Sunday, 24 July 2016

কেৰ’লি টেকাছ-এটা প্ৰেৰণাদায়ী কাহিনী

কেৰ’লি টেকাছ-এটা প্ৰেৰণাদায়ী কাহিনী
----------------
'If you can't fly then run. If you can't run then walk.
If you can't walk,then crawl.
But whatever you do you have to keep moving forward.”-Martin luther king,Jr

কেৰ’লি টেকাছ নামেৰে এজন পিষ্টল শ্বুটাৰ আছিল ৷ লক্ষ্যভেদত অসাধাৰণ সাফল্য অৰ্জন কৰা, হাংগেৰীয়ান আৰ্মীৰ সুনিপুণ সৈনিক কেৰ’লিয়ে একাধিক ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত নিজ প্ৰতিভাৰ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই সকলোকে বিস্ময়াভিভূত কৰিছিল ৷ দেশবাসীৰ আন্তৰিক ইচ্ছা আছিল-১৯৪০ চনত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত কেৰ’লিয়ে নিজৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিব আৰু পিষ্টল শ্বুটিঙত সোণৰ পদক অৰ্জন কৰি বিশ্ব-দৰবাৰত হাংগেৰীৰ নাম জিলিকাব ৷ কেৰ’লিয়েও চেষ্টাত ক্ৰূটি কৰা নাছিল ৷ দীৰ্ঘদিনীয়া প্ৰশিক্ষণ আৰু অধ্যৱসায়ৰ বলত কেৰ’লিৰ দক্ষতা দুগুণে বাঢ়ি গৈছিল ৷ অ’তদিনে কঢ়িয়াই লৈ ফুৰা সপোনটোক বাস্তৱায়িত কৰিবলৈ কেৰ’লি যেন ব্যগ্ৰ হৈ উঠিছিল ৷ কেৰ’লিৰ সপোনটো দিঠকত পৰিণত হ’লনে !

১৯৩৮ চনত সংঘটিত হোৱা এটা অনাকাংক্ষিত ঘটনাই কেৰ’লিৰ জীৱনৰ গতি সম্পূৰ্ণ সলাই পেলালে ৷ আৰ্মিৰ প্ৰশিক্ষণ শিবিৰ এটাত কেৰ’লি প্ৰশিক্ষণৰত অৱস্থাত আছিল ৷ প্ৰশিক্ষণৰ মাজতেই গ্ৰেণেড এটা দলিয়াবলৈ যাওঁতে গ্ৰেণেডটো কেৰ'লিৰ হাততে ফুটি থাকিল ৷ যিখন হাতেৰে পিষ্টল চলাই কেৰ’লিয়ে সোণৰ পদক অৰ্জন কৰাৰ স্বপ্ন দেখি আহিছিল,শক্তিশালী গ্ৰেণেডৰ বিষ্ফোৰণে সেইখন হাত মুহূৰ্ততে বিক্ষত কৰি পেলালে ৷ এতিয়া কেৰ’লিয়ে কি কৰিব ! তেওঁৰ সমুখত দুটা বিকল্প-জীৱনৰ আকস্মিক দুৰ্ঘটনায়ে নিথৰ কৰি থৈ যোৱা সপোনটোক সাবটি জীৱনৰ বাকীছোৱা সময় হতাশা আৰু নিৰাশাৰ মাজত কটাই দিয়া ৷ অন্যথা ঘটনাবহুল জীৱনৰ অৱশ্যম্ভাৱিতাক স্বীকাৰ কৰি এই ঘটনাটো স্মৃতিৰ পৰা দলিয়াই দি অক্ষত অৱস্থাত থকা বাঁওহাতখনেৰে জীৱনৰ সপোনটোৰ পিচে পিছে দৌৰা ৷ কেৰ’লিয়ে কোনটো পথেৰে অগ্ৰসৰ হ’ল ?

এফালে আছে সম্ভাৱনা আনফালে আছে অনিশ্চয়তা ৷ জীৱনৰ এই কেঁকুৰিত অৱস্থান কৰি কেৰ’লিয়ে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো সাহসেৰে গ্ৰহণ কৰিলে ৷ দৃঢ় মনটোৱে তেওঁৰ বাঁওহাতখনত পিষ্টলটোক তুলি দিলে ৷ জনমানসৰ পৰা আঁতৰত থাকি কেৰ’লিয়ে দিন-ৰাত একাকাৰ কৰি পিষ্টল-চালনা চলাই গ’ল ৷ লক্ষ্য এটাই-লক্ষ্যত উপনীত হোৱা ৷ যিটো হাতেৰে কেৰ’লিয়ে আখৰ এটাকে লিখিব নোৱাৰিছিল,সেইখন হাতেৰে কেৰ’লিয়ে পিষ্টল চলাবলৈ আৰম্ভ কৰি দিলে ৷
বছৰজোৰা প্ৰশিক্ষণৰ সফল সমাপ্তিৰ পিছত কেৰ’লিয়ে ১৯৩৯ চনত প্ৰত্যাৱৰ্তন কৰিলে ৷ উপস্থিত প্ৰতিযোগীসকলৰ চকু কপালত উঠাই কেৰ’লিয়ে ৰাষ্ট্ৰীয় খেল সমাৰোহত অংশগ্ৰহণ কৰিলে ৷ গ্ৰেনেড-বিষ্ফোৰণত কেৰ’লিয়ে সোঁহাতখন হেৰুউৱাৰ দুসংবাদ তেওঁলোকে লাভ কৰিছিল ৷ তেওঁলোকে ভাবিছিল দেশৰ সৰ্বশ্ৰেষ্ঠ শ্বুটাৰ কেৰ’লিয়ে জীৱনত দুনাই পিষ্টল হাতত নলয় ৷ কিন্তু কেৰ’লি আছিল বেলেগ ধাতুৰে গঢ়া মানুহ ৷ কেৰ’লিৰ অসামান্য মনোবল আৰু দুৰন্ত ইচ্ছা-শক্তিৰ উজ্জ্বলতম নিদৰ্শনৰ স্বাক্ষুস প্ৰমাণ তেওঁলোকে লাভ কৰিলে,যেতিয়া বাওঁহাতেৰে পিষ্টল চলোৱা কেৰ’লিয়ে প্ৰতিযোগিতাখনত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিলে ৷

কেৰ’লি থমকি নৰ’ল ৷ প্ৰশংসা বুটলাত ব্যস্ত নাথাকি ১৯৪০ চনত হ’বলগীয়া অলিম্পিকৰ বাবে কেৰ’লিয়ে জোৰদাৰ প্ৰস্তুতি আৰম্ভ কৰিলে ৷ কিন্তু দুৰ্ভাগ্যৰ কথা, দ্বিতীয় বিশ্ব যুদ্ধৰ বাবে ১৯৪০ চনৰ অলিম্পিক স্থগিত হ’ল ৷ ক্ষন্তেক সময়ৰ বাবে নিৰাশাৰ বতাহজাক বলিছিল যদিও সেইয়া স্থায়ী নহ’ল৷ কেৰ’লিয়ে এইবাৰ ১৯৪৪ চনৰ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই গ’ল ৷ পিছে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাই এইবাৰৰ অলিম্পিককো গ্ৰাস কৰিলে ৷ কেৰ’লিৰ সপোনে এইবাৰো পূৰ্ণতা নাপালে ৷ আশাহত হৈছিল যদিও কেৰ’লিৰ ধৈৰ্যচ্যুতি নঘটিল ৷

১৯৪৮ চন ৷ লণ্ডন অলিম্পিক ৷ প্ৰতিযোগিতা আৰম্ভ হ’ল ৷ এইটো দিনৰ বাবেই যে কেৰ’লিয়ে অধীৰভাৱে অপেক্ষা কৰি আছিল ৷ বিশ্ববিজয়ী হোৱাৰ পৰমাকাংক্ষাৰে কে’ৰলি আগুৱাই গ’ল ৷ বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা পাকৈত নবীন শ্বুটাৰসকলৰ লগত বয়সৰ আঁচোৰ লগা ৩৮ বছৰীয়া কেৰ’লিয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ৷

সোণৰ পদক কাৰ হাতলৈ আহিল,জানেনে পাঠকসকল ? বাওঁহতীয়া কেৰ’লি টেকাছৰ হাতলৈ।কেৰ'লিৰ ডিঙিত অলিম্পিকৰ স্বৰ্ণৰ পদকে শোভা বৰ্ধন কৰিলে ৷ পিছে কেৰ’লি ইমানতো সন্তুষ্ট নহ’ল ৷ ৰৈ থাকিবলৈ যেন কেৰ’লিৰ সময় নাই ৷ ১৯৫২ চনৰ অলিম্পিকতো কেৰ’লিয়ে ভাগ ল’লে, আৰু সমগ্ৰ বিশ্ববাসীক স্তম্ভিত কৰি পুনৰবাৰ স্বৰ্ণৰ পদক অৰ্জন কৰিলে ৷
~~~~~~~~~~~~~~
সকলোখিনি থকাৰ পিছতো বহুতো মানুহৰ অভিযোগ আৰু অসন্তুষ্টিৰ তালিকাখন অসীম ৷ অজুহাতো অজস্ৰ ৷ জীৱনৰ স্বাভাৱিক ঘটনা এটাতে দিক্-বিদিক হেৰুৱাই দিশহাৰা হোৱা মানুহৰ সংখ্যা এইখন বিশ্বত তাকৰ নহয় ৷ পিছে এইখন পৃথিৱীতে কেৰ'লি টেকাচৰ দৰে এনে অসাধাৰণ মানুহো আছে-যিয়ে জীৱনৰ মোক্ষম আঘাতক জীৱনৰ এটা স্বাভাৱিক  অংশ হিচাপে গণ্য কৰি আঁকোৱালি লৈছে।সপোনৰ পিছে পিছে দৌৰি তেওঁলোক ক'ৰবাত উজুটি খাইছে,ক'ৰবাত পিছলি পৰিছে,অংগক্ষত হৈছে;কিন্তু তেওঁলোকৰ জীৱন- যাত্ৰা স্থবিৰ হোৱা নাই। দুদিন দেৰিকৈ হ'লেও
এইসকল স্বপ্নাতুৰৰ মুখত সাফল্যৰ হাঁহি জিলিকি উঠিছে।  অপৰিসীম মনোবল আৰু অকল্পনীয় ধৈৰ্যৰ পৰিচয় দি তেওঁলোকে অতিক্ৰম কৰিছে এটাৰ পিছত আনটো জীৱনৰ পথ ৷ কাৰণ আগুৱাই যোৱাটোৱেই তেওঁলোকৰ জীৱনৰ একমাত্ৰ লক্ষ্য।