এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ


দুজন নলে-গলে লগা বন্ধুয়ে দৌৰি-ঢাপলি পথাৰ এখনত খেলা-ধূলা কৰি আছিল৷ পথাৰখনৰ মাজতে এটা কুঁৱা আছিল,যিটো এই ল’ৰা দুজনে দেখা পোৱা নাছিল ৷ আপোনপাহৰা হৈ তেনেকৈ খেলি থাকোঁতেই দুৰ্ভাগ্যবশতঃ ডাঙৰ ল’ৰাজন সেই কুঁৱাটোতেই গৈ সোমাল ৷ আতংকিত হৈ আনজন ল’ৰাই তেতিয়া ইফালে-সিফালে চাবলৈ ধৰিলে-গাঁৱৰ কোনো মানুহ আশে-পাশে আছে নেকি, সিহঁতক এই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ কোনো ব্যক্তি ওচৰে-পাজৰে আছে নেকি৷
ল’ৰাজন নিৰাশ হ’ল৷ সেইখিনি সময়ত কোনো নৰ-মনিচ সেই ঠাইত নাছিল ৷ কিংকৰ্তব্যবিমূঢ় হৈ ল’ৰাজনে ইফালে-সিফালে চাই থাকোঁতেই অলপ আঁতৰতে সি এডাল ৰছী দেখিলে৷ সি লৰি গৈ ৰছীডাল বুটলি আনিলে৷ ৰছীডালৰ এটা মূৰ নিজৰ হাতত ৰাখি আনটো মূৰ সি কুঁৱাৰ ভিতৰলৈ দলিয়াই দিলে ৷ যিজন বন্ধুৱে কুঁৱাৰ ভিতৰত পৰি কক্‌বকাই আছিল, তেওঁ ৰছীডালৰ সহায়ত ওপৰলৈ উঠি আহিবলৈ আপ্ৰাণ চেষ্টা কৰিলে ৷ কুঁৱাৰ পাৰত থকা আনজন বন্ধুৱে দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি ৰছীডাল বাহিৰলৈ টানিবলৈ ধৰিলে৷ এইদৰে ভালেমানপৰ যুঁজ দি অৱশেষত ল’ৰাজনক কুঁৱাটোৰ পৰা বাহিৰলৈ উলিয়াই আনিবলৈ এই সৰু ল’ৰাজন সমৰ্থ হ’ল৷
কিন্তু যেতিয়া ল’ৰা দুজনৰ এই খবৰটো গাঁৱৰ মানুহৰ কাণত পৰিল,তেতিয়া গাঁৱৰ মানুহবোৰে কথাটোৰ সত্যতা স্বীকাৰ কৰিবলৈ অমান্তি হ’ল৷ তেওঁলোকৰ মত-‘এই কম বয়সীয়া ল’ৰাটোৱে ইমান ডাঙৰ ল’ৰাটোক কেনেকৈ ৰছীৰে টানি আনিব পাৰে৷ ই অসম্ভৱ ৷’ 
সেই গাঁওখনতে এজন বৃদ্ধ আছিল৷ তেওঁ আছিল গাঁৱৰ আটাইতকৈ বয়সীয়াল ব্যক্তি৷ মানুহৰ মন আৰু জীৱনৰ অভিজ্ঞতা তথা বিচিত্ৰতাৰ সৈতে তেওঁ সম্পূৰ্ণ পৰিচিত আছিল৷ ল’ৰা দুজনৰ কথাটোত তেওঁ পিছে সম্পূৰ্ণ পতিয়ন গ’ল৷ গাঁৱৰ মানুহে আচৰিত হৈ প্ৰশ্ন কৰিলে-‘ই কেনেকৈ সম্ভৱ? এই পেন্দুকনা ল’ৰাটোৱে তাতকৈ চাৰি বছৰ ডাঙৰ ল’ৰাজনক কেনেকৈ উলিয়াব আনিলে?’
কিছুপৰ নীৰৱে থাকি বৃদ্ধজনে মানুহবোৰলৈ চাই তেতিয়া ক’বলৈ ধৰিলে-‘ছয় বছৰীয়া ল’ৰাজনে দহবছৰীয়া ল’ৰাজনক কেনেকৈ কুঁৱাৰ পৰা উদ্ধাৰ কৰাত সমৰ্থ হ’ল-সেইটো ডাঙৰ কথা নহয়৷ ডাঙৰ কথাটো হ’ল-কিয়? কিয় এই ল’ৰাজনে তাতকৈ বয়সত ডাঙৰ ল’ৰাজনক উদ্ধাৰ কৰিলে?’
মানুহবোৰৰ আগ্ৰহ বাঢ়ি গ’ল৷
বৃদ্ধজনে কৈ গ’ল-‘কিয় জানানে? কাৰণ তেতিয়া সিহঁতৰ ওচৰত কোনো মানুহ নাছিল; এইটো ক’বলৈ যে- ‘তুমি এই কামটো কৰিব নোৱাৰা৷ আনকি সেই ল’ৰাজন নিজেও নাছিল৷’
-----------------------------
ইউ টিউবত উপলব্ধ সন্দীপ মহেশ্বৰীৰ প্ৰেৰণাদায়ক কাহিনীৰ এইটো মূলভাৱ৷ কাহিনীটো চাই থাকোঁতে মনলৈ অহা কথা দুটামানঃ (সাধুটোৰ পৰা আমি কি শিকিলোঁ- এনেকুৱা এটা পৰ্যায়ত এই কথাখিনি নপৰিবও পাৰে)
ক)এজন মানুহে জীৱনত কেতিয়াবা এনে এক অনাকাংক্ষিত সংকটৰ মুখামুখি হয় যি মুহূৰ্তত তেওঁক বিপদৰ পৰা উদ্ধাৰৰ হেতু কাষত কোনো মানুহ নাথাকে; তেতিয়াও তেওঁৰ মনত এই দুটা ‘জীৱ’ৰ উপস্থিতি থাকে-‘পাৰিম’ আৰু ‘নোৱাৰিম’৷ সেইমুহূৰ্তত  সমূহ নেতিবাচক চিন্তা পৰিহাৰ কৰি কেৱল সেই বিপদটোৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু সঠিক সমাধানৰ সূত্ৰ এটা থিৰাং কৰাত আমি মনটোক এনেদৰে ব্যস্ত ৰাখিব লাগে যে কোনো অদৰকাৰী নেতিবাচক চিন্তাৰ সোঁত তাৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে৷ মানুহৰ মনটোৱেই হৈছে সকলো সমস্যা আৰু সমাধানৰ এক অপাৰ শক্তিশালী উৎস ৷ মনৰ সেই অপাৰ শক্তি আহৰণ কৰিয়েই এই কম বয়সীয়া ল’ৰাজনে তেওঁৰ বন্ধুক কুঁৱাৰ গৰ্ভৰ পৰা উলিয়াই আনিবলৈ সমৰ্থ হ’ল৷
খ) একধৰণৰ মানুহে কয়-তুমি এই কামটো কৰিব নোৱাৰিবা৷ আনটো প্ৰকৃতিৰ মানুহে মন্তব্য দিয়ে-‘পাৰিবা৷ তুমি কামটো পাৰিবাই৷’
‘পাৰিবা’ৰ পৰিমাণ যিমানেই বাঢ়ি যায়,সিমানেই আমাৰ আত্মবিশ্বাসো বাঢ়ি যায়৷ কামটোও সম্পূৰ্ণ হৈ উঠে৷
‘পাৰিবা’ৰ সংখ্যা যেতিয়া কমি আহে,তেতিয়া মানুহজনৰ আত্মবিশ্বাসো হ্ৰাস পাবলৈ ধৰে৷ কামটোও আধৰুৱা হয়৷
গ) হাজাৰ নেতিবাচক চিন্তা, কঠোৰ সমালোচনা আৰু অপ্ৰত্যাশিত ঘটনাৰ বাধা-বিঘিনি হেলাৰঙে অতিক্ৰম কৰি নিজৰ লক্ষ্যত উপনীত হোৱাটো হৈছে আটাইতকৈ কঠিন কাম৷ কামটো বৰ টান,সাফল্য অভিমুখী পথছোৱা দীঘলীয়া ৷ যিসকলে এইছোৱা পথ অতিক্ৰম কৰিছে সেইসকলে উপলব্ধি কৰিছে জীয়াই থকাৰ প্ৰকৃত আনন্দ, জীৱনৰ প্ৰকৃত মহত্ত্ব,জীৱন মানেনো কি৷ এওঁলোকেহে জীৱনটো উপভোগ কৰিছে৷ বাকীসকল কেৱল জীয়াই আছে৷ 

Comments

Post a Comment

Popular posts from this blog

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা