স্পেচিয়েল বাহন (ব্যংগ)

দুৰ্গতিনাশিনী অসমলৈ অহাৰ ঠিক এসপ্তাহমানৰ আগতে দেৱলোকৰ মুখ্য অনুসন্ধানকাৰী বিষয়া (মানে চিআইঅ’) নাৰদক পঠাই দিয়ে৷ এটা দূৰবীণ, এটা নাইট ভিছন কেমেৰা, আৰু কিছু খাদ্যবস্তু সহিতে নাৰদে ঢেঁকীত উঠি গোটেই অসম ইমূৰৰ পৰা সিমূৰলৈ নিৰীক্ষণ কৰে আৰু গাঁত-খাল থকা, দুৰ্গন্ধময় ৰাস্তাবোৰত একোটা টিক্ মাৰ্ক দি সেইবোৰত দেৱীৰ গমন নিষিদ্ধ কৰে৷ সেইদিনা ৰাজকইনা বৰুৱাই গুৱাহাটীৰ পথত ‘ধুমগিৰি’ দেখুৱাই থাকোঁতে নাৰদে গুৱাহাটীৰ আকাশমাৰ্গৰ পৰা তেনেকুৱা ‘নিৰীক্ষণ’জাতীয় কাম এটাই কৰি আছিল৷ অলপ আগতে তেখেতে কোমল চাউলমুঠি খাই আহিছে৷ কাৰণ, অসমলৈ আহিলে ‘ফুড এলাৱেন্স’ পায়৷ বেলেগলৈ গ’লে নাপায়৷ চাউলমুঠি খাই তামোল অকণেৰে মুহুদি নকৰালৈকে আত্মাটোৰ চৰম অশান্তি! সেয়েহে দাঁতিকাষৰীয়া ঘুমটিখনৰ পৰা নাৰদে তামোল দুখনমান কিনি মুখত গোটে গোটে ভৰাই বহুপৰ তাৰ ৰস চুপি থাকিল৷ তামোল খাই দুটামান দীঘল উগাৰ মাৰি, দোকানীক পইছা আৰু নিজৰ অট’গ্ৰাফ দি পুনৰ ঢেঁকীটো চলাই ছাৰজনা আকাশমাৰ্গ পালেগৈ৷ পিছে মানুহজনে আকাশৰ ১০২১ নং ৰান-ৱেটোত থিতাপি ল’বলৈ পাইছিল কি নাই, সিফালে মডেল বৰুৱাই আঠজন খাঁটিখোৱা লেবাৰৰ ওপৰেৰে গাড়ী চলাই দিলেই নহয়! নাৰদে ততালিকে ফোনটো উলিয়াই গোটেই ঘটনাৰ ভিডিঅ’ ৰূপ এটা সংৰক্ষণ কৰি দশভূজালৈ প্ৰেৰণ কৰিলে৷ পিছে ইণ্টাৰনেট বোলা বস্তুটোও যে..লট্‌কণৰ গাহৰিটোৰ দৰে একে ঠাইতে ঘূৰিয়েই থাকে, ঘূৰিয়েই থাকে৷ ‘এই কথাই কথা নহয়৷ বৰুৱাৰ দৰে বিপদজনক বস্তুবোৰৰ বিষয়ে দেৱীক তৎকালে জনালে ভাল৷’ এইবুলি মুনিজনা পিছমুহূৰ্ততে গৈ ‘দুৰ্গা ভৱন’ত উপস্থিত হ’ল৷ সিপিনে দেৱী দুৰ্গা অসমলৈ আহিবলৈ ৰেদি৷ কাষতে থকা বাঘেশ্বৰেও ‘ডিনাৰ’ কৰি মেলি অসমলৈ অহাৰ প্ৰেকটিছ কৰি আছে৷ কিন্তু মহিষাসুৰ বোলাজনৰ তেতিয়ালৈকে দেখা-সাক্ষাৎ নাই৷

 

