ড০ প্ৰণৱজ্যোতি ডেকাৰ দুখন গ্ৰন্থ


ড০ প্ৰণৱজ্যোতি ডেকাৰ প্ৰবন্ধত যৌগিক আৰ মিশ্ৰ বাক্যৰ আধিপত্য বেছি যদিও ভাৱ আৰু বক্তব্যৰ অভিনৱত্বৰ বাবে বাক্যসমূহে ৰচনাৰ গতিশীলতাত এক মৌলিক মাত্ৰা প্ৰদান কৰে৷ তীক্ষ্ন আৰু পৰিমিত ব্যংগ তেখেতৰ প্ৰবন্ধৰ আন এটি বৈশিষ্ট্য৷ তাৰ লগতে ৰহণ চৰায় বিষয়বস্তু বিশ্লেষণৰ প্ৰতি তেখেতৰ অপ্ৰচলিত মনোভংগীটোৱে৷ ‘পৰমেশ্বৰ আছে নে নাই?’ শীৰ্ষক গ্ৰন্থখনত সন্নিৱিষ্ট হোৱা তেৰটা প্ৰবন্ধৰ ভিতৰত ‘ৰাসায়নিক ঈশ্বৰ’ প্ৰবন্ধটো এটি উল্লেখনীয় প্ৰবন্ধ৷ আলোচনা অনুসৰি, ঈশ্বৰ-সম্পৰ্কীয় ধাৰণাটো মগজু-সৃষ্ট এক ৰাসায়নিক প্ৰক্ৰিয়া৷ গ্ৰন্থত সন্নিৱিষ্ট হোৱা প্ৰায়কেইটা আলোচনাতেই জীৱ-বিজ্ঞান, নৃতাত্বিক, ভৌগোলিক, অথবা স্নায়ুবিজ্ঞানৰ দৰে বিষয় প্ৰভাৱ দেখা গৈছে৷ অৱশ্যে ধৰ্ম আৰু বিৱৰ্তন-সম্পৰ্কীয় কিছুমান তুলনামূলক পৰ্যায়ৰ আলোচনা খৰতকীয়া হৈছে৷ বিশেষকৈ ‘নিয়েণ্ডাৰথেল’ প্ৰজাতিৰ কিছুমান বিতৰ্কিত তথ্যৰ আলোচনা অধিক দীঘলীয়া হোৱাৰ থল আছিল৷  এইটোৰ দৰে বাকীকেইটা প্ৰবন্ধও অৱশ্য-পঠনীয়৷ বিশেষকৈ, ক’লা হীৰা-বগা হীৰা, গল্প সাহিত্যত সত্য, ‘ঈশ্বৰ বনাম বিজ্ঞান’ প্ৰবন্ধকেইটাই পঢ়ুৱৈক চিন্তাৰ খোৰাক যোগাব৷ ড০ ডেকাৰ দ্বিতীয়খন গ্ৰন্থত প্ৰবন্ধৰ সংখ্যা আঠটা৷ তেখেতৰ মতে, শ্ৰীমদ্ভগৱদগীতা এখন অজটিল, সহজবোধ্য গ্ৰন্থ৷ তেন্তে গীতাৰ ইমানবোৰ টীকা-ভাষ্য কিয় লিখা হৈছে? এই প্ৰশ্নৰ উত্তৰৰ সন্ধানত তেখেতে এক দীঘলীয়া তথ্যভিত্তিক আৰু সাহসী আলোচনা যুগুত কৰি উলিয়াইছে৷ এনেজাতীয় প্ৰবন্ধ আমাৰ বৌদ্ধিক সমাজত প্ৰায় বিৰল৷ প্ৰবন্ধত এক অনুসন্ধানমূলক অন্তৰ্দৃষ্টি পৰিলক্ষিত হৈছে৷ প্ৰমাণ হিচাপে ‘নীলাচল-কামাখ্যাৰ ইতিবৃত্ত’, ‘জনশ্ৰুতি’, ‘মহাপুৰুষীয়া ধৰ্মত বৌদ্ধ প্ৰভাৱ’ আদিৰ কথা উল্লেখ কৰিব পাৰি৷


Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা