ফলাফলৰ খবৰ আৰু আমাৰ স্ববিৰোধী চিন্তাজগত

ফলাফলৰ খবৰ প্ৰকাশ কৰাৰ ধৰণটোৱে কেতিয়াবা আমাৰ স্ববিৰোধী চিন্তাজগতৰ এটা অস্বস্তিকৰ দিশ পোহৰলৈ আনে৷ কৰ্মৰ যে কোনো সৰু-বৰ নাই-এই কথাটো আমি শুনি আহিছোঁ বা পঢ়ি আহিছোঁ৷ ‘ভালদৰে কাম কৰিলে সকলোতে উন্নতি’ বোলা কথাষাৰ আমাৰ সমাজৰ জনপ্ৰিয় উপদেশবাণী৷ কিন্তু এইষাৰ কথাও আন বহুতো কথাৰ দৰেই ‘ওপৰে-ওপৰে কৈ দিয়া তৰল’ কথাই৷ যদিহে এই কথাষাৰ আমি মানো, তেন্তে আমি এইটোও মানিব লাগিব যে সকলো কৰ্মৰে সমান মৰ্যাদা আছে৷ লগতে মানিব লাগিব যে- মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰা খেতিয়ক এজন আমাৰ সমাজৰ বাবে যিমান গুৰুত্বপূৰ্ণ, কোনোবা গৱেষণাগাৰত সময় কটোৱা বৈজ্ঞানিক এজনো আমাৰ বাবে সমানেই গুৰুত্বপূৰ্ণ৷ কোনেও কাকো অৱমাননা কৰা উচিত নহয়৷ কিন্তু যেতিয়া খেতিয়ক এজনৰ সন্তানে মেট্ৰিক বা উচ্চতৰ মাধ্যমিকত শীৰ্ষ স্থান অধিকাৰ কৰে, তেন্তে আমাৰ মাজত কোৱাকুই হয়- ‘খেতিয়কৰ ল’ৰা হৈ ইমান ভাল ৰিজাল্ট!’ বাতৰিত খবৰ ওলায়-‘খেতিয়কৰ ল’ৰাই শীৰ্ষ স্থান পালে৷’ যেতিয়া প্ৰখ্যাত লোকৰ সন্তানে শীৰ্ষস্থান দখল কৰে, তেতিয়া বাতৰি ওলায়-‘শীৰ্ষ স্থান দখল কৰা অমুক নামৰ ল’ৰাজন তমুকৰ পুতেক৷’ এই দুয়োটা বাতৰিৰেই স্বৰূপ আৰু অন্তৰ্নিহিত বাৰ্তা বেলেগ৷ বাতৰিটোৰ আঁৰত এটা সৎ উদ্দেশ্য থাকিলেও এই কথাবোৰ বিভ্ৰান্তিকৰ৷ ইয়াৰ দ্বাৰা আমি প্ৰত্যক্ষভাৱে একো ইংগিত নিদিলেও আওপকীয়াকৈ সমাজৰ এটা শ্ৰেণীলৈ এইটো বাণী বিয়পাই দিব বিচাৰিছোঁ যে-‘খেতিয়কৰ ল’ৰা হৈ ভাল ফলাফল দেখুৱাটো নোহোৱা-নোপোজা খবৰ৷’ কিয়? কাৰণ ‘তোমালোকৰ সা-সুবিধা কম৷ অইন শ্ৰমজীৱীতকৈ তোমালোকৰ কষ্ট আৰু সংগ্ৰাম বেছি৷ গতিকে তোমালোক আমাৰ হিৰো৷’ কথাবোৰ শুনিবলৈ ভাল৷ কিন্তু এইধৰণৰ কথা-বতৰাত ভাগ লৈ আচলতে কৃষিজীৱী শ্ৰেণীটোৰ প্ৰতি একধৰণৰ ‘সহানুভূতি’ বা ‘পুতৌ’ৰহে সৃষ্টি কৰোঁ৷ কিন্তু সৃষ্টি কৰিব লাগিছিল এটা সাধাৰণ আৰু স্বাভাৱিক বাতাৱৰণৰহে-যিটো বাতাৱৰণ সৃষ্টি হ’ব তেতিয়াহে, যেতিয়া প্ৰতিটো শ্ৰমৰ প্ৰতিয়েই আমি মনত এক নিৰ্ভেজাল সন্মানবোধ সৃষ্টি কৰিব পাৰিম৷ এচাম লোকক আঙুলিয়াই দি, তেওঁলোকৰ শ্ৰমক সমাজৰ সমুখত বিভ্ৰান্তিকৰ হিচাপে উপস্থাপন কৰাটো সঠিক কাম নহয়৷  একাংশ মানুহে মাছৰ বেপাৰীৰ হাতত ম’বাইল ফোন দেখিলে আশ্বৰ্য প্ৰকাশ কৰি কয়- ‘বাপৰে, মাছৰ বেপাৰীয়েও ম’বাইল ফোন লয়!’ ইয়াৰ অৰ্থটো হ’ল-“ম’বাইল ফোনটো মাছৰ বেপাৰীৰ বাবে নহয়৷” এনেধৰণৰ নিন্দাসূচক কথা-বাৰ্তা আমাৰ সমাজৰে অংগ৷ যাৰ লগত খেতিয়কৰ সন্তানে শীৰ্ষ স্থান দখল কৰা বাতৰিটোৰ মাজত  বিশেষ পাৰ্থক্য নাই৷ এইবোৰ কথা অভিভাৱকে সন্তানৰ আগতে কেতিয়াবা আলোচনা কৰে আৰু সন্তানকো পাকেপ্ৰকাৰে শ্ৰেণীগত পাৰ্থক্যৰ অপৰিষ্কাৰ গণ্ডীটোলৈ প্ৰেৰণ কৰে৷ অথচ একেই অভিভাৱকে সন্তানৰ ব্যৰ্থতাৰ সময়ত মন্তব্য কৰে-‘কৰচোন কিবা এটা৷ সকলো কামেই ভাল৷’ সন্তানে তেওঁলোকৰ কথা বিশ্বাস নকৰে৷ কাৰণ, স্ব-বিৰোধী চিন্তাধাৰাৰ লগত সুপৰিচিত হৈ উঠা সন্তানে গম পায় যে-এইষাৰ কথা একেবাৰেই তৰল৷ গতিকে সাধাৰণ কাম এটাত হাত দিলেও বৰ বেছি দিন সেইটো কাম কৰি থাকিবলৈ উৎসাহবোধ নকৰে৷ খুব সোনকালেই মানসিক চাপ আৰু অস্থিৰতাত ভোগে৷

উপাৰ্জনৰ ফালৰ পৰা, জীৱনশৈলীৰ মানৰ ফালৰ পৰা সমাজত বৈষম্য থকাটো স্বাভাৱিক কথা৷ সেই বৈষম্যটো উঠি অহা ল’ৰা বা ছোৱালীয়ে ধৰিব পাৰে, আৰু তেওঁলোকৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণত সেইটো বৈষম্যই সদায়েই গুৰুত্ব পাই আহিছে৷ সেইবোৰ দিশৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁলোকে কেনেধৰণৰ লক্ষ্য নিৰ্বাচন কৰে, সেইটো তেওঁলোকৰ নিজস্ব কথা৷ কিন্তু সমাজৰ অগ্ৰগতিত অংশগ্ৰহণ কৰা সকলো বৃত্তিধাৰীৰ প্ৰতি সন্মানৰ ভাৱ এটা সৃষ্টি কৰাটো আমাৰ বিবেচনাৰ কথা৷ এখন আধুনিক সমাজৰ সামূহিক চিন্তা আৰু সংবেদনশীলতাৰ কথা৷



Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা