তুলনা কৰাৰ আগতে

তুলনা কৰি থকাটো মানুহৰ এটা প্ৰবৃত্তিগত অভ্যাস৷ সামাজিক মনোবিজ্ঞান তত্ত্বত তুলনা মূলতঃ দুইধৰণৰ৷ ঊৰ্দ্ধমুখী তুলনা আৰু নিম্নমুখী তুলনা৷ এতিয়া কথা হ’ল-আমি কোনটোধৰণৰ তুলনা বেছিকৈ কৰোঁ? এটা উদাহৰণঃ এজন ল’ৰাই পৰীক্ষাত এশৰ ভিতৰত নবৈ নম্বৰ পালে৷ আবেলি হাতত বহীখন লৈ ল’ৰা ঘৰলৈ আহিল৷ অভিভাৱকে বহীখন হাতত ল’লে, কোনে কিমান নম্বৰ পাইছে সুধিলে আৰু তাক ক’লে-“তোতকৈ দেখোন পাঁচটা ল’ৰাই বেছি নম্বৰ পালে৷ বেয়া হৈছে, তোৰ পঢ়া-শুনা বেয়া হৈছে৷” এইটো ঊৰ্ধমুখী তুলনা৷ অৰ্থাৎ মানুহে যেতিয়া নিজৰ স্থিতিটোক তেওঁতকৈ উচ্চস্থানত থকা মানুহৰ লগত তুলনা কৰে, তেতিয়া তাক ঊৰ্দ্ধমুখী তুলনা বুলি কোৱা হয়৷ আনহাতে অইন

 এজন অভিভাৱকে সত্তৰ নম্বৰ লাভ কৰা ছাত্ৰজনৰ বহীখন চাই ক’লে-“ভাল হৈছে৷ তই শ্ৰেণীৰ বিশটা ল’ৰাতকৈ বেছি নম্বৰ পাইছ৷” এইটো হৈছে নিম্নমুখী তুলনা৷ যিটো তুলনাত মানুহে নিজৰ স্থিতিটোক তেওঁতকৈ নিম্ন স্থানত থকা মানুহৰ লগত তুলনা কৰে৷ এই দুয়োটা তুলনাৰে ভাল আৰু বেয়া দিশ আছে৷ যোগ দিব পাৰি যে-ঊৰ্ধমুখী তুলনাই মানুহৰ মনত ‘বিফলতা’ বা ‘বেজাৰ’ৰ ভাৱ এটা সৃষ্টি কৰে আৰু নিম্নমুখী তুলনাই আমাৰ মনত এটা ‘সাফল্য’ অথবা ‘সুখ’ৰ অনুভূতি সৃষ্টি কৰে৷ আকৌ বৰকৈ নিম্নমুখী তুলনাৰ দ্বাৰা প্ৰভাৱান্বিত হ’লেও মানুহৰ উৎপাদনশীলতা হ্ৰাস হয়৷ যিটো ঊৰ্দ্ধমুখী তুলনাত বাঢ়ে৷ কাৰণ ঊৰ্ধমুখী তুলনাত এটা প্ৰতিযোগিতামূলক ভাৱৰ সৃষ্টি হয়৷ কিন্তু আচল কথাটো হৈছে-এই তুলনা কৰাৰ প্ৰৱণতাটোৱে আমাৰ সিদ্ধান্ত-গঠনৰ সামূহিক প্ৰণালীটোত পক্ষপাতিতাৰ সৃষ্টি কৰে৷ ওপৰত আলোচনা কৰা দুইধৰণৰ অভিভাৱকৰ উপৰিও আৰু একধৰণৰ অভিভাৱক আছে বা থাকিব পাৰে৷ তেওঁ কি কৰিব? তেওঁ ঊৰ্ধমুখী আৰু নিম্নমুখী দুয়োটা তুলনায়েই বিবেচনা কৰিব আৰু এটা গঠনমূলক মন্তব্য আগবঢ়াব৷ যিটো মন্তব্যই সন্তানক নিৰুৎসাহিত নকৰাকৈয়ে আত্মবিশ্লেষণমুখী কৰি ৰাখিব৷ তেওঁ হয়তো ক’ব পাৰে যে-“পাঁচজন ল’ৰাই তোমাতকৈ বেছি নম্বৰ পাইছে৷ আনহাতে বিশজন ল’ৰাতকৈ তুমি বেছি নম্বৰ পাইছা৷ গতিকে তোমাৰ প্ৰদৰ্শন বহুততকৈ ভাল৷ মোৰ বিশ্বাস আছে, তুমি আৰু অলপ মনোযোগ দিলে আগৰবাৰতকৈ উন্নততৰ ফলাফল আগবঢ়াব পাৰিবা৷” এই মন্তব্যটোৰ ফলত সন্তানটিৰ মনত এটা সুস্থ প্ৰতিযোগিতামূলক ভাৱৰ সৃষ্টি হ’ব৷ ‘সুস্থ’ বুলি ক’লোঁ এইকাৰণেই যে-কিছুমান কথা-বতৰাই আমাৰ মনত শিশু অৱস্থাতেই জেদভাৱ, হিংসাপৰায়ণতাৰ বীজ ৰোপন কৰে৷ যিবোৰ বীজ পৰৱৰ্তী সময়ত এজোপা বৃহৎ গছলৈ ৰূপান্তৰিত হয় আৰু অনবৰতে আমাৰ মনটোৱে প্ৰতিযোগিতা কৰিবলৈ বিচাৰি ফুৰে৷ প্ৰতিযোগিতাত আগ বাঢ়িলে ভাল৷ পিছ পৰিলে আকৌ মানসিক অস্থিৰতা, মানসিক চাপ, উৎকণ্ঠা ইত্যাদি ইত্যাদিৰ জালত আবদ্ধ হওঁ৷

সাৰাংশ- (১) ঊৰ্ধমুখী আৰু নিম্নমুখী তুলনাৰ মাজত এক সমন্বয় বা সন্তুলন স্থাপন৷ 

        (২) ‘প্ৰতিযোগিতা’ৰ লগতে পাৰস্পৰিক সহযোগিতাৰ ধাৰণাটোও গঢ় দিবলৈ চেষ্টা৷        

(৩) ইতিবাচক/নেতিবাচক মন্তব্যৰ বিপৰীতে সত্যৰ ওপৰত প্ৰতিষ্ঠিত, গঠনমূলক আৰু উৎসাহমিশ্ৰিত মন্তব্য কৰাৰ অনুশীলন৷   


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা