আপুনি অন্তৰ্মুখী নে বৰ্হিমুখী নে উভয়মুখী?

কিছুমান বিশেষ কথা আমাৰ সমাজত এটা বিশেষ গণ্ডীত থাকি যোৱাৰ বাবে নাইবা সেইবোৰ কথা বহুদিনলৈকে গুৰুত্বহীন হৈ থকাৰ বাবে প্ৰায়েই সেইবোৰ বিষয়ক লৈ সমাজত বিভ্ৰান্তিৰ সৃষ্টি হয় ৷ ডেকা-বুঢ়াতকৈও বেছিকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল ৷ তেনে এটা বিষয় হৈছে-‘অন্তৰ্মুখিতা’ ৷ অন্তৰ্মুখী মানুহৰ কেইটামান স্বীকৃত বৈশিষ্ট্য তলত লিখিছোঁ ৷ প্ৰতিটো বৈশিষ্ট্য/আচৰণক ‘হয়’ অথবা ‘নহয়’ৰে চিন দিয়ক৷  যদি ‘হয়’ৰ সংখ্যা অধিক, তেন্তে আপুনি এগৰাকী ‘অন্তৰ্মুখী’ বা ‘Introvert’৷ যদিহে ‘নহয়’ৰ সংখ্যা অধিক তেন্তে আপুনি ‘বৰ্হিমুখী’ বা Extrovert ৷ আৰু যদিহে ‘হয়’ আৰু ‘নহয়’ৰ সংখ্যা প্ৰায় সমান-তেন্তে আপুনি এগৰাকী এম্বিভাৰ্ট ৷ (Ambivert)

(১) মই দলীয়ভাৱে কাম কৰাতকৈ অকলশৰীয়াকৈ কাম কৰিহে ভাল পাওঁ৷

(২) মই প্ৰায়েই লিখা-মেলাৰ জৰিয়তে নিজকে প্ৰকাশ কৰোঁ৷

(৩) মই নিৰ্জনতা বা একাকীত্ব উপভোগ কৰিব জানো ৷

(৪) ধন, প্ৰতিপত্তি, খ্যাতি আৰু মৰ্যাদাক লৈ মোৰ সতীৰ্থসকলে যিমান চিন্তা কৰে, মই নকৰোঁ ৷

(৫) মই খুচুৰা-খুচুৰি কথা পাতি বেয়া পাওঁ ৷ যিবোৰ কথা বা বিষয়ত মোৰ ৰাপ আছে, সেইবোৰ বিষয়ে মই গভীৰভাৱে বাৰ্তালাপ কৰি ভাল পাওঁ৷

(৬) মানুহে মোক ভাল শ্ৰুতা বুলি কয়৷

(৭) মই ডাঙৰ ৰিস্ক বা প্ৰত্যাহ্বান লৈ বেয়া পাওঁ৷

(৮) যিবোৰ কামত ব্যাঘাত বা আমনিৰ সম্ভাৱনা কম, তেনেবোৰ কাম মই উপভোগ কৰোঁ৷

(৯) জন্মদিন আদি উৎসৱ মই খুব কমসংখ্যক মানুহৰ মাজতে সীমাৱদ্ধ কৰি ভাল পাওঁ ৷ পৰিয়ালৰ মানুহ বা আত্মীয়-স্বজন

(১০) মানুহে মোক ‘মৃদুভাষী’ বা ‘অল্পভাষী’ বুলি কয়৷

(১১) কামটো শেষ নোহোৱা পৰ্যন্ত মই তাক প্ৰদৰ্শন কৰিব নিবিচাৰোঁ বা তাৰ বিষয়ে আনৰ লগত আলোচনা কৰিব নিবিচাৰোঁ৷

(১২) সংঘাত বা বিতৰ্ক মই বেয়া পাওঁ ৷

(১৩) অকলে কৰা কামটোত মোৰ শ্ৰেষ্ঠত্ব প্ৰকাশিত হয় ৷

(১৪) কথা কোৱাৰ আগতে মই ভাবোঁ ৷

(১৫) নিজৰ লগতেই হওক বা আনৰ লগতেই হওক-বৰ বেছিকৈ আনন্দ উদযাপন কৰিলে মই অৱশ আৰু ভাগৰুৱা অনুভৱ কৰোঁ৷

(১৬) মোৰ ফোনসমূহ প্ৰায়েই মই ভয়ছ মেইললৈ পঠাই দিওঁ ৷

(১৭) যদি মোক সোধা হয়-সপ্তাহান্তিকৰ সময়ছোৱাত আপুনি কৰিবলগীয়া কামবোৰ কৰিব নে একো নকৰাকৈ থাকিব-তেন্তে মই দ্বিতীয়টো বাছি ল’ম৷

(১৮) মই মাল্টিটাস্কিং বেয়া পাওঁ৷

(১৯) মই সহজেই মনোযোগ দিব পাৰোঁ৷

(২০) ক্লাছৰুমৰ দৰে পৰিৱেশত, মই ছেমিনাৰৰ সলনি বক্তৃতাহে ভাল পাওঁ ৷

(এইকেইটা বৈশিষ্ট্য বৈজ্ঞানিকভাৱে স্বীকৃত কোনো ব্যক্তিত্বৰ পৰীক্ষা নহয় ৷ অন্তৰ্মুখিতাৰ চাৰিত্ৰিক বৈশিষ্ট্যত সমসাময়িক গৱেষকসকলে যিকেইটা বিশেষ গুণৰ সাদৃশ্য দেখিছে, তাৰ ওপৰত ভিত্তি কৰিহে এইখন তালিকা যুগুত কৰা হৈছে ৷ তালিকাখন ছুছান কেইনৰ “কোৱাইট” নামৰ গ্ৰন্থৰ পৰা অনুবাদ কৰি দিয়া হৈছে ৷ আনহাতে গণিত চ’ৰাত থকা অন্তৰ্মুখিতা-বিষয়ক মোৰ লেখাটো আগ্ৰহীসকলে এইটো লিংকত গৈ পঢ়িব পাৰে-

-https://as.gonitsora.com/introvert-quiet-revolution/)


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা