দক্ষতা (কল্পবিজ্ঞানধৰ্মী গল্প)
খবৰটো একপ্ৰকাৰ সাংঘাতিকেই ৷ অন্তহীন দুখৰ পৰা আমাৰ বিষাদজৰ্জৰ মানৱ সমাজক মুক্তি দিবলৈ বজাৰত কিছুমান ‘সুখ’ৰ কাৰ্ড ওলাইছে৷ পৰহি অৰ্থাৎ ১৯-২-২১১৯ তাৰিখে ৰাষ্ট্ৰসংঘ-প্ৰধানে মংগল গ্ৰহস্থিত আন্তঃগ্ৰহীয় দূৰসংযোগ কেন্দ্ৰত এই যুগান্তকাৰী সেৱাভাগ উদ্বোধন কৰিলে৷ আৰু মাত্ৰ পাঁচছেকেণ্ড পূৰ্বে পোৱা বতৰামতে দুদিনতে এই সেৱাৰ গ্ৰাহকে পাঁচ বিলিয়নৰ সংখ্যা অতিক্ৰম কৰিছে ৷ এতিয়া দোকান,মলবোৰত কল্পনাতীত ভিৰ৷ একেবাৰে বিৰ দি বাট নোপোৱা অৱস্থা ৷ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে কলেজৰ ভিতৰত, ৰাস্তাৰ কাষত, অফিচ-কাছাৰীৰ সমুখত, য’তে যেনেকৈ পাৰে, কিছুমানা সেৱা-কেন্দ্ৰ খুলি দিছে ৷ খোলাৰ মাত্ৰকতে সেইবোৰতো পৰুৱাৰ দৰে মানুহৰ শাৰী পৰিলক্ষিত হৈছে ৷ কিমান যে মানুহ ! কিমান যে গেদাৰিং ! অদ্ভুত!
বৰ্তমান এশ আৰু দুশ
টকাত উপলব্ধ এই ‘সুখ’ৰ কাৰ্ডবোৰ ম’বাইল ৰিচাৰ্জৰ নিচিনা ৷ কাৰ্ডখনৰ আকাৰ
বিন্দু এটাৰ সমান
হ’ব ৷ দৰ্শন-যন্ত্ৰ
যাৰ বিকল,তেনে মানুহে কাৰ্ডখন দেখা নাপায়৷ কোৱা শুনিছোঁ এয়া বোলে ছুপাৰ
নেন’টেকন’ল’জিৰ চমক ! আপোনাৰ মগজুৰ পৰা হৃদপিণ্ডসংযোগী নলীত এই কাৰ্ডখন মাইক্ৰ’ ইনজেকচন এটাৰে
সংস্থাপন কৰি দিয়া হ'ব ৷ তাৰ আগতে
কাৰ্ডখন এটা উচ্চক্ষমতাসম্পন্ন লেজাৰ-সংবেদকৰ মাজেৰে পাৰ হৈ যাব ৷ দেহত কাৰ্ডখন
সংস্থাপিত হোৱাৰ পিছত এটা স্কেনাৰে কাৰ্ডখনৰ সক্ৰিয়তা নিশ্চিত কৰিব ৷ তাৰপিছত সেই
কাৰ্ডখনৰ গতিবিধি
চাব পৰাকৈ,তাক নিয়ন্ত্ৰণ কৰিব পৰাকৈ আপোনাৰ সোঁহাতত এটা নিৰীক্ষক-নিয়ন্ত্ৰক
ঘড়ী পিন্ধোৱা হ’ব৷ তাত ‘আশা’ আৰু ‘হাঁহি’ৰ সৰু বুটাম দুটা আছে৷
সেইকেইটাই হ’ল কাৰ্ডখনৰ অন্যতম বৈশিষ্ট্য৷ আপুনি যিমানেই সেই বুটামকেইটা
টিপিব,সিমানেই আপোনাৰ আশাবাদ আৰু হাঁহিৰ পৰিমাণ বাঢ়িব৷ ঘড়ীটোতে থকা ৰঙা
নেটৱৰ্কস্কেলত সুখৰ-কাৰ্ডখনৰ আয়ুসকালো ওলাই থাকিব ৷ কাৰ্ডৰ ম্যাদ চমু
চপাৰ লগে-লগে স্কেলডালৰ ৰঙা বৰণটো ক্ৰমশঃ ধূসৰ হৈ আহি এসময়ত অদৃশ্য হৈ যাব ৷ আৰু তেতিয়াই আপোনাৰ
কাৰ্ডখনৰ বৈধতাও শেষ হ’ব ৷ ৰ’ব,শেষ
হ’ল বুলিয়েই ভয়ত কঁপি উঠাৰ প্ৰয়োজন নাই ৷ কাউণ্টাৰলৈ গৈ কাৰ্ডখন
ৰিছাৰ্জ
কৰি আনিলেই হ’ল৷ সুখ দৌৰি
আহি পুনৰ আপোনাৰ কোলাত উঠিবহি ৷
সঁচায়ে এক আশ্চৰ্যপূৰ্ণ, মৌলিক
ব্যৱস্থা
! এনেহেন উন্নত মানবিশিষ্ট সেৱাৰ পৰা বঞ্চিত হৈ থাকোঁ কেনেকৈ ! গতিকে অলপ আগতে কাউণ্টাৰলৈ
গৈ ময়ো
এই
কালজয়ী সেৱাটোৰ এজন গ্ৰাহক হৈ আহিলোঁ ৷ দুশ টকাৰেই ৰিছাৰ্জ কৰালোঁ৷ বৈধতা
দুমাহৰ ৷ মনটো
সেয়ে বৰ উগুল-থুগুল লাগি আছে৷ মই সুখী হ’ম৷ হাঁহিম৷ স্ফূৰ্তি কৰিম৷ তাকো দুমাহলৈকে ! কি
যে মজাৰ কথা !
পিছে ৰ’ব...কেণা
এটা লাগিল ৷ কথাবোৰ
মোৰ চিন্তাৰ বিপৰীতে গ’ল ৷ ৰিচাৰ্জ কৰাৰ ছঘণ্টা উকলি যোৱাৰ
পিছতো সুখানুভূতিৰ লগত মোৰ মজবুত সংযোগ স্থাপিত হোৱা নাই ৷ কি কথা ! হাঁহি আৰু আশাৰ বুটাম
টিপিছোঁহে টিপিছোঁ, সিহঁতৰ কোনো প্ৰতিক্ৰিয়াই নাই! আচলতে হৈছে কি-একো
তলা-নলা উদ্ধাৰ কৰিব পৰা নাই ৷ ইপিনে বেলিও ডুবিবৰ হ’ল ৷ ছেহ্ ! টকাসোপা পানীতহে
পেলালোঁ নেকি ! ক’ব নোৱাৰাকৈয়ে মূৰত দুশ্চিন্তাৰ পোক এটা সোমাল ৷ পিছমুহূৰ্ততে
ভাবিলো-নাই,নাই
। কিয় হ’ব ! মই এতিয়াই কাউণ্টাৰলৈ যাম । ৰিছাৰ্জমেনক গৈ ভালকৈয়ে
এজাউৰি দিম । সি মোক বুৰ্বক পাইছে নেকি !
গ’লোঁ,ই-হাইপাৰলুপৰ
চাৰি নম্বৰ বাহনত উঠি মিনিটটো সম্পূৰ্ণ হোৱাৰ আগতেই মই গৈ কাউণ্টাৰত উপস্থিত হ’লোঁ৷
“হেৰা,এইবোৰ কি বস্তু দিলাহে ! সুখৰ দেখোন নাম-গোন্ধয়েই নাই
।”-কাউণ্টাৰৰ
দুৱাৰখন ঠেলিয়েই মই গৰগৰাই
উঠিলোঁ।
“ৰ’বচোন দাদা। ইমান উত্তেজিত নহ’ব । ঘড়ীটো খুলি মোক দিয়কচোন । চাওঁ
।”-স্বাস্থ্যোজ্জ্বল ল’ৰাজনে মোৰ হুলস্থুলীয়া মাতটোক প্ৰশমিত কৰাৰ পৰিকল্পনাৰে মাতটো
যিমান পাৰি মৃদু-কোমল কৰিলে ।
সম্পূৰ্ণ সফলতা লাভ কৰিব নোৱাৰিলে যদিও প্ৰায় বিফলো নহ’ল৷ খঙাল মানুহৰ
ফোঁপনি অটুট ৰাখি মই ঘড়ীটো
খুলি তাৰ হাতত জমা দিলোঁ । সি হাঁহি এটা মাৰি ততালিকে কামত লাগি গ’ল । জাৰি-জোকাৰি সি ঘড়ীটোৰ তল-ওপৰ
আটাইবোৰ চুক-কোণ চালে
। পিছে কোনো খুঁট
বিচাৰি নেপালে । শেষত তাৰ সূক্ষ্ম দৃষ্টি নিবদ্ধ হ’ল নেটৱৰ্কৰ স্কেলডালত । সাগৰৰ গভীৰত মুকুতা আৱিষ্কাৰ কৰাৰ
দৰে তাৰ দুইনেত্ৰ নিমিষতে উজলি উঠিল । ঠাইতে জাঁপ এটা মাৰি সি ক’লেঃ
“দাদা,আপোনাৰ নেটৱৰ্কেই নাই । কেনেকৈ সুখ পাব ?”
“নেটৱৰ্ক নাই ! নাই যদি আনি দিয়া আকৌ।“ মই সুখী হ’বলৈ উত্ৰাৱল হৈ পৰিছোঁ । সেয়ে
অধৈৰ্য হৈ কৈ উঠিলোঁ৷
“তেনেকৈ আনিব পৰা নাযাব ।”
অ’ হ’ল ! এতিয়াহে ফৰিঙৰ মৰণৰ পাল ৷ ল’ৰাজনে
দেখোন মুখখন ওন্দোলাই নিজৰ অসমৰ্থতাহে জাহিৰ কৰিলে !
“কি ? কিয়?? কিয় নোৱাৰি ?” মই বিস্ময়ত হতস্তব্ধ হৈ
পৰিলোঁ৷ চকুৱে-মুখে সুখভংগৰ
বেদনা উজ্জ্বলতৰ হৈ উঠিছে ৷
“নেটৱৰ্কৰ স্কেলডাল আপোনাৰ জিনৰ লগত সংযুক্ত হৈ আছে ।”-গুৰু-গম্ভীৰ
ৰেখাকেইডালমান অভিব্যক্তিত ফুটাই তুলি ল’ৰাজনে মত প্ৰকাশ কৰিলে-“স্কেলডালৰ গতিবিধি আপোনাৰ পূৰ্বপুৰুষৰ
সামগ্ৰিক সুখানুভূতিৰ ওপৰত নিৰ্ভৰশীল । বাৰু,...ৰ’বচোন । কিবা এটা চাওঁ ।”
কথাটো শেষ কৰি ল’ৰাজনে সমুখৰ কম্পিউটাৰৰ লগত
মোৰ
ঘড়ীটো সংযোগ কৰিলে ৷ তাৰপিছত ল’ৰাজনে কম্পিউটাৰত
কিবাকিবি
টিপিলে৷ এসময়ত তাৰ তদন্ত শেষ হ’ল৷ মোক ক’লেঃ “আপোনাৰ জেনেটিক
প্ৰফাইল চাই বুজিব পাৰিছোঁ যে আপোনাৰ পূৰ্বপুৰুষসকল নিজৰ জীৱনক লৈ বৰ
দুখী আৰু বিমৰ্ষিত আছিল৷ টকা-সম্পত্তি,দোকান-পোহাৰ,চিনেমাঘৰ,ৰাজনীতি-এইসব
আনন্দ-উপভোগৰ সামগ্ৰী তেওঁলোক সকলোৱে পাইছিল৷ তৎসত্ত্বেও তেওঁলোক সুখী হ’ব পৰা নাছিল৷
কিছুমান ব্যাখ্যাহীন শংকা,বিষময় বিষাদ,কেতবোৰ মনস্তাত্ত্বিক
বিশৃংখলতাই
তেওঁলোকৰ মনবোৰক অস্থিৰ,ধুঁৱলী-কুঁৱলী কৰি ৰাখিছিল৷
সেই মানসিক ধূসৰতাৰ মাজেদি আহ-যাহ কৰিয়েই তেওঁলোকে জীৱনটো পাত কৰিলে ৷ কালক্ৰমত তেখেতসকলৰ জীৱনবোৰ শেষ হ’ল৷
কিন্তু
তাৰ অৱশেষ থাকি গ’ল
উত্তৰপুৰুষৰ জিনত
৷ এতিয়া পৰিণতি কি হ’লগৈ দেখিছেই নহয় ! একেবাৰে ভয়াৱহ ৷ আপোনাৰ জিনত
নেটৱৰ্কৰ
কোনো চিন-চাবেই নাই ! কিদৰে সুখী হ’ব আপুনি !”
বৰ বেজাৰ লাগিল, ল’ৰাজনৰ মুখত পূৰ্বপুৰষৰ
হতাশাজনক-মৰ্মন্তুদ বুৰঞ্জী শুনি বৰ বেজাৰ লাগিল৷ ক্ষণিকতে চকুৰে দুটোপাল নাতিশীতোষ্ণ অশ্ৰু
ওলাই আহিল । ছেহ্ ! কি যে হৈ গ’ল ! মনত সাগৰসম উছাহ লৈ সুখী হ’বলৈ আহিছিলোঁ৷
ভাবিছিলোঁ জীৱনৰ অৱশিষ্ট দিনকেইটা সুখী মানুহৰ দৰে উদ্যাপন কৰিম ৷ কোনো
দুশ্চিন্তা নাই,কোনো শোক নাই,তিলমানো অসন্তুষ্টি নাই ৷ কেৱল সুখ, সন্তুষ্টি আৰু
হাঁহি৷ পিছে বাস্তৱ নিষ্ঠুৰভাৱে নিৰ্দয় ! আৰম্ভণিতেই পৰাহত হ’লোঁ ৷ এতিয়া অশ্ৰুসিক্ত হৃদয়
এখনৰ লগত আলিংগনাবদ্ধ হৈ এই ঠাই এৰাৰ বাহিৰে অইন গত্যন্তৰ নাই৷
সেয়ে, চুচুক-চামাক খোজেৰে
ওভতনি-পথত
খোজ পেলালোঁ ৷
পিছে,প্ৰস্থানৰ দুৱাৰখন ঠেলি সিটোপাৰত
ভৰি এখন থওঁতেই পিছফালৰ পৰা ল’ৰাজনে মাত দিলে ।
“দাদা,ৰ’ব ।”
“কোৱাচোন ।”-নিৰুদ্বেগ হৈ সুধিলোঁ ৷
“আপুনি এটা কাম কৰিব পাৰে । সুখী হ’বৰ কাৰণে ।”
শেষৰ বাক্যটোৰ
অন্তৰ্নিহিত শকতিয়ে মোক মুহূৰ্ততে ল’ৰাজনৰ সমুখলৈ উভতাই অনালে । চকুৰ
লোটক মচি ততালিকে তেওঁক সুধিলোঁ: কি কাম বাছা ?
“আপুনি অভিনয় কৰিব পাৰে । সুখী হোৱাৰ অভিনয় । আপোনাৰ পূৰ্বপুৰুষেও
এই কামটো বৰ দক্ষতাৰে কৰিছিল । বোধহয়,সৰ্বাধিক দক্ষতাৰে ।”-ল’ৰাজনে
সআগ্ৰহে মোক তথ্যটি দিলে ৷
“হয় নেকি !” মই বৰ উৎকণ্ঠিত হৈ পৰিলোঁ-“ বৰ
অপূৰ্ব আইডিয়া দেখোন
! পিছে আকৌ নতুন কাৰ্ড ল’ব লাগিব নেকি ?”
“নতুন কাৰ্ড নেলাগে । এইটো ঘড়ীতে মেনুৱেল মুড এটা আছে । সেইটো
সক্ৰিয় কৰি ল’লেই
হ’ল ।”
কথাষাৰ কৈয়েই ল’ৰাজনে তেওঁৰ
হাতখন মেলি মোৰ
ঘড়ীটোত থকা বুটাম এটা টিপিলে ৷ পৰ্দাখনৰ বৰণ গাঢ় নীলা
হৈ পৰিল৷ মুহূৰ্ততে মই অনুভৱ কৰিলোঁ: মোৰ দেহেৰে যেন কিছুমান
অদৃশ্য বৈদ্যুতিক তৰংগ নিৰৱচ্ছিন্নভাৱে পাৰ হৈ গৈছে ৷
বিসদৃশ পথ কিছুমান অতিক্ৰম কৰি সিহঁতে যেন মস্তিষ্কৰ কোনোবা গোপন
কেঁকুৰিত
অৱস্থান গ্ৰহণ কৰিছে৷ মই এপলক ঘড়ীটোলৈ চালোঁ ৷
দেখিলোঁ,প্ৰচুৰ
উৎসাহেৰে ‘হাঁহি’ আৰু ‘আশা’ৰ বুটামকেইটা তিৰবিৰাব
লাগিছে । নেটৱৰ্কো পূৰ্বতকৈ সুস্থিৰ আৰু
হৃষ্ট-পুষ্ট
৷ কাৰবাৰটো দেখি বৰ ভাল লাগিল ৷
ল’ৰাজনে ক’লে-“এতিয়া আপোনাৰ চিন্তা নাই । দুমাহলৈকে
আপুনি সুখী হোৱাৰ অভিনয় কৰি যাব পাৰিব । কেৱল মনত ৰাখিব,মুখৰ হাঁহিটো যিমানেই উজ্জ্বল
হ’ব,সিমানেই আপোনাৰ
অভিনয় নিখুঁত হ'ব । সেয়ে হাঁহিৰ বুটামটো দিনটোত কমেও দহবাৰমান টিপিব
৷ বেষ্ট অৱ লাক !”
হাঁহি এটা মাৰি ল’ৰাজনে মোক শুভেচ্ছাবাণী দিলে । বোধহয় কৌশলপূৰ্ণভাৱে
বিদায়ো জনালোঁ ।
“ধন্যবাদ।”
বিনিময়ত ময়ো এটা ধন্যবাদসূচক হাঁহি মাৰি তেওঁক সঁহাৰি জনালোঁ ।
কোৱাটো নিষ্প্ৰয়োজন, মোৰ হাঁহিটো বিশুদ্ধ অভিনয়ৰ এক নিৰ্ভেজাল
প্ৰতীকৰ বাহিৰে
আন একো নাছিল ।
------------------------------------------------------000000------------------------------------------------------------
ৰচনাকাল- ১৯ ফেব্ৰুৱাৰী ২০১৯
পঢ়িব পাৰে-অনুভূতিৰ বিৱৰ্তন
Comments
Post a Comment