“ফিলিং ব্লেছড্”


বাপেকৰ পুৰণা ধূতি এখনৰ মাজতকঁকালৰ পৰা আঁঠুলৈকে- শৰীৰৰ এই অংশভাগ সোমোৱাই ল’লে স্বাধীন অসমৰ চফল ডেকা বৈভৱে৷ ডিঙিৰ পৰা কঁকালৰ অংশচোৱা ঢাকিলে বগা টি-শ্বাৰ্ট এটাৰে৷ টি-শ্বাৰ্টৰ নাম- “আই এম দা হেণ্ডছাম বয় ইউৰ গাৰ্লফ্ৰেণ্ড ইজ চাৰ্চিং ফৰ”৷ ফটোখন এডিটিং কৰি ডেকা ভকত কুমাৰ বৈভৱে ফে’চবুকত আপলোডালে৷ ওপৰত লিখিলে-‘কৃষ্ণ ! ওলালোঁ আৰু দেই ৷ লাভ ইউ অল ! স্বাভাৱিকতেই, বৈভৱৰ নতুন অৱতাৰে ফে’চবুকত সমাদৰ লাভ কৰিলে৷ লাইক,কমেন্টৰ বৰষুণজাকো ফে’চবুকৰ পথাৰত পৰিবলৈ বেছি সময় নালাগিল৷
সাধাৰণতে এইকণ সময়ত কলেজীয়া ডেকা বৈভৱে বাইকত উঠি দিহিঙে-দিপাঙে ঘূৰি ফুৰে৷ এৰাল ছিগা গৰুটোৰ দৰে দুনীয়াখনতে পিটপিটাই ফুৰি ভাত খোৱা পৰতহে ঘৰ  আহি সোমাইহি৷ পিছে আজিৰ কথাটো অলপ সুকীয়া৷ জীৱনত কোনোদিনে নকৰা কাম এটা কৰিবলৈ আগবাঢ়িছে কলেজীয়া ডেকা বৈভৱ৷ ঘৰৰ অপায়-অমংগল নিৰ্মূলৰ অৰ্থে মাকে নামঘৰত আজি শঁৰাই এভাগ আগবঢ়াইছে৷ বাপেকে যোৱাৰ পৰত বাৰম্বাৰ নামঘৰলৈ যাবলৈ কৈ থৈ গৈছে৷ নহ’লে মাহেকীয়া দৰমহা অৰ্থাৎ,’পকেটমানি’ পয়সত্তৰ শতাংশ হ্ৰাস হোৱাৰ আশংকা আছে ৷
বাপেকৰ তৰ্জন-গৰ্জন শুনি বৈভৱ অৱশেষত নামঘৰলৈ যাবলৈ বাধ্য হ’ল৷ ফটোত লাইক,কমেণ্টৰ সংখ্যাত চকু ৰাখি ডেকা ভকতে নামঘৰৰ প্ৰৱেশদ্বাৰত ভৰি থৈ দেখিলে-নামঘৰৰ ভিতৰভাগ ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলেৰে ইতিমধ্যেই গিজগিজাই উঠিছে৷
“হেৰৌ আজি দেখোন হাইঠা মাটিত পৰিল ! কৃষ্ণ ! কৃষ্ণ !! সপোন দেখা নাইতো!”- কোনোদিনে নামঘৰৰ পদূলি নগচকা বৈভৱক সমুখতে দেখি শিল পৰা কপৌৰ দৰে কিছুপৰ ৰৈ থাকি বিষ্ণুখুৰা বৈভৱৰ সমুখলৈ দৌৰ মাৰি আহিল৷ চকুত আশ্বৰ্যৰ চিন বিদ্যমান৷
“নক’ব আৰু ! দেতাই সদায় পুৱা-গধূলি তাকে পেনপেনাই থাকে৷ ভাবিলোঁ,বুঢ়া বয়সত মানুহটোক দুখ নিদিওঁ৷ ছ’ ওলাই আহিলোঁ৷ অৱশ্যে এটা বিশেষ কাৰণো আছে৷ বাৰু,ভৰিহাল ধুই আহোঁ ৰ’ব৷”- কথাষাৰ কৈ বৈভৱে ভৰিহাল তিয়াবলৈ দমকলৰ দিশে আগবাঢ়িল৷
হাত-ভৰি তিয়াই বৈভৱ নামঘৰৰ পিছৰ শাৰীটোৰ কঠখনত বহেগৈ মানে ধৰ্মেশ্বৰ কাইটিয়ে নাম জুৰিবলৈ আৰম্ভ কৰিছিলেই৷ নামৰ আগ-গুৰি একো বুজিব নোৱাৰা বৈভৱে ওঁঠখন লৰাই নাম গাই থকাৰ অভিনয় দক্ষতাৰে কৰি গ’ল৷ অৱশ্যে পাঁচ মিনিটৰ মূৰে মূৰে ফে’চবুকত নজৰ মাৰি থাকিবলৈ নাপাহৰিলে৷
ধৰ্মেশ্বৰ কাইটিৰ গলগলীয়া কণ্ঠত প্ৰাণ পাই উঠা নামৰ অমীয়া ৰসে নামঘৰত এক অপূৰ্ব মায়াজাল ৰচিলে৷ খোল-তালৰ সুৰীয়া লহৰত ভক্তপ্ৰাণ ৰাইজে মন-প্ৰাণ সমষ্ট বুৰ গ’ল৷
