অভিসন্ধি


অভিসন্ধি
মূলঃ ‘ছাজিশ’ (জাভেদ আখতাৰ) 
অনুবাদ-ভাবানুবাদঃঈশান জ্যোতি বৰা


মোৰতো এনে লাগিছে যেন
কোনোবাই এয়া অভিসন্ধিহে ৰচনা কৰিছে;
মোৰতো এনে লাগিছে যেন
কোনোবাই এয়া অভিসন্ধিহে ৰচনা কৰিছে;
যে,শব্দৰ লগত অৰ্থৰ যি সম্পৰ্ক-
তাক যিমান পাৰি,দুৰ্বল কৰি পেলোৱা ৷
যাতে প্ৰতিটো শব্দই হৈ পৰক
একোটা অৰ্থহীন আৱাজ৷
তাৰপিছত  
সেই আৱাজবোৰক
এনেদৰে একাকাৰ কৰি পেলোৱা,
  এনেদৰে মিহলাই পেলোৱা,
যাতে এক কোলাহলে মূৰ দাঙি উঠে ৷
  সেই কোলাহলে এনেকুৱা এক তমসাৰ সৃষ্টি কৰিব
যে শব্দচ্যুত আটাইবোৰ বোবা প্ৰসিদ্ধিয়ে
দিক্-বিদিক হেৰুৱাই পেলাব;
নিৰুদ্দিষ্ট হৈ,পথ বিচাৰোঁতে
সময়ৰ গাঁতত সোমাই
সিহঁতে শেষ নিশ্বাস ত্যাগ কৰিব৷
তাৰপিছত বজাৰলৈ উলটি অহা
সেই ফোপোলা শব্দবোৰ
নিঃসহায় একোটা গোলামৰ দৰে বিক্ৰী হৈ যাব ৷
এই গোলামবোৰে সিহঁতৰ মালিকৰ
এটা মাথোন নিৰ্দেশত
এনেদৰে আক্ৰমণ কৰিব
যে চিন্তাৰ প্ৰতিটো অট্টালিকা
ধাৰণাৰ প্ৰতিটো ভৱন
আৱেগৰ প্ৰতিটো কাঁচঘৰেই
 চূৰ্ণ-বিচূৰ্ণ হৈ যাব ৷
মনৰ অলিয়ে-গলিয়ে,চাৰিওফালে এতিয়া
এনে একধৰণৰ বিশৃংখলতায়েই
প্ৰকট হৈ উঠিছে ৷
মোৰতো এনে লাগিছে যেন
কোনোবাই এক অভিসন্ধিহে ৰচনা কৰিছে ৷
কিন্তু কোনোবা এজন আছে,
যিয়ে মোক কয়,যে-
হয়৷ আছে,
আজিও এনে নিষ্ঠাৱান ৰূপকাৰ আছে,
যিয়ে অৰ্থক এইদৰে বাক্‌হীন
আৰু শব্দক এইদৰে নিলাম হোৱাৰ পৰা ৰক্ষা কৰে ৷
 এতিয়াও এনে বিৱেকৱান কোনোবা আছে
যিয়ে চিন্তাক,
আৱেগবোৰক,
নাইবা হৃদয়ৰ পৰা ওলোৱা প্ৰতিটো কথাক,
 এনে দুঃসহ সংকটৰ পৰা বচাই ৰাখে ৷
যদি এনে মানুহ ক’ৰবাত আছে,
তেন্তে ক’ত আছে ?
তেওঁলোক পৃথিৱীৰ য’তেই আছে,
পৃথিৱীৰ যিটো চুকতেই আছে,
তেওঁলোকক এইটো কথা কৈ দিয়া যে,
শব্দ আৰু অৰ্থক ৰক্ষা কৰিবলৈ
মাথোঁ কেইটামান মুহূৰ্তহে হাতত আছে ৷
মোৰতো এনে লাগিছে যেন
কোনোবাই এক অভিসন্ধিহে ৰচনা কৰিছে ৷
০০০০০০০
    

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা