Posts

Showing posts from March, 2016

‘জয় গংগাজল'

প্ৰকাশ ঝাৰ ‘ জয় গংগাজল ’ ------------------------------------ সদ্যমুক্তিপ্ৰাপ্ত হিন্দী ছবি “ জয় গংগাজল ” ৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে ভূমিকেন্দ্ৰিক সংঘাত ৷ ছবিখনক ২০০৩ চনত মুক্তি লাভ কৰা অজয় দেৱগন অভিনীত ‘ গংগাজল ’ ৰ ছিকুৱেল হিচাপে গণ্য কৰিব পাৰি৷ অৱশ্যে পূৰ্বৰ গংগাজলত   অজয় দেৱগনৰ বলিষ্ঠ অভিনয়ৰ তুলনাত ‘ জয় গংগাজল ’ ৰ আভা মাথুৰ(প্ৰিয়ংকা চোপ্ৰা)ৰ চৰিত্ৰটো অনুজ্জ্বল যেন বোধ হ ’ ল৷ একছনৰ দৃশ্যসমূহত দৰ্শকৰ মনত প্ৰত্যয় জন্মাব পাৰিলেও আভা মাথুৰৰ চৰিত্ৰটোক বলিষ্ঠভাৱে উপস্থাপন কৰাত প্ৰকাশ ঝা সম্পূৰ্ণ সফল নহ ’ ল৷ গংগাজলৰ প্ৰযোজক , পৰিচালক , চিত্ৰনাট্যকাৰ , কাহিনীকাৰ প্ৰকাশ ঝাই ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ আৰক্ষী বিষয়া বি এন সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰা ঝাৰ অভিনয় ভাল লাগিল ৷ কাহিনীৰ পটভূমি-বিহাৰৰ বাংকীপুৰ নামৰ অঞ্চল এটা ৷ বাংকীপুৰৰ স্থানীয় বিধায়ক বাবলু পাণ্ডেৰ নিৰ্দেশ অমান্য কৰাৰ সাহস নকৰে বাংকীপুৰৰ আৰক্ষী তথা প্ৰশাসনে৷ ভায়েক ডব্লিউ পাণ্ডেৰ অপকৰ্মবোৰত বিনাদ্বিধাই সন্মতি প্ৰদান কৰে ক্ষমতাশালী বিধায়ক বাবলু পাণ্ডেই৷ ‘ চামান্থা প্ৰজেক্ট ’ নামৰ এক বণিক গোষ্ঠীয়ে