Friday, 13 November 2015

“অৰুণিমা সিনহা”ৰ কথাৰে

১১ এপ্ৰিল,২০১১ চন৷ দিল্লীত অনুষ্ঠিত হ’বলগীয়া এখন ক্ৰীড়া-কৰ্মশালাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে ৰে’লেৰে যাত্ৰা কৰি আছিল৷ সেই যাত্ৰাকালতেসংঘটিত হৈছিল যুৱতীগৰাকীৰ জীৱনৰ আটাইতকৈ অনাকাংক্ষিত ঘটনাটো৷ যাত্ৰাপথত কেইটামান চোৰ আহি সেই দবাটোতে উঠিছিল৷ চোৰকেইটাই যুৱতীৰ ডিঙিৰ চেইন আৰু বেগটো কাঢ়ি নিবৰ বাবে যুৱতীৰ লগত টনা-আঁজোৰাত লিপ্ত হ’ল৷ যুৱতী আৰু চোৰৰ দলটোৰ মাজত হোৱা প্ৰচণ্ড হতাহতিত যুৱতীগৰাকীয়ে এটা চোৰক আঘাতপ্ৰাপ্ত কৰিলে৷ কিন্তু সিহঁতৰ পাশৱিক হাতকেইখনৰ সমুখত যুৱতীৰ শক্তি অধিক সময়নিটিকিল ৷ যুৱতীক উপৰ্যুপৰি আক্ৰমণ কৰিয়েই সিহঁত ক্ষান্ত নাথাকিল৷ বিৱেকহীন চোৰকেইটাই যুৱতীক ধৰি চলন্ত ৰে’লৰ দবাৰ পৰা বাহিৰলৈ নিক্ষেপ কৰিলে৷ প্ৰায় সাতটা ঘণ্টা যুৱতীগৰাকী ৰে’ল আলিত অচেতন হৈ পৰি থাকিল৷ তেওঁৰ বাওঁভৰিখন ৰে’লৰ ট্ৰেকৰ মাজত বিপদজনকভাৱে আৱদ্ধ হৈ ৰ’ল৷ কোনোপধ্যেই ভৰিখন তেওঁ মুক্ত কৰিব নোৱাৰিলে৷ সেইনিশা তেওঁৰ বাওঁভৰিৰ ওপৰেদি ৪৯ খন ৰে’লগাড়ী পাৰ হৈ গৈছিল৷পুৱা ওচৰেৰে গাঁৱৰ কেইজনমানে যুৱতীক সেই অৱস্থাত উদ্ধাৰ কৰিলে আৰু নিকতৱৰ্তী চিকিৎসায়ললৈ লৈ গ’ল৷ যুৱতীৰ অৱস্থা অধিক বেয়াৰ ফাললৈ ঢাল খোৱাত ততাতৈয়াকৈ তেখেতক এইমছ্‌লৈস্থানান্তৰিত কৰিলে৷ চিকিৎসকসকলে যুৱতীৰ প্ৰাণ বচাবলৈ তেওঁৰ বাঁওভৰিখন কাটি পেলোৱাৰ সিদ্ধান্ত ল’লে৷ তাৰ ঠাইত সংযোজিত কৰা হ’ল এখন কৃত্ৰিম ভৰি ৷ চাৰিমাহএইমছ্‌ত থাকি তেওঁ ঘৰলৈ উভতি আহিল৷ আৰম্ভ হ’ল জীৱনৰ আন এটা তিক্ততাপূৰ্ণ অধ্যায়ৰ৷

তেওঁৰ অৱস্থাটো দেখি প্ৰতিৱেশী দুই-এজনে তেওঁক তোষামোদৰ দৃষ্টিৰে চাবলৈ ল’লে৷ মানুহৰ ভাৱ-ভংগীবোৰত তেওঁ নিজকে বৰ অৱহেলিত অনুভৱ কৰিলে যদিও তেওঁৰ মনোবল আৰু আত্মবিশ্বাসকসেইবোৰে আঘাত হানিব নোৱাৰিলে৷ ঘৰৰ মানুহৰ বিশেষকৈ ককায়েকৰ ইতিবাচক কথা-বতৰাই তেওঁকযথেষ্ট সাহস যোগালে৷ যুৱতীগৰাকী সংকল্পবদ্ধ হ’ল৷ যিসকলে তেওঁক আজি ইতিকিং আৰু উপলুঙাৰ সুৰত কথা কৈছে, এদিন সেইসকলেই তেওঁক লৈ গৌৰৱ কৰিবলৈ বাধ্য হ’ব৷সমাজৰ নেতিবাচক শক্তিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি যুৱতীগৰাকীয়ে বাচি ল’লেজীৱনৰ এটা নতুন লক্ষ্য৷ লক্ষ্যত উপনীত হ’বৰ বাবেভৱিষ্যতৰ প্ৰতিটো ক্ষণৰ সদব্যৱহাৰ কৰিবলৈ যুৱতী বদ্ধপৰিকৰ হ’ল৷সময় ব্যয় নকৰি তেওঁ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলাপৰ্বতাৰোহী বাচেন্দ্ৰী পালৰ লগত কথা পাতিলে আৰু তেওঁৰ তত্ত্বাৱধানত পৰ্বতাৰোহণৰ শিক্ষা ল’বলৈ আৰম্ভ কৰিলে ৷

২০১২ চনত ৬১৫০ মিটাৰ উচ্চতাৰ আইলেণ্ড পৰ্বতত আৰোহণ কৰি পৃথিৱী-জয়ৰ বিজয়শংখ বজালে যুৱতীয়ে৷ এইবাৰ তেওঁ সাজু হ’ল পৃথিৱীৰ উচ্চতমশৃংগ এভাৰেষ্ট বগাবলৈ৷অৱশেষত পৃথিৱীবাসী স্তম্ভিত হোৱা কাৰ্যটো ঘটিত হ’ল ২০১৩ চনৰ ২১ মে’ৰ পুৱা ১০ বাজি ৫৫ মিনিটত৷কৃত্ৰিম ভৰিৰ সহায়ত এগৰাকী ২৫ বছৰীয়া যুৱতী পৃথিৱীৰ উচ্চতম শিখৰততিনিবৰণীয়া পতাকা লৈ থিয় হৈ আছে৷ কি যে এটাঅবিষ্মৰণীয়,অকল্পনীয় দৃশ্য ! মুহূৰ্ততে তেওঁ হৈ পৰিল কৃত্ৰিম ভৰিৰে এভাৰেষ্ট জয় কৰা ভাৰতৰ আৰু বিশ্বৰ প্ৰথমগৰাকী মহিলা৷
এসময়ৰৰাষ্ট্ৰীয় পৰ্যায়ৰভলিবল আৰু ফুটবল খেলুৱৈ,শেহতীয়াকৈ প্ৰকাশিত “বৰ্ণ এগেইন অন ডা মাউনটেইনছ্” গ্ৰন্থৰ লেখিকা,২০১৫ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিতা এইগৰাকী যুৱতী হ’ল উত্তৰ প্ৰদেশৰ অৰুণিমা সিনহা৷

যুৱ-প্ৰজন্মক উদ্দেশ্যি অৰুণিমা সিনহাই কোৱা দুটামান প্ৰেৰণাদায়ক কথা-“যদি তোমাৰ বিষয়ে কোনোৱে নেতিবাচক মন্তব্য কৰে,তেন্তে তাত নিৰাশ নহ’বা আৰু ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিবা৷ আমাৰ জীৱনটো অতি মূল্যৱান ৷ আমি ইয়াক সন্মান কৰা উচিত৷ জীৱনত কৰা ভুল,কষ্ট আৰু সমস্যাৰ জৰিয়তেহে আমি জীৱনটোৰ কেনেকৈ মুখামুখি হ’ব লাগে সেইয়া শিকিব পাৰোঁ৷ জীৱনত কেনেকৈ সফল হ’ব পাৰি,সেইয়া শিকিব পাৰোঁ৷ সৰু-সুৰা ভুলৰ বাবে আশাবোৰক জলাঞ্জলি নিদিবা৷ জীৱনত একোটা লক্ষ্য বাছি লোৱা আৰু তাত উপনীত হ’বৰ বাবে অহোপুৰুষাৰ্থ কৰা৷ মই যদি কৰিব পাৰিছোঁ,তোমালোকেও পাৰিবা৷”

(উৎস-১)প্ৰান্তিক,১-১৫ মাৰ্চ,২০১৫ সংখ্যা ; ২) ইন্টাৰনেট)


No comments:

Post a Comment