Thursday, 27 August 2015

হলিউদৰ চাইক, ; দাক্ষিণাত্যৰ ছবি আৰু শইকীয়াছাৰৰ ছবি

চাইক’-
১৯৬০ চনত মুক্তি লভা আলফ্ৰেড হিচককে পৰিচালনা কৰা “চাইক’ (Psycho) আছিল এখন উচ্চ-পৰ্যায়ৰ থ্ৰিলাৰ-হ’ৰৰ ছবি৷ চাইক’ এখন ক’লা-বগা ছবি আছিল ৷ তাৰ মুখ্য কাৰণ দুটা৷ প্ৰথমটো কাৰণ-আৰ্থিক৷ ছবিখন নিৰ্মাণ কৰিবলৈ অতি কম বাজেট ধাৰ্য কৰা হৈছিল৷ ছবিখনৰ এটা বিশেষ দৃশ্য দৰ্শকৰ বাবে অত্যন্ত ভয়ংকৰ আৰু বিভৎস হৈ পৰাৰ শংকাই হিচককক চিন্তাত পেলাইছিল৷ ছবিখন যাতে দৰ্শকৰ বাবে অত্যন্ত দৃশ্যকটু নাইবা বিকৃত হৈ নুঠে, আৰু নায়িকাৰ দেহৰ পৰা পিৰপিৰাই ওলোৱা তেজৰ ৰঙা ৰঙে দৰ্শকৰ মনত যাতে বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে সেই কথা ভাবিয়েই হিচক’কে ছবিখন ক’লা-বগা কৰিবলৈ মন বান্ধিছিল৷ ছাইক’-সম্পৰ্কীয় কথাখিনি মই পাইছিলোঁ সৌৰভ কুমাৰ চলিহাৰ ‘জোনবিৰি’ শীৰ্ষক কিতাপখনত৷ এতিয়া কিতাপখন লগত নথকাত ৱিকিপেডীয়া খুলি অলপ তথ্যানুসন্ধান কৰিব লগা হ’ল৷

দাক্ষিণাত্যৰ ছবি-
বছৰৰ কোনোবা এটা দিনত বাহুবলী চাবলৈ যোৱা দৰ্শকজনৰ মনত বাহুবলীৰ যুদ্ধৰ কটা-মৰা দৃশ্যবোৰে বৰ এটা গভীৰ প্ৰভাৱ নেপেলাব পাৰে৷ কিন্তু বছৰৰ অধিকাংশ সময়েই টিভিৰ সমুখত বহি দিনটোত দুখনকৈ দাক্ষিণাত্যৰ ছবি চোৱা(যিবোৰ ছবি হত্যা-হিংসা আৰু প্ৰতিশোধৰ ভাৱনাৰে পৰিপূৰ্ণ হৈ থাকে) দৰ্শকজনৰ মনোজগতত যে এই ছবিৰ দৃশ্যবোৰে কোনো বিৰূপ অথবা নেতিবাচক প্ৰভাৱ নেপেলাব-সেইটো একে আষাৰে নস্যাৎ কৰিব নোৱাৰি৷ মনোৰঞ্জনধৰ্মী কেইটামান হিন্দী চেনেলত দিনটোৰ বেছিভাগ সময়েই কেৱল দাক্ষিণাত্যৰ ছবিবোৰ হিন্দীলৈ ডাবিং কৰি দেখুৱাই থকা হয়৷ দাক্ষিণাত্যৰ ছবি মইয়ো চাইছোঁ৷ কিন্তু অতি পৰিতাপৰ কথা-এই চেনেলকেইটাত দেখুওৱা বেছিভাগ ছবিয়েই হৈছে অতি ৰক্তাক্ত,বিভৎস আৰু ভয়ংকৰ৷ দা,কটাৰী,কুঠাৰ লৈ নৃশংসভাৱে মানুহ কাটি দিয়া একাধিক দৃশ্যৰে দাক্ষিণাত্যৰ প্ৰায়ভাগ ছবি ভৰি থাকে৷ এইবোৰ চিনেমাই শিশুৰ কোমল মনক ক্ষতি কৰে৷ দাক্ষিণাত্যৰ বহুতো পাৰিবাৰিক ছবি, ধনাত্মক বাৰ্তাপ্ৰেৰণকাৰী জীৱনমুখী ছবি,সুন্দৰ ব্যতিক্ৰমী কাহিনীৰ ৰোমান্টিক ছবিও আছে৷ পিছে ব্যৱসায়িক লাভালাভৰ বাবে টি-আৰ-পি কেন্দ্ৰিক  এই চেনেলবোৰে তেনেধৰণৰ পাৰিবাৰিক ছবি খুব কমেইহে সম্প্ৰচাৰ কৰে৷ মোৰ অনুভৱ- ভাৰতীয় মানুহক খঙাল,অধৈৰ্য আৰু হৃদয়হীন কৰি তোলাত এই হত্যা-হিংসাৰ ছবিবোৰৰ এক শতাংশ হ’লেও অৱদান আছে৷ 

পৰিশেষত,শইকীয়া ছাৰৰ চিনেমা-
অসমৰ অন্যতম ছবি-নিৰ্মাতা শইকীয়াছাৰৰ বহুলভাৱে সমাদৃত ছবি ‘অণিৰ্বান’ৰ এটা দৃশ্যত শিক্ষকে বেতডালেৰে ছাত্ৰৰ হাতত কোব দিয়াৰ দৃশ্য এটা আছে৷ কিন্তু,এই দৃশ্যটোত কেৱল বেতেৰে ছাত্ৰজনক কোবোৱাৰ শব্দহে দৰ্শকে শুনা পায়৷ শিক্ষকজনে বেতেৰে ল’ৰাটোৰ কোমল তলুৱাত প্ৰহাৰ কৰাৰ দৃশ্যটো ছবিত দেখুওৱা নহয়৷ তদ্ৰুপ,তেখেতৰ আন এখন ছবি ‘কোলাহল’ত ট্ৰাকৰ পৰা বাগৰি অহা বস্তাৰ হেঁচাত শিশুজনে কৰুণ মৃত্যুক সাবটি লোৱা দৃশ্যটো দেখুওৱাতেও সুদক্ষ পৰিচালকজনে যথেষ্ট সাৱধানতা আৰু সচেতনতা অৱলম্বণ কৰা দেখা গ’ল৷ এজন দূৰদৰ্শী,সংবেদনশীল আৰু চিন্তাশীল পৰিচালকৰ বাবেহে ছবি-নিৰ্মাণত এনে দক্ষতা আৰু পাৰদৰ্শিতা দেখুওৱা সম্ভৱ৷ ধন্য সেইসকল ছবি-নিৰ্মাতা-যি প্ৰকৃততেই সমাজৰ বিভিন্ন স্তৰৰ দৰ্শকৰ কথা চিন্তি ছবি নিৰ্মাণ কৰে৷ 

No comments:

Post a Comment