Friday, 13 November 2015

~সফল ব্যক্তিৰ বিফলতাৰ কাহিনী~



১)স্কুলৰ বাস্কেটবল দলটোৰ পৰা ল’ৰাজনৰ নাম কৰ্ত্তন কৰি দিয়া হৈছিল ৷ দুখত ভাৰাক্ৰান্ত হৈ ল’ৰাজন ঘৰলৈ ঘূৰি আহিল ৷ হতাশাগ্ৰস্ত হৈ তেওঁ এটা কোঠাৰ ভিতৰত সোমাল ৷ কোঠাৰ দুৱাৰ বন্ধ কৰি তেওঁ বহু পৰলৈ কান্দিলে ৷ ল’ৰাজন আছিল মাইকেল জৰ্দান ৷ ৮ বাৰৰ এন.বি.এ. চেম্পিয়ন ৷ 

২)চাৰি বছৰ বয়সলৈকে ল’ৰাজনে কথা ক’ব পৰা নাছিল ৷ শিক্ষকে কৈছিল-এওঁ বহু দূৰলৈ আগুৱাই নাযাব ৷ ল’ৰাজনে পাছলৈ ন’বেল বঁটা পাইছিল ৷ তেওঁ আছিল এলবাৰ্ট আইনষ্টাইন

৩)নিউজ এংকৰৰ চাকৰিৰ পৰা তেওঁক আঁতৰোৱা হৈছিল কাৰণ কতৃপক্ষই ভাবিছিল-তেওঁ টেলিভিছনত কাম কৰাৰ যোগ্য নহয় ৷ তেওঁৰ মুখখন টেলিভচনৰ লগত খাপ নাখায়৷ সেইয়া আছিল- অ’প্ৰা উইনফ্ৰে’ ৷ বিশ্বৰ ক্ষমতাশালী মহিলাসকলৰ ভিতৰত অন্যতম, একাধিকবাৰ পুৰস্কাৰ পোৱা এটা টিভি অনুষ্ঠানৰ 
পৰিৱেশিকা৷

৪)তেওঁক বাতৰি কাকতৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ৷ মালিক পক্ষৰ অভিযোগ- মানুহজনৰ কল্পনা শক্তিৰ অভাৱ ৷ তেওঁৰ নিজস্ব ধাৰণা নাই ৷  সেই মানুহজন আছিল ৱাল্ট ডিজনী ৷  মিকি মাউচৰ স্ৰষ্টা আৰু ২২ টা একাডেমী পুৰষ্কাৰ বিজয়ী ৷

৫)১১ বছৰীয়া ল’ৰাজনক স্কুলৰ দলটোৰ পৰা বাদ দিয়া হৈছিল ৷ কাৰণ, হৰ’মনৰ অভাৱৰ বাবে ল’ৰাজন দেখাত অইনতকৈ চুটি-চাপৰ আছিল ৷ ল’ৰাজন আছিল লিয়'নেল মেছি ৷ ফিফা বিশ্বকাপত তিনি বাৰৰ বাবে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে৷
৬)মানুহজনৰ বয়স তেতিয়া ৩০ বছৰ ৷ তেওঁ প্ৰতিষ্ঠা কৰা কোম্পানীটোৱে তেওঁক কোম্পানীটোৰ পৰা বহিষ্কাৰ কৰি দিলে ৷ দুখ-হতাশাই বহুদিনলৈ মানুহজনৰ লগ নেৰা হৈছিল ৷ তেওঁ আছিল ষ্টিভ জবচ্ ৷ বিশ্বখ্যাত এপ’লৰ পিতৃ ৷
৭)হাইস্কুলত অনুত্তীৰ্ণ হোৱা এজন ল’ৰা ৷ নিচাযুক্ত দ্ৰব্য আৰু দৰিদ্ৰতাৰ সৈতে তেওঁৰ চলিছিল তুমুল ব্যক্তিগত সংঘাত ৷ হতাশাত ভুগি তেওঁ আত্মহত্যাৰ পথ বাছি লৈছিল,যদিও সফল হোৱা নাছিল ৷ তেওঁ হ’ল এমিনেম ৷ ১৩বাৰ গ্ৰেমী বঁটা বিজয়ী৷ ৯০ মিলিয়ন এলবাম তেওঁৰ বিশ্বব্যাপি বিক্ৰী হৈছে
 ৷

৮)শিক্ষকে ল’ৰাজনক “একো শিকিব নোৱাৰা মূৰ্খ” বুলি গালি পাৰিছিল আৰু স্কুলৰ পৰা খেদি পঠিয়াইছিল ৷ তেওঁ আছিল টমাছ আলভা এদিছন ৷ ইলেক্ট্ৰিক বাল্বৰ আৱিষ্কাৰক ৷

৯)তেওঁলোকৰ বেণ্ডটোক‘ডেক্কা ৰেক’ৰ্ডিং ষ্টুদিঅ’য়ে প্ৰত্যাখ্যান কৰিছিল আৰু কৈছিল – “আমি তোমালোকৰ চাউণ্ড পছন্দ কৰা নাই ৷ তোমালোকৰ ব্যৱসায়ত কোনো ভৱিষ্যত নাই ৷ ” সেই বেণ্ডটো আছিল “দা বিটলছ্”-পৃথিৱীৰ এটা অন্যতম সফল মিউজিক বেণ্ড ৷

১০)তেওঁৰ প্ৰথমখন কিতাপ ২৭ টা প্ৰকাশন গোষ্ঠীয়ে নাকচ কৰিছিল ৷ তেওঁ আছিল ড. চিউচ ৷ শিশু-সাহিত্য ৰচনাত বিশ্বৰ অন্যতম সাহিত্যিক ৷

১১)তেওঁৰ প্ৰেয়সীৰ মৃত্যু হৈছিল,ব্যৱসায়ত বিফল হৈছিল,স্নায়ৱিক জটিলতাত ভুগিছিল আৰু ৮ টা নিৰ্বাচনত পৰাস্ত হৈছিল ৷ তেওঁ হ’ল আব্ৰাহাম লিঙ্কন ৷ আমেৰিকাৰ জনপ্ৰিয়তম ৰাষ্ট্ৰপতি ৷

১২)ল’ৰাজনে ল’ৰালি কালছোৱা অনাথ আশ্ৰমত কটাইছিল ৷ এসাজ খাবৰ বাবে বাটে বাটে ভিক্ষা খুজিব লগীয়া হৈছিল ৷ তথাপিও তেওঁৰ সপোন আছিল-এদিন তেওঁৰ পৃথিৱীৰ এজন শ্ৰেষ্ঠ অভিনেতা হ’ব৷ তেওঁ আছিল চাৰ্লি চেপলিন ৷ সৰ্বকালৰ এজন সৰ্বশ্ৰেষ্ঠ কৌতুক অভিনেতা ৷

( ইউ টিউবৰ এটা ভিডিঅ'ৰ আধাৰত)










নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ

ধৰি লওক,আপুনি এখন গ্ৰন্থ লিখি আছে৷ প্ৰায় এটা বছৰৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যয়নৰ অন্তত লিখি উলিওৱা ৫০০ পৃষ্ঠাৰকিতাপখনআপুনি আজি পুৱা কম্পিউটাৰৰ এঠাইত‘চেভ্’ কৰি থৈছিল৷ আবেলি কম্পিউটাৰটো ‘অ’ন্’ কৰি আপুনি হতবাক হৈ পৰিল৷ কাৰণ, পুৱা কম্পিউটাৰত ‘চেভ্’ কৰি ৰখা আপোনাৰ সেই গ্ৰন্থখন এতিয়া আগৰ ঠাইত নাই৷ লৰালৰিকৈ আপুনি গোটেই দ্ৰাইভকেইটাতেফাইলটো তন্ন-তন্নকৈ বিচাৰিলে৷ কিন্তু ক’তোৱেই গ্ৰন্থখনৰ এটা পৃষ্ঠাও উদ্ধাৰ কৰিব নোৱাৰিলে৷ এতিয়া আপুনি কি কৰিব ! চিঞৰি-বাখৰি কান্দিব ? অ’তদিনৰ সকলো কষ্ঠ অথলে গ’ল ভাবি একো নোখোৱা-নোবোৱাকৈ দুদিন-দুৰাতি বিচনাতে পৰি থাকিব?পূৰ্বৰ ভাষা,অলঙ্কাৰ অবিকল উপস্থাপনেৰে পাঁচশ পৃষ্ঠাৰ সেই কিতাপখন পুনৰবাৰ লিখি উলিয়াবলৈ যিমানখিনি মানসিক শক্তিৰ আৱশ্যক,সিমানখিনি মানসিক শক্তিৰ যোগাৰ কৰিব পৰাৰ সামৰ্থ আপোনাৰ হ’ব নে?
কাৰ্লাইল নামৰ মানুহজনে যেতিয়া‘ফ্ৰেন্স ৰিভ’লিউচন’ৰ প্ৰথম খণ্ডটো লিখি আছিল,সেই সময়ৰ কথা৷ প্ৰথম খণ্ডটো লিখি উলিওৱাৰ পিছত তেওঁ পাণ্ডুলিপিটো জন ষ্টুৱাৰ্ট মিল নামৰ বন্ধুজনক পঢ়িবলৈ দিছিল৷ (আচলতে মিলকহে ফ্ৰেন্স ৰিভ’লিউচনখন লিখাৰ দায়িত্ব দিয়া হৈছিল৷ কিন্তু ষ্টুৱাৰ্ট মিল  অইন কামত ব্যস্ত হৈ থকাত কাৰ্লাইলকেই ফ্ৰেন্স ৰিভ’লিউচন লিখাৰ দায়িত্ব দিয়া হ’ল ৷)মিলৰ ঘৰতেই ঘটিল অঘটনটো ৷ মিলৰ ঘৰত বন কৰা মহিলা এগৰাকী আছিল৷তেওঁ গম পোৱা নাছিল , সেই কাগজবোৰ যে কাৰ্লাইল নামৰ মানুহজনে দিন-ৰাতি মেহনত কৰি লিখি উলিওৱা এখন অমূল্য গ্ৰন্থৰ পাণ্ডুলিপি৷ মহিলাগৰাকীৰ দৃষ্টিত সেইয়া পেলনীয়া কাগজ হিচাপেহে ধৰা দিলে৷ সেয়ে তেওঁ সময় নষ্ট নকৰি গোটেই কাগজৰ দ’মটো(?) নি জুইত পেলাই দিলেগৈ৷মুহূৰ্ততে ‘ফ্ৰেন্স ৰিভ’লিউচন’ৰ ৫২৮ পৃষ্ঠাজোৰা প্ৰথম খণ্ডটো জুইত চাৰ-খাৰ হৈ গ’ল৷ কিছু পৰ পিছত কাৰ্লাইল আহি সেই ঠাই ওলালহি৷ তেওঁ দেখে-ঘটনা সাংঘাতিক৷ দাও-দাওকৈ পাণ্ডুলিপি জ্বলি থকা সেই দৃশ্যই তেওঁৰ অন্তৰত শোক আৰু হতাশাৰ যেন বিহহে ঢালিলে৷তেওঁ নিৰাশ হ’ল৷ কিন্তু কাৰ্লাইলৰ অদম্য মনোবল আৰু অপৰিসীম ইচ্ছা-শক্তিৰ আগত সেই শোক আৰু হতাশা ক্ষনস্থায়ীহৈ পৰিল৷ তেওঁ আকৌ ফ্ৰেন্স ৰিভ’লিউচন লিখিবলৈ বহিল আৰু লিখি শেষো কৰিলে৷
বিজুলী-বাতিৰ আৱিষ্কাৰক টমাছ এডিছনসহজ্ৰাধিকবাৰ বিজুলী-বাঁতি সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষাবোৰত বিফল হৈছিল৷ তথাপিও তেওঁ আশা এৰি দিয়া নাছিল৷ এবাৰ ভাবকচোন,তেওঁ যদি প্ৰথমবাৰ বিফল হোৱাৰ পাছতেই হাত দাঙি ‘আৰু কাম নকৰোঁ’ বুলি বহি থাকিলহেতেন,তেন্তে আজি আমি বিজুলীৰ পোহৰ পালোহেতেন নে? পালোহেতেন চাগে,কিন্তু মানৱ-সভ্যতা দুশ-তিনিশবছৰমান পিছুৱাই গ’লহেতেন৷ সেই সকল মানুহৰ অফুৰন্ত কৰ্ম-শক্তি আৰু অবিশ্বাস্য ইচ্ছা-শক্তিৰ ফলতহে মানৱ-জাতিয়ে এখোজ-দুখোজকৈ আহি আজিৰ অৱস্থাত উপনীত হৈছে৷  
সৰুতে ‘নোৱাৰোঁ’ কবিতাটো পঢ়িছিলোঁ৷মানুহৰ মন-প্ৰাণলৈ হেৰুৱা উদ্যম ঘূৰাই আনিব পৰা, ইচ্ছা-শক্তিক অধিক শক্তিশালী কৰি তুলিব পৰা মহম্মদ চুলেইমান খাঁৰ এটা অনন্য সুন্দৰ কবিতা আছিল সেইটো৷মননশীল,প্ৰেৰণাদায়ী কবিতাটোৰ অন্তিম শাৰীকেইটাএইমুহূৰ্তত মোৰ মনোজগতত ভুমুকি মাৰিছে-
“দহজনে পাৰে যিটো
তুমিও পাৰিবা সিটো
হেন জানি সাহ কৰি প্ৰাণটাকি কৰা
একেবাৰে নোৱাৰিলে এশবাৰে কৰা৷”





“অৰুণিমা সিনহা”ৰ কথাৰে

১১ এপ্ৰিল,২০১১ চন৷ দিল্লীত অনুষ্ঠিত হ’বলগীয়া এখন ক্ৰীড়া-কৰ্মশালাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে ৰে’লেৰে যাত্ৰা কৰি আছিল৷ সেই যাত্ৰাকালতেসংঘটিত হৈছিল যুৱতীগৰাকীৰ জীৱনৰ আটাইতকৈ অনাকাংক্ষিত ঘটনাটো৷ যাত্ৰাপথত কেইটামান চোৰ আহি সেই দবাটোতে উঠিছিল৷ চোৰকেইটাই যুৱতীৰ ডিঙিৰ চেইন আৰু বেগটো কাঢ়ি নিবৰ বাবে যুৱতীৰ লগত টনা-আঁজোৰাত লিপ্ত হ’ল৷ যুৱতী আৰু চোৰৰ দলটোৰ মাজত হোৱা প্ৰচণ্ড হতাহতিত যুৱতীগৰাকীয়ে এটা চোৰক আঘাতপ্ৰাপ্ত কৰিলে৷ কিন্তু সিহঁতৰ পাশৱিক হাতকেইখনৰ সমুখত যুৱতীৰ শক্তি অধিক সময়নিটিকিল ৷ যুৱতীক উপৰ্যুপৰি আক্ৰমণ কৰিয়েই সিহঁত ক্ষান্ত নাথাকিল৷ বিৱেকহীন চোৰকেইটাই যুৱতীক ধৰি চলন্ত ৰে’লৰ দবাৰ পৰা বাহিৰলৈ নিক্ষেপ কৰিলে৷ প্ৰায় সাতটা ঘণ্টা যুৱতীগৰাকী ৰে’ল আলিত অচেতন হৈ পৰি থাকিল৷ তেওঁৰ বাওঁভৰিখন ৰে’লৰ ট্ৰেকৰ মাজত বিপদজনকভাৱে আৱদ্ধ হৈ ৰ’ল৷ কোনোপধ্যেই ভৰিখন তেওঁ মুক্ত কৰিব নোৱাৰিলে৷ সেইনিশা তেওঁৰ বাওঁভৰিৰ ওপৰেদি ৪৯ খন ৰে’লগাড়ী পাৰ হৈ গৈছিল৷পুৱা ওচৰেৰে গাঁৱৰ কেইজনমানে যুৱতীক সেই অৱস্থাত উদ্ধাৰ কৰিলে আৰু নিকতৱৰ্তী চিকিৎসায়ললৈ লৈ গ’ল৷ যুৱতীৰ অৱস্থা অধিক বেয়াৰ ফাললৈ ঢাল খোৱাত ততাতৈয়াকৈ তেখেতক এইমছ্‌লৈস্থানান্তৰিত কৰিলে৷ চিকিৎসকসকলে যুৱতীৰ প্ৰাণ বচাবলৈ তেওঁৰ বাঁওভৰিখন কাটি পেলোৱাৰ সিদ্ধান্ত ল’লে৷ তাৰ ঠাইত সংযোজিত কৰা হ’ল এখন কৃত্ৰিম ভৰি ৷ চাৰিমাহএইমছ্‌ত থাকি তেওঁ ঘৰলৈ উভতি আহিল৷ আৰম্ভ হ’ল জীৱনৰ আন এটা তিক্ততাপূৰ্ণ অধ্যায়ৰ৷

তেওঁৰ অৱস্থাটো দেখি প্ৰতিৱেশী দুই-এজনে তেওঁক তোষামোদৰ দৃষ্টিৰে চাবলৈ ল’লে৷ মানুহৰ ভাৱ-ভংগীবোৰত তেওঁ নিজকে বৰ অৱহেলিত অনুভৱ কৰিলে যদিও তেওঁৰ মনোবল আৰু আত্মবিশ্বাসকসেইবোৰে আঘাত হানিব নোৱাৰিলে৷ ঘৰৰ মানুহৰ বিশেষকৈ ককায়েকৰ ইতিবাচক কথা-বতৰাই তেওঁকযথেষ্ট সাহস যোগালে৷ যুৱতীগৰাকী সংকল্পবদ্ধ হ’ল৷ যিসকলে তেওঁক আজি ইতিকিং আৰু উপলুঙাৰ সুৰত কথা কৈছে, এদিন সেইসকলেই তেওঁক লৈ গৌৰৱ কৰিবলৈ বাধ্য হ’ব৷সমাজৰ নেতিবাচক শক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি যুৱতীগৰাকীয়ে বাচি ল’লেজীৱনৰ এটা নতুন লক্ষ্য৷ লক্ষ্যত উপনীত হ’বৰ বাবেভৱিষ্যতৰ প্ৰতিটো ক্ষণৰ সদব্যৱহাৰ কৰিবলৈ যুৱতী বদ্ধপৰিকৰ হ’ল৷সময় ব্যয় নকৰি তেওঁ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাপৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ লগত কথা পাতিলে আৰু তেওঁৰ তত্ত্বাৱধানত পৰ্বতাৰোহণৰ শিক্ষা ল’বলৈ আৰম্ভ কৰিলে ৷

২০১২ চনত ৬১৫০ মিটাৰ উচ্চতাৰ আইলেণ্ড পৰ্বতত আৰোহণ কৰি পৃথিৱী-জয়ৰ বিজয়শংখ বজালে যুৱতীয়ে৷ এইবাৰ তেওঁ সাজু হ’ল পৃথিৱীৰ উচ্চতমশৃংগ এভাৰেষ্ট বগাবলৈ৷অৱশেষত পৃথিৱীবাসী স্তম্ভিত হোৱা কাৰ্যটো ঘটিত হ’ল ২০১৩ চনৰ ২১ মে’ৰ পুৱা ১০ বাজি ৫৫ মিনিটত৷কৃত্ৰিম ভৰিৰ সহায়ত এগৰাকী ২৫ বছৰীয়া যুৱতী পৃথিৱীৰ উচ্চতম শিখৰততিনিবৰণীয়া পতাকা লৈ থিয় হৈ আছে৷ কি যে এটাঅবিষ্মৰণীয়,অকল্পনীয় দৃশ্য ! মুহূৰ্ততে তেওঁ হৈ পৰিল কৃত্ৰিম ভৰিৰে এভাৰেষ্ট জয় কৰা ভাৰতৰ আৰু বিশ্বৰ প্ৰথমগৰাকী মহিলা৷
এসময়ৰৰাষ্ট্ৰীয় পৰ্যায়ৰভলিবল আৰু ফুটবল খেলুৱৈ,শেহতীয়াকৈ প্ৰকাশিত “বৰ্ণ এগেইন অন ডা মাউনটেইনছ্” গ্ৰন্থৰ লেখিকা,২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিতা এইগৰাকী যুৱতী হ’ল উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা৷

যুৱ-প্ৰজন্মক উদ্দেশ্যি অৰুণিমা সিনহাই কোৱা দুটামান প্ৰেৰণাদায়ক কথা-“যদি তোমাৰ বিষয়ে কোনোৱে নেতিবাচক মন্তব্য কৰে,তেন্তে তাত নিৰাশ নহ’বা আৰু ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিবা৷ আমাৰ জীৱনটো অতি মূল্যৱান ৷ আমি ইয়াক সন্মান কৰা উচিত৷ জীৱনত কৰা ভুল,কষ্ট আৰু সমস্যাৰ জৰিয়তেহে আমি জীৱনটোৰ কেনেকৈ মুখামুখি হ’ব লাগে সেইয়া শিকিব পাৰোঁ৷ জীৱনত কেনেকৈ সফল হ’ব পাৰি,সেইয়া শিকিব পাৰোঁ৷ সৰু-সুৰা ভুলৰ বাবে আশাবোৰক জলাঞ্জলি নিদিবা৷ জীৱনত একোটা লক্ষ্য বাছি লোৱা আৰু তাত উপনীত হ’বৰ বাবে অহোপুৰুষাৰ্থ কৰা৷ মই যদি কৰিব পাৰিছোঁ,তোমালোকেও পাৰিবা৷”

(উৎস-১)প্ৰান্তিক,১-১৫ মাৰ্চ,২০১৫ সংখ্যা ; ২) ইন্টাৰনেট)


চাৰিডাল মমৰ কাহিনী

এটা কোঠাত চাৰিডাল মম জ্বলি আছিল৷ প্ৰথম মমডালে ক’বলৈ আৰম্ভ কৰিছে-“মই শান্তি৷ পিছে ,পৃথিৱীখন এতিয়া যুঁজ-বাগৰ আৰু খং-ক্ৰোধেৰে ভৰি পৰিছে৷ চাৰিওফালে কেৱল হিংসা-হিংসি,মাৰ-পিট আৰু হুলস্থুল৷ সেইবোৰ দেখি মোৰ বেজাৰ লাগিছে৷ মই জ্বলি থকাটো উচিত হোৱা নাই৷” কথাষাৰ কৈ মমডাল নুমাই গ’ল৷

তাৰপিছত দ্বিতীয়ডাল মমে ক’বলৈ ধৰিছে-“মই বিশ্বাস৷ কিন্তু এইখন পৃথিৱীত মোৰ এতিয়া গুৰুত্ব বহুপৰিমাণে কমি গৈছে৷ পৰস্পৰে পৰস্পৰক বিশ্বাস নকৰা হৈছে৷ বিশ্বাসী মানুহতকৈ এতিয়া বিশ্বাসঘাতকৰ সংখ্যা বাঢ়িছে৷ অতএব মই জ্বলি থকাৰো কোনো অৰ্থ নাই৷” মুহূৰ্ততে দ্বিতীয়ডাল মমো নুমাই গ’ল৷

তৃতীয়ডাল মমে তেতিয়া দুখেৰে ক’বলৈ আৰম্ভ কৰিলে-“মোৰ নাম ভালপোৱা৷ কিন্তু,মানুহে মোৰ প্ৰয়োজনীয়তা আজিকালি অনুভৱ নকৰা হৈছে৷ তেওঁলোকে মোক সম্পূৰ্ণভাৱে পৃথক কৰিছে৷ তেওঁলোকে আনকি তেওঁলোকৰ আশে-পাশে থকা মানুহখিনিকো ভাল নোপোৱা হৈ আহিছে৷ মইনো জ্বলি থাকো কিয় !” এইবুলি কৈয়েই অধিক সময় ব্যয় নকৰি তৃতীয়ডাল মমো নুমাই গ’ল৷

তেনেতে কোঠাটোলৈ সৰু ল’ৰা এটা সোমাই আহিল আৰু নুমাই থকা মমকেইডাল দেখি বৰ দুখ পালে৷
“তোমালোক কিয় নজ্বলা ! তোমালোক দেখোন শেষ মুহূৰ্তলৈকে জ্বলি থকাৰকথা আছিল৷ তোমালোক ইমান সোনকালে কিয় নুমাই গ’লা !”- বেজাৰ সহিব নোৱাৰি ল’ৰাটোৱে চকুলো টুকিবলৈ ধৰিলে৷

ল’ৰাটোক কন্দা দেখি চতুৰ্থডাল মমে তেতিয়া মাত লগালে-“ হেৰা সৰু ল’ৰাটো ! তুমি নাকান্দিবা৷ ভয়ো নাখাবা৷ মই হ’লো আশা৷ মই যিহেতু জ্বলি আছোঁ,গতিকে আমি বাকীকেইডাল মম জ্বলাই দিব পাৰিম৷ যেতিয়ালৈকে আশা জীয়াই থাকিব,তেতিয়ালৈকে শান্তি,বিশ্বাস আৰু ভালপোৱাওজীয়াই থাকিব৷ সেয়েহে,আমি আশাক সদায় জীয়াই ৰাখিব লাগিব৷” মমডালৰ কথা শুনি ল’ৰাটোৱে কান্দোন বন্ধ কৰিলে আৰু মুখলৈ পূৰ্বৰ উজ্জ্বলতা ঘূৰাই আনি বাকীকেইডাল মম হাঁহিমুখেৰে জ্বলাই দিলে৷




“আৰোহী”ৰ কথাৰে

ছবিৰ কাহিনীৰ বিষয়-বস্তু অতি স্পৰ্শকাতৰ আছিল যদিও উপস্থাপন সিমান এটা সবল নহ’ল৷ চন্দনা শৰ্মাৰ অভিনয়ত কোনো জথৰতা চকুত নপৰিল যদিও পিতৃৰ চৰিত্ৰ ৰূপায়ন কৰা ৰাগ ঐনিতম কেতবোৰ ভাৱ-ভঙ্গী মোৰ কৃত্ৰিম যেন লাগিল ৷ কণমানি স্ববনমৰ অভিনয়ে মন মোহিলে ৷ অৱশ্যে আৰু কিছু অনুশীলনৰ প্ৰয়োজন থকাৰ কথাটো নুই কৰিব নোৱাৰি ৷ ছবিৰ শেষত কণমানি ভায়’লিনাই প্ৰমাণ-পত্ৰখন লৈ নদীৰ পাৰলৈ দৌৰ মাৰে যিটো মোৰ মতে অবাস্তৱ যেন লাগিল ৷ তাৰ ঠাইত মাক-দেউতাকৰ কাষলৈ তাই লৰি যোৱা দৃশ্যটোকে পৰিচালকে খুব সুন্দৰকৈ উপস্থাপন কৰিব পাৰিলেহেতেন৷ পাপাৰ ঠাইত দেউতা, ব্ৰিঞ্জলৰ ঠাইত বেঙেনা আদি অসমীয়া শব্দবোৰ কাহিনীৰ সংলাপত ব্যৱহাৰ কৰিলে ছবিখন অসমীয়া ছবি যেন লাগে৷ ছবিত দেখুওৱা হৈছে-এগৰাকী ইংৰাজী শিক্ষকে শ্ৰেণীত ইংৰাজী পঢ়াইছে৷ পাঁচ-সাত মিনিটমান তেওঁ কেৱল ছাত্ৰ-ছাত্ৰীৰ লগত ইংৰাজীতেই কথোপকথন কৰে৷ যিটো দৃশ্য মোৰ বোধেৰে সমাজৰ ইংৰাজী ভাষা নাজানা শ্ৰেণীটোৰ বোধগম্য নহ’ব৷ সমাজৰ সকলো স্তৰৰ মানুহৰ বাবে এইখন ছবি হয় নে নহয়-ছবিখনৰ সেই দৃশ্যটো চাই উঠি মোৰ মনলৈ প্ৰশ্নটো আহিল৷ এইখিনিত কাহিনীকাৰে কিছু বুদ্ধিমত্তাৰ পৰিচয় দিব লাগিছিল ৷
কাহিনীৰ ক্লাইমেক্সে সমাজলৈ এটা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে,যি আধুনিক সমাজৰ প্ৰতিযোগিতাময় পৃথিৱীখনত অতিকে দৰকাৰী হৈ পৰিছে৷ তাৰ বাবে কাহিনীকাৰ আৰু পৰিচালক দুয়ো ধন্যবাদৰ পাত্ৰ৷ ছবিখনৰ সংগীত “বহু উন্নত” বুলি ক’ব নোৱাৰিলেও “উন্নত” বুলি ক’ব পাৰি৷ ছবিৰ একমাত্ৰ গীতটোৱে হৃদয়ত মৃদু আলোড়ন তুলিলে৷
আধুনিক সমাজৰ যিসকল পিতৃ-মাতৃয়ে তেওঁলোকৰ জীৱনত অপূৰ্ণ হৈ ৰোৱা সপোনবোৰ সন্তানৰ ওপৰত জাপি দিয়ে, তেওঁলোকৰ শৈশৱৰ সকলো ৰঙ ধুলিস্যাৎ কৰি একপ্ৰকাৰৰ মানসিক নিৰ্যাতন চলায়;যেন-তেন প্ৰকাৰণে নিজৰ সন্তাকক “ডাঙৰ মানুহ” হিচাপে গঢ় দিব খোজে আৰু “ডাঙৰ মানুহ গঢ়া”ৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোকৰ পাহৰি যায় তেওঁৰ সন্তানটো যে এটা তেজ-মঙহৰ মানুহহে৷ ডিঙিত শিকলি বান্ধি মালিকৰ নিৰ্দেশত বিচিত্ৰ নাচ নাচি দৰ্শকক আমোদ দিয়া সেই বান্দৰটো নহয়৷ কাহিনীৰ উপস্থাপনত দৃষ্টিগোচৰ হোৱা দুই-এটা ভুল-ক্ৰুটি বাদ দিলে অৰূপ মান্না পৰিচালিত “আৰোহী” আধুনিক প্ৰতিযোগিতাময় পৃথিৱীখনৰ এখন জীৱন্ত দলিল বুলিয়েই অভিহিত কৰিব পাৰি৷



“হয়”

“হয়”
“বাদাম খাই বাকলিবোৰ মই বাছৰ ভিতৰতে পেলাব পাৰোঁ নাইবা নিজৰ বেগৰ ভিতৰত ভৰাই থব পাৰোঁ৷ মই কোনটো কাম কৰিম?
মোৰ আগে আগে গৈ থকা মানুহজনৰ পকেটৰ পৰা মানিবেগটো পৰি গ’ল৷ মই সেইটো তুলি লৈ তেওঁক ঘূৰাই দিব পাৰোঁ৷ নাইবা তেওঁ গম নোপোৱাকৈ সেইটো লৈ থব পাৰোঁ৷ মই কোনটো কামক “হয়” বুলিম?
ল’ৰা এটাই কবিতা এটা লিখিলে ৷ মই সেইটো পঢ়ি “একেবাৰে বেয়া হৈছে৷” বুলি ক’ম নে “সুন্দৰ হৈছে ৷ আৰু ভালকৈ লিখিবলৈ চেষ্টা কৰাচোন৷” বুলি ক’ম?”
“হয়” অথবা “নহয়”-এই দুয়োটা বিকল্পৰ ভিতৰত আমি যিকোনো এটাকহে নিৰ্বাচন কৰিব পাৰোঁ৷ অতি কম সংখ্যক ব্যক্তিয়েহে এই বিষয়ে সঠিক সিদ্ধান্ত ল’ব পাৰে৷ সমস্যা আৰু সংগ্ৰামেৰে ভৰপূৰ এই পৃথিৱীখনত সেইসকল ব্যক্তিহে আগুৱাই যাব পাৰে,যিসকল ব্যক্তিয়ে সঠিক সময়ত ‘হয়’ বুলিব পাৰে৷ ক’ত,কেতিয়া,কেনেকৈ ‘হয়’ বোলা উচিত-এই সম্বন্ধে আমাৰ মনত জমা হোৱা অনেক বিভ্ৰান্তিৰ পৰা মুক্ত হৈ আত্মবিশ্বাস আৰু প্ৰচুৰ উদ্যমেৰে জীৱনৰ বাটত আগুৱাই যোৱাৰ বাটত সহায়ক হ’বলৈবাংলা সাহিত্যৰ বিশিষ্ট লেখক ড. পাৰ্থ চট্টোপাধ্যায়ৰ“হয়” নামৰ চমৎকাৰী গ্ৰন্থখন আমি সকলোৱে হাতত তুলি লোৱা উচিত৷জীৱনত কেতিয়া আমি ‘হয়’ বুলিব লাগে আৰু কেতিয়া ‘নহয়’ বুলিব লাগে- ই জনাই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু এই সিদ্ধান্তটোৰ সঠিক নিৰূপণৰ হেতু লেখকে জীৱনৰ লগত জড়িত বিভিন্ন দিশৰঅতি সূক্ষ্মভাৱে আৰু সাৱলীলভাৱেপৰ্যালোচনা কৰিছে আৰু ইতিবাচক চিন্তাধাৰা তথা আশাবাদক জীৱন-সংগ্ৰামত জয়ী হোৱাৰ অন্যতম মাধ্যম হিচাপে গণ্য কৰি গ্ৰন্থখন পঢ়ুৱৈলৈ আগবঢ়াই দিছে ৷বিজুলী-বাঁতিৰ আৱিষ্কাৰক এডিছনৰ পৰা আৰম্ভ কৰি ভৰিৰে কমপিউটাৰ চলাই শ্ৰেষ্ঠ কৰ্মীৰ পুৰষ্কাৰ লভা বহুকেইগৰাকী অসাধাৰণ,অপৰাজেয় ব্যক্তিৰ কঠোৰ জীৱন-সংগ্ৰামৰ বিষয়ে লেখকে অতি মননশীলভাৱে গ্ৰন্থখনিত লিখিছে ৷ দেশ বা ৰাজ্য এখনৰ প্ৰগতিৰ বাবেও আশাবাদ আৰু যোগাত্মক দৃষ্টিভংগীৰ প্ৰয়োজন আছে বুলি লিখকে স্পষ্ট ইংগিত দিছে৷ নেতিবাচক ভাৱধাৰা আৰু ঋণাত্মক বাতাৱৰণৰ পৰা নিজকে মুক্ত কৰি আশাবাদ আৰু আত্মবিশ্বাসী মনোভাৱেৰে জীৱনৰ লক্ষ্যত উপনীত হ’ব খোজা প্ৰতিগৰাকী পাঠকৰ বাবে ড. চট্টোপাধ্যায়ৰ “হয়” মোৰ বোধেৰে সাম্প্ৰতিক সময়ৰ এখন অনবদ্য প্ৰেৰণাদায়ক গ্ৰন্থ ৷


চেতন ভগতৰ বিষয়ে কিছু কথা


ভাৰতবৰ্ষৰ জনপ্ৰিয় লেখক,যুৱ-প্ৰজন্মৰ প্ৰেৰণাৰ উৎস চেতন ভগতে লিখা প্ৰতিখন গ্ৰন্থয়েই ভাৰতবৰ্ষৰ লাখ-লাখ গ্ৰন্থপ্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ প্ৰথম উপন্যাসখনৰ নাম আছিল-ফাইভ পইন্ট চাম ওৱান ৷ পিছলৈ উপন্যাসখনক থ্ৰি-ইডিয়টছ্ৰ নামত কাহিনীৰ ৰূপো দিয়া হয় ৷ প্ৰথম উপন্যাসখন লিখি হোৱাৰ পাছত তেওঁ প্ৰকাশকৰ কাষ চাপিল ৷ প্ৰকাশক গোষ্ঠীয়ে তেওঁক নিৰাশ কৰিলে ৷ চেতন ভগতৰ উপন্যাসখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰিবলৈ তেওঁলোক অমান্তি হল ৷ এইবাৰ তেওঁ আন এজন প্ৰকাশকৰ কাষ চাপিল ৷ কিন্তু এইবাৰো তেওঁ কোনো ইতিবাচক সঁহাৰি লাভ নকৰিলে ৷ এইদৰে এজন-দুজনকৈ তেওঁ মুঠতে নটা প্ৰকাশন গোষ্ঠীৰ দুৱাৰত টুকুৰিয়ালে ৷ কিন্তু কোনো এটা প্ৰকাশন গোষ্ঠীয়েই তেওঁৰ যোগ্যতা আৰু সৃজনীশীলতাক বিশ্বাসত লবলৈ ইচ্ছা প্ৰকাশ নকৰিলে ৷ চেতন ভগত হতাশ হল ৷ ধাৰাবাহিক ব্যৰ্থতাৰ ফলত তেওঁৰ মনত জন্মা নিৰাশা আৰু বিষণ্নতাই তেওঁক এফালৰপৰা চেপি-খুন্দি আহিবলৈ ধৰিলে ৷
পিছে হতাশা,নিৰাশা আৰু ব্যৰ্থতাৰ বিৰুদ্ধে মনোবল আৰু দৃঢ় ইচ্ছাশক্তিৰ মাজত চলা তয়াময়া যুঁজখনত চেতন ভগতৰেই জয়ী হল ৷ তেওঁ পুনৰ প্ৰকাশকৰ কাষ চাপিল ৷ আৰু এইবাৰ তেওঁৰ গ্ৰন্থখন প্ৰকাশক গোষ্ঠীয়ে গ্ৰহণ কৰিলে ৷ খুব কম দিনৰ ভিতৰতে ফাইভ পইন্ট চাম ওৱানয়ে লাভ কৰিলে ঈৰ্ষণীয় সাফল্য ৷ দেশ-বিদেশৰ পাঠকৰ পৰা গ্ৰন্থখনে লাভ কৰিলে অভূতপূৰ্ব সঁহাৰি ৷ ভাৰতবৰ্ষৰ আগশাৰীৰ কাকত-আলোচনীত চেতন ভগতক ভূয়সী প্ৰশংসা কৰা হল ৷ অৱশেষত, ন টা প্ৰকাশন গোষ্ঠীৰ পৰা নেতিবাচক সঁহাৰি পোৱা ফাইভ পইন্ট চাম ওৱানমুহূৰ্ততে হৈ পৰিল ভাৰতবৰ্ষৰ এক নৱতম বিস্ময় ৷
শিৱ খেৰাৰ ইউ কেন ৱিনত পঢ়িছিলোঁ-তুমি জীৱনত কিমান উচ্চ আসনত অধিষ্ঠিত হোৱা সেইটো ইমান ডাঙৰ কথা নহয় ৷ মনে বিচৰা আসনখনত অধিষ্ঠিত হব নোৱাৰালৈকে তুমি হাৰ নামানি প্ৰাণপণে যুঁজ কৰি যাব পৰাটোহে লেখত লবলগীয়া কথা ৷চেতন ভগতৰ জীৱনত বাৰু এই কথাষাৰৰ সত্যতায়েই প্ৰতিফলিত হোৱা নাইনে !
চেতন ভগতে জীৱনৰ পৰা কি শিকিলে”- এই সম্বন্ধে নৱ-প্ৰজন্মক উদ্দেশ্যি কিছু কথা কৈছে ৷ তাকে তলত উল্লেখ কৰিলোঁ-
১)মাত্ৰ কেইগৰাকীমান ব্যক্তিয়েহে তোমাক প্ৰকৃততে ভাল পায়,যাক তুমি আঙুলিৰ মূৰত লিখিব পাৰা৷ তেওঁলোকক কেতিয়াও নেহেৰুৱাবা৷
২)বহুতো মানুহ তোমাৰ কাষ চাপি আহিব,যদিহে তুমি সফল হোৱা ৷ তেওঁলোক আঁতৰি যাব,যদি তুমি তোমাৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰা ৷ তেওঁলোকে সাফল্যকহে ভাল পায় ৷ তোমাক নহয় ৷ তেওঁলোকক কেতিয়াও গভীৰভাৱে নলবা ৷
৩)যেতিয়া তুমি অসফল হবা,তোমাৰ সপোনক মাত্ৰ কেইজনমান ব্যক্তিয়েহে বিশ্বাস কৰিব ৷ তুমিও তাৰে মাজৰ এজন ৷ কেতিয়াবা তুমিয়েই সেই একমাত্ৰজন ৷
৪) তোমাৰ সপোন,ইচ্ছাশক্তি আৰু লক্ষ্য থকা সত্বেও তোমাৰ মনৰ চালিকা শক্তি কেতিয়াবা হ্ৰাস পাব ৷ নতুনকৈ যুঁজত নামিবলৈ তুমি নিজকে তেতিয়া পুনৰ উদ্ধাৰ কৰা৷ যিটো ইমান সহজ নহয় ৷ সেয়েহে খুব কম সংখ্যক ব্যক্তি এইক্ষেত্ৰত সফল হয় ৷
৫)শ্ৰেণীত প্ৰথম স্থান পোৱা শিক্ষাৰ্থীয়ে জীৱনত শ্ৰেষ্ঠত্ব অৰ্জন কৰিব নোৱাৰে৷ যিগৰাকীয়ে নিজকে বুজি পায়,মানুহক বুজি পায় আৰু তেওঁলোকৰ ক্ষেত্ৰখনক বুজি পায়,সেইসকল লোকহে জীৱনত সফল হয় ৷ 


