পোক


বিন্দুৰ মূৰত কালি পোক এটা সোমাল৷ কেনেকৈ, কিধৰণে, কেতিয়া আৰু ক’ৰপৰা আহি এই অহৌবলিয়া পোকটো তাৰ তেৰশ গ্ৰাম ওজনৰ মগজুটোত খোপনি পুতিলেহি, সি একো নাজানে৷ আপদটো নাকেদিয়েই আহি প্ৰৱেশ কৰিলে নে কৰ্ণছিদ্ৰৰেই নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিলে-তাৰো বিতং বাৰ্তা এই পৰ্যন্ত অনাৱিষ্কৃত৷

প্ৰতিদিনাৰ দৰে আজিও সি পুৱাই নিজৰ মগজুটো পৰ্টেবল ব্ৰেইন স্কেনাৰটোৰ মাজত সুমুৱাই দিছিল৷ এটা চিৰাচৰিত প্ৰথাৰ মাজেৰেই মেছিনটোৱে ‘পেৎ পেৎ পেৎ’ শব্দ কৰি তাক অভিবাদন জনালে৷ সিও অভিবাদনৰ প্ৰতি শ্ৰদ্ধা জনাই ‘স্কেন আৰম্ভ কৰক’ বুটামটো টিপি দিলে৷ (জানিবলগীয়া কথা-এমাহমানৰ আগতে অসমীয়া ভাষাতো এই মেছিনৰ নীতি-নিৰ্দেশনাবোৰ উপলব্ধ হৈছে৷)

স্কেনাৰটোৱে প্ৰথমতে ‘হিপোকেম্পাছ’ নিৰীক্ষণ কৰিলে আৰু আগদিনাৰ ‘অলাগতিয়াল’ 'স্মৃতি' তথা ‘তথ্য’বোৰ ডিলিট কৰি পেলালে৷ ইয়াৰ পিছত স্নায়ুমণ্ডল পৰ্যবেক্ষণ৷ দেখা গ’ল, গ্ৰে’ আৰু হোৱাইট মেটাৰৰ মাত্ৰা আৰু কৰ্মক্ষমতা সন্তোষজনক৷ মোটামুটি ৯০ শতাংশ৷ জৈৱৰসায়নিক প্ৰণালীও সুৰক্ষিত৷ সি ৰেটিংবোৰ দেখি অৰ্দ্ধসিদ্ধ হাঁহি এটা মাৰিলে৷ ইয়াৰ পিছত সি সোঁ আৰু বাঁও হেমিস্ফিয়েৰৰ দুটা কুইক স্কেনিং কৰাই ল'লে৷ দুদিন আগতে সি দুয়োটা তন্ত্ৰৰেই সম্পূৰ্ণ স্কেন কৰি উঠিছে৷ নিতৌ আধা ঘণ্টাৰ বাবে একেটা কামকে কৰি থকাটো আমনিদায়ক৷ ক্ষীপ্ৰগতিৰ স্কেনিঙে তাক জনালে ‘আপোনাৰ শাৰীৰিক আৰু বোধগত তন্ত্ৰ সক্ৰিয় আৰু সতেজ’৷

ইতিবাচক সঁহাৰিটো লাভ কৰি সি একেবাৰে শেষত আগবাঢ়িল প্ৰি ফ্ৰণ্টেল কৰ্টেক্স অংশলৈ৷ এইটো মগজুৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ-যিটো অংশ তাৰ সিদ্ধান্ত, বিশ্লেষণা আৰু বিবেচনা শক্তিৰ দায়িত্বত থাকে৷ সি হাতত পিন্ধি থকা অতি-আণৱিক ঘড়ীটোৰ ‘খোলক’ চুইচটো টিপিলে আৰু ‘পিবিএছৰ লগত সংযুক্ত কৰক’ নিৰ্দেশনাটো নিৰ্বাচন কৰিলে৷ পৰ্টেবল ব্ৰেইন স্কেনাৰৰ পৰা ‘সাৱধান! আপোনাৰ পিএফচি এতিয়া আণৱিক ঘড়ীৰ লগত সংযুক্ত কৰা হৈছে’ বুলি কৰ্কশ সতৰ্কবাণীটো ভাহি আহিল৷ সি সময়ৰ অপচয় নকৰাকৈ ‘দিনটোৰ কৰিবলগীয়া কাম’ৰ ডকুমেণ্ট ফাইলটো অতি-আণৱিক ঘড়ীৰ পৰা পিএফচিলৈ স্থানান্তৰ কৰি দিলে৷ স্থানান্তৰকৰণৰ প্ৰক্ৰিয়া দ্ৰুতগতিৰে আগবাঢ়িল৷ পিছে এইয়া কি- প্ৰক্ৰিয়াটো তেসত্তৰ শতাংশ সম্পন্ন হোৱাৰ সময়তেই দেখোন স্কেনাৰটোৱে ‘ত্ৰুটি! ত্ৰুটি! আপোনাৰ মগজুত পোক এটা সোমাইছে’ বুলি তাল-ফাল লগাবলৈ ধৰিলে! অকল তাল-ফাল লগোৱায়েই নহয়, ততালিকে আপদীয়া মেছিনটোৱে ঘড়ীটোৰ পৰা সংযোগ বিচ্ছিন্ন কৰি পেলালে আৰু ‘প্ৰিমিয়াম সংস্কৰণ ক্ৰয় কৰক’ বুলি পেনপেনাবলৈ ধৰিলে৷ কাৰণ, প্ৰিমিয়াম সংস্কৰণতহে পোকটোৰ সমূহ তথ্য মেছিনটোৱে তাক জনাব৷

মেছিনগত এনে আকস্মিকতাৰ বাবে সি সাজু হৈ থকা নাছিল৷ বিন্দুৰ উদ্বিগ্নতা আৰু অসহায়বোধে চৰম বিন্দুত অৱস্থান কৰিলে৷ পিছমুহূৰ্ততে সি স্কেনাৰটোৰ পৰা মুক্ত হ’ল আৰু পৰৱৰ্তী কাৰ্যপন্থা হিচাপে টাউনৰ খ্যাতিমান পোক আৰু ভাইৰাছ বিশেষজ্ঞ বীৰলৈ ফোন লগালে৷

‘হেলো, বীৰ৷ বৰ ডাঙৰ কথা এটা হ’ল৷’-বিন্দুৰ কণ্ঠত অপৰিসীম উৎকণ্ঠা৷
‘পোক সোমাল নেকি!’-স্বাভাৱিক কণ্ঠেৰেই বীৰে ওলোটাই প্ৰশ্ন সুধিলে৷ যেন, মগজুত পোক সুমুৱা পৰিঘটনাটোৰ লগত সি বহুদিনৰ পৰাই পৰিচিত৷
‘কি আচৰিত!’- বিন্দুৱে উচ্চগামী কণ্ঠেৰে আশ্বৰ্য প্ৰকাশ কৰি সুধিলে-‘কেনেকৈ জানিলি?’
‘তই মহা বুৰ্বক৷ একো নাজান৷ দেশত কি হৈ আছে, দেশত কি চলি আছে-একো খবৰ নাৰাখ৷’
‘ফটুৱামি বাদ দেচোন৷ আচল কথাটো ক’৷’-বিন্দু সত্যটো জানিবলৈ বলিয়া হৈ পৰিছে৷
‘এইটো পোক আফ্ৰিকাৰ আমাজনৰ পৰা আহিছে৷’
‘কি কৱ?’
‘শুনি থাক৷ একদম চুপ৷’
‘ক, ক৷’
‘মানে তইতো জানয়েই ২০৩৫ চনৰ ৫ জুনত ৰাষ্ট্ৰসংঘই 'সদৌ বিশ্ব বনানীকৰণ আঁচনি'খন উদ্বোধন কৰিছিল আৰু জি-টুৱেণ্টিৰ সন্মিলনীতো এই বিষয়ে অনেক চৰ্চা হৈছিল৷ পিছে মূৰ্খ মানুহমখাাই কোনো গুৰুত্ব নিদিলে৷ বৰঞ্চ উৎপাত ইমানেই বাঢ়ি আহিছিল যে, গছ-বন কাটি আটাইবোৰ শেষ৷ একোৱেই নাই৷ বৰফ গলিল৷ জীৱবোৰ মৰিল৷ বতাহ-বৰষুণো সময়মতে নোহোৱা হ’ল৷ গৰম বাঢ়ি বাঢ়ি আমাৰ অসমতো ৫০ ডিগ্ৰীৰ ওচৰ চাপিলগৈ৷ ক’ৰ’না-২৬, ক’ৰ’না-২৮ আৰু শেহতীয়াকৈ হৈ যোৱা ক’ৰনা-৩৪য়েও মানুহৰ কাণ্ডজ্ঞান ঘূৰাই আনিব নোৱাৰিলে৷ মানুহবোৰ মোটামুটি জ্ঞানশূন্যয়েই হ’ল৷’
‘সঁচাকৈয়ে৷ কি যে হ’ব আৰু!’
‘শুনি থাক৷ কৈছিলোঁনে নাই, মাজতে নামাতিবলৈ৷’
‘প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিছোঁ৷’
‘হমম৷ ক’ত আছিলোঁ ! অ’ ক’ৰ’নাত৷ তাৰপিছত শুন৷ এই গোটেইবোৰ কাণ্ড দেখি-শুনি ৰাষ্ট্ৰসংঘই সিদ্ধান্তটো লৈছিল যে-আমি দিনে দহডালকৈ গছ ৰুম৷ মানে যেনিয়েই-তেনিয়েই গছ৷ নহ’লে অহা দহবছৰৰ ভিতৰত মানৱজাতি ধ্বংস! নিস্তাৰ নাই৷ অক্সিজেন নাপায়েই সবমখা মৰিব৷ পিছে হ’লে কিডাল হ’ব! বোলে-‘চোৰে নেৰে চোৰ প্ৰকৃতি...৷’ বুজিছনে ! মানুহে তথাপিও গুৰুত্ব নিদিলে৷ এখন-দুখনকৈ আটাইবোৰ বননি আৰু জংঘল ধ্বংস কৰি গৈ থাকিল৷ এতিয়া আমাজনত একো নাই৷ শুকাই কৰ্কৰীয়া মৰা কাজিৰঙা-মানাহৰ দৰে অৱস্থা হ’ল৷ জীৱ-জন্তুৰ আলৈ-আথানি৷ গছৰ নামত অপতৃণ এডালো নাই৷ প্ৰকৃতি-নিধনৰ নাৰকীয় লীলা৷ এই যে তোৰ মূৰত থকা পোকটো.....তাৰ পৰাই পলাই আহিছে৷ মানে আমাজনৰ পৰা৷ ইহঁতে বন্য জীৱৰ লগতেই প্ৰব্ৰজন কৰে৷ বোধহয় হাতীৰ জাকৰ লগতেই আহিল! ঠাই নাইকিয়া হোৱাত মানুহৰ দেহতেই এতিয়া খোপনি পুতিছে৷’
‘এতিয়া মই কি কৰিম! ইয়াক কেনেকৈ উলিয়াম?’
‘নোৱাৰ তাক উলিয়াব৷ কোনো প্ৰযুক্তিয়েই নাই৷’
‘কি কৈছ! কিবা এটা কৰ৷’
‘মই একো কৰিব নোৱাৰোঁ৷ কেৱল গছ ৰুব লাগিব৷ পাতৰ গোন্ধৰ প্ৰতি এই পোকটোৰ অসাধাৰণ আসক্তি এটা আছে৷ যিমানেই গোন্ধ পাব, সিমানেই পোকটো বাহিৰলৈ ওলাই আহিব বিচাৰিব৷’
‘আমি দেখোন নিগমে মৰিলোঁ৷ মোৰ এলেকাত এশঘৰ মানুহ৷ কিন্তু গছ আছে তিনিজোপা৷ সবেই কৃত্ৰিম গছহে ৰুৱে৷’
‘কেৱল তই নহয়৷ লাহে-লাহে এই পোকটোৱে সকলো মানুহৰেই স্নায়ুমণ্ডল শেষ কৰি পেলাব৷ কাৰণ ই বৰ বিষাক্ত৷ আৰু ৰক্তবীজৰ দৰে৷ মানুহৰ ষাঠী বছৰীয়া জীৱনকালত ইহঁতৰ ষাঠিটা প্ৰজন্ম ওলাই আহে৷ আমাজনত থাকোঁতে এই পোকটোৱে ‘ছাইপ্ৰাছাইটিছ’ নামৰ বিৰল বিষাক্ত প্ৰজাতিৰ সাপ এডালৰ কণী খাই জীয়াই আছিল৷ দুয়োটা জীৱই গেম-থিয়ৰিৰ কৌশল মানি একেখন ঠাইতে সহাৱস্থান কৰি আছিল৷ বেলেগ ঠাইলৈ নগৈছিল৷ এতিয়া সেই সাপডাল বিলুপ্ত হৈ গৈছে৷ পোকটোও অস্তিত্বৰ সন্ধানত ওলাই আহিছে৷ আৰু মানুহৰ মগজুটোতেই নিজৰ বাসস্থান হিচাপে স্বীকৃতি দিছে৷’
‘মাই গুডনেছ!’
‘ৰাখোঁ দে৷ টেক কেয়াৰ৷’
‘ক’লৈ যাৱ!’
‘অৰণ্যানিৰ মেম্বাৰসকলে আজি সন্ধ্যা পুলি বিতৰণ কৰিব৷ তালৈকে যাওঁ৷ পোকটো মোৰ মূৰতো সোমাল৷ চাৰি দিনেই হ’ল৷’

এটা সুদীৰ্ঘ হুমুনিয়াহ কাঢ়ি বীৰে ফোনটো ৰাখিলে৷
হতাশা আৰু অস্তিত্বৰ সংকটে হঠাতে আহি আক্ৰমণ কৰা বিন্দুৰ মানৱ-মস্তিষ্কৰ দৃষ্টি লাহে লাহে নিবদ্ধ হয় বেৰত ওলোমাই থোৱা ডিজিটেল কেলেণ্ডাৰ এখনত৷ সি স্পষ্টকৈ আৰু ধীৰে ধীৰে আখৰকেইটা উচ্চাৰণ কৰে৷

‘গছ থাকিলেহে মানুহ থাকিব৷’
‘গছ থাকিলেহে মানুহ থাকিব৷’
‘গছ থাকিলেহে মানুহ থাকিব৷’

------০০------

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা