'শেষপৃষ্ঠা'ৰ পৰা


সৃষ্টিৰ দীপ্তি আৰু কৰ্মোদ্যমৰ সুষমাৰে অসমৰ সাহিত্য-সংস্কৃতি আৰু সামাজিক জগতখনক যিকেইগৰাকী স্বনামধন্য ব্যক্তিয়ে এক প্ৰেৰণাময় মাত্ৰা দিবলৈ সমৰ্থ হৈছিল, সেইসকলৰ ভিতৰত ড০ ভবেন্দ্ৰ নাথ শইকীয়া এটি চিৰস্মৰণীয় নাম৷ তেখেতৰ উপন্যাসোপম জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল 'প্ৰান্তিক'-যিখন পষেকীয়া আলোচনীয়ে যাত্ৰা আৰম্ভ কৰিছিল বিংশ শতিকাৰ নৱম দশকত৷ উদ্যোগ লৈছিল প্ৰদীপ বৰুৱাই৷ সম্পাদনাৰ দায়িত্ব দিয়া হৈছিল ড০ ভবেন্দ্ৰ নাথ শইকীয়াক৷ সম্পাদক হৈ থকাৰ কালতেই ড০ শইকীয়াই সমসাময়িক ঘটনাৱলী আৰু পৰিৱৰ্তনসমূহ নিজৰ সূক্ষ্মবোধ আৰু বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আলোকপাত কৰি এলানি লেখা লিখিছিল৷ বিশেষ শিতানটোৰ নাম আছিল 'শেষপৃষ্ঠা'৷ পৰৱৰ্তী পৰ্যায়ত কিতাপ আকাৰে প্ৰকাশিত হোৱা 'শেষপৃষ্ঠা'ৰ মুঠ খণ্ড হৈছিলগৈ চাৰিটা৷ বিগত বছৰ দুটাত 'শেষপৃষ্ঠা'ৰ সেই চাৰিওটা খণ্ড পঢ়ি উঠি মই অনুভৱ কৰিলোঁ-ছাৰৰ কিছুমান চিন্তা আৰু সিদ্ধান্ত আজিৰ তাৰিখতো সমানেই প্ৰযোজ্য হৈ আছে৷ আজিৰ অসমৰ সাংস্কৃতিক, সামাজিক আদি একাধিক দিশত 'শেষপৃষ্ঠা'ৰ তৰ্কাতীত প্ৰাসংগিকতা আৰু গুৰুত্ব আছে৷ সেয়েহে 'শেষপৃষ্ঠা'ৰ চাৰিওটা খণ্ডৰ পৰা মই কিছুমান বিশেষ চিন্তা টুকি ৰাখিলোঁ৷ ডকুমেণ্ট আকাৰে 'চেভ' কৰি ফাইলটোৰ নাম দিলোঁ-'শইকীয়া ছাৰৰ কথা'  এতিয়া  পঢ়ুৱৈৰ লগত ভগাই লোৱাৰ মানসেৰে তলত সেই সংগৃহীত উক্তিসমূহকে উল্লেখ কৰা হ'ল৷ উদ্দেশ্য এটাই-তেখেতৰ চিন্তা-উদ্ৰেককাৰী কথাসমূহৰ অন্তৰ্নিহিত বাৰ্তা যাতে আমি উপলব্ধি কৰিব পাৰোঁ আৰু নিজৰ লগতে আন দহজনৰ উপকাৰৰ বাবে তাক প্ৰয়োজনবিশেষে প্ৰয়োগ কৰিব পাৰোঁ৷

    যিটো কাৰণত পঢ়া-শুনা,কাম আদি বন্ধ হোৱাৰ নিচিনা গুৰুতৰ ঘটনা একোটা ঘটেসেই কাৰণটোৰ বিষয়ে আমাৰ সকলোৰে যথাযথ জ্ঞান থকাটো আমাৰ সুসংস্কৃতিৰেই সুপৰিচায়ক৷ তাৰ বিপৰীত অৱস্থাটো অসামাজিক,অসাংস্কৃতিক আৰু লজ্জাজনক৷ কিয় কাইলৈ স্কুল বন্ধ,কিয় আজি স্কুল হাফ,এইবোৰ কথা ছাত্ৰ-ছাত্ৰীক উপলব্ধি কৰোৱাটো দেখাত সৰু হলেও শৃংখলা,জ্ঞান আৰু সংস্কৃতিৰ দিশৰপৰা বৰ উপকাৰী৷ এই কাম কৰিবৰ বাবে ডাঙৰ আঁচনি নালাগে,ইয়াত টকা-পইচা-গ্ৰাণ্ট-ছেংছনৰ কথা নাই৷ কাইলৈ বন্ধ বা আজি হাফ’-এই ঘোষণা থকা জাননীখনতে বন্ধ বা হাফৰ কাৰণটো তিনিটামান বাক্যৰে,শুদ্ধভাৱে লিখি,সেইখিনিকে শ্ৰেণীত শিক্ষকে পঢ়ি শুনালেও অৱস্থাটো বহু উন্নত হয়৷ 

   কাইলৈ বিশ্বকৰ্মা পূজাৰ কাৰণে স্কুল বন্ধ থাকিব৷ পৰহিলৈ তোমালোক প্ৰত্যেকেই বিশ্বকৰ্মা পূজাৰ বিষয়ে দহটা বাক্যৰ ৰচনা একোখন লিখি আনিবা৷এনেকুৱা এটা ব্যৱস্থাৰ বিষয়েও ভাবিব পাৰি;কিন্তু আগেয়ে শিক্ষকসকলৰ ফালৰপৰা তিনিটামান বাক্য শুদ্ধকৈ কোৱাৰ ব্যৱস্থাটোৰ ওপৰত জোৰ দিয়াই ভাল৷ কাৰণ অমুক ঢুকালকাৰণে কাইলৈ স্কুল বন্ধ;কিন্তু অমুক নো কোন,সেই বিষয়ে শুদ্ধকৈ তিনিটা বাক্য লৰালৰিকৈ লিখি জাননী এখন তৈয়াৰ কৰাটো বহু স্কুলত এতিয়াও টান কাম হৈয়েই আছে;গতিকে কামটো স্কুল কতৃপক্ষৰ ফালৰ পৰাই আৰম্ভ কৰা ভাল৷

    আচলতে, যিমান জানেকিবা এটা পঢ়ি তাতকৈ বেছি জানিবলৈ চেষ্টা নকৰা,যিমান বুজে,লেখা এটা পঢ়ি তাতকৈ বেছি বুজিবলৈ চেষ্টা নকৰা,পঢ়াৰ সময়ত অতি সহজে কৌতূহল নিবৃত্ত কৰিবলৈ আৰু উপৰুৱা আনন্দ লাভ কৰিবলৈ ইচ্ছা কৰা পাঠককে বোধকৰো আমি কমন ৰিডাৰ বুলি ধৰি লওঁ৷ ভ্ৰাম্যমান থিয়েটাৰ,ছিনেমা আদিৰ ক্ষেত্ৰতো কমন অডিয়েন্স-সাধাৰণ পৰ্যায়ৰ দৰ্শকৰ কথাটোৰ প্ৰচলন বৰ বেছি৷ আৰু কমন ৰিডাৰৰ কাৰণে,কমন অডিয়েন্সৰ কাৰণে কিবা এটা দিয়া বা কৰাৰ চিন্তাটোৱে সাংস্কৃতিক আৰু বৌদ্ধিক দিশত আমাৰ এক ধৰণৰ অপকাৰ কৰি আছে৷

কমন মানুহ থাকিবই৷ কমন মানেই কমন৷ সাধাৰণ পৰ্যায়ৰ৷ কিন্তু কমন ৰিডাৰখিনি কিমান কমন,কমন অডিয়েন্সখিনি কিমান কমন,সি জাতিটোৰ মান(Standard) নিৰ্ণয় কৰে৷ অসমীয়া কমন ৰিডাৰ কিমান কমন ? অৰ্থাৎ তেওঁলোকৰ মগজৰ ওপৰত হেঁচা নপৰাকৈ তেওঁলোকে কিমান ওখ খাপৰ কথা বুজি পায় বা উপভোগ কৰে? কিমান তলখাপৰ কথাহে তেওঁলোকৰ বুদ্ধিমত্তাৰ লগত খাপ খায় ? এইবোৰ প্ৰশ্নৰ উত্তৰে অসমীয়া জাতিৰ বৌদ্ধিক আৰু সাংস্কৃতিক মান নিৰ্ণয় কৰিব৷ উদাহৰণস্বৰূপে,এটা জাতিৰ কমন ৰিডাৰ বীৰবল-আকবৰৰ গল্পৰ পৰ্যায়তে আছে বুলিলে সমগ্ৰ জাতিটো কিমান কমন সেই বিষয়ে আমি ধাৰণা কৰিব পাৰো৷

    ৰাজহুৱা ঠাইত ব্যক্তিগত সকলো যন্ত্ৰণা হেঁচা মাৰি ৰাখি,শান্ত,নম্ৰভাৱে আচৰণ কৰিব পৰা শক্তি আহৰণ কৰিব পাৰিলে এক নিৰ্মল আনন্দ পোৱা যায়৷ এজন মানুহক ভাল ব্যৱহাৰ কৰিলোঁ,এজন মানুহৰ বিষয়ে ভালকৈ কলো-এই ভাবটোৱে,এই কামটোৱে মনলৈ যে কি আনন্দ আনে,এনে কামে মনটো যে কিমান বহল কৰে,সেই উপলব্ধি এক ডাঙৰ সম্পত্তি৷

     কালচাৰেল ফাংছনৰ সত্ৰীয়া নৃত্যৰ অনুষ্ঠানে আপোনাৰ মন কিমান মুহিলে বা নুমুহিলে সেইটো যিমান ডাঙৰ কথা,আপোনাৰ বোৱাৰী-জীয়াৰীয়ে সন্ধিয়াৰ পাছত কিমান শান্তি আৰু আনন্দেৰে ৰভাতলীলৈকে এই বাটছোৱা অহা-যোৱা কৰিব পাৰিলে,সেইটোও সিমানে ডাঙৰ কথা ৷ এগৰাকী শিল্পীয়ে গভীৰ সাধনাৰে সংস্কৃতিৰ এটা উপাদান(ধৰি লওক লোকগীত) কিছু পৰিমাণে আয়ত্ত কৰি,গভীৰ নিষ্ঠাৰে শ্ৰোতাৰ সমুখত পৰিৱেশন কৰাটো যিমান ডাঙৰ কথা,কিমান কম শ্ৰোতাই সেইবোৰ বাদ দিয়ক,জিলেলে গাওকবুলি চিঞৰে,সেইটোও ডাঙৰ কথা৷

    এফালৰ পৰা চাবলৈ গলে বছৰৰ শেষ দিন নো কি ! ৩১ ডিচেম্বৰনো কি ! আশীৰ দশকনো কি ! এজন মহৎ মানুহৰ জীৱনৰ এটা দিনৰ পৰা সময়ৰ হিচাপ কৰিলেহে আমি এইবোৰ পাওঁ  ! তেনেকুৱা কত কেলেণ্ডাৰ মতে বছৰৰ কত শেষ দিন আছে ! আজিৰ দিনটোৰ বেলিওতো ডুবিল ৷  কোনোবা অজ্ঞাত কেলেণ্ডাৰ মতে আজিৰ দিনটোও চাগৈ বছৰৰ শেষ দিন ! আচলতে দিন আৰু ৰাতিৰ হিচাপেই আচল হিচাপ ৷  জীৱনৰ ৰুটিনৰ হেঁচাৰ কাৰণে যদি বিষণ্ণতা অনুভৱ কৰিব লাগে,তেনেহলে প্ৰতি দিনৰ বেলি ডুবাৰ সময়তেই সেই বিষণ্ণতা অনুভৱ কৰিব লাগে ৷ কি কৰিলো দিনটোত ? কৰিলোনে কিবা কামৰ কাম ? তেতিয়া বছৰৰো হিচাপ ওলায়,দশকৰো হিচাপ ওলায় ৷ নিজৰে এখন কেলেণ্ডাৰ প্ৰস্তুত হয় ৷ আৰু কি ঠিক- সেই কেলেণ্ডাৰেহে ওভোতাই জীৱনক মহৎ কৰিব পাৰে ৷

    বহু লোকে এই গুলী-বাৰুদ,তৰ্ক-বিতৰ্ক,অন্যায়-অনাচাৰৰ মাজতো ছবি আঁকি আছে,কবিতা লিখিছে,নাচিছে,গাইছে ৷ এওঁলোকৰ কামৰ কিমানখিনি জাতিটোৰ বাবে বৰঙণি হিচাপে পৰিগণিত হয়গৈ, সেইটো পিছ কথা; কিন্তু সাম্প্ৰতিক পৰিবেশৰ মাজতো এওঁলোকৰ প্ৰতি উৎসাহমূলক,প্ৰেৰণামূলক দৃষ্টি নিক্ষেপ কৰাটো প্ৰয়োজনীয় ৷ দেশৰে অৱস্থা নাই,জাতিটো থাকে নে নাথাকে তাৰেই ঠিক নাই,ছবি আঁকি,কবিতা লিখি,গভীৰ চিন্তা-চৰ্চা কৰি কি ডাল হব-এই ধৰণে এওঁলোকক আমনি কৰা উচিত নহব৷

    কিবা এটা কথাৰ বিষয়ে কিবা অলপমান লিখিলেই লগে-লগে লাভ হোৱা হলে কথাই নাছিল ৷ তথাপি ধৈৰ্য ধৰি কথাবোৰ কৈ থাকিব লাগে-জানোচা এসময়ত কিবা লাভ হয়গৈ-এই আশাত ৷

   আৰ্থিক আৰু শাৰিৰীকভাৱে আপুনি যিমানৰ মানুহ,ঠিক সিমানৰ জোখাৰে বৈষয়িক ভোগৰ উপাদান যোগাৰ কৰি সন্তুষ্ট থাকক ৷ আপোনাৰ কষ্ট হ; চাৰিওফালৰ তুলনাত আপুনি দুখীয়া মানুহৰ জীৱন যাপন কৰিব লাগিব; কিন্তু আপোনাৰ দুখে সুখৰ বীজ ৰোপণ কৰিবই ৷ তদুপৰি, এই কামত আপুনি অকলশৰীয়া হৈ নাথাকে ৷ প্ৰকৃত ছহিদ কেতিয়াও অকলশৰীয়া নহয় ৷

    একোটা বিশেষ উদ্দেশ্যৰে আয়োজন কৰা শোভাযাত্ৰা বা সমাৱেশৰ বাবে যিদৰে কিছুমান বাক্য শ্লগানৰ ৰূপত সংগঠিত কৰা হয়,সেইদৰে দুখ-শংকা-দুৰ্বলতা আদিৰ সময়তো এক ধৰণৰ আশাব্যঞ্জক,শক্তিদায়ক,সত্য কথা মানুহৰ বাবে সুলভ কৰি তোলাটো প্ৰয়োজনীয়৷

    এগৰাকী মানুহৰ মনত কষ্ট নিদিয়াকৈও যি ভাষাৰে এটা কাম সম্পন্ন কৰিব পাৰি,এক ফল পাব পাৰি,মই সেই ভাষা ব্যৱহাৰ কৰাৰ পক্ষপাতী৷

 লেখক-সমালোচকৰ মন যেতিয়া প্ৰকৃত কল্যাণকামী,সত্যসন্ধানী,যুক্তিনিৰ্ভৰ আৰু তথ্যনিৰ্ভৰ হয়,তেওঁলোকৰ প্ৰকাশভংগী যেতিয়া সাংস্কৃতিক মন এটাৰ নিয়ন্ত্ৰণত থাকে,তেতিয়া তেওঁলোকৰ কলমৰ আগলৈ অশালীন,অশোভনীয় কথা অহাৰ সম্ভাৱনা প্ৰায় নাথাকেই৷

     আজি জনসাধাৰণে যদি মাৰ বান্ধি এটা প্ৰচণ্ড মংগলকামী ঢৌৰ সৃষ্টি কৰিব নোৱাৰে, তেনেহলে কেৱল শাসনৰ আসনত থকা ৰাজনৈতিক দল আৰু ব্যক্তি সলনি কৰি প্ৰকৃত সুফল পোৱাৰ সম্ভাৱনা নাই৷

     দুৰ্যোগৰ সময়ত,বিপৰ্যয়ৰ সময়ত,অশান্তিৰ সময়ত যিবোৰ বস্তু অপকাৰী বুলি ভাবোঁ,যিবোৰ বস্তুৱে মোক পুতি পেলাব বুলি ভাবোঁ,-চাব জানিলে দেখা পাম,সেইবোৰৰ মাজতে মই উদ্ধাৰ পোৱাৰ,ওপৰলৈ উঠিব পৰাৰ সম্বল সোমাই আছে৷

    মোৰ বোধেৰে গান গোৱা মানুহ কাৰণে মদপানী এটোপা খাবই লাগিব,আৰ্টিষ্ট মানুহ কাৰণে যেতিয়াই-তেতিয়াই যতে-ততে ছিগাৰেট খাবই লাগিব,- এইবোৰ নিম্নস্তৰৰ,গ্ৰহণৰ অযোগ্য কথা৷

   শিক্ষা আৰু জ্ঞান আহৰণৰ বাটত যেয়ে যিমান আগুৱাব পাৰে,আমাৰ সিমানে ভাল লাগে৷ কোনোবা আগুৱাই গৈ থকা দেখিলে দৰ্শকৰ আসনৰ পৰা সমৰ্থকে চিঞৰাৰ নিচিনাকৈ চিঞৰিবৰ মন যায়,-গৈ থাকা,গৈ থাকা৷

   সামাজিক সংস্কৃতি,প্ৰেমৰ মাধুৰ্য,উদ্যানৰ বননি গছ-পাত-ফুলৰ সৌন্দৰ্যই যেতিয়ালৈকে এডাল মালাৰ ৰূপ লৈ থাকে,তেতিয়ালৈকে আমাৰ শংকিত হোৱাৰ প্ৰয়োজন নাই৷

    এনেকুৱা কিছুমান সৰু-সৰু কথা থাকে,মন নকৰিলে একো নাই,কিন্তু এবাৰ মন কৰোঁ বুলি কৰিলে দেখা যায়-সেই সৰু-সৰু কথাবোৰতো এক ধৰণৰ আমোদ পোৱা যায়৷ অকল আমোদ পোৱাই নহয়,লাভো হয়৷

   পঢ়িবলৈ লেই ওচৰৰ মানুহজন একোটা প্ৰবন্ধ হৈ যায়,নপঢ়িলেই ওচৰৰ প্ৰবন্ধটো একোজন অচিনাকি পেছেঞ্জাৰ হৈ যায়৷

    বহু নদীৰ এটা অংশ অৰণ্য,পৰ্বতৰ মাজেদি বব পাৰে,সেই অংশ মানুহৰ দৃষ্টিৰ আঁৰত পৰিব পাৰে,কিন্তু শুকাই নাযায়৷

     পৰিস্থিতিয়ে কিছুমান মূল্যৱান বস্তুৰ সৃষ্টি কৰে৷

    সুশৃংখল ব্যৱহাৰে ধনবল-জনবলতকৈও অধিক শক্তিশালী উপাদান হিচাপে কাম কৰিব পাৰে৷

     কিছুমান বস্তু প্ৰয়োজনীয় বুলি ভবা হয়,সেইবোৰ পাবলৈ আগ্ৰহ প্ৰকাশ কৰা হয়,বা দাবীও কৰা হয়,কিন্তু বস্তুবোৰ পোৱাৰ পাছত পাওঁতাৰ দায়িত্বও বাঢ়ে,সমস্যাও বাঢ়ে৷

     আমি প্ৰতিদিনেই ভবা উচিত-এতিয়ালৈকে যি হল হ,পাৰ হৈ যোৱা সময়ৰ বুকুত আমি যেনেকৈ জাহ গলো গলো; কিন্তু নতুন সময়ৰ লগত যিসকল আহিছে,তেওঁলোকক যেন সৌন্দৰ্যৰ ধ্যান-ধাৰণাৰ লগত সোনকালে পৰিচয় কৰাই দিব পাৰোঁ৷

    কেৱল আৰ্টিষ্টআৰু মঞ্চকহে জড়িত কৰা সংস্কৃতিৰ ধাৰণাটো অযথা উৎসাহিত নকৰি,ৰভাতলী,বাট-ঘাট সকলোতে,সকলো সময়তে যে সংস্কৃতিৰ এটা দিশ ব্যাপ্ত হৈ থাকে,সেই ধাৰণাটোক উৎসাহিত কৰাটো বৰ্তমানে আমাৰ বাবে প্ৰয়োজনীয় হৈছে৷

    যেতিয়াই হতাশাজনক খবৰবোৰ আহে,তেতিয়াই উৎসাহজনক খবৰবোৰৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰা ভাল যেন ধাৰণা হয়৷ হতাশাক প্ৰয়োজনাধিক প্ৰশ্ৰয় দিলে অপকাৰ হয়৷

    ভ্যতাৰ মূল কথাটোৱেই হৈছে-ইয়াৰ মাজত বাস কৰিলে প্ৰত্যেকৰে অলপ কষ্ট হবই৷ এইটোৱেই ত্যাগৰ কষ্ট৷ অইনৰ সুখৰ কাৰণে,সমাজৰ সুখৰ কাৰণে,আমাৰ নিজৰ কিছু দুখ হবই৷

    মানুহৰ মনৰ সুখ-শান্তি এপাচি লোহা-লক্কৰৰ মাজত কণী এটা থকাৰ নিচিনাকৈ থাকে যেন লাগে৷ মূৰত পাচিটো লৈ আমি এটা বয়সত বৰ কায়দা কৰি খোজ কাঢ়ো-যাতে কণীটোৱে ঠেকা-খুন্দা বৰ কমকৈ খায়৷ কিন্তু অলপকৈ হলেওতো সি ঠেকা-খুন্দা খায়৷

‘শেষপৃষ্ঠা'ৰ উক্তিৰে সজোৱা এটি ভিডিঅ' চাবলৈ এই লিংকত ক্লিক কৰক ৷


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)