বৈভৱৰ ফটোখনে দুশটা লাইকৰ মাইলষ্ট’ন স্পৰ্শ কৰাৰ লগে লগে নামৰো অন্ত পৰিল৷
মণিকূটৰ ফালে হাত যোৰ কৰি ধৰ্মেশ্বৰ কাইটিয়ে গৃহস্থক আঁঠু ল’বলৈ ক’লে৷ আৰুপৰম্পৰাগত আৰ্শীবাদফাঁকি মুখেৰে উচ্চাৰণ কৰিলে৷
আৰ্শীবাদটো দি ধৰ্মেশ্বৰ কাইটিয়ে বৈভৱৰ বাপেকৰ ফালে চাই সুধিলে-“আৰু কাৰোবাৰ কিবা মনোবাঞ্চা আছে নেকি,সেৱকীয়ে ক’ব লাগে৷”
আঁঠু লৈ থকা গৃহস্থৰ শাৰীটোৰ একেবাৰেই মূৰত বহি থকা বৈভৱেমনত অ’তপৰে পুহি ৰখা মনোবাঞ্চাটো প্ৰকাশ কৰিবৰ সময় উপস্থিত৷মূৰটো দাঙি বৈভৱে ধৰ্মেশ্বৰ কাইটিলৈ চাই সবিনয়ে ক’বলৈ ধৰিলে-“বৰতা,ফেচবুকত লাইক,কমেন্ট পাবলৈ মোক আৰ্শীবাদ এটা দিয়কচোন৷ এতিয়ালৈকে বিজনেছ ঠিকেই চলি আছে৷ মোৰ এই যাত্ৰা যে যুগ-যুগান্তৰলৈ কনটিনিউ হৈ থাকিব পাৰে, তাৰ বাবে ভগৱানৰ পৰা আৰ্শীবাদ এটা আনিব নোৱাৰেনে?”
বৈভৱৰ কথা শুনি ধৰ্মেশ্বৰ কাইটিয়ে ইফালে-সিফালে চাবলৈ ধৰিলে৷ কি ফেচবুক,কি লাইক,কি কমেন্ট-এইবোৰৰ একো উৱাদিহ তেওঁ পোৱা নাই৷ ধৰ্মেশ্বৰ কাইটিৰ মুখৰ ভাৱ-ভঙ্গী দেখি বৈভৱে ম’বাইলটো হাতত লৈ কাইটিৰ কাষ চাপিল আৰু ফেচবুকৰ হ’ম পেজটো দেখুৱাই লাইক,কমেন্টৰ মাহাত্ম্য পৰিষ্কাৰকৈ বুজাই দি পুনৰ আগৰ স্থান পালেহি৷
ধৰ্মেশ্বৰ কাইটিয়ে এইবাৰ আৰ্শীবাদ দিলে-“নমোঃ নমোঃনাৰায়ণ প্ৰসন্ন হৰি ও হৰি কৰিয়োক মায়াৰ নিৰ্যান ,আপোনাৰ মহিমা আপুনি ব্যকত কৰি জীৱক কৰা পৰিত্ৰাণ প্ৰভু,জীৱক কৰা পৰিত্ৰাণ; আজি সেৱকীৰ পুত্ৰবৈভৱে ‘প্ৰেচাৰ বুক’ নে ‘ফেঁচা বুক’ কিবা বোলেনে, কি বুক আমাৰ মগজুৱে সেইবোৰ ঢুকি-ঢাকি নাপায়, আপুনিতো সৰ্বজান্তা,সকলো জানে,সকলো বুজেই ৷ সেয়ে পৰভু আপোনাৰ সন্তান কণমানিটিৰ মনোবাঞ্চা পূৰণ কৰি; লাইক,কমেন আদি  দিয়া-থোৱাত যিখিনি অসুবিধা হৈছে সেই সকলো বিবাদ নিষ্পত্তি কৰি; চৰণত স্থান দি,সকলো অপৰাধ ক্ষমা কৰি, তেখেতৰ মংগল কামনা কৰিব লাগে হে অভয় শ্ৰীচৰণত এইখিনি প্ৰাৰ্থনা৷ ঔ হৰি,ঔ ৰাম৷ অ’ হৰি অ’ ৰাম ! হৈছে যা বাবা৷”
ধৰ্মেশ্বৰ কাইটিৰ অভিলাসী আৰ্শীবাদটো শেষ হোৱাৰ লগে লগে বৈভৱে প্ৰাণখোলা হাঁহি এটা মাৰিলে৷ পিছমুহূৰ্ততে সময়ানুৱৰ্তী বৈভৱে সোঁহাতৰ বুঢ়া আৰু তৰ্জনী আঙুলিটোৰে ম’বালটোৰ পৰ্দাখনত ফে’চবুক এপটো উলিয়াই ষ্টেটাছৰ খালী ঠাইখিনিত লিখিলে-“ জাষ্ট টুক্ আছিৰবাদ ফৰ্ম আৱাৰ বিলাভেড ধৰ্মেশ্বৰ আংকল৷ ফিলিং এমিবিচিয়াচ এণ্ড ব্লেছড! থেংক ইউ মাই ফ্ৰেণ্ডজ ! লাভ ইউ অল !!”

--------------------------০-----------------------

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা