স্থিৰ মানসিকতা আৰু বিকাশসূচক মানসিকতা

 বিফলতাৰ প্ৰতি এজন মানুহে কিদৰে সঁহাৰি জনায়, মূলতঃ সেইটো ধাৰণাৰ ওপৰত ভিত্তি কৰি মানুহৰ মানসিকতাক দুটা বিভাগত ভাগ কৰা হৈছে৷ এটা হৈছে ‘স্থায়ী’ বা ‘স্থিৰ’ মানসিকতা আৰু আনটো হৈছে ‘বিকাশসূচক’ মানসিকতা৷ স্থিৰ মানসিকতাৰ মানুহে নিজৰ বুদ্ধিমত্তা আৰু প্ৰতিভাক অগ্ৰাধিকাৰ দিয়ে আৰু বিফলতাৰ সমুখীন হ’লে প্ৰতিভাৰ অভাৱত হোৱা বুলি ভাবে৷ এইসকল মানুহে সোনকালেই ভাগি পৰাৰ, হতাশগ্ৰস্ত আৰু অস্থিৰ হোৱাৰ সম্ভাৱনা থাকে৷ হয়তো তেওঁলোকে কামটো কৰিবলৈও এৰি দিব পাৰে৷ আনহাতে বিকাশশীল মানসিকতাৰ মানুহে ভাবে যে, যিকোনো কামেই প্ৰয়াস, প্ৰচেষ্টা আৰু পৰিশ্ৰমৰ জৰিয়তে সম্পন্ন কৰিব পাৰি৷ বিফলতাৰ সম্ভাৱনা থাকিলেও তেওঁলোকে কামটো কৰিবলৈ এৰি নিদিয়ে৷ ‘স্মাৰ্ট’ বা প্ৰকৃতিপ্ৰদত্ত ‘প্ৰতিভা’ৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল নহয়৷ সেইবাবে ‘স্মাৰ্টনেছ’ বৰ্তাই ৰখা অতিৰিক্ত চাপটোৰ পৰাও তেওঁলোক মুক্ত৷ এইসকল মানুহৰ জীৱন মোটামুটিভাৱে ‘চাপমুক্ত’ আৰু ‘সফল’৷ এইয়া হৈছে মনোবিজ্ঞানী কেৰ’ল ডুৱেকৰ ধাৰণা৷ তেওঁ ১৯৯৮ চনত এটা গৱেষণা সম্পন্ন কৰিছিল৷ গৱেষণাৰ মতে, ল’ৰা-ছোৱালীক ‘স্মাৰ্টনেছ’ৰ পৰিৱৰ্তে পৰিশ্ৰমৰ প্ৰশংসা কৰিলে তেওঁলোক ভৱিষ্যতৰ কাম এটা কৰিবলৈ অধিক অনুপ্ৰাণিত হয়৷ সন্দীপ মহেশ্বৰীয়ে তেওঁৰ শেহতীয়া ভিডিঅ’ এটাত এইটো গৱেষণাৰ কথা ক’লে৷ তেওঁ মনোবিজ্ঞানীগৰাকীৰ নামোল্লেখ কৰা নাই৷ ডুৱেকৰ Fixed আৰু Growth Mindsetৰ বিষয়ে তেওঁ আলোচনা নকৰিলে৷ কিন্তু মহেশ্বৰীয়ে আঙুলিয়াই দিয়া ধাৰণাটো চিন্তা-উদ্দীপক৷ কেৰ’ল ডুৱেকৰ এখন বহুপঠিত কিতাপ আছে-Mindset৷ গ্ৰন্থখনত মানসিকতা, অনুপ্ৰেৰণা, উদ্দীপনাৰ বিষয়ে অনেক কথা আছে৷


কেইদিনমানৰ আগতে বলিউডৰ অভিনেতা নাৱাজুদ্দিন সিদ্দিকীয়ে ‘ক্ৰিয়েটিভ ইণ্ডিয়ানছ্’ নামৰ অনুষ্ঠান এটাত ‘প্ৰতিভাৰ দ্বাৰা একো নহয়’ বুলি খাৰাংখাচ ভাষাৰে মন্তব্য কৰে৷ তেওঁৰ মতে, পৰিশ্ৰমহে প্ৰকৃত কথা৷ অভিজ্ঞ ব্যক্তি নাৱাজুদ্দিনৰ এই মন্তব্য মনোবিজ্ঞানী কেৰ’ল ডুৱেকৰ সৈতে প্ৰায় মিলিছে৷ আমি সৰুতে পঢ়া ‘শহা আৰু কাছৰ সাধু’টোকো প্ৰতিভা আৰু পৰিশ্ৰমৰ মাজৰ যুঁজ বুলি ভাবিব পাৰোঁ৷ বেগাই দৌৰিব পৰা প্ৰতিভাৰ গৰাকী হৈও শহা দৌৰত হাৰিল৷ আনহাতে কেৱল পৰিশ্ৰম আৰু আত্ম-প্ৰেৰণাৰ বলত কাছ দৌৰত জিকিল৷ দৌৰত বিফল হোৱাহেঁতেনো কাছৰ মন বেয়া নালাগিলহেঁতেন৷ কাৰণ শহাক হৰুওৱাটো কাছৰ উদ্দেশ্যয়েই নাছিল৷ আগুৱাই থকাৰ ইচ্ছাটোৱেহে কাছৰ মানসিকতাক অনুপ্ৰাণিত কৰি ৰাখিছিল৷

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা