Posts

গুণৰ বাবে সংখ্যাও দৰকাৰী

Image
চিত্ৰকৰ আৰু ভাস্কৰ্যশিল্পী পাবলো পিকাছোৰ মুঠ সৃষ্টিৰ সংখ্যা ১,৪৭,৮০০৷ তাৰে ১৩,৫০০ খন চিত্ৰ৷ কবি এমিলি ডিকিনছনে জীৱনত লিখা মুঠ কবিতাৰ সংখ্যা প্ৰায় ১,৮০০ ৷ চৈয়দ আব্দুল মালিকৰ বিশাল সৃষ্টিৰাজিত প্ৰায় ২,০০০ গল্প, ৭০খনতকৈও উপন্যাস অন্তৰ্ভুক্ত৷ সংখ্যাৰ ফালৰ পৰা ড০ ভূপেন হাজৰিকাৰ সৃষ্টিও কম নহয়৷ তেখেতে শতাধিক গীত লিখিছে, ৰচিছে, সুৰ কৰিছে৷ হীৰুদাইও লিখিছে বহুসংখ্যক কবিতা৷ সৃষ্টি একোটা উৎকৃষ্টতাৰ শাৰীত তেতিয়াহে উপনীত হয়, যেতিয়া তাৰ লগত 'অভ্যাস' জড়িত হৈ থাকে৷ আৰু বহুক্ষেত্ৰতে 'অভ্যাস'ৰ এটা সমাৰ্থক হৈছে -'সংখ্যা'৷ অৰ্থাৎ এগৰাকী ব্যক্তিয়ে কিমান সৃষ্টি কৰিছে? কেতিয়াবা একোটা 'শ্ৰেষ্ঠ সৃষ্টি'ত উপনীত হ'বলৈ কেবাটাও ভাল/কম ভাল/সাধাৰণ পৰ্যায়ৰ সৃষ্টিৰ পৰ্যায় অতিক্ৰম কৰিবলগীয়া হয়। অৰ্থাৎ চাবলৈ গ'লে, শ্ৰেষ্ঠত্বও এক পৰ্যায়ক্ৰমিক অনুশীলনহে। আমাৰ কিছুসংখ্যক আলোচনাত 'সংখ্যাগত দিশ'টোক নেতিবাচক দৃষ্টিৰে চায়৷ কিছুসংখ্যকে সংখ্যাগত দিশতকৈ গুণগত দিশটোকহে অগ্ৰাধিকাৰ দিয়ে৷ কিন্তু, সমালোচনাৰ এই ধাৰণাটো সদায়েই শুদ্ধ নহয়৷ সংখ্যাগত দিশটো আচলতে সেই ব্যক্তিগৰাকীৰ অভ্যাস

সপোন নেদেখাকৈ থকাটো সম্ভৱনে?

Image
সন্দীপ মহেশ্বৰীৰ ভিডিঅ'সমূহৰ পৰা (বিশেষকৈ তেখেতৰ দ্বিতীয়টো চেনেল "আধ্যাত্মিকতাবাদ"ৰ) মই কিছুমান কথা জানি উপকৃত হৈছোঁ৷ কিন্তু প্ৰিয় ব্যক্তিজনৰ দুই-এক সিদ্ধান্তৰ বৈজ্ঞানিক ভিত্তিটো ত্ৰুটিমুক্ত নহয় ৷ তেখেতৰ এটা ছিৰিজ প্ৰেক্টিকেল ছাইক'লজিৰ পাঁচটা খণ্ড চাইছিলোঁ৷ ছিৰিজটোৰ "হোৱাট ইজ ইগো" নামৰ খণ্ডটিৰ শেষৰফালে সন্দীপ মহেশ্বৰীয়ে কোৱা কথা এষাৰৰ সাৰাংশ এনেধৰণৰ-"মানুহ যদি বিষয়-বাসনা আৰু অৱদমিত প্ৰত্যাশাৰ পৰা মুক্ত হ'ব পাৰে, তেন্তে মানুহে সপোনো নেদেখা হ'ব৷ কাৰণ সপোন হৈছে মানুহৰ অৱচেতন মনৰেই বহিঃপ্ৰকাশ৷" এই কথাটো সন্দীপ মহেশ্বৰীয়ে বৰ আত্মবিশ্বাসেৰে ক'লে যদিও তেখেতৰ সপোন-সম্বন্ধীয় এই তত্ত্বটো গণ্ডগোলীয়া৷ ইয়াৰ আঁৰত থকা কাৰণটো হৈছে-তেখেত বিশিষ্ট বিজ্ঞানী ছিগমন ফ্ৰয়দৰ (ক) "অৱদমিত আকাংক্ষা" আৰু (খ) সপোনৰ উৎপত্তি হৈছে মানুহৰ সুপ্ত আশা পূৰণৰ বাবে" শীৰ্ষক ধাৰণা দুটাৰ দ্বাৰা প্ৰভাৱিত৷ পিছে আমোদজনকভাৱে, ১৯৫০-৬০ চনৰ পৰা বিকশিত হোৱা নিদ্ৰা বিজ্ঞানৰ নানানটা উদ্ঘাটন আৰু পৰৱৰ্তী পৰ্যায়ৰ এম-আৰ-আই স্কেনত উন্মোচিত হোৱা মগজুৰ সম্পৰীক্ষাসমূহে ছিগমন ফ্ৰয়

শক্তিশালী শত্ৰুৰ বাবে শক্তিশালী কৌশল

Image
আফ্ৰিকাৰ অৰণ্যত সততে দৃষ্টিগোচৰ হোৱা চিতা বাঘ পৃথিৱীৰ ভিতৰতে এটা দ্ৰুতবেগী জন্তু হিচাপে পৰিগণিত৷ একোটা চিতা বাঘে ঘণ্টাত প্ৰায় ৮০-১২০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে৷ ৩-৫ ছেকেণ্ডৰ ভিতৰতে চিতা বাঘে ৫০-৬০ মাইল প্ৰতি ঘণ্টাৰ বেগত উপনীত হ'লেও আচৰিত হ'বলগীয়া কথা নহয়৷ এনেকুৱা এটা চিতা বাঘে যেতিয়া চৰি থকা হৰিণৰ জাক এটা দেখে, তেতিয়া পিছে চিতা বাঘটোৱে ততালিকে জাকটোক আক্ৰমণ নকৰে৷ সি চোপ লৈ থাকে৷ জাকটোৰ চকুত নপৰিবলৈ অহোপুৰুষাৰ্থ কৰে৷ দ্বিতীয়তে, বাঘটোৱে হৰিণৰ জাকটোৰ ভিতৰত থকা সবাতোকৈ দুৰ্বল হৰিণটোক চিনাক্ত কৰিবলৈ প্ৰয়াস কৰে৷ সৰু, চাপৰ, দুৰ্বল, বেমাৰী, লেহুকা হৰিণ এটাৰ সমুখত অকস্মাতে উপস্থিত হৈ তাক নিজৰ আহাৰ হিচাপে গ্ৰহণ কৰাটোৱেই বাঘটোৰ লক্ষ্য৷ পিছে শক্তিশালী শত্ৰু বাঘৰ এই কৌশলবোৰ হৰিণেও বুজি পায়৷ বহুশতিকাজোৰা চিকাৰ-চিকাৰীৰ খেলখনৰ অন্তত, আৰু বাঘৰ নানানটা কৌশল দেখি-শুনি হৰিণে নিজাববীয়াকৈ কিছুমান কৌশল সৃষ্টি কৰি লৈছে৷ তেনে এটা কৌশল হৈছে-' Stotting' ৷ হৰিণটোৱে যেতিয়া চোপ লৈ থকা বাঘটোক দূৰৈত দেখা পায়, তেতিয়া হৰিণটোৱে চাৰিওটা ঠেং শূন্যলৈ দাঙি থকা ঠাইতে জাঁপ কেইটামান মাৰে৷ বহু ওপৰলৈ মৰা

প্ৰাক্‌-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস

Image
অসমৰ অৰ্থনৈতিক ইতিহাসৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি সততে মুখামুখি হোৱা এটা গুৰুতৰ সমস্যা হৈছেঃ তথ্যৰ অনুপলব্ধতা। যাৰ বাবে অসমৰ অৰ্থনৈতিক ইতিহাস সম্বন্ধে এতিয়ালৈকে একাধিক গ্ৰন্থ লিখা হৈছে যদিও তাৰে একাংশ গ্ৰন্থত সিদ্ধান্তসমূহ নিৰূপিত হৈছে এক আৱেগিক আৰু একপক্ষীয় দৃষ্টিকোণৰ পৰা। আন এটা দুৰ্বলতা হৈছেঃ 'আন্তঃবৈষয়িক অধ্যয়ন' হিচাপে বিবেচিত অৰ্থনেতিক ইতিহাসত ভৌত সংস্কৃতিৰ (Material Culture) দিশটোৰ আলোচনা প্ৰায়েই উপেক্ষিত। অথচ এনেধৰণৰ কেন্দ্ৰীভূত বস্তুনিষ্ঠ আলোচনাইহে জাতিগত কৰ্ম-সংস্কৃতি আৰু থলুৱা ঐতিহ্যৰ এক পোনপটীয়া ইংগিত বহন কৰিব পাৰে। অৱশ্যেই কিছুমান অধ্যয়নত প্ৰযুক্তিগত সীমাবদ্ধতাও এক মুখ্য কাৰণ হৈ পৰে।তেনে এক পৰিপ্ৰেক্ষিতত আমি আমাৰ এৰি অহা সময়ৰ তথ্যসমৃদ্ধ আৰু যুক্তিসন্মত চৰ্চা বিচাৰি হাবাথুৰি খাবলগীয়া হয়। হেনসময়তে হাতত আহি পৰিল 'প্ৰাক্‌-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস'। লেখক ড° ৰক্তিম ৰঞ্জন শইকীয়াৰ দুই-এক প্ৰবন্ধ ইতিমধ্যে সাতসৰীত পঢ়িছিলোঁ। বিশেষকৈ 'অসমৰ স্বৰ্ণ উৎপাদন' শীৰ্ষক প্ৰবন্ধটোৰ জৰিয়তে কিছুমান নতুন কথা জনাৰ সুযোগ পাইছিলোঁ। শেহতীয়াকৈ প্ৰ

পৰিচিতিয়ে সঁচাকৈয়ে অৱজ্ঞাৰ সৃষ্টি কৰেনে?

Image
সাতবছৰমানৰ আগতে, হোমেন বৰগোহাঞি দেৱৰ এটা বিশেষ প্ৰবন্ধত ' Familiarity breeds contempt ' নামৰ ব্যাকাংশ পাইছিলোঁ। অৰ্থাৎ, একেধৰণৰ মানুহ, বিষয়, চৰ্চাত দীৰ্ঘদিনলৈকে জড়িত হৈ থাকিলে এসময়ত সেই বিষয়বস্তুৰ প্ৰতি অনীহাৰ সৃষ্টি হয়। অৰ্থাৎ পৰিচিতিয়ে অৱজ্ঞাৰ জন্ম দিয়ে। এইটো আছিল এটা জনপ্ৰিয় প্ৰবচন-যাৰ লগত মোৰ তেতিয়ালৈকে পৰিচয় হোৱা নাছিল।  লেখাটোত নিজৰ ব্যক্তিগত জীৱনৰ উপলব্ধিৰে যু্ক্তিসহকাৰে বৰগোহাঞিদেৱে ব্যাখ্যা কৰা এই কথাষাৰৰ গভীৰতাত ইমানেই আপ্লুত হৈ পৰিলোঁ যে কথাষাৰ মন-মগজুৰ গুৰিত নি গপচত বহুৱাই থ'লোঁ। আত্মপক্ষৰ সমৰ্থনতো এটা 'সাংঘাতিক' সামাজিক প্ৰসংগ পাই গ'লোঁ।  অসমৰ বহু বিজ্ঞানৰ ছাত্ৰই পৰৱৰ্তী সময়ত লেখা-মেলা কৰি সাহিত্যিকৰ মৰ্যাদা লাভ কৰে যদিও তেওঁলোকে নিজৰ সাহিত্যিক জীৱনত বিজ্ঞানধৰ্মী বিষয়ক নিজৰ লেখাৰ মাধ্যম হিচাপে নিৰ্বাচিত নকৰে। কাৰণ হৈছে 'পৰিচিতিয়ে সৃষ্টি কৰা অৱজ্ঞা'। এটা 'সাংঘাতিক' উদাহৰণঃ ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ।  ভালেমান বছৰ এই চিন্তাটোক মূৰত সুমুৱাই ৰাখিলোঁ। এই প্ৰবচনটি অসত্য বুলি দাবী কৰিব বিচৰা নাই। ক'ব খোজা হৈছেঃ প্ৰসংগ আৰু প

বিশেষজ্ঞৰো ভুল হ'ব পাৰে

Image
আমেৰিকীয় প্ৰাণীবিজ্ঞানী থিঅ'ফিলাছ পেইণ্টাৰ । ক্ৰ'ম'জমৰ গঠন-তত্ত্ব আৰু তাৰ কাৰ্য-প্ৰণালীৰ বৈজ্ঞানিক অনুসন্ধান কৰি পেইণ্টাৰ সেইসময়ত জনাজাত হৈছিল। ১৯২৩ চনত পেইণ্টাৰে নিজা চৰ্চাৰে মানৱ দেহত ক্ৰ'ম'জ'মৰ সংখ্যা ২৪যোৰ বুলি ঘোষণা কৰিলে। পেইণ্টাৰ আছিল সেইসময়ত এগৰাকী জনপ্ৰিয় ব্যক্তি। গতিকে জনপ্ৰিয় বিজ্ঞানী এজনে দেখুৱাই দিয়া পথৰেই সমকালীন বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰি গৈ থাকিল আৰু পৰৱৰ্তী ৩০ টা বছৰলৈকে মানৱ দেহত ক্ৰম'জ'মৰ সংখ্যা ২৪যোৰ বুলিয়েই চৌদিশে প্ৰচাৰিত হ'ল। পাঠ্যপুথিত ছবিসহ ত্ৰুটিপূৰ্ণভাৱে লিখিত হ'ল। পিছে ১৯৫৬ চনত কোষ আৰু ক্ৰ'ম'জমৰ বিষয়ে গৱেষণা কৰা ইণ্ডোনেছিয়ান বংশোদ্ভূত বিজ্ঞানী ছাইট'জেনেটিচিষ্ট জ' হিন জিঅ 'ৱে অত্যাধুনিক আহিলাৰে নিৰীক্ষণ কৰি সকলোকে স্তম্ভিত কৰি দেখুৱাই দিলে যে, মানৱ দেহত ২৪যোৰ নহয়, ২৩যোৰহে ক্ৰ'ম'জম আছে। ১৯৫৬ চনত জ'ৱে ছুইডেনৰ উদ্ভিদ বিজ্ঞানী আৰু জীনতত্ত্ববিদ এলবাৰ্ট লেভানৰ লগত যৌথভাৱে এইবিষয়ে নিজৰ গৱেষণা প্ৰকাশ কৰি আনুষ্ঠানিক স্বীকৃতি পালে। লেভানৰ গৱেষণাগাৰতে জ'ৱে নিজৰ যুগান্তকাৰী আৱ

শিক্ষকসমাজৰ বিবেচনামৰ্মে আগবঢ়োৱা দুটামান চিন্তা

Image
উপদেশ বা পৰামৰ্শ নহয়। নতুন সময়ৰ নতুন শিক্ষকসমাজৰ বিবেচনামৰ্মে আগবঢ়োৱা দুটামান চিন্তাহে৷ দুটামান প্ৰস্তাৱৰ বাহিৰে বাকীসমূহ কথা প্ৰাথমিকৰ পৰা দশম শ্ৰেণী পৰ্যন্ত প্ৰযোজ্য৷ (১)কাহিনীধৰ্মী উপস্থাপনঃ শিক্ষকসকলে কিছুমান ধাৰণা কাহিনীৰ‌ শৈলীৰে শিক্ষাৰ্থীসকলৰ সমুখত উপস্থাপন কৰিলে শিক্ষাৰ্থীসকলৰ বুজিবলৈ সহজ হয় আৰু ধাৰণাটোৰ গভীৰতাও সহজেই উপলব্ধি হয়। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা চিনাকি সামগ্ৰী বা উপকৰণৰ আধাৰত এটা উপমা, Analogy ব্যৱহাৰ কৰিও পাঠৰ জটিলতা হ্ৰাস কৰিব পাৰি। (২) ইংৰাজী কথনঃ ইংৰাজী পাঠৰ পাঠদান কৰোঁতে শিক্ষক-শিক্ষয়িত্ৰীসকলে ইংৰাজী ভাষাতে কথোপকথন আগবঢ়াই নিব লাগে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ ইংৰাজী কথনশৈলী উন্নত হ'ব। আছাম ট্ৰিবিউনৰ বাতৰিবোৰ মাজে-সময়ে শিক্ষাৰ্থীৰ লগত আলোচনা কৰিব লাগে৷ (৩) অভিধান পঠনঃ শিক্ষাৰ্থীসকলক অভিধানত শব্দ-সন্ধান কিদৰে কৰিব লাগে-তাৰ এক সম্যক ধাৰণা দিয়াটো আৱশ্যক। দৈনিক কমেও দহটা নতুন শব্দ (ইংৰাজী আৰু অসমীয়া) শিকিবলৈ আৰু তাৰ প্ৰয়োগ তথা অৰ্থটো আয়ত্বাধীন কৰিবলৈ প্ৰয়োজনীয় দিহা দিলে শিক্ষাৰ্থীৰ শব্দ-সম্ভাৰ টনকিয়াল হ'ব। (৪) বিজ্ঞানমুখী দৃষ্টিভংগীঃ কিতা