Why We Sleep-নিদ্ৰা আৰু স্বপ্নৰ বিষয়ে এখন অনবদ্য গ্ৰন্থ



ৰাতি দেৰিকৈ শুই পুৱা দেৰিকৈ উঠা মানুহৰ শতাংশটো হৈছে ৩০, আৰু সোনকালে শুই সোনকালে উঠা মানুহৰ শতাংশটো হৈছে ৪০৷ বাকী ৩০ শতাংশ মানুহ এই দুই শ্ৰেণীৰ মাজতে পৰে৷ অৰ্থাৎ ধলপুৱাতো নুঠে আৰু এটা বজালৈকো সাৰে নাথাকে৷ শোৱা আৰু উঠাৰ এই প্ৰকাৰবোৰক ক্ৰ’ন’টাইপ বুলি কোৱা হয়৷ যাৰ লগত জেনেটিকছৰ সম্পৰ্ক আছে৷ হয়তো দেৰিকৈ উঠা মানুহজনৰ পূৰ্বপুৰুষ বা অভিভাৱকো দেৰিকৈ বিচনাত পৰিছিল৷ হয়তো দীৰ্ঘদিনধৰি তেওঁলোকে এনে এটা কৰ্মত নিযুক্ত আছিল, যিয়ে তেওঁলোকৰ সেই নিদ্ৰা-বিন্যাসটো গঢ়ি তুলিছিল৷ কিন্তু সমাজত দেৰিকৈ উঠা মানুহক বৰ এটা প্ৰশংসাযুক্ত চকুৰে চোৱা নহয়৷ বৰঞ্চ তেওঁলোকক জোৰ-জুলুম কৰি পুৱা সোনকালে উঠিবলৈহে নিৰ্দেশ দিয়া হয়৷ পিছে 
Night Owlসকলক যদি প্ৰাকৃতিক অভ্যাসৰ বিপৰীতে সোনকালে উঠিবলৈ জোৰ কৰা হয়, তেন্তে তেওঁলোকৰ মগজুটো নিদ্ৰা-সদৃশ স্থিতি এটাতেই থাকে আৰু তেওঁলোকৰ প্ৰি-ফ্ৰণ্টেল কৰ্টেক্স অংশটো সম্পূৰ্ণভাৱে কাৰ্যক্ষম নহয়৷ মগজুৰ মুখ্য কাৰ্যালয় বুলি চিহ্নিত হোৱা এই অংশটো মানুহৰ বৌদ্ধিক বিচাৰ, বিবেচনা শক্তি, আৱেগ-নিয়ন্ত্ৰণৰ লগত জড়িত৷ এইদৰে প্ৰায়েই টোপনি ভাঙি থাকিলে Night owl সকল এসময়ত গৈ ভীষণ শাৰিৰীক আৰু মানসিক অশান্তিৰ সন্মুখীন হ’ব পাৰে৷ লগতে নিদ্ৰা-জনিত ব্যাধিৰ পৰা আৰম্ভ কৰি বিষণ্নতা, উৎকণ্ঠা, ডায়েবেটিছ, হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাইও গা কৰি উঠে৷

নিদ্ৰাৰ লগত বহু বিভ্ৰান্তি আৰু অপব্যাখ্যা লেখক মেথিউ ৱাকাৰে এইদৰেই ‘Why We Sleep’ গ্ৰন্থখনত দূৰ কৰিছে৷ মেথিউ ৱাকাৰ এগৰাকী নিদ্ৰা বিজ্ঞানী অৰ্থাৎ Sleep Scientist.(৷) বিশ বছৰীয়া কৰ্মজীৱনত ৱাকাৰে এশতকৈও অধিক গৱেষণা-পত্ৰ লিখিছে, প্ৰকাশ কৰিছে৷ এইখন হৈছে তেখেতৰ প্ৰথম গ্ৰন্থ৷ বৰ্তমান তেখেত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞান আৰু মনোবিজ্ঞান বিভাগৰ অধ্যাপক৷ লগতে নিদ্ৰা আৰু স্নায়ুপ্ৰতিবিম্বীয় গৱেষণাগাৰৰ অধ্যক্ষ৷

গ্ৰন্থখনৰ ভাষা তুলনামূলকভাৱে সৰল৷ নিদ্ৰাৰ লগত জড়িত একাধিক যুগান্তকাৰী গৱেষণা, বিৱৰ্তনীয় যোগসূত্ৰ, স্নায়ুতত্ত্বৰ আলোচনা ৱাকাৰে এই গ্ৰন্থখনত কৰিছে৷ সংলগ্ন হোৱা চিত্ৰবোৰে পাঠটোক বুজাত সহায় কৰিছে৷ প্ৰতিটো অধ্যায়য়েই কিছুমান সৰু-সৰু উপ-অধ্যায়ৰ সমষ্ঠি আৰু প্ৰতিটো বিষয় উপস্থাপন কৰোঁতে তেওঁ ঈৰ্ষণীয় শৃংখলাবদ্ধতাৰ পৰিচয় দিছে৷ মানুহৰ অভ্যন্তৰীণ জৈৱিক-চক্ৰ চিৰকাডিয়ান ৰিদম, কফি- শ্লিপিং পিলৰ অপকাৰিতা, টোপনিৰ বিভিন্ন পৰ্যায়কাল, ৰেম আৰু ননৰেম শ্লিপ, সপোনৰ বিষয়বস্তু আৰু অৰ্থ, আধুনিক প্ৰযুক্তি আৰু টোপনি সম্পৰ্কে কৰা অনেক আলোচনাই গ্ৰন্থত সন্নিৱিষ্ট হৈছে৷

Comments

  1. নমস্কাৰ 🙏 আপোনাৰ ব্লগৰ প্ৰত্যেক টো লেখা ই ভাল লাগিছে। আমাৰ এখন আলোচনীৰ বাবে আপোনাৰ পৰা এই গ্ৰন্থ সম্পৰ্কীয় লেখাটো আৰু পোক গল্পটো বিচাৰিছোঁ। আপোনাৰ বহুমূলীয়া লেখা টোৱে আমাৰ আলোচনী ৰ সৌষ্ঠৱ বৃদ্ধি কৰিব। Mor whsp no 8473824648 এই নাম্বাৰ টোত পঠিয়াই দিব বুলি আশা কৰিছোঁ। গুৱাহাটী ৰ পৰা প্ৰকাশিত স্পৰ্শ নামৰ আলোচনী এখন। সম্পাদনা মণ্ডলী।

    ReplyDelete

Post a Comment

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা