বুজাবুজি (ৰস-ৰচনা)

আজি বজাৰত বিচিত্ৰক লগ পালোঁ। মোটামুটি ছমাহৰ মূৰত। বিচিত্ৰ ওৰফে বিন্দু। এটা অদ্ভুতধৰণৰ বিচিত্ৰ মানুহ। বাহ্যিক পৃথিৱীৰ পৰা দৃষ্টি আঁতৰাই আনি যদি বিন্দুৰ জীৱনশৈলীৰ ওপৰত ক্ষন্তেক সময়ৰ কাৰণে নিবদ্ধ কৰোঁ, তেন্তে প্ৰশ্ন জাগেঃ এই মানুহজনে বজাৰৰ চুকত, চাৰিআলিৰ চ'কত কি কৰি আছে! এওঁতো কোনোফালৰ পৰাই আমাৰ শ্ৰেণীত নপৰে। এওঁক লৈ এতিয়াও চিনেমা নিৰ্মাণ কিয় হোৱা নাই! কাব্য লিখা হোৱা নাই কিয়! সেইবোৰ বাৰু বাদ। কিন্তু মানুহটোক মাহেকে-পষেকে নি সংগ্ৰাহালয়ততো থৈ আহিবগৈ পাৰে! যাতে সাধাৰণ মানুহেও তেওঁলোকৰ অসাধাৰণ কীৰ্তিৰ বিষয়ে উমান পায়। উদাহৰণস‌্বৰূপে আজিৰ ঘটনাটোকে ধৰকঃ

ছব্জিৰ বেপাৰীয়ে ডিছিটেল পাল্লাখনত পটল জুখি আছে। বিন্দুক লাগে আধা কেজি। কিন্তু তাক আধা কেজিতকৈ বিশগ্ৰামমান বেছিকৈ লাগে। কাৰণ সিও প্ৰচলিত 'অলপ লগাই দিয়ক' প্ৰথাটোৰ উগ্ৰ সমৰ্থক। ঠিকে আছে। বেপাৰীয়ে তাৰ কথামতেই অলপ 'লগাই' দিলে। কিন্তু বিশগ্ৰামৰ পটলটো পাল্লাত পেলাই দিওঁতেই পটলটোৱে বৰকৈ আঘাত পালে। কাৰণ গ্ৰাহকৰ পৰা অনাদৃত-অৱহেলিত হৈ সি মানসিক আৰু শাৰীৰিকভাৱে ইমানেই ভাগি পৰিছিল যে দেহৰ সমস্ত শক্তি শুকাই কৰ্কৰীয়া মাৰিছিল। গতিকে পাল্লাত পৰিয়েই সি সিফলীয়া হ'ল। এতিয়া বিন্দুৱে সেইটো পটল নলয়। মৰা পটলটোনো কিয় ল'ব সি! সিপিনে বেপাৰীয়েও অইন এটা পটল দিবলৈ অনিচ্ছুক। এনেকৈ বেছি-বেছিকৈ পটল দি থাকিলে তাৰ বিজিনেছ কেনেকৈ চলিব! গতিকে দুয়োটাৰে মাজত বাক-বিতণ্ডা আৰম্ভ হ'ল। এসময়ত কাজিয়া গৈ এনেকুৱা হ'লগৈ।
- তই মোক চিনি পাইছনে নাই! বাপ্পেৰক জোকাই নল'বি কিন্তু দেই। এতিয়াই ভাল চাই পটল এটা পাল্লাত দে। কাষ্টমাৰক ঠগিবলৈ আহিছ!
-চাওক দাদা। আপোনাক চিনি পাই মোৰনো কিডাল হ'ব! দম দিলে নচলে। এইবোৰ দম বেলেগত দেখাব।
- সঁচায়েতো!
-হয়। সঁচায়ে।
-ৰ'হ তেন্তে।
এইটো কাজিয়াখনৰ টাৰ্ণিং পইণ্ট। এতিয়া বিন্দুৱে তাৰ আচল খেলখন আৰম্ভ কৰিলে। পকেটৰ পৰা মোবাইলটো উলিয়ালে। পটাপট নম‌্বৰ এটা ডায়েল কৰিলে। ম'বাইলৰ পৰ্দাত দেখা পালোঁঃ Calling SP
বাপ্‌ৰে! সি ইমান হাত-দীঘল মানুহ নেকি! মইতো দেখি তাজ্জুব মানিলোঁ। মুখখন মেলি কিবা এটা কাম এছপিৰ হতুৱাই কৰাব পৰা যাব নেকি বুলি সুধিব লৈছিলোঁৱেই, তেতিয়াই সি ফোনটো জোকাৰি বেপাৰীৰ আগত নচুৱাবলৈ ধৰিলে। অৰ্থাৎ, তোৰ আজি ৰক্ষা নাই। এতিয়া এছপিয়ে আহি তোক চিধা কৰিব। সিপিনে বেপাৰী বাপুৰ কপালত ঘাম। মুখতঃ ৰাম, ৰাম। ততাতৈয়াকৈ পটল কেইটামান পাল্লাত দি তেওঁ ক'লেঃ দাদা, হ'ব দিয়ক। আপুনি ফোনটো কাটকচোন। ক্ষমা কৰিব আৰু। নজনাতে ভুল হ'ল।
তেওঁ কাবৌ-কাকূতি কৰিবলৈ ধৰিলে।
পিছে, বিন্দুয়ে ক'লেঃ নহয়,নহয়। তই পটল থ। থ। তোক আজি মোৰ চিনাকি দি আছোঁ। বেটাই মোক 'চিনি নেপায়'। এনে ফটা লেবেল ঔ!
এইকেইটা কথাকে বিন্দুৱে দুই মিনিটমান পেক্‌পেকাই থাকিল। মই দেখিলোঁ ফোনটো বাজি আছে। কিন্তু সিফালৰ পৰা কোনেও উঠোৱা নাই। আমনি লাগিল। ক্লাইমেক্সৰ নামত একোডালেই নহ'লচোন! অৱশেষত তাক বুজোৱাত লাগিলোঁ। হ'ব দে। সামৰ আৰু এতিয়া।
সামৰিলে। পাঁচ মিনিটমান এছপিৰ বিভীষিকা প্ৰদৰ্শন কৰি বিন্দুৱে ফোনটো পকেটত ভৰালে। অৱশ্যে সি পটল এটাহে ল'লে, যদিও বেপাৰীয়ে ভয়তে গোটেই বস্তাটোৱেই তাক দিবলৈ ওলাইছিল।
'তোৰ অন্যায় নকৰোঁ। কিন্তু দিয়া বস্তুটো ভালকৈ গ্ৰাহকক দিবি। বদমাছি নকৰিবি।'-অন্তিমটো 'দম' আগবঢ়াই বিন্দুৱে মোনাটোত পটলকেইটা ভৰাই ল'লে। তাৰ পিছে পিছে ময়ো আহিলোঁ। আহি ওচৰতে ৰঘুৰ হোটেলত চাহ একাপ খাওঁ বুলি সোমালোঁ।
-তোৰ ইমান চিনাকি! মোকো এছপিৰ লগত চিনাকি কৰাই দিবিচোন। দৰকাৰ হয় কেতিয়াবা।- মই প্ৰভুভক্তৰ দৰে বিনয়ী হৈ পৰিলো‌ঁ। পিছে মোক আচৰিত কৰি সি ক'লেঃ
-তই দেখোন সোণপাহিক চিনি পাৱয়েই। তায়েই এছপি।নামটো ছৰ্টত লিখিছোঁ। বহুত কামত আহে।
-অঅঅঅঅ'... মই হেবাঙৰ দৰে তালৈ চালোঁ।
-এইবোৰ বুজাবুজি অ'। কোনসময়ত ফোন ৰিচিভ কৰিব লাগে, কেতিয়া নেলাগে তাই সব বুজি পায়। মানে অতবছৰে এটা আণ্ডাৰষ্টেডিং হৈ গৈছেগৈ আৰু! বাদ দে সেইবোৰ। কচুৰি খাবিনে?অ' ভাইটি, এইফালে কচুৰি এটা দিবা হে।-বিন্দুৱে হোটেলৰ মালিকলৈ কেৰাহিকৈ চাই চিঞৰ এটা মাৰিলে।
মোৰ দৃষ্টি তেতিয়া কাঁচৰ গিলাচত তলিত থকা পৰুৱা দুটাৰ ওপৰত পৰিছিল। কথা পাতি আছে। বোধহয় দুয়োটাই মিলি কিবা বুজাবুজিয়েই কৰি আছে।

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা