“আৰোহী”ৰ কথাৰে
ছবিৰ কাহিনীৰ
বিষয়-বস্তু অতি স্পৰ্শকাতৰ আছিল যদিও উপস্থাপন সিমান এটা সবল নহ’ল৷ চন্দনা শৰ্মাৰ
অভিনয়ত কোনো জথৰতা চকুত নপৰিল যদিও পিতৃৰ চৰিত্ৰ ৰূপায়ন কৰা ৰাগ ঐনিতম কেতবোৰ
ভাৱ-ভঙ্গী মোৰ কৃত্ৰিম যেন লাগিল ৷ কণমানি স্ববনমৰ অভিনয়ে মন মোহিলে ৷ অৱশ্যে আৰু
কিছু অনুশীলনৰ প্ৰয়োজন থকাৰ কথাটো নুই কৰিব নোৱাৰি ৷ ছবিৰ শেষত কণমানি ভায়’লিনাই
প্ৰমাণ-পত্ৰখন লৈ নদীৰ পাৰলৈ দৌৰ মাৰে যিটো মোৰ মতে অবাস্তৱ যেন লাগিল ৷ তাৰ ঠাইত
মাক-দেউতাকৰ কাষলৈ তাই লৰি যোৱা দৃশ্যটোকে পৰিচালকে খুব সুন্দৰকৈ উপস্থাপন কৰিব
পাৰিলেহেতেন৷ পাপাৰ ঠাইত দেউতা, ব্ৰিঞ্জলৰ ঠাইত বেঙেনা আদি অসমীয়া শব্দবোৰ কাহিনীৰ
সংলাপত ব্যৱহাৰ কৰিলে ছবিখন অসমীয়া ছবি যেন লাগে৷ ছবিত দেখুওৱা হৈছে-এগৰাকী ইংৰাজী
শিক্ষকে শ্ৰেণীত ইংৰাজী পঢ়াইছে৷ পাঁচ-সাত মিনিটমান তেওঁ কেৱল ছাত্ৰ-ছাত্ৰীৰ লগত
ইংৰাজীতেই কথোপকথন কৰে৷ যিটো দৃশ্য মোৰ বোধেৰে সমাজৰ ইংৰাজী ভাষা নাজানা শ্ৰেণীটোৰ
বোধগম্য নহ’ব৷ সমাজৰ সকলো স্তৰৰ মানুহৰ বাবে এইখন ছবি হয় নে নহয়-ছবিখনৰ সেই
দৃশ্যটো চাই উঠি মোৰ মনলৈ প্ৰশ্নটো আহিল৷ এইখিনিত কাহিনীকাৰে কিছু বুদ্ধিমত্তাৰ
পৰিচয় দিব লাগিছিল ৷
কাহিনীৰ ক্লাইমেক্সে সমাজলৈ
এটা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে,যি আধুনিক সমাজৰ প্ৰতিযোগিতাময় পৃথিৱীখনত অতিকে
দৰকাৰী হৈ পৰিছে৷ তাৰ বাবে কাহিনীকাৰ আৰু পৰিচালক দুয়ো ধন্যবাদৰ পাত্ৰ৷ ছবিখনৰ
সংগীত “বহু উন্নত” বুলি ক’ব নোৱাৰিলেও “উন্নত” বুলি ক’ব পাৰি৷ ছবিৰ একমাত্ৰ
গীতটোৱে হৃদয়ত মৃদু আলোড়ন তুলিলে৷
আধুনিক সমাজৰ যিসকল
পিতৃ-মাতৃয়ে তেওঁলোকৰ জীৱনত অপূৰ্ণ হৈ ৰোৱা সপোনবোৰ সন্তানৰ ওপৰত জাপি দিয়ে,
তেওঁলোকৰ শৈশৱৰ সকলো ৰঙ ধুলিস্যাৎ কৰি একপ্ৰকাৰৰ মানসিক নিৰ্যাতন চলায়;যেন-তেন
প্ৰকাৰণে নিজৰ সন্তাকক “ডাঙৰ মানুহ” হিচাপে গঢ় দিব খোজে আৰু “ডাঙৰ মানুহ গঢ়া”ৰ এই
সমগ্ৰ প্ৰক্ৰিয়াটোত তেওঁলোকৰ পাহৰি যায় তেওঁৰ সন্তানটো যে এটা তেজ-মঙহৰ মানুহহে৷
ডিঙিত শিকলি বান্ধি মালিকৰ নিৰ্দেশত বিচিত্ৰ নাচ নাচি দৰ্শকক আমোদ দিয়া সেই
বান্দৰটো নহয়৷ কাহিনীৰ উপস্থাপনত দৃষ্টিগোচৰ হোৱা দুই-এটা ভুল-ক্ৰুটি বাদ দিলে
অৰূপ মান্না পৰিচালিত “আৰোহী” আধুনিক প্ৰতিযোগিতাময় পৃথিৱীখনৰ এখন জীৱন্ত দলিল
বুলিয়েই অভিহিত কৰিব পাৰি৷
Comments
Post a Comment