দশৰথ মাঝি

দশৰথ মাঝি

বিহাৰৰ গয়া জিলা৷ গয়াৰে এখন অল্পখ্যাত ঠাই গেহলোৰ ৷অতি পিছপৰা এই ঠাইখণ্ডৰে বাসিন্দা আছিল দশৰথ মাঝি আৰু তেওঁৰ পত্নী ফাল্গুনী দেৱী৷দশৰথ মাঝিৰ গাওঁখনতে এটা শিলৰ পাহাৰ আছিল৷ পাহাৰটোৰ সিপাৰে থকা চহৰাঞ্চলপাবলৈ গাঁওবাসীয়ে পাহাৰটোৰ কাষে কাষে এক দুৰ্গম,বিপদসংকুল আৰু দীঘলীয়া পথ অতিক্ৰম কৰিব লগাত পৰিছিল৷ বেমাৰ-ব্যাধিত পৰা গাঁৱৰ কোনো ব্যক্তিক চহৰলৈ লৈ যাবলৈ প্ৰায় ৭০ কিলোমিটাৰৰ সূদীৰ্ঘ পথ খোজ কাঢ়িব লগীয়া হৈছিল৷ কেতিয়াবা এনেকুৱাও হৈছিল যে-সংকটজনক অৱস্থাত কোনো ৰোগীক দুৰ্গম পথছোৱাৰে কঢ়িয়াই নিওতে বাটতে ৰোগীয়ে শেষ নিস্বাস ত্যাগ কৰিছে৷ কোৱাটো বাহুল্য মাথো যে, শিলৰ পাহাৰটোৰ বাবেই গাঁৱৰ বহুকেইগৰাকী ব্যক্তিয়ে অকাল মৃত্যুক সাবটি ল’বলগীয়া হৈছিল৷

এই শিলৰ পাহাৰটোৱে এদিন কাল হৈ দেখা দিলেদশৰথ মাঝিৰ পত্নী ফাল্গুনীৰ জীৱনত৷ পাহাৰৰ শিলাময় পথচোৱা অতিক্ৰম কৰি থাকোতেই শিলত উজুটি খাই ফাল্গুনী বাগৰি পৰে আৰু চিকিৎসাৰ মুখ নেদেখাকৈয়েসকৰুণ মৃত্যুৰ লগত আলিংগন কৰিবলৈ বাধ্য হয়৷ প্ৰিয়তমা পত্নীৰ বিয়োগে দশৰথ মাঝিৰ অন্তৰাত্মাক গভীৰভাৱে জোকাৰি গ’ল৷নিয়তিৰ কুটিলতম ষড়যন্ত্ৰৰ বলি হৈ আঁতৰি যোৱা ফাল্গুনীৰ অবৰ্তমানমাঝিৰ বাবে অসহনীয় হৈ উঠিল৷তেওঁৰ মন-প্ৰাণ আৰু সমস্ত হৃদয়অভাৱনীয় শোকত ছটফটাব ধৰিলে৷ জীৱনৰ অন্য এক প্ৰান্তত উপস্থিত হৈ তেওঁৰ উপলব্ধি হ’ল যে- এই শিলৰ পাহাৰটোৱেই তেওঁৰ পত্নীৰ হত্যাকাৰী৷ শিলৰ পাহাৰটো বগাই যাওঁতেই পত্নীৰ মৃত্যু হৈছিল৷ শিলৰ পাহাৰটোৰ বাবেই গাঁৱৰ অনেকেই মৃত্যুৰ শীতল কোলাত ঢলি পৰিবলগীয়া হোৱা বাস্তৱটোৰ সৈতে তেওঁ ইতিমধ্যেই পৰিচিত আছিল৷ মুহূৰ্ততে অলৰ-অচৰ শিলৰ পাহাৰটো তেওঁৰ সমুখতঅট্টহাস্য কৰি থকা এটা নিষ্ঠুৰ হৃদয়ৰ দৈত্যৰ ৰূপ ল’লে৷দৈত্যটোৰ প্ৰতি তেওঁৰ অন্তৰত প্ৰচণ্ড ক্ষোভ আৰু ক্ৰোধৰ জাগিল৷ তেওঁ সংকল্প ল’লে- পত্নীৰ মৃত্যুৰ দোষত দোষী এই শিলৰ পাহাৰটো তেওঁ কাটি দ্বিখণ্ডিত কৰিব৷ পাহাৰৰ সমস্ত দম্ভ-অহংকাৰ তেওঁ নিঃশেষ কৰি দিব৷ ভৱিষ্যতে যাতে পাহাৰটোৱেগাঁৱৰ আন মানুহৰ প্ৰাণ ল’ব নোৱাৰে-সেই চিন্তাও তেওঁ অৱচেতন মনত সোমোৱাই ল’লে আৰু পাহাৰৰ মাজেৰে পথ নিৰ্মাণ কৰিবলৈ তেওঁ বদ্ধপৰিকৰ হৈ উঠিল৷

পত্নী-বিয়োগৰ কেইমাহমান পিছত৷ ১৯৬০ চন৷ হাতত এযোৰ হাতুৰী-বটালী লৈ দশৰথ মাঝিপাহাৰটোৰ সমুখত হাজিৰ হ’লহি ৷ গাঁৱৰ মানুহে তেওঁক ‘পাগল’ বুলি তোষামোদসূচক বাক্যবাণএৰিলে৷ কোনোবাই তেওঁক সেই ৰূপত দেখি ‘উন্মাদ’ নাম দি প্ৰাণখুলি হাঁহিলে৷ কিন্তুদশৰথ মাঝিৰঅসাধাৰণভাৱে প্ৰতিবাদী হৈ পৰা মনটোৰ সমুখত তোষামোদ,ঠাট্টা-মস্কৰাই কোনো গুৰুত্ব নাপালে৷পাহাৰৰ শিলৰ দৰেই তেওঁ মনটোক কঠিন আৰু সুদৃঢ় কৰি ৰাখিছিল৷

তেওঁ পাহাৰ কটা আৰম্ভ কৰিলে৷ প্ৰখৰ ৰ’দ,ধাৰাসাৰ বৰষুণ,ধুমুহা-গাজনি- প্ৰকৃতিৰ অনেক প্ৰত্যাহ্বান নেওচি তেওঁ পাহাৰ কাটি গ’ল৷ পাহাৰ কাটি থাকোতে তেওঁ কেতিয়াবা খোৱাবস্তুৰ নাটনি হৈছিল;জোঙা শিলত খোঁচ খাই তেওঁৰ একাধিকবাৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল৷ প্ৰাকৃতিক-অপ্ৰাকৃতিক বিভিন্ন উৎসই মাঝিৰ শৰীৰত আঘাত কৰিছিল ৷ কিন্তু তেওঁৰ মনটো আছিল সদায়েই অক্ষত আৰু জাগ্ৰত৷ তেওঁ পাহাৰ কাটি গ’ল৷
লাহে লাহে এদিন দুদিনকৈ এবছৰ পাৰ হ’ল৷ এবছৰ,দুবছৰকৈসম্পূৰ্ণ বাইশটা বছৰ- বাইশটা বছৰদিনে-ৰাতিয়ে শ্ৰমদান কৰি পাহাৰ কটাৰ পাছতদশৰথ মাঝিৰ মুখত বিজয়সূচক হাঁহিটো বিৰিঙিল৷পাহাৰৰ কঠিন শিলবোৰ কাটি কাটি তেওঁ সাজি উলিয়ালে এক কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা নতুন পথ৷ যি পথ অতিক্ৰম কৰোঁতে আগতে কেইবাঘণ্টা সময় লাগিছিল,এতিয়া তাতকৈ বহুগুণে কম সময়ৰ ব্যৱধানত গাঁৱৰ মানুহে পথছোৱা অতিক্ৰম কৰিব পৰা হ’ল৷
সেইয়া আছিল ১৯৮২ চনৰ কথা৷ হাতুৰী-বটালী লৈ পাহাৰৰ সমুখত থিয় হৈ থকা যিজন দশৰথ মাঝিক বাইশ বছৰৰ আগতে এচামে উন্মাদ,পাগল আখ্যা দিছিল এতিয়া সেইসকল মানুহেই দশৰথক ‘শ্বাহজাহান’ৰ লগত তুলনা কৰিলে৷ দশৰথ মাঝি আৰু ফাল্গুনী দেৱীৰ প্ৰেমৰ স্মৃতি বিজড়িত পাহাৰৰ মাজৰ এই পথটোৱে সৰ্বসাধাৰণ মানুহৰ চকু কপালত তুলিলে৷দশৰথ মাঝিৰ নতুন নাম হৈ পৰিল ‘মাউন্টেইন মেন’৷
এইয়া যে এক নজিৰ-বিহীন ঘটনা !প্ৰিয়জনৰ বিয়োগত মানুহে কি কি নকৰে ! কোনোৱে ধৰ্মনুষ্ঠান,কোনোৱে শিক্ষানুষ্ঠান নিৰ্মাণ কৰে৷ কোনোৱে বিশাল স্মৃতিস্তম্ভ নিৰ্মাণ কৰে৷ কোনোৱে নিৰ্মাণ কৰোৱাই প্ৰকাণ্ড মূৰ্তি৷ কিন্তু এটা হাতুৰী আৰু এটা বটালী লৈ একেলেথাৰিয়ে বাইশটা বছৰ পাহাৰৰ কঠিন শিল কাটি পাহাৰৰ মাজেৰে পথ নিৰ্মাণ কৰামানুহ পৃথিৱীৰ আন ঠাইত আছেনে !আৰ্নেষ্ট হেমিঙওৱেৰ কথাই সঠিক-‘মানুহক ধ্বংস কৰিব পাৰি৷ কিন্তু মানুহক কেতিয়াও পৰাস্ত কৰিব নোৱাৰি৷(Men can be destroyed. But can never be defeated)’ বিহাৰৰ এখন অখ্যাত গাঁৱৰ দশৰথ মাঝি নামৰ মানুহজন নিশ্চয় তেনে এজন পৰাজয় স্বীকাৰ নকৰা মানুহেই হ’ব লাগিব৷


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা