২০২০ চনত পঢ়া কিতাপ


 

২০২০ চনত পঢ়া আৰু অসমাপ্ত অৱস্থাত থকা কিতাপকেইখনৰ বিষয়ে চমুকৈ তলত উল্লেখ কৰা হ’ল৷

 

(১) Namesake-ঝুম্পা লাহিড়ী উপন্যাসখন মূলত বৰ্ণনাধৰ্মী৷ সংলাপভিত্তিক উপস্থাপন-শৈলীতকৈ পৰিৱেশ-নিৰ্ভৰতা আৰু চৰিত্ৰৰ সূক্ষ্মতাভৰা অলংকৰণে উপন্যাসৰ গতিক মাত্ৰা দিয়ে৷ পিতৃয়ে দিয়া বিচিত্ৰ নামটোৱে পুত্ৰৰ মানসিকতা আৰু সামগ্ৰিক জীৱনশৃংখলত কিভাৱে প্ৰভাৱ পেলায়, তাৰ এক নিৰ্মেদ উপস্থাপন কলিকতা আৰু আমেৰিকাৰ পটভূমিত লিখি উলিওৱা হৈছে৷  

(২) বুদ্ধই হাঁহিছে-বিতোপন বৰবৰাঃ ভিন্ন বিষয়ৰ কেইটিমান গল্পৰ সংকলন৷ ৰাজনৈতিক বাস্তৱবাদ আৰু নাগৰিকৰ পৰিৱৰ্তিত সমাজবোধ আৰু জীৱন-বৈচিত্ৰ্য গল্পৰ অভিন্ন উপাদান৷ অভিধানিক শব্দৰ প্ৰয়োগ গল্পৰ উল্লেখনীয় বৈশিষ্ট্য৷   

(৩) টোকোৰা বাহৰ সোণৰ বেজী-অৰূপা পটংগীয়া কলিতাঃ অসমৰ এক বিশেষ অঞ্চলৰ দীৰ্ঘদিনীয়া সমাজ, অৰ্থনীতি আৰু ৰাজনৈতিক বুৰঞ্জীৰ কথন৷ মুঠতে পঞ্চাছটা অধ্যায়ৰে সমৃদ্ধ হোৱা উপন্যাসখনৰ বিষয়বস্তু কল্পনাপ্ৰসূত হ’লেও বিৱৰণ-শৈলীত  বৰ্তমানৰ সমাজখনৰ বাস্তৱনিৰ্ভৰ চেতনা সাঙোৰ খাই আছে৷  

(৪) এহাত ডাবা আৰু (৫) গোলাম-সৌৰভ কুমাৰ চলিহাঃ দুয়োখন গল্প সংকলনতেই চলিহাদেৱৰ অনবদ্য গল্প কিছুমান সন্নিৱিষ্ট হৈছে৷

(৬) শতাব্দীৰ সূৰ্য আলবাৰ্ট আইনষ্টাইন-ড০ প্ৰফুল্ল কটকীঃ বাংলা ভাষাৰ আত্মজীৱনীমূলক উপন্যাসৰ পৰা অসমীয়ালৈ অনুবাদ কৰা এই গ্ৰন্থখনত যুগজয়ী পদাৰ্থ বিজ্ঞানী আইনষ্টাইনৰ জীৱন-গাঁথা মনোৰম ভাষাৰে প্ৰকাশ কৰা হৈছে৷

(৭) তত্ত্ব-চ্চান-তোষপ্ৰভা কলিতাঃ জাপানৰ এগৰাকী ব্যতিক্ৰমী প্ৰধান শিক্ষকৰ সান্নিধ্যই এগৰাকী শিশু ছাত্ৰীৰ মনোভংগী আৰু চিন্তা কিদৰে প্ৰভাৱিত কৰে-সেয়া উক্ত উপন্যাসখনত প্ৰভাৱশালী ৰূপত তুলি ধৰা হৈছে৷ এখন অৱশ্য-পঠনীয় গ্ৰন্থ৷

(৮) আজাৰ(অ)-ড০ ধ্ৰুৱজ্যোতি বৰাঃ প্ৰায় ৭০০ পৃষ্ঠাৰ এই উপন্যাসখনৰ মুখ্য বিষয় মহামাৰী কলাজ্বৰৰ বিভীষিকা যদিও পটভূমি আৰু পৰিৱেশত সংযুক্ত হৈ পৰা একাধিক উপাদানৰ বিস্তৃত বিৱৰণীয়ে উপন্যাসখনৰ গতিধাৰাত শক্তিশালী ভূমিকা পালন কৰিছে৷ সামাজিক অৱনতি, দুৰ্যোগ, প্ৰজা-বিদ্ৰোহ, মানুহৰ বৈচিত্ৰ্যতা, উঠি অহা প্ৰজন্ম এটিৰ উচ্চাকাংক্ষাৰ অনেক কাৰক অনুসন্ধান কৰাত চৰিত্ৰ-অলংকৰণ আৰু সেইবোৰৰ পুঙ্খানুপুংখ উপস্থাপনে যথেষ্ট সহায় কৰিছে৷

(৯) Guns, Germs and Steel - জাৰেড ডায়মণ্ড- বিগত প্ৰায় ১৩,০০০ টা বছৰত মানৱ জাতিয়ে গঢ়ি তোলা সমাজখনত ভূগোল আৰু ভৌগোলিক অৱস্থানৰ এক তৰ্কাতীত অংশগ্ৰহণ আছে আৰু এই অংশগ্ৰহণে বৰ্তমান পৃথিৱীৰো অৰ্থনৈতিক, সামাজিক, ভাষিক অথবা প্ৰযুক্তিগত বৈচিত্ৰ্য আৰু অনৈক্যত উল্লেখনীয় পাৰ্থক্যৰ সূচনা কৰিছে৷ অধ্যাপক-লেখক জাৰেড ডায়মণ্ডে এইটো যুক্তিয়েই তেওঁৰ পুলিৎজাৰ-বঁটা বিজয়ী গ্ৰন্থখনত উল্লেখ কৰিছে৷ 


(১০) The rise and fall of the third chimpanzee (অ)- জাৰেড ডায়মণ্ডৰ এখন তথ্যসমৃদ্ধ আৰু সাৱলীল বিশ্লেষণৰে পূৰ্ণ গ্ৰন্থ৷ প্ৰায় ষাঠি লাখ বছৰৰ আগতে কপি গোষ্ঠীৰ পৰা পৃথক হৈ পৰৱৰ্তী পৰ্যায়ত হ’ম’ চেপিয়েনছৰ ৰূপ পৰিগ্ৰহ কৰা মানৱ জাতিৰ উত্থানৰ বিভিন্ন মুহূৰ্ত গ্ৰন্থখনত তুলি ধৰা হৈছে৷ কমন চিম্পাঞ্জী আৰু পিগমি চিম্পাঞ্জীৰ পৰা মানুহৰ ডিএনএ মাত্ৰ ১.৬ শতাংশহে পৃথক৷ অথচ এইকণ পাৰ্থক্যতেই মানৱ জাতিয়ে ভাষিক, সাংস্কৃতিক, বোধগত আৰু বিভিন্ন ক্ষেত্ৰত নিজস্ব এক বিশিষ্টতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে৷ মুঠ পাঁচটা খণ্ডত বিভক্ত এই গ্ৰন্থখনে মানুহৰ এইসমূহ পাৰ্থক্যকে বৈজ্ঞানিক তত্ত্বৰ চমৎকাৰিতা আৰু জোৰদাৰ যুক্তিবাদেৰে ব্যাখ্যা কৰিছে৷  

(১১) The Selfish Gene-ৰিচাৰ্ড ডকিনছ্- গ্ৰন্থখনত ডকিনছে জিনকেন্দ্ৰিক দৃষ্টিৰে ক্ৰমবিকাশৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ ৰেখাংকন কৰাৰ প্ৰয়াস কৰে৷ অৱশ্যে নিজৰ বক্তব্যৰ সমৰ্থনত তেওঁ জিনৰ গঠনগত আৰু কাৰিকৰী বিশ্লেষণতকৈ জিনৰ দ্বাৰা নিৰ্ণিত হোৱা পশু আৰু মানৱৰ গোষ্ঠীগত বিশিষ্টতা, প্ৰজন্মগত অথবা সমগোত্ৰীয় আচৰণৰ পাৰ্থক্য বিচাৰ কৰে৷ গ্ৰন্থখনৰ জৰিয়তে তেখেতে একাধিক  চিন্তা-উদ্ৰেককাৰী তত্ত্ব আৰু মতবাদ পোহৰলৈ আনিছে৷ বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল (ESS), মেমেটিকছ্ তাৰে ভিতৰৰ দুটা৷ বিষয়বস্তুৰ সৰলীকৰণৰ বাবে তেওঁ কেতবোৰ আকৰ্ষণীয় ৰূপক আৰু উপমাৰ সহায় লয়৷ মেইনাৰ্ড স্মিথ আৰু গেম থিয়ৰিৰ আলোচনাই গ্ৰন্থখনৰ একাধিক আলোচনাক শক্তিদান কৰে৷     

(১২) The Greatest Show on earth -ৰিচাৰ্ড ডকিনছ্ঃ বিৱৰ্তনীয় জীৱবিজ্ঞানী ডকিনছৰ আন এখন ৰোমাঞ্চকৰ গ্ৰন্থ৷ বিৱৰ্তনবাদ আৰু প্ৰাকৃতিক নিৰ্বাচন অথবা ডাৰউইনবাদৰ বিপক্ষে থিয় দিয়া গোটটোৰ সমুখত এই গ্ৰন্থখনে একাধিক প্ৰমাণ আৰু ‘Missing link’ৰ সূত্ৰ যুক্তিসহকাৰে আৰু ৰঙীন চিত্ৰৰে দাঙি ধৰে৷

(১৩) Why We sleep -মেথিউ ৱাকাৰঃ নিদ্ৰা আৰু স্বপ্নৰ কিছুমান অতি-লাগতিয়াল আৰু সততে মানি চলিবলগীয়া বিষয়ৰ গুৰুত্ব পাঠকে অনুধাৱন কৰিব পৰাকৈ সৰলভাষাৰে লিখি উলিওৱা গ্ৰন্থ৷ চিৰকাডিয়ান ৰিডম, মেলাটনিনৰ পৰা আৰম্ভ কৰি খেলুৱৈ অথবা শিশুৰ জীৱনত নিদ্ৰাহীনতাৰ কুপ্ৰভাৱলৈকে; ৰেমশ্লিপ, ননৰেমশ্লিপৰ পৰা আৰম্ভ কৰি স্নায়ৱিক প্ৰণালী-নিৰ্ভৰ স্বপ্নৰ চমৎকাৰী জগতখনলৈকে; ডিমেনছিয়া, নাৰ্কোলেপ্সি, ইনছ’মেনিয়াকে ধৰি নিদ্ৰাৰ অভাৱত হ’ব পৰা অনেক আধুনিক ৰোগ-ব্যাধিলৈকে সমস্ত বিৱৰণ ৱাকাৰে সাৱলীলভাৱে দাঙি ধৰিছে৷ তাৰ বাবে ৱাকাৰে নিদ্ৰা-বিজ্ঞানৰ শেহতীয়া অনেক গৱেষণাৰ আলোড়নকাৰী সমীক্ষা, উদ্ভাৱন আৰু আৱিষ্কাৰৰ সহায় লৈছে৷

(১৪) The laws of Human Nature-ৰবাৰ্ট গ্ৰীণ (অ) মানুহ আৰু মানৱীয় চৰিত্ৰৰ কিছুমান আমোদজনক অথচ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছে৷ তাৰে কিছুমান প্ৰকৃতিগত আৰু আন কিছুমান পৰিৱেশ-উৎপাদিত৷ ৰবাৰ্ট গ্ৰীনে উক্ত গ্ৰন্থখনত ৰাজনীতি, সমাজনীতি, ধৰ্ম, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰৰ বাস্তৱ চৰিত্ৰ ইতিহাসৰ পাতৰ পৰা তুলি আনিছে আৰু সেই চৰিত্ৰৰ ভিত্তিত নিজা দৃষ্টিভংগী আৰু বিশ্লেষণ প্ৰণালীবদ্ধভাৱে আগবঢ়াইছে৷ তেওঁৰ বিশ্লেষণ অভিজ্ঞতালব্ধ আৰু উপলব্ধিনিৰ্ভৰ৷ স্নায়ুতত্ত্ব, ব্যৱহাৰিক মনোবিজ্ঞান অথবা বোধগত মনোবিজ্ঞানৰ গভীৰত তেওঁ প্ৰৱেশ কৰা নাই৷ অৱশ্যে একাধিক মনোবিজ্ঞানীৰ মতবাদ আৰু উক্তি তেওঁ সুসংহতভাৱে ব্যাখ্যা কৰিছে৷ 

(অ- মানে অসমাপ্ত)

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা