Posts

Showing posts from September, 2016

প্ৰত্যাখ্যানৰ উপকাৰিতা আৰু অৰুণাভ কুমাৰ

Image
“Ideas are like viruses. When experimented with and executed well, they infect people and spread like contagious fever.” অনন্য-অগতানুগতিক চিন্তাৰে সমৃদ্ধ হৈ খুব কম সময়ৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষতম বিন্দুত অৱস্থান কৰিবলৈ সমৰ্থ হোৱা “দা ভাইৰেল ফিভাৰ” (The Viral Fever; TVF) নামৰ ইউ টিউব চেনেলৰ ব্যক্তিগত ৱেবচাইটত উক্ত কথাখিনি ( www.tvfmedialabs.com ) লিখা আছে ৷ ব্যতিক্ৰমী ৱেবপৃষ্ঠাখনৰ মনোগ্ৰাহী কাৰুকাৰ্যতেই তেওঁলোকৰ চিন্তাৰ কিছু আভাস পাব পাৰি ৷   ইউ টিউবৰ দৰ্শকৰ বাবে ‘দা ভাইৰেল ফিভাৰ’ (টিভিএফ) এটা নতুন নাম নহয়৷ আই আই টি খড়্গপুৰৰ প্ৰাক্তন ছাত্ৰ, আমেৰিকাৰ বায়ুসেনাৰ পৰামৰ্শদাতাৰ কাম কৰিবলৈ সুযোগ পোৱা,বিহাৰৰ যুৱক অৰুণাভ কুমাৰে শ্বাহৰুখ খানৰ ৰেড ছিলিছ এণ্টাৰটেইনমেণ্টৰ অধীনত ফাৰাহ খানৰ লগত সহযোগী পৰিচালক হিচাপে কাম কৰিছিল ৷ তাৰ পিছত তেওঁ জনপ্ৰিয় মিউজিক চেনেল এম টিভিত এটা অনুষ্ঠানত “জিনিয়াছ ডায়েৰী” অনুষ্ঠান এটাৰ নিৰ্মাণ কৰিছিল ৷ কিন্তু তেওঁ কামটোত সন্তুষ্টি নাপালে৷ তেওঁ যেনেকুৱা এটা অনুষ্ঠান কৰিব বিচাৰিছিল, এম টি ভি চেনেলটোৱে তেওঁক সেইটো কৰিবলৈ অনুমতি দিয়া নাছিল৷ অৰুণাভে ব্