হাইস্কুলৰ ডেওনা পাৰ নকৰা এজন যুৱকৰ জীৱন-যুদ্ধৰ কাহিনী

(হাইস্কুলৰ ডেওনা পাৰ নকৰা এজন যুৱকৰ জীৱন-যুদ্ধৰ কাহিনী)
কেইবছৰমানৰ আগৰ কথা ৷ আমাৰ অঞ্চলৰে কেছেটৰ দোকান এখনত ল’ৰা এজনে কাম কৰিছিল৷ তাৰ কাম আছিল-দোকানৰ কেছেট বিক্ৰী কৰা ৷ উপাৰ্জন তেনেই সীমিত যদিও তাৰেই সি দুই-এটা ব্যক্তিগত অভাৱ পূৰণ কৰে আৰু নিজৰ পৰিয়ালৰ ভাত মুঠি যোগাৰ কৰাতো সহায় কৰে৷ শিক্ষাগত অৰ্হতা তাৰ তেনেই কম৷ সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত সি তাৰ শিক্ষাজীৱনৰ সমাপ্তি ঘোষণা কৰিছিল৷
ক্ৰমাৎ দিনবোৰ গৈ আছে৷ সিয়ো তাৰ জীৱন-ৰথখন লেহেমীয়া গতিৰে চলাই নিছে৷ বিশেষ এদিনৰ কথা ৷ দিনজোৰা পৰিশ্ৰমৰ অন্তত সি দোকানৰ ভিতৰতে চকী এখন পাৰি ভাগৰুৱা শৰীৰটোৰ অৱসাদ দূৰ কৰি আছিল৷ বিগত প্ৰায়বোৰ দিনৰ দৰেই সেইদিনাও তাৰ অশান্ত মনলৈ ভৱিষ্যত জীৱন সম্পৰ্কে নানান চিন্তা-দু:শ্চিন্তাৰ সোঁত ব’বলৈ ধৰিলে৷ যোগাত্মক আৰু ঋণাত্মক শক্তিৰ মাজত চলা সেই তুমুল ৰণখনত প্ৰায়েই ঋণাত্মক শক্তি জয়ী হয় ৷ ফলত তাৰ মনোবল আৰু ইচ্ছাশক্তি চুড়ান্তৰূপে বিধ্বস্ত হয়৷ কিন্তু সেইদিনা তেনে নহ’ল৷তাৰ পৰিৱৰ্তেসেইদিনা তাৰ চিন্তাশক্তিয়ে এক অনন্য গতি লাভ কৰিলে ৷ সি ঠিৰাং কৰিলে-এইদৰে দোকানত সোমাই কেছেট বিক্ৰী কৰি থাকিলে তাৰ জীৱনত একোৱেই নহ’ব৷ হতাশা আৰু বিষাদৰ কোবাল ঢৌৱে তাৰ মন-মগজুক সদায়েই খুন্দিয়াই থাকিব৷ জীৱনৰ সেই অচলাৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যেৰে সি এটা উচিত বিকল্পৰ সন্ধানত নামি পৰিল৷   
অৱশেষত অনেক চিন্তা-চৰ্চাৰ অন্তত এদিন  সি পকেটতকেইটামান সাঁচতীয়া টকা লৈ অকলশৰে ৰে’লেৰে যাত্ৰা কৰি সুদূৰ আহমেদাবাদ পালেগৈ৷ আহমেদাবাদতে দেখা-সাক্ষাৎ হৈ পিছলৈ বন্ধুত্বৰ এনাজৰীৰে বান্ধ খোৱা এজন উদাৰ ব্যক্তিয়ে তাক আগশাৰীৰ এখন প্ৰশিক্ষণ কেন্দ্ৰত তেনেই কম দৰমহাৰ চাকৰি এটা দিলে ৷ অত্যাধুনিক প্ৰক্ৰিয়াৰে সেই প্ৰশিক্ষণ কেন্দ্ৰটোত চুলি কাটিবলৈ শিকোৱাৰ লগতে চুলিৰ বিভিন্ন ডিজাইন তথা আধুনিক কেশ-সজ্জা সম্বন্ধে শিক্ষা দিয়া হয় ৷প্ৰথমাৱস্থাতসিপ্ৰশিক্ষণ কেন্দ্ৰটোত কাৰোবাক চাহ আনি দিয়া,পানী আনি দিয়া কামবোৰ কৰিছিল ৷ একঘেয়ামী কামবোৰ কৰি আমনি লগাত সি এদিন প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্তৃপক্ষৰ লগত কথা-বতৰা হ’ল৷ প্ৰশিক্ষণ ল’বলৈ তাৰো যেইচ্ছা জন্মিছে ,সেই বিষয়ে তেওঁলোককসি অৱগত কৰিলে ৷ কৰ্তৃপক্ষই তাক চল্লিছহাজাৰ টকা যোগাৰ কৰিবলৈ পৰামৰ্শ দিলে আৰু ক’লে যে টকাখিনি জমা দিলেহে তাক সেই বিশেষপাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হ’ব৷
যিহেতু ডেকাৰ হাতত সিমান এক বৃহৎ মূল্যৰ ধন নাছিল,সেয়ে সি পুৰণা বন্ধুজনৰ পৰা কিছু টকা ধাৰলৈ ল’লে৷ নতুনকৈ চিনাকি হোৱা দুই-এজন সুহৃদয়েও তাক সহায় কৰিলে ৷ চল্লিছহাজাৰ টকা গোটাই আনি সি কেন্দ্ৰটোত নামভৰ্তি কৰিলে ৷ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষকসকলেওনিষ্ঠাসহকাৰে তন্ন-তন্নকৈ আটাইবোৰ কথা তাক খৰচি মাৰি বুজাই দিলে ৷
কেইবা মাহৰ প্ৰশিক্ষণৰ অন্তত সি সেই প্ৰশিক্ষণ কেন্দ্ৰতে ‘হেয়াৰ-ষ্টাইলিষ্ট’ হিচাপে যোগদান কৰিলে ৷গ্ৰাহকৰ চুলি কটাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰডাক্ট্ বিক্ৰী কৰালৈকে সকলোবোৰ কৰ্মতেই দক্ষতা প্ৰদৰ্শন কৰি সি খুব কম দিনৰ ভিতৰতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল ৷ তাৰ মাহিলী উপাৰ্জন এতিয়া ২৫,০০০ ৰপৰা ৩০,০০০ টকাৰ ভিতৰত৷
আধুনিক শিক্ষাৰে সু-শিক্ষিত হোৱাৰ স্বত্ত্বেও আমি বহুতেইজীৱনৰ কন্টকময় পথত খোজকঢ়াৰ পূৰ্বেপৰাজয় স্বীকাৰ কৰি লওঁ৷আমি শিক্ষিত হৈও কেতিয়াবা মূৰ্খৰ দৰে আচৰণ কৰোঁ ৷ জীৱনৰ বাটত বীৰদৰ্পে খোজ কাঢ়িবলৈ কেৱল শিক্ষাই সকলো নহয় ৷ উপযুক্তশিক্ষাৰ সমান্তৰালকৈ আমাকদৰকাৰ-একান্ত মনোবল, অপৰিসীম উদ্যম, যোগাত্মক দৃষ্টিভংগী আৰু নিজৰ ভৰিত নিজে থিয় দি জীৱন নামৰ সাঁকোখন অতিক্ৰম কৰাৰ তীব্ৰ হাবিয়াসে৷
দোকানত কেছেট বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি নিসংগতাৰ সংগী হৈ সুদূৰ আহমেদাবাদত হেয়াৰ-ষ্টাইলিষ্ট ৰূপে সুপ্ৰতিষ্ঠিত হোৱা এইজন যুঁজাৰু মানসিকতাৰ অসমীয়াযুৱকৰ পৰা আমি অনেক কথাই শিকিবলগীয়া আছে বুলি মোৰ বোধ হয় ৷


“Why do we fall?” ( আমি কিয় পৰোঁ ?)

হলিউডৰ “বেটমেন বিগিনচ্” নামৰ জনপ্ৰিয় ছবিখনৰ শেষৰফালে নায়ক“ব্ৰুচ”ৰ বিশাল অট্টালিকাটো ছবিৰ খলনায়কৰ আক্ৰমণতসম্পূৰ্ণৰূপেবিধ্বস্তহয়আৰুসেইধ্বংসলীলাচাইউঠিছবিৰনায়কৰমন-প্ৰাণ সম্পূৰ্ণৰূপেভাগিপৰে৷ চৰমহতাশাতভুগিনায়কেতেওঁৰবিশ্বস্তসহকাৰীআলফ্ৰেডক কয়-“........I wanted to save Gotham. I failed.” ৷ক্ষন্তেকনিৰৱতাঅৱলম্ৱণকৰিযোগাত্মকদৃষ্টিভংগীসম্পন্নআলফ্ৰেডেনায়কব্ৰুচকপ্ৰশ্ন কৰিলে- “why dowe fall, Sir? ৷ আৰু তাৰ উত্তৰত তেওঁ নিজেই কৈ উঠিল- “……So that we can learn to pick ourselves up” ৷কেনে এটা অবিস্মৰণীয় সংলাপ !
সৰুতে চাইকেল চলাবলৈ শিকোঁতে বহুবাৰ চাইকেলৰ পৰা পৰিছিলোঁ৷ অকল ময়েই নহয়,আমি সকলোৱে পৰোঁ৷ এবাৰ চাইকেলৰ পৰা পৰিলোঁ ৷ ক্ষতস্থানত দৰব-পাতি সানি পুনৰ পিছদিনা চাইকেল চাইকেলখন বাহিৰলৈ উলিয়াই আনো৷ দেউতাই চাইকেলখন পিছফালৰ পৰা ধৰি থাকে আৰু কয় “চলা৷ মই ধৰি আছোঁ৷” এইবাৰ দুগুণ উৎসাহেৰে চাইকেল চলাবলৈ লওঁ৷ দেউতাই ধৰি থকালৈকে ঠিকেই চলালো৷ এৰি দিয়াৰ পিছমুহূৰ্ততে পুনৰবাৰ চাইকেলৰ পৰা পৰিলোঁ৷ আকৌ দুদিন বিশ্ৰাম ৷ তৃতীয়দিনা পুনৰ চাইকেল লৈ চোতালত হাজিৰ৷ সেইদিনা নেৰানেপেৰা চেষ্টা কৰিলোঁ৷ চাইকেলৰ হাফ-পেডেল মাৰি মাৰি গোটেই গাঁও ঘূৰি আহিলোঁ৷ সেইদিনা মই আছিলোঁ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ৷  এতিয়া মোৰ ভাৱ হয়- তিনি-চাৰিবাৰ চেষ্টাৰ অন্তত চাইকেল-চালনাৰ শিক্ষা লভি  যিমানখিনি সুখ আৰু আনন্দ লভিলোঁ, সিমানখিনি সুখ আৰু আনন্দ হয়তো মই নাপালোহেতেন যদিহে প্ৰথম চেষ্টাতেই চাইকেলখন চলোৱাৰ কায়দাটো শিকি পেলালোহেতেন৷
কিছুমান মানুহৰ জীৱনলৈ সাফল্য অতি সোনকাল আহে,আন কিছুমানে সাফল্যৰ সোৱাদ দুদিন দেৰিকৈ পায়৷ বিফলতা আৰু পৰাজয়লৈ যিসকল মানুহে ভয় নকৰে,বৰঞ্চ তাৰ পৰা শিক্ষা লয়, সেইসকল মানুহেহে প্ৰকৃত সুখ আৰু আনন্দৰ গৰাকী হয়৷ হাজাৰ ধুমুহা আৰু বৃষ্টিপাতেও তেওঁলোকৰ সপোনৰ ঘৰটোক উৰুৱাই নিব নোৱাৰে৷ তেওঁলোকৰ বিশ্বাস দুদিন পলমকৈ হ’লেও সফলতা তেওঁলোকৰ জীৱনলৈ আহিব৷ জীৱনত প্ৰকৃততেই সফল হ’বলৈ হ’লে নেৰানেপেৰা চেষ্টা আৰু অধ্যৱসায়ৰ যিমান আৱশ্যক সিমানেই আৱশ্যক আত্মবিশ্বাস আৰু যুঁজাৰু মানসিকতা৷ যিসকল মানুহে বিনাকষ্টেৰে আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে আকাশ চোৱাৰ দিবাস্বপ্ন দেখিছে,সেইসকলৰ সমান দুৰ্ভগীয়া ব্যক্তি আৰু ক’তো নাই৷ যিসকল মানুহে স্বকীয়তাক জলাঞ্জলি দি আন দহজনৰ কথামতে নিজৰ সপোন আৰু লক্ষ্যৰ অৱমাননা কৰিছে সেইসকলৰ সমান ভয়াতুৰ আৰু কোনো নাই৷ প্ৰতিজন মানুহৰে কিছুমান সপোন থাকে৷ কিন্তু সপোনবোৰ সাৰ্থক তেতিয়াহে হ’ব যেতিয়া আমি আমাৰ সপোনৰ পিছত দৌৰিম৷ বাটত হয়তো অনেক আহুকালৰ সমুখীন হ’ম আৰু তেতিয়া আমি মনত পেলাম আৰ্নেষ্ট হেমিংওৱেৰ সেইষাৰ উক্তি-“মানুহক ধ্বংস কৰিব পাৰি,কিন্তু পৰাস্ত কৰিব নোৱাৰি৷”
মোৰ আন এখন প্ৰিয় ছবি “pursuit of happiness”ৰ এটা সংলাপেৰে এই লেখাটোৰ সামৰণি মাৰিব খুজিছোঁ ৷ লগতে বাঞ্চা কৰিছোঁ-নিৰাশা আৰু হতাশাৰ ক’লীয়া ডাৱৰ ফালি অসমৰ আকাশত এজাক উজ্জ্বল তৰাৰ আৰ্বিভাৱ হওক যি ক্ৰমাৎ নিস্প্ৰাণ হৈ যাব ধৰা অসমক নতুন প্ৰাণ আৰু নতুন উদ্যমেৰে আলোকিত কৰিব ৷ “persuit of happyness” ছবিত পিতৃ ক্ৰিষ্টোফাৰ গাৰ্দেনে পুত্ৰ ক্ৰিষ্টোফাৰৰ মাজৰ কথোপকথন-
hey,don’t ever let somebody tell you….You can’t do something. Not even me. All right?
“All right”

“You got a dream.you gotta protect it. people can’t do something themselvesm they wanna tell you you can’t do it.if you want something, go get it.”

ইতিবাচক চিন্তাৰ প্ৰয়োজনীয়তা আৰু আকৰ্ষণৰ সূত্ৰ (Law of Attraction)


বৈজ্ঞানিকৰ এটা মহলে দাবী কৰে যে,গড় হিচাপত এগৰাকী মানুহৰ মগজুৰে দিনটোত প্ৰায় ৬০,০০০ চিন্তাৰ সোঁত পাৰ হৈ যায়৷ কোৱাটো নিষ্প্ৰয়োজন যে, সেই ৬০,০০০ চিন্তাই আমাৰ দৈনন্দিন কৰ্মসূচীসমূহত বাৰুকৈয়ে প্ৰভাৱ পেলায় আৰু ভৱিষ্যতৰ বাবে নিৰ্দিষ্ট কাৰ্যপন্থা হাতত লোৱাত সহায় কৰে৷ সেই ৬০,০০০ চিন্তাৰ কোনবোৰ চিন্তাক আমি প্ৰাধান্য দিম আৰু কোনবোৰ চিন্তাক পৰিহাৰ কৰিম,সেইয়া সম্পূৰ্ণ নিৰ্ভৰ কৰে চিন্তাবোৰক নিয়ন্ত্ৰণ কৰিব পৰা  ক্ষমতাৰ ওপৰত আৰু সুস্থ-চিন্তা আৰু অসুস্থ-চিন্তা বিচাৰ কৰিব পৰা সামৰ্থৰ ওপৰত৷

‘চিন্তা’ৰ কথা তাতেই সামৰি এতিয়া আহিছোঁ মই পঢ়া এখন কিতাপৰ বিষয়-বস্তুলৈ৷ কিতাপখনৰ সৈতে মোক অনুপমা বাইদেৱে পৰিচয় কৰাই দিছিল৷ বাইদেউৰ অনুৰোধ ৰক্ষা কৰি কিতাপখনৰ ই-বুক সংস্কৰণটো মই ইন্টাৰেনটৰ পৰা ডাউনল’ড কৰিলোঁ৷ কিতাপখনৰ নামটো হ’ল-The Secret৷ লিখিছে- Rhonda Byrne নামৰ অষ্ট্ৰেলিয়াৰ মহিলাগৰাকীয়ে৷কিতাপখনে “Law of Attraction” (আকৰ্ষণৰ সূত্ৰ)ক গ্ৰন্থখনৰ কেন্দ্ৰীয় বিষয়-বস্তু হিচাপে ঘোষণা কৰি মানৱ-জীৱনৰ সুখ-দুখ,সফলতা-বিফলতাৰহস্যৰ বিষয়ে আৰু আমাৰ জীৱন তথা সমাজত আকৰ্ষণৰ সূত্ৰৰ প্ৰভাৱ সম্বন্ধে কেতবোৰ চিন্তা-উদ্ৰেককাৰী আৰু চমৎকাৰী মন্তব্য কৰিছে৷

Law of Attraction”ৰ মতে,-যদি আমি দিনটোৰ বেছিভাগ সময় কেৱল দুখ-বিষাদ,হতাশা নাইবা বেমাৰ-আজাৰৰ বিষয়ে কথা পাতি থাকোঁ,তেন্তে আমি আমাৰ জীৱনলৈ তাতকৈয়ো অধিক দুখ,তাতকৈয়ো অধিক হতাশা আৰু তাতকৈয়ো অধিক বেমাৰ আমন্ত্ৰণ কৰি আনিম৷ তাৰ পৰিৱৰ্তে আমি দিনটোৰ বেছিভাগ সময় যদি সুখী হৈ থাকিবলৈ চেষ্টা কৰোঁ, কাৰোৰে প্ৰতি অভিযোগ নকৰি আমি জীৱনত পোৱাখিনিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰোঁ, বেয়া লগা কথাবোৰৰ বিষয়ে আলোচনা নকৰি আমাক আনন্দ দিয়া,চিন্তাৰ খোৰাক যোগোৱা কেতবোৰ আলোচনাত মগ্ন হওঁ তেনেহ’লে আমাৰ পৰৱৰ্তী দিনবোৰো আনন্দ,সুখ আৰু সাফল্যৰে,যোগাত্মক চিন্তাৰে ভৰি পৰিব৷ প্ৰতিজন মানুহৰ জীৱনত ঘাত-প্ৰতিঘাত,সফলতা-বিফলতা থাকিবই৷ কিন্তু সেইসমূহৰ ওচৰত হাৰ নামানি ন-উদ্যমেৰে আগুৱাই যোৱাটোহে বুধিয়কৰ লক্ষণত পৰে৷অসুস্থ,ঋণাত্মক চিন্তাবোৰক পৰিহাৰ নকৰি সেইবোৰক আমাৰ দৈনন্দিন জীৱনৰ কাৰ্যসূচীত স্থান দিলে আমি তাতকৈয়ো অধিক অসুস্থ চিন্তা,দুখময় জীৱন আৰু হতাশাক আদৰি অনাহে হ’ব৷

নতুন বছৰৰ প্ৰথমটো দিনেই আমি ভগৱানৰ কাষলৈ গৈ আমাক অমুকটো দিয়ক,তমুকটো দিয়ক বুলি প্ৰাৰ্থনা কৰোঁ৷ কিন্তু কিমানজনে সেই বছৰটোত ভগৱানৰ ওচৰত বিচাৰি অহা বস্তুবোৰ লাভ কৰোঁ ? তেখেতৰ ওচৰত ধন-সোণ বিচাৰি আমি নিজকে দুখীয়া বুলিহে ঘোষণা কৰিছোঁ আৰু ভৱিষ্যতৰ দিনবোৰ দুখীয়াৰ দৰে জীৱন কটোৱাৰ বাট মুকলি কৰি লৈছোঁ৷ ভগৱানৰ সমুখত অভিযোগ নকৰি আমি তেখেতৰ ওচৰত আমাক এই সুন্দৰ জীৱনটো উপহাৰ দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ নকৰোঁ কিয় !

আমি আমাৰ জীৱনৰ পৰা যিবোৰ নিবিচাৰো,সেইবোৰৰ বিষয়ে দিনটোৰ বেছিভাগ সময় আলোচনা কৰি থকাটোও দৰাচলতে সময়ৰ অপব্যয়হে৷ আমি জীৱনত হতাশা নিবিচাৰো,অথচ ফেচবুকত “ I am hurt” বুলি প’ষ্ট কৰোঁ৷ আমি আমাৰ জীৱনত দুখ নিবিচাৰো,নিৰাশা নিবিচাৰো,কাজিয়া-পেচাল নিবিচাৰো,বিফলতা নিবিচাৰো৷ বিচাৰোঁ কেৱল সাফল্য,সুখ আৰু আনন্দ৷ গতিকে আমি আমাৰ প্ৰিয় বস্তুবোৰৰ বিষয়ে আনৰ লগত আলোচনা নকৰোঁ কিয় ! আমি যিমানেই দুখ,হতাশা আৰু নিৰাশাৰ কথা পাতি থাকিম,তাতকৈয়ো অধিক হতাশা,নিৰাশা আমি চুম্বকৰ দৰে আমাৰ জীৱনলৈ আকৰ্ষিত কৰি টানি আনিম৷ আমি কৰা প্ৰতিটো চিন্তাই ,আমি আনৰ লগত পতা প্ৰতিটো কথাই,আমি ফেচবুকত দিয়া প্ৰত্যেকটো প’ষ্টেই আমাৰ বৰ্তমান আৰু ভৱিষ্যত নিয়ন্ত্ৰণ কৰি আছে আৰু এইয়াই হৈছে “Law of Attraction” ৰ মাহাত্ম্য৷
আমাৰ মগজুলৈ অহা সেই ৬০,০০০ চিন্তাৰ সোঁতে কিদৰে “Law of Attraction”ত প্ৰভাৱান্বিত কৰে,তাৰ বিষয়ে মোতকৈ কিতাপখনৰ এই দফাটোৱে ভালদৰে প্ৰকাশ কৰিব-
The law of attraction is a law of nature. It is impersonal and it does
not see good things or bad things. It is receiving your thoughts and
reflecting back to you those thoughts as your life experience. The law
of attraction simply gives you whatever it is you are thinking about”


জটুৱা খণ্ড-বাক্যৰে বাক্য ৰচনা-

-জটুৱা খণ্ড-বাক্যৰে বাক্য ৰচনা--

১)পেটকুলি: গাৰ্লফ্ৰেণ্ডৰ প্ৰফাইল ফটোৰ তলত পেটকুলি এক্স-বয়ফ্ৰেণ্ডৰ ‘লুকিং প্ৰিটি’ কমেন্টটো দেখি গোবিনে ফেচবুকত চাট আপচনটো ডিএকটিভেট কৰি থ’লে৷

২)গাই বা চা:মহেন্দ্ৰই ইমান গাই বাই চালে,তথাপিতো নিষ্ঠুৰ ছোৱালীজনীয়ে তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট গ্ৰহণ নকৰিলে৷

৩)ডলাৰ বগৰী:দিনৰ দিনটো ললিতাই ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰাৰ স্বত্বেও পাঁচটকীয়া ইন্টাৰনেট কাৰ্ড এখন বিচাৰি নাপালে৷

৪)মাটিৰ মানুহ:গজেন সঁচাকৈয়ে মাটিৰ মানুহ,নতুন গাৰ্লফ্ৰেণ্ডে ফেচবুকৰ পাছৱৰ্ডটো খোজাৰ আগতেই সি তাইক সকলোবোৰ কৈ দিলে৷

৫)পানীত হাঁহ নচৰা: বাৰঘণ্টাৰ ভিতৰতে বিশজনী বান্ধৱী মোহনৰ ফ্ৰেণ্ডলিষ্টৰ পৰা ওলাই যোৱাত তাৰ অৱস্থা  পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিল৷

৬)হাত লৰ: ৰাজেনৰ দৰে হাতলৰ মানুহৰ পৰা সদায় আঁতৰত থাকিবা দেই,সি বেলেগৰ ধুনীয়া প’ষ্টবোৰত খুব নজৰ মাৰি ফুৰে৷

৭)হাত দীঘল: হাতদীঘল এঞ্জেলিনাই ‘hmmm’বুলি আপডেট দিওতেই দুশটা লাইক আৰু চৌষষ্ঠিটা কমেন্ট পালে৷

৮)ন দি ক: শেৱালিয়ে প্ৰফাইলত লগোৱা ফটোখন তাইৰ নিজৰ নহয়,এই কথা মই ন দি ক’ব পাৰো  ৷

৯)পৰশ্ৰীকাতৰ: তই যে ইমান পৰশ্ৰীকাতৰ হ’বি সেই কথা মই সপোনতো ভবা নাছিলো৷দুজনী ছোৱালীয়ে মোৰ প’ষ্টত লাইক কৰাৰ কাৰণেই তই মোকনো আনফ্ৰেণ্ড কৰিব লাগেনে হেৰৌ??

১০)কাণসাৰ:কাইলৈৰ পৰা ছেমিষ্টাৰ পৰীক্ষা,তোৰ দেখোন একো কাণসাৰেই নাই!!! কিমাননো আৰু ফেচবুকত বহি থাক?


১২)কাঠ-চিতীয়া(নিষ্ঠুৰ,নিৰ্দ্দয়)- তোৰ দৰে কাঠ-চিতীয়া মানুহ জগতত নোলাব অ’ হিমন্ত৷ হেৰৌ, দিনৰ দিনডাল কমপিউটাৰটোৰ সমুখত ভূত বহাদি বহি থাকিলি,তথাপি বেচেৰা তৰুণৰ ফটোখনত লাইক এটা নামাৰিলি৷

১৩)বুকু ডাঠ (সাহসী)-ৰাকেশে ক’ৰবাৰ পৰা চুৰ কৰি অনা কবিতাটোৰ তলত তীব্ৰ গৰিহণা আৰু ধিক্কাৰ দি বুকু ডাঠ অখিলে ফে’চবুক কঁপাই তুলিলে৷

১৪)মুখৰ ভাত কাউৰীয়ে নিয়া (অতি অকৰ্মণ্য)-হেৰৌ,চন্দনৰ দৰে মুখৰ ভাত কাউৰীয়ে নিয়াএটাৰ গ্ৰুপতনো কোন মানুহ সোমাব !

১৫)গা নচুৱাই ফুৰ (ধেমালি কৰি ফুৰ)-দাঁত সৰিল,চুলি পকিল; পিছে গা নচুৱাই ফে’চবুকত ওৰে দিনটো টিঘিল ঘিলাই ফুৰা গৌতমৰ কৌটিকলীয়া সেই স্বভাৱটোৰহে পৰিৱৰ্তন নহ’ল৷

১৬)ভৰি দাং(গা দাং,যাবলৈ ওলা)-হেৰৌ ৰকি,বেলি গৈ পশ্চিমত লুকাল দেখিছনে নাই ! সোনকালে ভৰি দঙাৰহে কথা এতিয়া৷ ৰাতিলৈ গাঁৱত পহৰা দিব নালাগিব জানো !

১৭)মূৰে কপালে হাত দে (বিমোৰত পৰ,বৰ বেজাৰ পা)- হোৱাটছ্ আপত ফটোখন আপলোড কৰিবলৈ গৈ শৰতে মূৰে কপালে হাত দিলে৷ ফটোশ্বপত অলপ আগতে এডিট কৰি থোৱা ফটোখন এতিয়া দেখোন ম’বাইলত নাই৷

১৮)পেট ভাটৌ (পেটত কথা ৰাখি থোৱা মানুহ)- ‘ফিলিং হেপি’ ষ্টেটাছটো দেখি প্ৰদ্যুতক কিনো কথা ,কিনো বতৰা আদি সুধিছিলোঁ যদিও পেট ভাটৌটোৱে মুখেৰে এষাৰ মাত নিদিলে৷