Thursday, 22 May 2014

তোমালোকৰ ঘৰলৈ বিহু খাবলৈ গৈছিলোঁ


“তোমালোকৰ ঘৰলৈ বিহু খাবলৈ গৈছিলোঁ”
(ক)
“তোমালৈ বুলি সজাই থোৱা ডাঙৰ প্লেটখনত তিনিখন পুৰি থাকিব৷প্লেটৰ ওপৰৰ সৰু বাতিটোত কাবুলি বুট আৰু মটৰৰ ঘুগুনী থাকিব৷তাৰে কাষৰ সৰু বাতিটোত চিৰা-দৈ,মিঠৈ আৰু ডাঙৰ ৰচগোল্লা এটা থাকিব৷তাৰে কাষৰ মিডিয়াম চাইজৰ প্লেটত লাৰু,পিঠা,মিঠাই,কেক,বিস্কুট,চানা থাকিব৷” 
“শুনিয়েই মোৰ জিভাৰ পানী পৰিছে দেখোন৷”-প্ৰেমলতাৰ মুখত খাদ্যৰ তালিকাখন শুনি সঁচাকৈয়ে মোৰ জিভাৰপৰা পানী অকণমান সৰি সোঁভৰিৰ বুঢ়া আঙুলিত পৰিলগৈ৷ এটোপ-দুটোপ ডাৱৰৰ পানী পৰি সাগৰ ভৰি যোৱাৰ দৰে এটোপ-দুটোপকৈ মোৰ জিভাৰপৰা পানী পৰি মোৰ ভৰিৰ তলৰ মজিয়াখনত এটা সৰু পুখুৰীৰ সৃষ্টি কৰিলে৷
“প্লিজ, ইমান এক্‌চাইটেদ্ নহ’বা৷ মোৰ বেষ্ট ফ্ৰেণ্ড‌্ আহিব আজি৷তাই তোমাক  আজি অ’ৱচাৰ্ভ কৰিব৷মানে,কেনেকৈ কথা পাতা,কেনেকৈ খোৱা,তোমাৰ ব’ডি লেংগুৱেজ কেনেকুৱা, এইবোৰ আৰু৷ চোৱাৰ পাছত তাই তোমাক দহৰ ভিতৰত নম্বৰ দিব৷যদি তাই কেনেবাকৈ গম পাই তুমি মানুহৰ ৰূপ ধৰি থকা  এটা বকাসুৰ,তেতিয়াতো ছেছেই৷মোৰ মান-সন্মান সকলোতো যাবই৷লগতে তুমিও দহৰ ভিতৰত জিৰ’ পাবা৷”
বকাসুৰৰ দৰে দিনে-ৰাতিয়ে খাদ্যগ্ৰহণ কৰিব পৰা মোৰ বিশেষ প্ৰতিভাটোক উচিত স্বীকৃতি দি প্ৰেমলতাই মোৰ নাম ৰাখিছে-বকাসুৰ৷এৰা,নাম চাইহে কাম৷
“তেন্তে আপোনৰ সন্মান ৰক্ষাৰ স্বাৰ্থত এই বকাসুৰে কি কৰা উচিত?”-মোৰ জানিবলৈ মন গ’ল৷
“প্ৰথমতে তুমি এই জোখতকৈ বেছি অসমীয়া ফৰফৰাবলৈ বাদ দিব লাগিব৷”
“সেইটো অসম্ভৱ৷তুমিতো জানাই অসমীয়া ভাষাৰ প্ৰতি মোৰ কিমান দুৰ্বলতা!”-অলপ দুখেৰেই ক’লো৷
“হয় নেকি!তেন্তে,তুমি ডিচাইড কৰা-তোমাক কি লাগে?’অসমীয়া ভাষা’ক লাগে নে মোক লাগে?কাক বিয়া পাতিবা?অসমীয়া ভাষাক নে মোক?”
“ধেইৎ!কি যে কোৱা!ভাষা হ’বলা বিয়া পাতিব পৰা বস্তু?”
“তেন্তে মই যি কওঁ,দুয়োখন কাণ পাতি শুনি যোৱা৷”
“ঠিক আছে মেডাম৷”-মই কাণদুখন থিয় কৰিলোঁ৷
“ডায়ৰেক্ট আহি টেবলুত বহি নাযাবাহি৷প্ৰথমে বেচিনত হাতখন ডেটলৰে দুই-তিনিবাৰ ধুই হাৰ তলুৱা বগা গাখীৰৰ দৰে বগা কৰি ল’বা৷তাৰপিছত টাৱেলখনেৰে হাতখন মচি লাহে-লাহে চকীত আহি বহিবাহি৷বান্দৰৰ দৰে জপিয়াই চকীত পৰি নাযাবাগৈ৷”
“তোমালোকৰ সেইফালে ক’লা গাখীৰো পাই নেকি?”
“কিয় সুধিলা?”
“নহয় মানে তুমি যে ক’লা হাতখন ধুই ‘বগা গাখীৰ’ৰ দৰে বগা কৰি ল’বা ৷মই জনামতে গাখীৰৰ ৰং গোটেই পৃথিৱীতে এটাই৷বগা৷”
“ইনচাল্ট নকৰিবা৷নহ’লে মই ফোন থৈ দিম এতিয়াই৷”
“ঠিক আছে৷কোৱা৷”
“প্ৰথমতেই প্লেটকেইখনলৈ চাই তুমি ‘ইমানবোৰ বস্তু মই কেনেকৈ খাম খুৰী’ বুলি ডায়লগ এটা এৰিবা৷মায়ে ‘ একো নহয় ডেকা ল’ৰা৷পাৰিবা’ বুলি ক’ব৷তুমি তেতিয়া আৰু একো কোৱাৰ দৰকাৰ নাই৷মনে মনে খাবলৈ বহিবা৷ কিন্তু,পুৰি মাত্ৰ এখনহে ল’বা৷মায়ে বহুত জোৰ কৰিব৷তুমি ‘প্লিজ খুৰী নালাগে’বুলি ক’বা৷”
“প্লিজৰ ঠাইত ‘অনুগ্ৰহ’ শব্দটো ব্যৱহাৰ কৰিলে কেনে হয়?”
“একেবাৰেই ফটুৱা হ’ব৷তাৰপিছত শুনা৷ তুমি ঘুগুণী দুই-তিনি চামুচ খাবা৷”
“এই গৰমৰ দিনত,ৰাস্তাৰ ধূলি-মাকতি খাই,ত্ৰিশহাজাৰ মিটাৰৰ দীঘলীয়া যাত্ৰা কৰি মাত্ৰ এখন লুচি আৰু দুই-তিনি চামুচ ঘুগুণী? তুমিতো জানাই মই পাঁচখনৰ কম লুচি কেতিয়াও পেটলৈ নিনিওঁ৷ আৰু ঘুগুণী খাই মই কিমান যে ভাল পাওঁ!!
“তেন্তে তুমি ডিচাইড কৰা৷কাক বিয়া পাতিবা৷ফুলি থকা পুৰিকেইখনক নে মোক?”
“ধেইৎৎ!!পুৰিক হ’বলা বিয়া পাতিব পাৰি!”
“ডেটছ লাইক এ গুড বয়!”
“চিৰা-দৈ কিন্তু মই খামেই৷চিৰা-দৈ নাখালে বিহু খোৱা যেনেই নালাগে৷”
“খাবা৷কিন্তু মায়ে ন-দহবাৰমান জোৰ কৰাৰ পাছতহে খাবা৷কিন্তু জাষ্ট্ অকণমান খাবা৷ খোৱাৰ লোভত হাতখন বাতিটোত ভৰাই নিদিবা৷বাতিত চামুচ এখন থাকিব৷সেইখনৰ ব্যৱহাৰ কৰিবা৷ আৰু পটককৈ খাম বুলি কৈ নিদিবা৷বহুত জোৰ কৰিলেহে খাবা৷”
“আৰু মিঠাই,লাৰু,পিঠা,কেক আদিবোৰ?”
“লাৰু এটা খাবা৷বাকীবোৰ নাখাবা৷কিন্তু কণ্ডিছন সেই এটাই৷ন-দহবাৰমান জোৰ কৰাৰ পাছতহে মুখলৈ নিবা৷নহ’লে পুৰি আৰু ঘুগুণীকণ খাইয়েই ‘মোৰ খাই হৈ গ’ল’বুলি চকীৰ পৰা উঠি আহিবা৷”
“আৰু চাহ?”
“মায়ে চাহ বেছিকৈ খোৱা ল’ৰা একেবাৰেই দেখিব নোৱাৰে৷তুমি ক’বা যে-‘মই চাহ নাখাওৱেই৷কেতিয়াবা বছৰেকত এবাৰ৷”
“ইমান গোকাট মিছা কথা মই ক’ব নোৱাৰো৷”
“প্লিজ সোণটো! আমাৰ ভৱিষ্যতৰ কথা আছে অ’ জান৷মোৰ বাবে তুমি এইকণো কৰিব নোৱাৰেনে?”
“ঠিক আছে বাৰু৷একমাত্ৰ আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই মই সকলো ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলৈ সাজু হৈছোঁ৷পাছত কিন্তু লাট্ মাৰি নিদিবা৷”
“বঢ়িয়া!!লাভ ইউ বেবি৷লাষ্ট এটা কথা কওঁ?”
“আৰু কি ক’বলৈ বাকী থাকিল?”
“বেছিকৈ অসমীয়া নক’বা প্লিজ প্লিজ৷নহ’লে ফ্ৰেণ্ডজনীয়ে গাঁৱলীয়া ভূত বুলি হাঁহিব৷ আৰু মোৰ একো সন্মান-চন্মান নাথাকিব৷”
“হ’ব আৰু দিয়া ৷ তোমাৰ সুখেই মোৰ সুখ৷”-এটা দীঘল হুমনিয়াহ কাঢ়ি ফোনটো ৰাখিলো৷ আৰু প্ৰেমলতাৰ ঘৰলৈ যাবলৈ সাজু হ’লো৷
(খ)
প্ৰায় বিশ ছেন্টিমিটাৰ ব্যাসাৰ্ধৰ ৰঙাবৰণৰ এখন ঘূৰণীয়া প্লেট,প্লেটৰ ওপৰতে এটা সৰু বাতি৷প্লেটত তিনিখন ফুলি থকা পুৰি৷পুৰিকেইখনৰ পৰা ধোঁৱা ওলায়েই আছে৷সিপিনে বাতিত মটৰ আৰু কাবুলি বুটৰ ঘুগুনী৷ঘুগুণীৰ মন মতলীয়া কৰা গোন্ধ আহি নাকত লাগিছেহি৷ প্ৰেমলতাই শিকাই থোৱা মতে প্ৰথমে হাত-মুখ ধুলো৷তাৰপিছত বুঢ়ামানুহৰ দৰে খোজ কাঢ়ি চকীত বহিলোহি৷মই বহো মানে মোৰ বন্ধুৱে এখন পুৰী উদৰস্থ কৰিছিলেই৷
“ইমানবোৰ বস্তু কেনেকৈ খাম খুৰী?”-প্ৰেমলতাৰ মাকৰ সন্মুখত মোৰ এইয়া প্ৰথমটো মিছা কথা৷
“ধেইইই!পাৰিবা৷ইমান ডেকা ল’ৰা হৈ যদি এইখিনি খাব নোৱাৰা কিহৰ ডেকা ল’ৰাহে!”-খুৰীয়ে মোৰ কোনো কথাই শুনিব নুখুজিলে৷সিপিনে,মোৰ সন্মুখতে বহি সুদূৰ ধুবুৰীৰ পৰা অহা প্ৰেমলতাৰ ‘বেষ্ট ফ্ৰেণ্ড’ তথা ‘অবচাৰ্ভাৰ’ গৰাকীয়ে মোৰ ভাৱ-ভঙ্গী ট-ট কৈ নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰি আছে৷ হাতত এটুকুৰা কাগজ৷তাতেই মোৰ সকলো হিচাপ তেওঁ লিপিবদ্ধ কৰি গৈছে৷ হঠাৎ কিবা হেৰ-ফেৰ হ’লেই  আজি মোৰ খেল ছেছ্!প্ৰেমলতাৰ মান-সন্মান ছেছ!!গতিকে,চাই-চিতি খোজ পেলোৱাৰ বাহিৰে মোৰ গত্যন্তৰ নাই৷
