‘কথা এটা কওঁ’


ৰাতিপুৱা ৭ বাজি ৫১ মিনিটত যেতিয়া প্ৰথমটো ভূইকঁপে চন্দ্ৰশেখৰৰ চৌধ্যবছৰীয়া যন্ত্ৰণাক্লিষ্ট বিচনাখনৰ চাৰি ঠেং লৰাই থৈ গ’ল, তেতিয়া সুন্দৰ-পাহোৱাল ডেকাজনৰ জীউ ব্ৰহ্মাণ্ডৰ বাহিৰ হৈ যোৱাৰ উপক্ৰম হ’ল৷ দ্ৰুতগতিশীল ভূভাগৰ ওপৰত নিজৰ শাৰিৰীক অৱয়ৱটো বিচাৰিবলৈ আন্তৰিক প্ৰয়াস এটা কৰোঁতেই পুনৰ এটা ভূকম্পনত তাৰ যাউতিযুগীয়া হাত-ভৰি অচল ‘হৈ পৰিল! চন্দ্ৰশেখৰ প্ৰচণ্ড ভীতি আৰু আতংকত ঘামিবলৈ ধৰিলে৷ সি বুজিলে, মৰিবলৈ আৰু বেছি পৰ নাই৷ মাত্ৰ কেইটিমান ছেকেণ্ড! তাৰ পিছতেই ‘২০১২’ৰ দৰে পৃথিৱী তচনচ হৈ যাব৷ আজি হয় ৰঙামাটি, নহয় গুৱাহাটী৷ মুঠতে মানুহৰ সময় শেষ৷ সব চাফা৷

সমুখৰ গ্ৰিলৰ ওপৰেৰে ক্ষুদ্ৰাকৃতিৰ পৰুৱা এটা দুপদুপকৈ দৌৰিব লাগিছে৷ প্ৰলয়ৰ পূৰ্বাভাষৰ মাজতো এটা নতুন চিন্তাই তাক আঘাত কৰিলে৷ সি খপজপকৈ ফোনটো পকেটৰ পৰা উলিয়ালে৷ হাত দুখনৰ শিৰাবোৰ ভূকম্পনৰ পাৰ্শ্বক্ৰিয়া হিচাপে বেকাৰ হৈ পৰিছে৷ কষ্ট হ’ল অলপ৷ চন্দ্ৰশেখৰৰ ভৌগোলিক অৱস্থানৰ পৰা সাত মাইল উত্তৰা-দক্ষিণাকৈ শতাব্দীৰ ঘৰ৷ সি তাইৰ নম্বৰটো ডায়েল কৰিলে৷ ‘বিজি৷’ সি ‘ছেহ’ বুলি কৈ নিজৰ বিব্ৰতবোধ প্ৰকাশ কৰিলে৷ অৱশ্যে দ্বিতীয়বাৰ কল কৰিবলৈ তৎপৰ হওঁতেই স্ক্ৰীণত ‘শতাব্দী’ শীৰ্ষক আখৰকেইটাই স্বকীয় যান্ত্ৰিক ভংগীমাৰে অহা-যোৱা কৰিবলৈ ধৰিলে৷ সি ততালিকে ৰিচিভ কৰিলে৷
“হেল্লো! ঠিকে আছাতো!’-সি উধাতু খাই মাতটো লগালে৷
“আছোঁ৷ আছোঁ৷ তুমি!”
“কঁপিলোঁ৷”-চন্দ্ৰশেখৰৰ কণ্ঠত সম্ভাৱ্য পৃথিৱী-প্ৰস্থানৰ অপাৰ দুখ৷
“বাৰু৷ আচলতে জৰুৰী কথা এটা আছে৷’-শতাব্দীৰ কণ্ঠত কম্পন৷
‘ময়ো কথা এটা ক’বলৈকে ফোন কৰিছিলোঁ৷ ভাবিছোঁ আজি নক’লে কেতিয়া ক’ম?’-চন্দ্ৰশেখৰ সামান্য আশ্বৰ্য আৰু পুলকিত হয়৷
‘প্ৰথমতে কোনে ক’ব!’
এইটো এটা জটিল প্ৰশ্ন৷ যদিহে চন্দ্ৰশেখৰে ‘তুমি কোৱা, লেডিছ ফাৰ্ষ্ট’ বুলি পৰামৰ্শ এটা দিয়ে, তেতিয়া নাৰীবাদী শতাব্দীয়ে উফাইদাং মাৰি ‘কি বুলি ভাবিছা বাৰু নিজকে?’ বুলি তৰ্কৰ পাতনি মেলিব৷ আনহাতে ‘মই কওঁ’ বুলি যদি চন্দ্ৰশেখৰ নিজেই আগবাঢ়ি যায়, তেতিয়াও শতাব্দীয়ে পুনৰ ক’ব-‘ইমান স্বাৰ্থপৰ মানুহ!’ অথচ আজি পৃথিৱী-ধ্বংসৰ দিন৷ এনে দুঃসময়ৰ মাজতো শতাব্দীয়ে উক্ত কৌশলী স্বৰূপটো ত্যাগ কৰিব নোৱাৰা দেখি চন্দ্ৰশেখৰৰ মনটোৱে তীব্ৰ ভাষাৰে অথচ নিৰৱতাৰে গৰিহণা দিলে৷ পিছমুহূৰ্ততে এই কৌশলটোক প্ৰত্যুত্তৰ দিবলৈ চন্দ্ৰশেখৰে ছয়ছেকেণ্ডজোৰা মৌনতা আৰম্ভ কৰিলে৷ অভিজ্ঞতাৰ পৰা সি শিকিছে যে, এই ট্ৰিকি কুৱেশ্বনটোত উত্তীৰ্ণ হোৱাৰ এইটোৱেই একমাত্ৰ কৌশল৷ লগতে সি ইয়াকো জানে, যে কৌশলটোৰ সফল সমাপ্তিৰ পাছতেই পৰৱৰ্তী পদক্ষেপটো শতাব্দীৰ ফালৰ পৰাই গ্ৰহণ কৰা হ’ব৷
‘ময়েই কওঁ দিয়া৷’-অৱশেষত সেয়াই হ’ল৷ পূৰ্বৰ ৰীতি মানি শতাব্দীয়ে ‘কথা’টো ক’বলৈ আগবাঢ়ি আহিল৷
‘কোৱা৷’-চন্দ্ৰশেখৰে যুদ্ধজয়ৰ শব্দহীন হাঁহি এটা মাৰিলে৷
‘সেইদিনা যে তুমি আৰু মই শৰ্মাৰ হোটেলত চাহ খাবলৈ বহিছিলোঁ৷ মনত আছে!’
‘আছে৷’-চন্দ্ৰশেখৰে সামান্য আচৰিত হৈ হয়ভৰ দিলে৷ কাৰণ, সি ক’বলৈ ওলোৱা কথাটোও ‘শৰ্মা হোটেল’ৰ লগতে জড়িত৷ অথচ ‘মোৰ কথাটোও সেইদিনাৰে’ বুলি মাজতে মাত এষাৰ দিবলৈ সি সাহস গোটাব পৰা নাই৷ শতাব্দীয়ে নিজৰ ‘বাক্যসমষ্টি’ৰ মাজত ‘অআমন্ত্ৰিত বিজুতি’ (Uninvited interruption) একেবাৰেই অপছন্দ কৰে৷ সেয়ে সি নিজকে সংযম কৰি আখ্যানৰ পৰৱৰ্তী অংশ শুনি থাকিল৷
‘‘শৰ্মাৰ হোটেলৰ কৰ্মচাৰী ৰঘুৱে যে দুয়োটাকে দুটাকৈ চিঙৰা আৰু দুগিলাচ চাহ দি থৈ গৈছিল-মনত আছে!’-শতাব্দীয়ে পুনৰ সুধিলে৷
‘আছে৷’-চন্দ্ৰশেখৰে আশ্বৰ্যচকিত হ’ল৷
‘তুমি যে বৰ পিয়াহ লাগিছে বুলি বাহিৰলৈ পানী খাবলৈ উঠি গৈছিলা আৰু মই যে তাতেই বোন্দাপৰ দি বহুপৰ বহি থাকিলোঁ৷’
‘তাৰপিছত কোৱা!’-চন্দ্ৰশেখৰ অধৈৰ্য হৈ উঠিছে৷
‘সেইখিনি সময়তে তোমাৰ চাহত ভেনামাখি এটা পৰিছিল৷’
‘কি!!’
‘অঁ, কিন্তু...’
‘কি কিন্তু,,, ’
‘কথাটো তোমাক সেইদিনা কোৱা নহ’ল৷’
‘কি বলকিছা এইবোৰ!”’
স্বাস্থ্যসচেতন চন্দ্ৰশেখৰৰ হৃদয় কঁপি গ’ল৷ আচল ভূমিকম্পহে যেন এতিয়াহে আৰম্ভ হৈছে৷
‘সেইদিনাই ক’ম বুলি ভাবিছিলোঁ৷ কিন্তু সেইখিনি সময়তে মোৰ ফে’চবুক ডিপিখনত কমেণ্ট এটা আহিল৷ পুৰণা বান্ধৱী এজনীৰ৷ তাইৰ লগত লেকচাৰ মাৰি মচগুল হৈ থাকোঁতেই তোমাক মাখিৰ খবৰটো দিবলৈ পাহৰিয়েই থাকিলোঁ৷ সেইগিলাচ চাহকে আহি তুমি খাই দিলা৷ এতিয়া তোমাৰ কথাটো কোৱা৷’
‘শুনিবাতো!’
‘কোৱা!’--চন্দ্ৰশেখৰৰ শব্দটোত থকা শ্লেষ আৰু দুখবোধ শতাব্দীয়ে ধৰিব পাৰিলে যদিও নিমাতে থাকিল৷
‘তুমি খোৱা চাহকাপতো এটা ভেনা মাখি পৰি আছিল৷’-চন্দ্ৰশেখৰে এটম বোমাটো পেলালে৷
‘কি!!কি!!’-মাখিসমাজৰ তীব্ৰ বিৰোধী শতাব্দীয়ে বলিয়াৰ দৰে হ’ল৷ তাই যেন ‘মৰি যাব’ এতিয়াই৷
‘তুমি তেতিয়াই নক’লা কিয়?’-শতাব্দীয়ে সজোৰে চিঞৰি উঠিল৷
‘ক’ম বুলি ভাবিছিলোঁ, কিন্তু তেতিয়াই ইউ টিউবত ঐশ্বৰ্য মোহনৰাজৰ নতুন নটিফিকেশ্যন এটা পালোঁ৷ তুমিতো জানাই, মই তাইৰ কিমান ডাঙৰ ফেন! মাখিৰ কথাটো একেবাৰে পাহৰি থাকিলোঁ অ’! যেতিয়া কথাটো মনত পৰিল, তেতিয়া তোমাৰ গিলাচত চাহো নাই, মাখিও নাই৷’
‘গ’ টু হেল!’-শতাব্দীয়ে তীব্ৰ হতাশা আৰু অসহায়তাৰে চন্দ্ৰশেখৰক অভিশাপ দিলে৷
তাৰপিছত কিছুসময়ৰ নিৰৱতা৷
কেইটামান উৎকণ্ঠাময় মুহূৰ্তৰ অৱসান৷
জীৱনৰ চৰম সত্য উপলব্ধি কৰি বিপাঙত পৰা আনজন মাখিখাদক চন্দ্ৰশেখৰে অৱশেষত মুখ খুলিলে-
‘বুইছা! ভূতত্তবিদসকলে কৈছে- ৰাতিলৈ মহাভূঁইকঁপ হ’ব৷ সাৱধানে নাথাকিলে হেল মানে নৰকলৈ যাবতো লাগিবই৷ সৰগতনো ক’ত ঠাই ওলাব৷ তাতেই লগ পাম দিয়া৷ চাহো খাম পাৰিলে৷ কিন্তু প্লিজ, এই ম’বাইলডাল অনবৰতে কঢ়িয়াই নুফুৰিবা৷ কলিকালত এইটোৱেই সব আপদৰ মূল৷’
‘উপদেশতকৈ আৰ্হি ভাল৷ তুমিও সেইডাল পৃথিৱীতেই পেলাই থৈ যাবা৷’
উপদেশদাতা চন্দ্ৰশেখৰক শতাব্দীয়েও আদেশবাণী শুনাই দিলে৷
-----------------------00000000000------------------------

Comments

Post a Comment

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা