প্ৰথমটো গল্প আৰু আঁৰৰ কাহিনী

গল্পটোৰ লগত সংলগ্ন হোৱা ছবিখন

[আগকথাঃ ২০০৯-১০ চনৰ কথা৷ ডন বস্ক'ত অভিযান্ত্ৰিক-শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে, তৃতীয় ষান্মাষিকত আমাক গণিত পঢ়োৱা ড০ অনুৰাধা মে'মে মহাবিদ্যালয় আলোচনীৰ বাবে লিখা-মেলা কৰিবলৈ ক্লাছৰ সকলোকে অনুৰোধ কৰিলে৷ অনুৰাধা দেৱী মে'ম আছিল গণিত বিভাগৰ মুৰব্বী, কলেজৰ অন্যতম জ্যেষ্ঠ অধ্যাপক৷ উদ্যমী, যোগাত্মক দৃষ্টিভংগীৰ মৰমীয়াল মানুহ৷ অৱশ্যে মে'মৰ মাতৃসুলভ খং এটাও আছিল৷ বৰ্তমান তেখেত ৰয়েল ইউনিভাৰ্ছিটিৰ গণিত বিভাগৰ ডিন৷ যি কি নহওক; সেই ঘোষণাৰ ঠিক কেইমাহমানৰ পূৰ্বে 'প্ৰান্তিক'ৰ পত্ৰালাপ শিতানত মোৰ প্ৰথমটি লেখা (নৌ স্মকিং) প্ৰকাশিত হৈছিল-যিটো লেখা মে'মেও পঢ়িছিল৷ (সেইটো জীৱনৰ আন এটা সুখপূৰ্ণ মুহূৰ্ত৷ পাছত লিখিম৷) বোধহয় সেই নাতিদীৰ্ঘ লেখাৰ ওপৰত নিৰ্ভৰ কৰিয়েই মে'মে মোক চিধাই আদেশ দিয়াদি ক'লে-"ঈশানে গল্প এটা লিখিবা৷" মে'মৰ কথা শুনি মই কেইছেকেণ্ডমান হেহোঁ-নেহোঁকৈ থাকিলোঁ৷ কি ক'ম-কি নক'ম একো ধৰিব নোৱাৰি শেষত মূৰটো দোৱাই 'হ'ব মেম' বুলি কৈ থৈ দিলোঁ৷ কাৰণ, ইয়াৰ আগলৈকে জীৱনত গল্প লিখি পোৱা নাই৷ প্ৰকাশ হ'লে এইটোৱেই হ'ব মোৰ প্ৰথম গল্প৷ সিপিনে মে'মৰ আদেশৰ বিৰোধিতা কৰিবলৈও শক্তি গোটাব নোৱাৰিলোঁ৷  ক'বলৈ গ'লে এক মিশ্ৰিত অনুভূতিৰ লগত সহাৱস্থান কৰিলোঁ আৰু গল্প-লিখনৰ পূৰ্বে কিছু উৎকণ্ঠা, অনিশ্চয়তা আৰু সামান্য উদ্যমৰ দ্বাৰা পৰিচালিত হ'লোঁ৷  দুদিনমানৰ পিছত মোৰ গল্প-প্ৰয়াস আৰম্ভ হ'ল৷ কাগজ-কলম উলিয়াই কিছুবেলি ভাবি বাক্য-শব্দ জোৰা লগাবলৈ ধৰিলোঁ৷ সময় হাতত বেছি নাই৷ গতিকে মগজুৰ ওপৰত প্ৰয়োজনাধিক হেঁচা পৰিল৷  হেঁচা দিওঁতে দিওঁতে "পলিটিকেল ছেটায়াৰ"ৰ নিচিনা কিবা এটা যেনিবা হ'লগৈ৷ (মন কৰিব-গল্পটোৰ শ্ৰেণীভুক্ত এতিয়াহে কৰিছোঁ৷ তেতিয়া 'ছেটায়াৰ'ৰ ভূ-ভা একোকে নাপাওঁ৷) কটাকুটিৰ ফলত কেইবাখিলাও কাগজ নষ্ট হ'ল৷ শেষত পৰিষ্কাৰকৈ গল্পটোৰ সৰ্বশেষ ৰূপটো এখন কাগজত লিপিবদ্ধ কৰিলোঁ আৰু কলেজৰ কম্পিউটিং লেবত বহি তাক লিপ্ অফিচৰ জৰিয়তে ডিজিটেল ৰূপ দিলোঁ৷  কম্পিউটিং লেবৰ তত্ত্বাৱধায়ক তৃপ্তি মে'মেও টাইপ কৰাত ভালেমান সহায় কৰিলে৷ তেখেতো আলোচনীৰ লগত জড়িত আছিল৷ যি কি নহওক; মোৰ গল্পটোৰ নামটো দিছিলোঁ-'নিৰ্ব্বাচনী ধামাকা৷' অনুপ্ৰেৰণা যুগুৱা অনুৰাধা মে'মে গল্পটো 'বৰ ভাল হৈছে' বুলি শলাগিলে৷ তৃপ্তি মে'মেও প্ৰশংসা কৰিলে৷ গতিকে মোৰ আনন্দ মিলিল৷ ভাবি ল'লোঁ যে গল্পটো প্ৰকাশ পোৱাটো খাটাং৷ অৱশেষত সেয়াই হ'ল৷ মোৰ অনুমানক সত্য প্ৰমাণিত কৰি আলোচনীখনত মোৰ গল্পটোৱে স্থান লাভ কৰিলে৷ মনত দুগুণ উছাহ আৰু প্ৰাপ্তিৰ সুমিশ্ৰিত সুখানুভৱ৷ সেই অনুভৱকে অইন এক মাত্ৰা দিলে অণুবিদ্যুৎ আৰু যোগাযোগৰ ছাত্ৰ ঋষিকেশে৷ সি ল'ৰাটো বৰ ব্যতিক্ৰমী আছিল৷ একধৰণৰ দাৰ্শনিক মনোভংগীৰ, নিৰ্জু আৰু জুখি-মাখি কথা কোৱা ল'ৰা৷ পঢ়া-শুনাতো অত্যন্ত চিনচিয়েৰ৷ সিও আলোচনীৰ বাবে গল্প এটা লিখিছিল৷ বোধহয় গল্পটোৰ নাম আছিল 'অস্তাচলৰ বেলি'৷  আমাৰ আলোচনীখন ওলোৱাৰ দুদিনৰ পাছত প্ৰথম মহলাত তাৰ লগত মোৰ ভেটাভেটি হ'ল৷ মোক দেখা পাই সি সানন্দেৰে আগবাঢ়ি আহি সাবটি ধৰিলে৷ মই তাজ্জুৱ মানিলোঁ৷ বৰ উৎকণ্ঠিত হৈ সি মোক -"কি লিখিছ ৰে! বঢ়িয়া! মজা" -ইত্যাদি ইত্যাদি কেইবাটাও প্ৰশংসাসূচক শব্দ শুনাবলৈ ধৰিলে৷ মই সামান্য অপ্ৰস্তুত হোৱাৰ উপৰি ভাবুক হৈ পৰিলোঁ৷ আন্তৰিকতাপূৰ্ণ স্নেহৰ মহিমা চাগে৷ এই ঋষিকেশে লিখা গল্পটোৰ শিৰোনামটো যিমান শুৱলা, গল্পৰ লিখনশৈলীও সিমান পৰিপক্ক৷ গল্পটো পঢ়ি মই বৰ ভাল পাইছিলোঁ৷ ময়ো সেইকাৰণে ক'লোঁ-"তোৰ গল্পটোও বৰ বঢ়িয়া হৈছে৷ বিশেষকৈ নামটো!" সি 'নাই, নাই,মই গল্প লিখিয়েই পোৱা নাই আজিলৈকে' ইত্যাদি ইত্যাদি বাক্যৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে৷ তাৰপিছত আমি দুই-এটা বাক্য-বিনিময় কৰি এৰা-এৰি হ'লোঁ৷  বোধহয়, এইদৰেই জীৱনৰ এটা সজীৱ, ৰসপূৰ্ণ আৰু আপোন পৰিঘটনা, যাৰ নাম-'প্ৰথমটো গল্প'-তাৰ যৱনিকা পৰিল৷ কিন্তু পৰিঘটনাটোৰ আঁৰত থকা অনুৰাধা মেমৰ মৰম তথা অনুপ্ৰেৰণা, তৃপ্তি মে'মৰ উৎসাহ আৰু ঋষিকেশৰ আন্তৰিকতাপূৰ্ণ স্বীকৃতি মোৰ বাবে আজিও মনোবলৰ উৎস৷

 

২০১০ চনৰ ক্ৰিয়েজন আলোচনীত প্ৰকাশিত হোৱা মোৰ সেই গল্পটোৰে পূৰ্ণপাঠ তলত আগবঢ়ালোঁ৷   

                             নিৰ্ব্বাচনী ধামাকা 


....“ৰাইজ,আপোনালোকে চিন্তা নকৰিব৷ আপোনালোকৰ সকলো সুখ-দুখৰ সমভাগী হ’বলৈ মই সাজু আছোঁ৷ আপোনালোকৰ যিমানবোৰ ওজৰ-আপত্তি আছে, সকলোবোৰ খণ্ডন কৰিবলৈ মই চেষ্টা কৰিম৷ সেইবোৰ কৰিবৰ কাৰণে আপোনালোকে মাত্ৰ এটা সৰু কাম কৰি সহায় কৰিব লাগিব৷ আপোনালোকৰ বহুমূলীয়া ভোটকেইটা মোক, অৰ্থাৎ এই শ্ৰী নিত্য চৌধুৰীক দিব লাগিব৷ মোৰ মৰমৰ চেপাগাঁওবাসী ৰাইজ,অহা দহ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত নগৰবেৰা সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ৷ আপোনালোকে কেৱল মোক বিজয়ী কৰি তোলক আৰু আৰ্শীবাদ দিয়ক যাতে মই আপোনালোকৰ গাঁৱৰ ভৰপূৰ উন্নতি কৰিব পাৰো৷......”

চৌধুৰীৰ ভাষণ শেষ হ’বলৈ নাপালেই,ৰাইজৰ ‘নিত্য চৌধুৰী জিন্দাবাদ’,‘তগপ(তৰুণ গণ পৰিষদ)জিন্দাবাদ’ ধ্বনিৰে চেপাগাঁৱৰ আকাশ-বতাহ গৰম কৰি তুলিলে৷ হাত-চাপৰিও প্ৰায় পোন্ধৰমিনিট সময় চলি থাকিল৷ নিত্য চৌধুৰীয়ে বিভিন্নজনক বিভিন্ন আশ্বাস দি দি লাহে লাহে নিজৰ গাড়ীখনৰ ফালে আগবাঢ়ি গ’ল৷ তেওঁ আকৌ ধৰমপুৰ গাঁৱলৈকো যাব৷ তাতো হেনো শুনামতে বহুত মানুহ গোট খাইছে৷

১০ তাৰিখ,১৯৯৯ চন

লাহে লাহে নিৰ্বাচনৰ দিনটো আহি পালে৷ মানুহবোৰৰ তত নাই৷ যেন আবতৰীয়া বিহু এটাহে হৈছে৷ কাক ভোট দিব, কাক ভোট নিদিব, কোনে কিমান ভোটত জিকিব, কাৰ কাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব-আদি কথাবোৰে মানুহৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ নিত্য চৌধুৰীৰ কাম নাইকিয়া বেকাৰ পুত্ৰইয়ো এইছেগতে পুত্ৰধৰ্ম পালন কৰিবলৈ উঠিপৰি লাগিছে৷ নিত্য চৌধুৰীয়েও মাজতে আহি এবাৰ চেপাগাঁও ভোটিং চেণ্টাৰত ৰাইজক আৰু দুটামান আশ্বাসবাণী শুনাই থৈ গ’লহি৷ মানুহটোৰ বয়স যদিও পঞ্চাশৰ ওপৰত,কামবোৰ অৱশ্যে ডেকাল’ৰাৰ দৰেই৷  এইকেইদিন তেওঁৰ কৰ্মকাণ্ডবোৰ দেখি এনে লাগি আছে যেন চৌধুৰীৰ সমান সুস্থ-সবল মানুহ এই দুনীয়াত নাই৷ এয়া নিশ্চয় নিৰ্বাচনৰ যাদু৷

লাহে লাহে মানুহবোৰৰ ভোট দিয়া শেষ হ’ল৷ এতিয়া সকলোৰে চিন্তাৰ বিষয় হৈছে তেওঁলোকৰ হ’বলগীয়া বিধায়কক লৈ৷ পাৰিবনে বাৰু তেওঁ সকলোবোৰ দুখ দূৰ কৰিব ? ভাবিবনে বাৰু তেওঁলোকৰ দুখ-দুৰ্গতিৰ বিষয়ে৷

অৱশেষত ৰিজাল্টৰ দিনটো আহিল৷ আৰু প্ৰত্যাশিতভাৱেই নগৰবেৰা সমষ্টিৰ নতুন বিধায়ক নিত্য চৌধুৰীয়েই হ’ল৷  তেওঁ আগৰ বিধায়ক শ্ৰীৰমাকান্ত দাসক ৫০,০০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে৷ মানুহবোৰৰ বিৰাট আনন্দ৷ এইবাৰেহ যদি সমষ্টিটোৰ কিবা এটা উন্নতি হয়৷

চৌধুৰীৰ ঘৰত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷ চৌধুৰীও ব্যস্ত মানুহৰ লগত৷ তেওঁক মালা পিন্ধোৱা মানুহ ইমানেই হ’ল যে সেই মালাবোৰ থ’বলৈ চৌধুৰীয়ে ঘৰতে দুটা ডাষ্টবিনৰ ব্যৱস্থা কৰিব লগা হ’ল৷ চৌধুৰীৰ পত্নীৰ গাতো তৎ নাই৷ ওচৰ-চুবুৰীয়া ফুকননীহঁত আহোঁতে তেওঁলোকৰ লগতে এবাৰ বিহু দুপাকমানো নাচিলে৷ ঘৰৰ বাহিৰত মানুহৰ হুলস্থুল৷ ইজনৰ মাত সিজনে নুশুনা হৈছে৷ “ছাৰ! ছাৰ! এই দুখীয়াৰ ফালে এবাৰ চাব৷জানেই নহয় ছাৰ৷ ঘৰটো একেবাৰে হাউলি গৈছে৷ আপোনাৰ ওপৰতে ভৰসা৷ হাতত টকা ধন সকলো মাৰ ঔষধ কিনোতেই শেষ হ’ল৷ আপুনি ৰক্ষা কৰিলেহে এই দুখৰ পৰা পৰিত্ৰাণ পাম৷” মৃদুল বোলাটো আহি চৌধুৰীৰ একে ভৰিতে পৰিলহি৷ চৌধুৰীয়ে তাক উঠাই লৈ নিজৰ গলগলীয়া মাতটো উলিয়ালে “মিছামিছিকৈ টেনছন লৈ নাথাকিবি৷ মোৰ ওপৰত ভৰসা ৰাখ৷ চব ঠিক হৈ যাব বোপাই ৷”-কথাকেইটা শেষ কৰি চৌধুৰীয়ে মৃদুলৰ মুখত চাৰিআলিৰ দোকানৰ পৰা ৰাইজক খোৱাবৰ বাবে কিনা লালমোহনৰ টিঙটোৰ পৰা লালমোহন এটা ভৰাই দিলে৷  আকৌ এবাৰ ৰাইজৰ মাজত হুলস্থুল হ’ল৷ সকলোৰে ইচ্ছা চৌধুৰীৰ হাতেৰে মিঠাইৰ খোৱাৰ৷ চৌধুৰীয়ে কিমান মিঠাই খোৱাব !

মানুহবোৰৰ ভাগৰো লাগি আহিছিল৷ হাতে হাতে মিঠাইৰ টোপোলা লৈ সকলোৱে চৌধুৰীৰ পৰা বিদায় মাগিলে৷

সময়বোৰ আগুৱাই গৈ থাকিল৷ চৌধুৰী জিকাৰ চাৰি বছৰ হ’ল৷ চৌধুৰীৰ পৰিয়াল এতিয়া অসমত নাই৷ নিত্য চৌধুৰীৰ  এতিয়া দুখন ঘৰ৷ এখন দিল্লীত আৰু এখন নগৰবেৰাত৷ চৌধুৰীৰহে উন্নতি হ’ল, পিছে তেওঁৰ সমষ্ঠিৰ মানুহৰ অৱস্থা একেই থাকিল৷ চৌধুৰীয়ে নিজৰ কথা ৰাখিব নোৱাৰিলে৷ চেপানদীৰ ওপৰত বনাই দিম বুলি কোৱা দলংখন তেওঁ বনাই দিব নোৱাৰিলে৷ মৃদুলক ঘৰ দিব নোৱাৰিলে৷ ৰাইজে নিজৰ সুবিধাৰ কাৰণে নিজে এখন দলং বনাই ল’লে৷ বাঁহৰ দলং৷ মৃদুলৰ ঘৰটোও সি নিজেই বনাই ল’লে৷ ঘৰটোত এতিয়া তিনিটা প্ৰাণী ৷ মৃদুল,মৃদুলৰ ঘৈণীয়েক আৰু সিহঁতৰ ছবছৰীয়া ল’ৰা টিকলাই৷


খবৰটো প্ৰথমে গাঁওবুঢ়ায়েই পালে৷ নিত্য চৌধুৰী চেপাগাঁৱলৈ আহিব কাইলৈ৷ মানুহবোৰক গোট খাবলৈ দিছে গাঁৱত- নতুনকৈ স্থাপিত নামঘৰটোত৷ ইমান দুখৰ মাজতো মানুহবোৰে ক্ষীণ পোহৰ দেখা পালে৷ কিজানি কিবা এটা হয়েই৷ সকলোবোৰ আকৌ আগৰদৰে আঁচনি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিল৷ কাৰ কি প্ৰয়োজন,গাঁওখনৰ কি প্ৰয়োজন ইত্যাদি সমস্যাবোৰে আগস্থান পালে৷

নিত্য চৌধুৰী চৰকাৰী গাড়ীখনৰ ভিতৰৰ পৰা ওলাই আহিল৷ কিন্তু কি আচৰিত,নামঘৰৰ ভিতৰৰ পৰা এজনো ওলাই নাহিল তেওঁক আদৰণি জনাবলৈ৷ লাহে লাহে নিত্য চৌধুৰী গৈ নামঘৰৰ ভিতৰত তেওঁৰ কাৰণে থৈ দিয়া চকীখনত বহি ল’লে৷ মানুহজাকৰ মুখত এটা টু-শব্দ নাই৷ চৌধুৰীয়ে মাইকটোৰ ফালে চালে৷ পাঁচবছৰৰ আগৰ মাইকটোৱেই৷ মাইকটো হাতত লৈ নিত্য চৌধুৰীয়ে আৰম্ভ কৰিলে-

“ৰাইজ,যোৱা চাৰিবছৰে মই আপোনালোকৰ কাৰণে একো কৰিব নোৱাৰিলোঁ৷ হয়তো চৰকাৰৰ হেমাহিৰ বাবে৷ কিন্তু ৰাইজ,অহা বছৰত আকৌ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব৷ মইতো আছোঁৱেই আপোনালোকৰ প্ৰাৰ্থী৷ মই,ৰাইজ,এইবাৰ আপোনালোকক কথা দিছোঁ,মোক আপোনালোকে ভোট দিব,মই আপোনালোকক সকলোবোৰ দিম৷ ঘৰ,দলং,দোকান আৰু এই মাইকটোও সলনি কৰি দিম৷ মাত্ৰ ৰাইজ,আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক.....৷”

চৌধুৰীৰ কথা শেষ হ’বলৈ নাপালেই,এনেতে ক’ৰবাৰ পৰা এপাত ফটা চেণ্ডেল আহি তেওঁৰ মূৰতে পৰিলহি ৷ মানুহজাক হায়ৰাণ,চৌধুৰী যেন আকাশৰ পৰাহে খহি পৰিল৷ খন্তেকতে এক ডাঙৰ হুলস্থুলৰ সৃষ্টি হ’ল৷ ‘কোনে মাৰিলে,কোনে মাৰিলে চেণ্ডেল’-ৰাইজবোৰে ইফালে সিফালে ঘূৰি ফুৰিলে৷ তেনেতে সৰু ল’ৰা এটা নামঘৰৰ পৰা ওলাই বাহিৰলৈ দৌৰ মাৰিলে৷ ৰত্নেশ্বৰে গোটেই কাণ্ডটো লক্ষ্য কৰি আছিল৷ ল’ৰাটোৰ হাতত আৰু এপাত চেণ্ডেল৷ ‘সৌটো দেখোন মৃদুলৰ ছবছৰীয়া ল’ৰাটো৷’ বুলি ৰত্নেশ্বৰ কাইটিয়ে চিঞৰ মাৰিলে৷ কিন্তু বহুত দেৰি হৈ গ’ল৷ ল’ৰাটো গৈ ওচৰৰ হাবিডৰাৰ মাজত লুকালগৈ৷ চৌধুৰীয়ে লাজে-অপমানে ৰঙা পৰিল৷ তেখেতৰ ভাষণ সিমানতে অন্ত পৰিল৷ লগত অহা দাৰোগা কেইটাই তেওঁক গাত ধৰি নি গাড়ীৰ ভিতৰত সোমোৱালেগৈ৷ তেওঁক অলপ পানী খাব দিলে৷ বিধায়ক নিত্য চৌধুৰীৰ গাড়ীকেইখন লাহে লাহে যাবলৈ আৰম্ভ কৰিলে৷ মানুহবোৰো নামঘৰৰ পৰা লাহেকৈ আঁতৰি আহিল৷

পিছদিনাখন বাতৰিকাতত বৰ বৰ আখৰেৰে ছপা হৈ ওলাল-

‘নগৰবেৰা সমষ্ঠিৰ বিধায়কক এটি ছবছৰীয়া শিশুৰ চেণ্ডেলেৰে আক্ৰমণ৷’


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা