ষ্টিফেন হকিং

ল’ৰাজনৰ বয়স তেতিয়া একৈছ বছৰ৷ চিকিৎসকে ঘোষণা কৰিলে ল’ৰাজন ‘মটৰ নিউৰণ’ নামৰ ৰোগটোত আক্ৰান্ত৷ আৰু মাত্ৰ দুই-আঢ়ৈ বছৰৰ পিছতেই তেওঁৰ মৃ্ত্যু নিশ্চিত৷ সাধাৰণ পানী লগা জ্বৰতেই কাৰ্যালয়ৰ পৰা ছুটি লৈ দুদিন-দুৰাতি বিচনাৰ পৰা নামি নহা আমাৰ দৰে মানুহে হয়তো চিকিৎসকৰ মুখত তেনে এষাৰ কথা শুনি ঠাইতে মূৰ্চা যাম আৰু বাকী থকা দিনকেইটা উদাস,বিষণ্ন হৈ কটাই মৃত্যুৰ বাবে অপেক্ষা কৰি থাকিম৷ কিন্তু সেই ল’ৰাজন সাধাৰণ নাছিল৷ তেওঁৰ অসাধাৰণ জীৱন-সংগ্ৰামে পৃথিৱীৰ লক্ষ-লক্ষ মানুহৰ বিলাইছে অনুপ্ৰেৰণাৰ বাণী,শিকাইছে জীৱনক ভাল পাবলৈ৷
ক্ৰমাৎ ল’ৰাজনৰ শৰীৰৰ প্ৰায়বোৰ অংগই অকামিলা হৈ পৰিল,বাক্ শক্তি হেৰুৱালে,দেহটো লৰচৰ কৰিব নোৱাৰা হ’ল৷ মুখলৈ আহাৰ নিবলৈও অশেষ কষ্ট কৰিব লাগে৷ মাৰাত্মক ৰোগটোৱে তেওঁৰ শৰীৰৰত্ মাত্ৰ দুটা আঙুলিহে কাৰ্যক্ষম অৱস্থাত ৰাখিলে৷ তথাপিও জীয়াই থকাৰ হেঁপাহ৷ পৃথিৱীখনক কিবা এটা দি যোৱাৰ অদম্য হাবিয়াস৷  চলা-ফুৰাৰ সুবিধাৰ বাহেতু তেওঁক বৈদ্যুতিক হুইল চেয়াৰ এখনৰ যোগান ধৰা হ’ল ৷ মানুহৰ লগত ভাৱৰ আদান-প্ৰদান কৰিবলৈ সাজি উলিওৱা হ’ল এক বিশেষ যন্ত্ৰৰ৷ কাৰ্যক্ষম অৱস্থা থকা দুটা আঙুলিৰ সহায়েৰে তেওঁ সেই যন্ত্ৰটো পৰিচালনা কৰে৷ আনৰ লগত ভাৱ বিনিময় কৰে৷ পৃথিৱীৰ বিখ্যাত বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী,শিক্ষাগুৰুসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে৷সেই যন্ত্ৰটোৰ সহায় লৈয়েই তেওঁ লিখি উলিয়ালে এখন কিতাপ- A brief history of time,যিখন কিতাপ এতিয়ালৈকে লক্ষাধিকটা কপি বিক্ৰী হৈছে৷ একেৰাহে ২৩৭ টা সপ্তাহৰ বাবে সেইখন কিতাপ ব্ৰিটিছ চানডে’ টাইমছত বেষ্ট চেলাৰ হৈ থাকিল,যি এটা অভিলেখ৷ বিজ্ঞানৰ জগতলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ কেইবাবাৰো সন্মানীত হৈছে,লাভ কৰিছে অসংখ্য বঁটা-বাহন ৷
১৯৬৩ চনত চিকিৎসকে যিজন ল’ৰাক আৰু মাত্ৰ দুটা বছৰ জীয়াই থাকিব বুলি ভৱিষ্যৎবাণী কৰিছিল,সেইজন ল’ৰাৰ এতিয়া বয়স ৭৩ বছৰ৷ তেওঁ এতিয়াও কৰ্মৰত ৷ কৰ্মৰ পৰা অৱসৰ লোৱাৰ তেওঁ কোনোধৰণৰ পৰিকল্পনা নাই৷ শেহতীয়াকৈ তেওঁৰ জীৱন-কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এখন ছবিয়ে সৰ্বত্ৰ প্ৰশংসা বুটলিছে৷ মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেতাজনে লাভ কৰিলে সন্মানীয় অ’স্কাৰ৷
একৈছ বছৰ বয়সতে মটৰ নিউৰণ মাৰাত্মক ৰোগটোত আক্ৰান্ত হোৱাসেই ল’ৰাজন হ’ল ষ্টিফেন হকিং যিজন মানুহৰ শক্তিশালী জীৱন-দৰ্শন আৰু অসাধাৰণ,অবিশ্বাস্যমানসিক শক্তিয়ে আধুনিক পৃথিৱীৰ সভ্য সমাজক মোহাৱিষ্ট কৰি ৰাখিছে ৷ জীৱন সম্পৰ্কে হকিঙৰ মত-“মানুহৰ জীৱন যিমান কঠিন নহওক কিয়,জীৱনত আমি কৰিব পৰা এটা কাম সদায় থাকেই যিটো কামত আমিকৃতকাৰ্যতালভিব পাৰোঁ৷”
যিজন মানুহে জীৱন অধিকাংশ সময় যন্ত্ৰৰ সহায়েৰে কথা কৈছে, চলাচল কৰিছে হুইল চেয়াৰত বহি সেইজন মানুহৰ মুখত জীৱন সম্পৰ্কে এনে ইতিবাচক ধাৰণা ! সেইকাৰণেই চাগে তেওঁ অসাধাৰণ৷ আৰু সৰু-সৰু কথাতে অভিযোগ,অসন্তুষ্টি জাহিৰ কৰি থকা আমিবোৰ সাধাৰণ মানুহ৷


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা