Sunday, 1 December 2013

মৃত্যুঞ্জয়


-‘বোপা,ঘৰত মানুহ আছেনে?’
দুৱাৰমুখত ৰৈ থকা বগা কামিজ আৰু ধুতি পৰিহিত বৃদ্ধলোকজনলৈ সন্দেহৰ দৃষ্টিৰে চালে সমীৰে৷সি বহি থকা আগফালৰ দ্ৰয়িং ৰূমটোত বাহিৰৰ লোক এজন আহি সোমাবলৈ হ’লে প্ৰথমতে সিহঁতৰ পদূলিমূৰৰ গেটখন খুলি আন এখন ওখ লোৰ দুৱাৰৰ বাধা অতিক্ৰম কৰিব লাগিব,যিখন লোৰ দুৱাৰবায়েক ঘৰত নাথাকিলে সি ভিতৰৰ পৰা হুক লগাই থয়৷তদুপৰি,বাহিৰৰ পৰা লোৰ দুৱাৰখন খুলিব পৰাকৈ কোনো সুৰুঙাও নাই৷তেনেস্থলত এই মানুহজনে কিদৰে নি:শব্দে আহি সি বহি থকা কোঠাটোৰ দুৱাৰদলিত ভৰি দিলেহে,সেইয়া সমীৰৰ বাবে পৰম বিস্ময়ৰ কথা৷ সমীৰেকিছুপৰ মানুহজনলৈ তন্ময় হৈ চাই ৰ’ল৷
-আপুনি!- সমীৰে অৱশেষত নিস্তব্ধতাখিনি ভাঙিলে৷
-বোপা,ময়েই৷বাহিৰৰ গেটখন খুলি থোৱা আছিল,সেয়ে বেলটো নবজোৱাকৈ সোমাই আহিলো৷বেয়া-চেয়া নাপাবা ৷-কথাষাৰ কৈ বৃদ্ধলোকজন দুৱাৰডলিৰ পৰা আহি সমীৰৰ কাষতে থকাবেতৰ চকীখনত বহিলহি৷
-‘পিছে,আপোনাকতো আগতে দেখা মোৰ মনত নপৰে৷ –সমীৰৰ চকুৰ পৰা কৌতূহল তেতিয়াও মাৰ যোৱা নাছিল৷
-‘হাহাহা৷’বৃদ্ধাৱস্থাতএজন ব্যক্তিয়ে খুব জোৰেৰে হাঁহিলেযিমানখিনি শক্তিৰ দৰকাৰ হয়,সম্ভৱত: তাতকৈ বহুত বেছি শক্তি খৰচ কৰি বিৰাট জোৰেৰে অট্টহাস্য কৰি বৃদ্ধজনে কৈ উঠিল-‘মোক তুমি চিনি নাপাবা বোপা৷তোমাৰ দেউতাৰাৰ লগতহে মোৰ চিনাকি৷ বেলেগ এদিন আহিলে সেইবোৰ কথা ভালকৈ পাতিম বাৰু৷ আজি মই অইন এটা কাম সমাধাকৰিবলৈহে আহিছো৷’বৃদ্ধলোকজনে সোঁকান্ধত ওলোমাই অনা জোলোঙাটো সমীৰৰ সন্মুখত থকা মেজখনত ওপৰত থৈ জোলোঙাটো খুচৰি খুচৰি সৰু বগা ৰঙৰ লেফাফা এটা উলিয়ালে৷ 
-‘কাম!!কি কাম খুৰা৷’-সমীৰৰ দৃষ্টি বগা লেফাফাটোৰ ওপৰত নিবদ্ধ৷
-পৰহি নিশা কদমতলী চাৰিআলিত হোৱা এটা দুৰ্ঘটনাত মোৰ মৰমৰ বন্ধু এজনৰ থিতাতে মৃত্যু ঘটিল৷ তেওঁ মোৰ বৰ মৰমৰ বন্ধু আছিল!!ডাঙৰ ল’ৰাটো তোমাৰ বয়সৰেই হ’ব৷সৰুটোয়ে বাহিৰত চাকৰি কৰে৷মোৰ মানুহজনীলৈহে বেয়া লাগিছে বৰকৈ৷অকলশৰীয়া মানুহজনীয়ে এতিয়া কিমান কি কি কৰিব লগা হৈছে! ইপিনে শ্ৰাদ্ধও পালেহি৷মানুহো মাতিব আছে ঢেৰ৷কালি বোলো-বাইদেউ,দিয়ক কেইখনমান চিঠি৷ময়ো কেইঘৰমান মানুহ মাতি থৈ আহিমগৈ৷ এনেইহে থাকো দিনৰ দিনটো৷এই সুযোগতে অলপ খোজকঢ়াও হ’ব৷সেয়ে বোপা,অহা পোন্ধৰ তাৰিখে তেখেতৰ আদ্যশ্ৰাদ্ধভাগ পৰিছে৷পিচদিনা ভোজ৷তুমি যাবা৷তোমাৰ পৰিয়ালকো লগত লৈ যাবা৷সকলোকে নিমন্ত্ৰণ দিলো আৰু৷-বগা লেফাফাটো বৃদ্ধজনে সমীৰলৈ আগবঢ়াই দিলে৷মানুহজনৰ সন্মুখতে লেফাফাটো খুলিলে ভাল নেদেখি৷মানুহজন যাওক৷তেতিয়াহে লেফাফাটো খুলিব লাগিব আৰু ক’ৰ মানুহ,ক’ৰ কথা সকলোৰে উৱাদিহ পোৱা যাব৷ এইভাবি সমীৰে লেফাফাটো তাৰ চোলাৰ পকেটটোত ভৰাই থ’লে৷
-খুৰা চাহ অকণ কৰোগৈ,খাব?-যথেষ্ট বিনয়ী হৈ সুধিলে সমীৰে৷
-নাই নালাগে৷তামোল আছে যদি অকণমান দিব পাৰা৷-জোলোঙাটো আকৌ কান্ধত সোমোৱাই ল’লে বৃদ্ধই৷ চকীৰ পৰা উঠি বৃদ্ধজন বেৰত আঁৰি থোৱা সমীৰৰ দেউতাকৰ ফটোখনৰ ওচৰলৈ গ’ল ৷ সমীৰৰ দেউতাক ঢুকোৱা প্ৰায় তিনিবছৰেই হ’লহি৷
-আপুনি ৰ’ব তেন্তে৷মই তামোল এখন লৈ আহোগৈ৷-সমীৰ ভিতৰলৈ গ’ল৷
পাগঘৰৰ পৰা তামোল লৈ পুনৰ ড্ৰয়িং ৰূম পাবলৈ সমীৰক একমিনিটতকৈ বেছি সময় নালাগিল৷ৰাতিপুৱা বায়েকে তামোল কাটি থৈয়েই গৈছিল৷তাৰে এখন তামোল বঁটা এটাত লৈ এতিয়া সমীৰে বৃদ্ধজনক দিবলৈ আহিছে৷
কিন্তু কোঠাটোত দেখোন মানুহজন নাই!!বগা চোলা আৰু ধুতি পিন্ধা বৃদ্ধলোকজন কোঠাটোত নাই৷ছেহ্!মানুহজন গ’লগৈ নেকি!সমীৰে বাহিৰলৈ গৈ চালে৷লোৰ ওখ দুৱাৰখনত হুক লগাই থোৱা আছে৷ ভিতৰৰ পৰা৷
‘তামোল খাম’ বুলি কৈ মানুহজন কিয় গুচি গ’লগৈ,তাৰ উৱাদিহ নাপালে সমীৰে৷ এক মিনিটৰো কম সময়ৰ ভিতৰত মানুহজন ক’ত অদৃশ্য হ’লগৈ,সেইয়াও সমীৰৰ বুজনসীমাৰ বাহিৰত৷
‘এহ্ ককাই তামোল খাম বুলি কৈ পাহৰিলে চাগে’-মনৰ ভিতৰৰ অন্তহীন কৌতূহলখিনি নি:শেষ কৰিবলৈকে সমীৰে তেনেকৈ ভাবি থ’লে৷তামোলৰ বঁটাটো মেজখনত থৈ চোলাৰ পকেটৰ পৰা সমীৰে লেফাফাটো উলিয়ালে৷বৃদ্ধ লোকজনে কাৰ কথানো ইমান আৱেগ ঢালি কৈ থৈ গ’ল চিঠিখন পঢ়ি চালেহে সেইয়া পোহৰলৈ আহিব৷লেফাফাটো খুলি সমীৰে ভাঁজ লগাই থোৱা চিঠিখন মোকলালে৷
কিন্তু..এইয়া যে সমীৰৰ কল্পনাৰো অতীত!
পাতল চুলি,বহল নাক আৰু উজ্জ্বল চকুহালৰে সৈতে যিজনমৃতব্যক্তিৰফটো চিঠিত আছে, আৰু চিঠিখনৰ মতে যিজন মৃত্যুঞ্জয় গোঁহাইবৰুৱাৰ পৰহি নিশা দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ঘটিছে,সেই একেজন ব্যক্তিৰসৈতে যোৱা বিশমিনিটধৰি সমীৰে কথা পাতি আছিল আৰু তেওঁৰ অনুৰোধক্ৰমেই সমীৰে তামোল বিচাৰি পাগঘৰলৈ গৈছিল৷
মৃতকৰ নাম চিঠিত দিয়া হৈছে -মৃত্যুঞ্জয় গোঁহাইবৰুৱা৷ জন্ম ১৮ ফেব্ৰুৱাৰী ১৯৪০ চন৷মৃত্যু-১০ নৱেম্বৰ ২০১৩ চন৷ 
মুহূৰ্ততে সমীৰৰ দেহৰ মাজেৰে প্ৰবল বিজুলী সোঁত পাৰ হৈ গ’ল৷শ্বাস-নিশ্বাসৰ প্ৰক্ৰিয়া ক্ৰমাৎ দ্ৰুততৰ হ’বলৈ ধৰিলে৷ ছেকেণ্ডৰ ভিতৰতে পিন্ধি থকা তাৰ চোলাটো ঘামত তিতিগ’ল৷প্ৰচণ্ড উৎকণ্ঠাই তাৰ সম্পূৰ্ণ শৰীৰটোকে কলপাত কঁপোৱাদি কঁপাব ধৰিছে৷
-‘বোপা,তামোল পালানে বিচাৰি?’
তেনেই ওচৰৰ পৰা ভাঁহি অহা কাৰোবাৰ চিনাকি মাতত সমীৰে আকৌ এবাৰ থতমত খালে৷বিষ্ফোৰিত নেত্ৰেৰে সি দুৱাৰদলিত থিয় হৈ থকা ব্যক্তিজনলৈ চাই পঠিয়ালে-
দুৱাৰমুখত এজন বৃদ্ধ৷কম চুলি,বহল নাক আৰু উজ্জ্বল চকুৰ৷ঠিক ফটোখনত থকাৰ দৰেই৷
নাম যাৰ মৃত্যুঞ্জয় গোঁহাইবৰুৱা-জন্ম ১৮ ফেব্ৰুৱাৰী ১৯৪০ চন৷মৃত্যু-১০ নৱেম্বৰ ২০১৩ চন৷
-------------------------------------------------অন্ত-------------------------------------------------------