“ঈশান,আৰু এখন লুচি খোৱা৷তুমি দেখোন এখন খায়েই হাত দাঙি দিলা৷”-কিছুসময়ৰ পাছত প্ৰেমলতাৰ মাক পাগঘৰৰ পৰা ওলাই আহি মোৰ প্লেটখনলৈ চাই দুখেৰে ক’লে৷ তেওঁৰ হাতত আৰু এখন প্লেট৷তাত লাৰু,পিঠাবোৰ ধুনীয়াকৈ সজোৱা আছে৷
“নাই,নাই খুৰী৷নালাগে৷মোৰ বাবে দুখনেই যথে...মানে দুখনেই ‘এনাফ’৷”-‘যথেষ্ট’ বুলি ক’বলৈ বিচাৰিছিলোৱেই৷তেনেতে কোনোবাই মোৰ ভৰিত গচক এটা মাৰি দিলে৷লগে লগে মুখৰ পৰা ‘এনাফ’ ওলাই আহিল৷ প্ৰত্যাশিতভাৱেই মোৰ বন্ধুৱে কালোকৈ কেৰেপ নকৰি দ্বিতীয় বকাসুৰৰ ৰূপ ধাৰণ কৰিছে৷ছখন পুৰি আৰু দুই বাতি ঘুগুনী ইতিমধ্যেই তাৰ পেটত৷ পৰৱৰ্তী লক্ষ্য তাৰ চিৰা-দৈৰ বাতিটো৷
“দৈকণ টেঙা নেকি বাৰু?”-খুৰীয়ে মোৰ বন্ধুক সুধিলে৷
“নহয়,নহয়৷বিৰাট ধুনীয়া দৈ৷দৈত চেনি আপুনি নিদিয়াহেতেনো হয়৷ইমান যে মিঠা!!”বন্ধুৱে মূৰ নদঙাকৈয়ে কৈ গ’ল৷সি আকৌ মানুহক তেল মৰাত ভাল৷তাৰ মুখৰ মিঠাকথাষাৰে খুৰীৰ মুখখনত এমোকোৰা হাঁহি ছটিয়াই দিলে৷
“তুমি দেখোন লাৰু,পিঠা খোৱায়েই নাই!”-খুৰীয়ে মোলৈ চাই ক’লে৷
“লাৰু এটা খাম৷বাকীখিনি লৈ যাওক খুৰী৷”-বেদনাভৰা কণ্ঠেৰে ক’লো৷
“চাহ কৰিছোঁ ৰ’বা ঈশান৷”
“নালাগে খুৰী৷মই চাহ খাই সিমান এটা ভাল নাপাওঁ৷ বছৰেকত এবাৰ বা দুবাৰহে খাওঁ৷”
“অ’ হয় নেকি!লাল চাহো নোখোৱা নেকি?”-খুৰীৰ চকুত আশ্চৰ্যৰ চিন৷
“নাই খুৰী নালাগে৷লাল চাহ বেছিকৈ খালে মানুহ খিঙখিঙীয়া হয়৷”
“ৱাহ! তুমি দেখিছো বহুত কথাই জানা৷”
“মই আগতে এইবোৰ নাজানিছিলোয়েই৷আপোনালোকৰ ‘এই’হে মোক এইবিলাক শিকাই থাকে৷যি শিকিছোঁ,এইৰপৰাই শিকিছোঁ৷কিমান যে কথা জানে ‘এই’!”
‘যিবোৰ মিছা কথা ক’লে প্ৰেমিকা আনন্দিত আৰু সুখী হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে,লগতে সম্পৰ্কটোও টনকিয়াল হয়;তেনেধৰণৰ মিছা কথা  দিনটোত হাজাৰটা ক’লেও কোনো অপৰাধ নহয়৷ঈশ্বৰেও দায়-দোষ নধৰে৷’কথাষাৰ এজন মহান পুৰুষে কৈছিল৷সেইজন বীৰপুৰুষক স্মৰণ কৰি যোৱা দুঘণ্টাত মোৰ ‘মিছা কথা’ৰ গাড়ীখন প্ৰেমলতাৰ ঘৰৰ ভিতৰত তীব্ৰ বেগেৰে চলাই আছোঁ৷ এতিয়ালৈকে দূৰ্ঘটনাত পতিত হোৱা নাই৷
“বাৰু হ’ব দিয়া৷তুমি অলপ বেছিকৈয়ে কৈছা৷আকৌ পিছে কেতিয়া আহিবা?”-আমি খাই-বৈ ইতিমধ্যে চকীৰ পৰা উঠিছো৷
“আহিম দিয়ক কেতিয়াবা ৷আমাৰ ছুটী ইমানকৈ নিদিয়েই নহয়!পৰহিলৈ যামগৈ৷”-খুৰীক বুজাই দিলো৷
কথা পাতি পাতি আমি আহি আগফালৰ কোঠালিটো পালোহি৷তেনেতে মনত পৰিল,বিদায় লোৱাৰ পূৰ্বে মাকক সেৱা এটা কৰিলে ভাল হ’ব৷ কিজানি,নম্বৰ কেইটামানো বেছিকৈ পাই যাওঁ৷ এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে খুৰীৰ ভৰিহাল স্পৰ্শ কৰিলোঁ৷
“হ’ব,হ’ব উঠা৷সেৱা কৰিব নালাগে৷ভালকৈ থাকিবা দেই৷অৰুণাচলত মাজতে ঢেৰ হৈ-হাল্লা হৈছিল বুলি টিভিত দেখিছিলো৷”-মোক উঠাই দি খুৰীয়ে বিৰাট আন্তৰিকতাৰে কথাষাৰ ক’লে৷মনটো ভাল লাগিল৷যি কি নহওক,মোৰ বাবে ইমানখিনি যে চিন্তা কৰিছে!
“হয় খুৰী৷ ভালকৈ থাকিম৷ এতিয়া যাওঁহে আৰু৷”-হাঁহি এটা মাৰি খুৰীক ক’লো৷
প্ৰেমলতা,প্ৰেমলতাৰ মাক,প্ৰেমলতাৰ বেষ্ট ফ্ৰেণ্ডক বিদায় সম্ভাষণ জনালো৷সিপিনে মোৰ বন্ধুৱে বাইক ষ্টাৰ্ট দিছেই৷মোৰো পেটত কিবা এটাই তেনেতে ষ্টাৰ্ট্ দিয়া যেন অনুভৱ হ’ল৷ ‘জানিছো,তোৰ ভোক লাগিছে৷কিবা এটা খুৱাব লাগিব ৰহ!’-পেটটোক মনে মনে কৈ থ’লো৷
(গ)
প্ৰেমলতাৰ ঘৰৰ পৰা ওলাই আহি অলপ আঁতৰতে থকা হোটেলখনত সোমালো৷বন্ধুক মই বাইক ৰখাবলৈ ক’বলগীয়া নহ’ল৷মোৰ পেটটোৰ বেদনা সি ধৰিব পাৰিছে৷
“ভাইটি,এক প্লেট চাওমিন দিবাচোন৷পটাপট দিবা দেই৷”-হোটেলৰ চকী এখনত বহি থকা সৰু ল’ৰাটোক উদ্দেশ্যি ক’লো৷ হোটেলত আন মানুহ নেদেখিলো৷
“ভাইটি৷দুই প্লেট আনিবা৷মইয়ো খাম৷”-মোৰ পিছে পিছে আহি থকা বন্ধুৱে তেনেতে মাত লগালে৷
“হেৰৌ ৰাক্ষস!তোৰ এইটো পেট নে কুঁৱা”?-অলপ খঙেৰেই সুধিলো বন্ধুক৷
“যি বুলিয়েই ভাব৷”-সি মোৰ সন্মুখৰ চকীখনত আৰামেৰে বহি ল’লে৷মুখত চিৰপৰিচিত হাঁহিটো৷
“চিকেন নে পনীৰ নে এগ নে ভেজ?”-তেনেতে ল’ৰাটোৱ আমালৈ চাই সুধিলে৷
“চিকেন-অকে দিয়া৷”
“ব্ৰইলাৰ চিকেন নে লোকেল চিকেন?”
