Friday, 13 November 2015

হাইস্কুলৰ ডেওনা পাৰ নকৰা এজন যুৱকৰ জীৱন-যুদ্ধৰ কাহিনী

(হাইস্কুলৰ ডেওনা পাৰ নকৰা এজন যুৱকৰ জীৱন-যুদ্ধৰ কাহিনী)
কেইবছৰমানৰ আগৰ কথা ৷ আমাৰ অঞ্চলৰে কেছেটৰ দোকান এখনত ল’ৰা এজনে কাম কৰিছিল৷ তাৰ কাম আছিল-দোকানৰ কেছেট বিক্ৰী কৰা ৷ উপাৰ্জন তেনেই সীমিত যদিও তাৰেই সি দুই-এটা ব্যক্তিগত অভাৱ পূৰণ কৰে আৰু নিজৰ পৰিয়ালৰ ভাত মুঠি যোগাৰ কৰাতো সহায় কৰে৷ শিক্ষাগত অৰ্হতা তাৰ তেনেই কম৷ সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত সি তাৰ শিক্ষাজীৱনৰ সমাপ্তি ঘোষণা কৰিছিল৷
ক্ৰমাৎ দিনবোৰ গৈ আছে৷ সিয়ো তাৰ জীৱন-ৰথখন লেহেমীয়া গতিৰে চলাই নিছে৷ বিশেষ এদিনৰ কথা ৷ দিনজোৰা পৰিশ্ৰমৰ অন্তত সি দোকানৰ ভিতৰতে চকী এখন পাৰি ভাগৰুৱা শৰীৰটোৰ অৱসাদ দূৰ কৰি আছিল৷ বিগত প্ৰায়বোৰ দিনৰ দৰেই সেইদিনাও তাৰ অশান্ত মনলৈ ভৱিষ্যত জীৱন সম্পৰ্কে নানান চিন্তা-দু:শ্চিন্তাৰ সোঁত ব’বলৈ ধৰিলে৷ যোগাত্মক আৰু ঋণাত্মক শক্তিৰ মাজত চলা সেই তুমুল ৰণখনত প্ৰায়েই ঋণাত্মক শক্তি জয়ী হয় ৷ ফলত তাৰ মনোবল আৰু ইচ্ছাশক্তি চুড়ান্তৰূপে বিধ্বস্ত হয়৷ কিন্তু সেইদিনা তেনে নহ’ল৷তাৰ পৰিৱৰ্তেসেইদিনা তাৰ চিন্তাশক্তিয়ে এক অনন্য গতি লাভ কৰিলে ৷ সি ঠিৰাং কৰিলে-এইদৰে দোকানত সোমাই কেছেট বিক্ৰী কৰি থাকিলে তাৰ জীৱনত একোৱেই নহ’ব৷ হতাশা আৰু বিষাদৰ কোবাল ঢৌৱে তাৰ মন-মগজুক সদায়েই খুন্দিয়াই থাকিব৷ জীৱনৰ সেই অচলাৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ লক্ষ্যেৰে সি এটা উচিত বিকল্পৰ সন্ধানত নামি পৰিল৷   
অৱশেষত অনেক চিন্তা-চৰ্চাৰ অন্তত এদিন  সি পকেটতকেইটামান সাঁচতীয়া টকা লৈ অকলশৰে ৰে’লেৰে যাত্ৰা কৰি সুদূৰ আহমেদাবাদ পালেগৈ৷ আহমেদাবাদতে দেখা-সাক্ষাৎ হৈ পিছলৈ বন্ধুত্বৰ এনাজৰীৰে বান্ধ খোৱা এজন উদাৰ ব্যক্তিয়ে তাক আগশাৰীৰ এখন প্ৰশিক্ষণ কেন্দ্ৰত তেনেই কম দৰমহাৰ চাকৰি এটা দিলে ৷ অত্যাধুনিক প্ৰক্ৰিয়াৰে সেই প্ৰশিক্ষণ কেন্দ্ৰটোত চুলি কাটিবলৈ শিকোৱাৰ লগতে চুলিৰ বিভিন্ন ডিজাইন তথা আধুনিক কেশ-সজ্জা সম্বন্ধে শিক্ষা দিয়া হয় ৷প্ৰথমাৱস্থাতসিপ্ৰশিক্ষণ কেন্দ্ৰটোত কাৰোবাক চাহ আনি দিয়া,পানী আনি দিয়া কামবোৰ কৰিছিল ৷ একঘেয়ামী কামবোৰ কৰি আমনি লগাত সি এদিন প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্তৃপক্ষৰ লগত কথা-বতৰা হ’ল৷ প্ৰশিক্ষণ ল’বলৈ তাৰো যেইচ্ছা জন্মিছে ,সেই বিষয়ে তেওঁলোককসি অৱগত কৰিলে ৷ কৰ্তৃপক্ষই তাক চল্লিছহাজাৰ টকা যোগাৰ কৰিবলৈ পৰামৰ্শ দিলে আৰু ক’লে যে টকাখিনি জমা দিলেহে তাক সেই বিশেষপাঠ্যক্ৰমৰ প্ৰশিক্ষণ দিয়া হ’ব৷
যিহেতু ডেকাৰ হাতত সিমান এক বৃহৎ মূল্যৰ ধন নাছিল,সেয়ে সি পুৰণা বন্ধুজনৰ পৰা কিছু টকা ধাৰলৈ ল’লে৷ নতুনকৈ চিনাকি হোৱা দুই-এজন সুহৃদয়েও তাক সহায় কৰিলে ৷ চল্লিছহাজাৰ টকা গোটাই আনি সি কেন্দ্ৰটোত নামভৰ্তি কৰিলে ৷ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষকসকলেওনিষ্ঠাসহকাৰে তন্ন-তন্নকৈ আটাইবোৰ কথা তাক খৰচি মাৰি বুজাই দিলে ৷
কেইবা মাহৰ প্ৰশিক্ষণৰ অন্তত সি সেই প্ৰশিক্ষণ কেন্দ্ৰতে ‘হেয়াৰ-ষ্টাইলিষ্ট’ হিচাপে যোগদান কৰিলে ৷গ্ৰাহকৰ চুলি কটাৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰডাক্ট্ বিক্ৰী কৰালৈকে সকলোবোৰ কৰ্মতেই দক্ষতা প্ৰদৰ্শন কৰি সি খুব কম দিনৰ ভিতৰতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল ৷ তাৰ মাহিলী উপাৰ্জন এতিয়া ২৫,০০০ ৰপৰা ৩০,০০০ টকাৰ ভিতৰত৷
আধুনিক শিক্ষাৰে সু-শিক্ষিত হোৱাৰ স্বত্ত্বেও আমি বহুতেইজীৱনৰ কন্টকময় পথত খোজকঢ়াৰ পূৰ্বেপৰাজয় স্বীকাৰ কৰি লওঁ৷আমি শিক্ষিত হৈও কেতিয়াবা মূৰ্খৰ দৰে আচৰণ কৰোঁ ৷ জীৱনৰ বাটত বীৰদৰ্পে খোজ কাঢ়িবলৈ কেৱল শিক্ষাই সকলো নহয় ৷ উপযুক্তশিক্ষাৰ সমান্তৰালকৈ আমাকদৰকাৰ-একান্ত মনোবল, অপৰিসীম উদ্যম, যোগাত্মক দৃষ্টিভংগী আৰু নিজৰ ভৰিত নিজে থিয় দি জীৱন নামৰ সাঁকোখন অতিক্ৰম কৰাৰ তীব্ৰ হাবিয়াসে৷
দোকানত কেছেট বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি নিসংগতাৰ সংগী হৈ সুদূৰ আহমেদাবাদত হেয়াৰ-ষ্টাইলিষ্ট ৰূপে সুপ্ৰতিষ্ঠিত হোৱা এইজন যুঁজাৰু মানসিকতাৰ অসমীয়াযুৱকৰ পৰা আমি অনেক কথাই শিকিবলগীয়া আছে বুলি মোৰ বোধ হয় ৷


No comments:

Post a Comment