বিকল্প-নিৰ্বাচনৰ সীমাহীন ক্ষমতাই আমাক অস্থিৰ কৰি তুলিছে নেকি?

এসময়ত দূৰদৰ্শনৰ সমুখত বহি চিৰিয়েল চোৱা মানুহে চিৰিয়েলৰ মাজে-মাজে দিয়া বিজ্ঞাপনবোৰো চাবলগীয়া হৈছিল৷ কাৰণ, আমননিদায়ক যেন লাগিলেও আমাৰ হাতত বিজ্ঞাপন পৰিহাৰ কৰাৰ অইন বিকল্প নাছিল৷ কোনোবা নাচাই উঠি গৈছে-বেলেগ কথা৷ কিন্তু যিসকলে আধাঘণ্টা সময় বহি চিৰিয়েল এখন চাইছিল, তেওঁলোকে বিজ্ঞাপনবোৰ চোৱাৰো ধৈৰ্য আৰু সহনশীলতা আয়ত্ব কৰি লৈছিল৷ আৰু আমোদজনকভাৱে সেইসময়ৰ বহু বিজ্ঞাপন পাছলৈ ‘আইকনিক’ বুলি জনাজাত হৈছিল৷ বিজ্ঞাপনৰ কথা আৰু সংগীতবোৰো মানুহৰ মুখে মুখে প্ৰচলিত হৈছিল৷ তেতিয়া মানুহৰ বন্ধুৰ সংখ্যাও বেছি নাছিল৷ কিন্তু যিকেইজন আছিল,তেওঁলোকৰ লগতেই কাজিয়া-পেচাল, হাঁহি-ধেমালি কৰি সময় কটাইছিল৷ বন্ধুসংযোগ আৰু বন্ধুবিচ্ছেদ দুয়োটাই তেতিয়া কম আছিল৷ লাহে লাহে কেবল টিভি, টাটা স্কাই আদিৰ দৰে সেৱাসমূহৰ প্ৰসাৰ বাঢ়িল আৰু শতিকাটোৰ দ্বিতীয় দশকত ম’বাইল ইণ্টাৰনেট সেৱাৰ দ্ৰুততৰ উত্থানে আমাৰ জীৱনপদ্ধতিলৈ ভৰপূৰ পৰিৱৰ্তন লৈ আহিল৷ মনোৰঞ্জন আৰু বন্ধু-নিৰ্বাচনৰ হাজাৰ-বিজাৰ বিকল্প আমাৰ সমুখত মোকলাই দিয়া হ’ল৷ আগতে এটা চেনেলৰ সলনি এতিয়া ইউ টিউবত ইমানবোৰ চেনেল গোট খালে যে-কোনটো চাম, কোনটো নাচাম ভাবি থাকোঁতে কেতিয়াবা কোনো এটা অনুষ্ঠানেই মনোযোগেৰে চোৱা নহয়৷ ব্ৰিটিছ নৃতত্ত্ববিদ ৰবীন ডানবাৰৰ মতে এজন মানুহে ১৫০ গৰাকী মানুহৰ লগতহে সুস্থ সামাজিক সম্পৰ্ক বৰ্তাই ৰাখিব পাৰে৷ কিন্তু ছ’ছিয়েল নেটৱৰ্কিঙ আৰু ইয়াৰ এলগৰিথমবোৰে ডানবাৰক পাত্তা দিবনে? সেয়ে মানুহৰ আজিকালি দুই-তিনিটা প্ৰফাইল৷ দহবিশহাজাৰ বন্ধু৷ কিন্তু সেই সহস্ৰাধিক মানুহৰ মাজৰ কিমানজনক আমি চকু মুদি বিশ্বাসত ল’ব পাৰোঁ? কথাটো ঠিক ‘অধিক মাছত বগলী কণা’ৰ লেখীয়া৷ ছবিখন এতিয়া ওলোটা হ’ল৷ অধিক সংযোগ আৰু অধিক বিচ্ছেদ৷ বোধহয় সময়ৰ লগে লগে আমাৰ ধৈৰ্য আৰু সহনশীলতাৰো অভাৱনীয় পৰিৱৰ্তন ঘটিল৷ তাৰ পৰিৱৰ্তে আমি অস্থিৰ, উত্তেজিত আৰু খিঙখিঙিয়া হৈ পৰিলোঁ৷ পাঁচ মিনিট বাদেই, কেতিয়াবা পাঁচ ছেকেণ্ডৰ বিজ্ঞাপন এটা ইউ টিউবত ওলালেও আমি বৰ অস্থিৰতা অনুভৱ কৰোঁ, আৰু ‘স্কিপ এড’ কৰিবলৈ হাবাথুৰি খাই থাকোঁ৷ সামান্য এটা কথাতেই আমি মানুহক আনফ্ৰেইণ্ড কৰি দিওঁ৷ কাৰণ-নতুন এজন বন্ধু যোগাৰ কৰিবলৈ মোক দহটা ছেকেণ্ডো নালাগে, যিটো কাম কৰিবলৈ আজিৰ পৰা বিশ বছৰৰ আগত বৰ পৰিশ্ৰমনিৰ্ভৰ আছিল৷ কিন্তু তাত অপেক্ষা আৰু প্ৰাপ্তিৰ এটা নিৰ্মল আমেজ আছিল, যিটো আমেজ এতিয়া ‘প্ৰায়’ নাই৷ প্ৰায় বিশটা বছৰৰ ভিতৰতে সংঘটিত হোৱা এই পৰিৱৰ্তনে আমাৰ মনোজগতত অদ্ভুতধৰণে প্ৰভাৱ পেলাইছে৷ ইণ্টাৰনেটৰ সুবিশাল সমুদ্ৰত উটি-ভাঁহি থাকি আমি এতিয়া ভাবিবলৈ ধৰিছোঁ যে- বিকল্প বেছি মানেই আমাৰ হাতত নিৰ্বাচনৰ ক্ষমতাও বেছি৷ ক্ষমতা বেছি মানেই আমি বিচৰাধৰণে সকলো কামেই কৰিব পাৰোঁ৷ গতিকে মনত অশান্তি দিয়া, অস্থিৰতা প্ৰদান কৰা যিকোনো ঘটনা-পৰিঘটনাৰ সন্মুখীন হ’লেই আমি তাৰ মুখামুখি হোৱাৰ পৰিৱৰ্তে তাৰ পৰা পলাব বিচাৰোঁ আৰু অৱশিষ্ট বিকল্পৰ মাজত ‘শান্তি’ আৰু ‘সুখ’ৰ সন্ধান কৰোঁ৷ কিন্তু ইমান সহজ জানো? সুখ আৰু শান্তিৰ সন্ধান কৰি থাকোঁতে আমি যে দুটা গুৰুত্বপূৰ্ণ মানৱীয় গুণ ক্ৰমাৎ হেৰুৱাৰ উপক্ৰম হৈছোঁ-সেই কথা মনলৈ অহা নাই৷ ধৈৰ্য আৰু সহনশীলতা৷ যি দুটা বস্তু আহৰণ কৰিব লাগিব অনিশ্চয়তাৰে ভৰা মানুহ আৰু জীৱনৰ লগত মুখামুখি হৈ৷ তাৰ পৰা পলাই নহয়৷  

 

দুটা শব্দ৷ প্ৰথমটো শব্দ হৈছে-‘বহুত’৷ আৰু দ্বিতীয়টো শব্দ হৈছে-‘স্পীদ’৷ বহুত লাগে আৰু খৰকৈ লাগে৷ এটা বিখ্যাত ম’বাইল কোম্পানীয়ে ব্যৱহাৰ কৰা প্ৰচাৰ-বাক্যটো হৈছে –‘নেভাৰ ছেটল৷’ পৰোক্ষভাৱে যাৰ অৰ্থ হয়গৈ-‘কেতিয়াও সন্তুষ্ট নহ’বা৷ বিচাৰি থাকা৷’ তেওঁলোকক দোষ দি লাভ নাই৷ তেওঁলোকে আমাৰ অৱচেতন মনত হাহাকাৰ কৰি থকা ‘অসন্তুষ্টি’কেই মূলতঃ ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰিছে৷ সেই ‘অসন্তুষ্টি’ৰ এটা অন্যতম অনুঘটক হৈছে বিকল্প-নিৰ্বাচনে সৃষ্টি কৰা আমাৰ অস্থিৰতা৷ পৰৱৰ্তী ২০ টা বছৰত এইখন দুনীয়া অভূতপূৰ্বধৰণে সলনি হ’ব৷ আমি কল্পনাও কৰিব নোৱাৰোঁ৷ সেই কল্পনা কৰিব নোৱাৰা পৃথিৱীত মানুহ শাৰিৰীকভাৱে কিমান ক্ষতিগ্ৰস্ত হয়, নেজানো৷ কিন্তু ‘স্পীড’ আৰু ‘বহুত’ৰ মাত্ৰা যে চৰিব, তাত হয়তো শংকা নাই৷ তেনে এক পৰিপ্ৰেক্ষিতত সেইসকল মানুহেই প্ৰকৃত শান্তি আৰু সুখ লাভ কৰিব, যিসকলে সহস্ৰাধিক বিকল্পৰ মাজত থাকিও নিজৰ বাসনা আৰু প্ৰয়োজনসমূহ সঠিকভাৱে নিৰ্বাচন কৰিব পাৰিব, কমসংখ্যক সমলক লৈ সুখী হোৱাৰ কৌশল আয়ত্ব কৰিব পাৰিব৷ তাৰ বাবে ৫-জি ইণ্টাৰনেট সেৱা নালাগে৷ লাগিব আত্মপৰ্যালোচনা আৰু আত্মসংযমৰ৷


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা