপোনতো কেতিয়াও সঁচা নহয়৷অসমত এতিয়াও শান্তি অব্যাহত ৷
‘অসমত এতিয়াও অশান্তি অব্যাহত৷ৰাজ্যত চৌদিশে হত্যা-লুন্ঠন-বন্ধ-হিংসা’-
টেলিভিছনৰ বাতৰি-পৰিৱেশকৰ কাণ-তাল মৰা  আস্ফালনত মই বিচনাৰ পৰা জাপ মাৰি উঠিলো৷
তাৰমানে অত’পৰে সপোনহে দেখি আছিলো!!
এৰা,অবিশ্বাস্য হ’লেও এইষাৰ কথা সত্য যে-সপোনৰ সোৱাদ অত্যন্ত মিঠা ৷ আৰু স্বপ্নভংগৰ সোৱা অত্যন্ত তিতা৷