“যি আছে তাকে দিয়া হে৷তামাম ভোক লাগিছে৷সোনকালে দিয়া৷”
“দহ মিনিট ৰ’ব দাদা৷”
সোনকালে খাদ্য যোগান ধৰাৰ আশ্বাস প্ৰদান কৰি ল’ৰাটো হোটেলৰ সিটো কোঠালিৰ পাগঘৰটোত সোমাল৷মই আৰু মোৰ বন্ধুয়ে এখন টেবুল অধিকাৰ কৰিলোঁ৷
‘মানুহে মানুহৰ বাবে.....’
তেনেতে মোৰ ৰিং ট’নটো বাজি উঠিল৷ “লতা কলিং......”
“আই লাভ ইউ চ’ মাচ্ছ৷তুমি দহৰ ভিতৰত নাইন পইন্ট ফাইভ পাইছা৷যদি তুমি সেইখন পুৰিও নাখালাহেতেন,তেন্তে ফুল মাকৰ্ছেই পালাহেতেন৷ মাক সেৱা কৰাৰ আইডিয়াটো তোমাৰ কিন্তু তামাম আছিল দেই৷ইউ ৰিয়েলি ৰকড্!!!”-ফোনৰ সিফালে লতাৰ চিঞৰ৷মানে প্ৰেমলতাৰ চিঞৰ৷
“কি ৰক্ ? একো খাবলৈকে নিদিলা তুমি! পেটত মোৰ নিগনি-মেকুৰী দৌৰিছে এতিয়া!”
“হ’ব দিয়া৷এদিনৰ বাবে যেনে-তেনে এদজাষ্ট কৰা আৰু৷”
“জীৱনটো এনেকৈ এদজাষ্টয়েই কৰি থাকিম নেকি?”
“বাদ দিয়া আৰু৷কোনখিনি পালাগৈ?তেলিয়াগাঁও পাৰ হ’লা নে?”
“চিকেন চাউমিন খাবলৈ তোমালোকৰ ওচৰৰ হোটেলখনত সোমাইছো৷”
“কি??????????তুমি পাগল হ’লা নেকি!কালি গেছট্ৰিকত চিঞৰি আছিলা দেখোন৷সাতবাৰ লেট্ৰিনলৈ গৈছিলা৷পাহৰিলা?আৰু এতিয়া চাওমিন খাবলৈ আহিছা?নামাতিবা মোক তুমি৷ আই হেট ইউ!!ৰিয়েলি,আই হেট ইউ!!”
মোৰ সঁহাৰিলৈ বাট নাচাই সিফালে ফোন কাটিলেই৷
“অ’ ভাইটি,চিকেন চাওমিন একপ্লেট হ’লেই হ’ব৷ মই নাখাওঁ৷”
“আপুনি কি খাব?”-পাগঘৰৰ পৰ্দাৰ ফাঁকেৰে ভাইটিয়ে মোলৈ জুমি চালে৷
“ঠাণ্ডা পানী আছে?”
“আছে৷”
“লৈ আহাচোন৷”
“এইয়া৷”-পানীভৰ্তি ৰঙা ৰঙৰ ঝাৰ এটা ল’ৰাটোৱে আনি মোৰ সন্মুখতে থ’লে৷
“পানীখিনি মোৰ মূৰত ঢালি দেচোন৷মাঠাটো একেবাৰে গৰম হৈ গৈছে অ’৷”মোৰ মূৰটো ল’ৰাটোৰ ফালে আগুৱাই দিলোঁ৷সি এবাৰ মোলৈ চালে৷এবাৰ বন্ধুলৈ চালে৷
“ঢালি দে আকৌ৷কি চাই আছ?দাদাৰ মাঠা ফাটি যাব এতিয়া৷”-বন্ধুৱে তাক মৃদু ধমক এটা দি পানীৰ ঝাৰটো তাৰ হাতত তুলি দিলে৷
ধমক শুনি ভাইটি আৰু ৰৈ নাথাকিল৷গোটেই ঝাৰৰ পানীখিনি মোৰ মূৰত ঢালি দিলে৷
-----------------------------------------------------------অন্ত----------------------------------------------------