‘বাদেই দিয়ক বুইছে এইবাৰ!’-নাৰদে মুখখন ওন্দোলাই দেৱীক কথাষাৰ কৈয়েই একুৱাগাৰ্ডৰ পৰা গৈ ধুমাধুম পানী এগিলাচ খালে৷ এইকণ আঁহোতেই বায়ুৰ প্ৰদূষণত তেখেতৰ অণ্ঠ-কণ্ঠ শুকাই গ’লগে৷

‘কি বাদ দিয়াৰ কথা ক’লা বাপু?’-দেৱীয়ে আশ্বৰ্য প্ৰকাশ কৰিলে৷ বাঘেশ্বৰেও মিহিকৈ গোঁজৰ এটা মাৰিলে৷

‘আপোনাৰ অসম-ভ্ৰমণ বাদ দিয়ক৷’-নাৰদৰ পোনপটীয়া নিৰ্দেশ৷

‘হৰি হৰি!’

‘যিটো দৃশ্য দেখি আহিছোঁ, এইবাৰ দিগদাৰেই আছে৷’

‘বুজিলোঁ৷ তুমি মানে ৰাজকইনাক দেখিলা!’-দেৱী দুৰ্গাই এপলৰ ২০-মেক্সটো উলিয়াই কিবা এটা স্ক্ৰল কৰিলে৷

‘আপুনি কেনেকৈ জানিলে!’-নাৰদ হতভম্ব৷

‘মহিছে অলৰেডি ইনফৰ্ম কৰিছে৷ ফে’চবুকতে ভাইৰেল ভিডিঅ’ কিছুমান পালোঁ৷’

‘আচ্ছা! সেইকাৰণেই বুইছে, গুৱাহাটীৰ ৰাস্তাবোৰৰ মাজত প্ৰকাণ্ড-প্ৰকাণ্ড গাঁত থাকিব লাগে৷ আজি যদি ৰাস্তাৰ মাজত গাঁত কেইটামান থাকিলেহেঁতেন, তেন্তে বৰুৱাই এনেধৰণৰ কৰ্ম দেখুৱাব নোৱাৰিলেহেঁতেন৷’

‘মানুহ মাৰিবা দেই৷ শৰ্মাই শুনিলে কলিজা খাব তোমাৰ৷ আচ্ছা, নিউনীল বৰুৱাইও শিৰোনাম দখল কৰিছে নহয়৷’

‘বেছ ৰংচঙীয়া মানুহ৷ দেউতাকে পকাধানৰ মাজে মাজে থকা সৰু সৰু আলিয়েদি খোজ কাঢ়িছিল৷ এতিয়া পুতেকে ডাঙৰ ডাঙৰ মানুহৰ বিতৰ্কত খোজ কাঢ়িছে৷ দেখিছে! ইমান পাৱাৰফুল মানুহ! আপুনি কি পাত্তা পাব কওক!’

‘খং নকৰিবা৷ আমি অইন এটা ব্যৱস্থা কৰিছোঁ ইয়াৰ৷ দেখিবা ৰ’বা৷ ‘অসুৰৰ স্ত্ৰীলিংগ’লৈ ভয় কৰিলে নহ’ব৷’

‘কি ব্যৱস্থা বাৰু! আৰু এই যে আপুনি ‘অসুৰৰ স্ত্ৰীলিংগ’ বুলি কৌশলপূৰ্ণ স্থিতি এটা ল’লে৷ কিয়!’-নাৰদে কুহুঁৰকৈ কাঁহ এটা মাৰি উৎসুকতা প্ৰকাশ কৰে৷ (ভেকচিন লৈ থৈছে বাৰু দুয়োটা)

‘প্ৰথমটো উত্তৰ অলপ পাছতে পাবা৷ আনহাতে দ্বিতীয়টোৰ উত্তৰত কওঁ যে–‘সাৱধানৰ মৰণ নাই৷’-দেৱীয়ে নাৰদক বুজালে৷
‘হমমম...’৷

দুইমিনিটমান গ’ল৷

তৃতীয়টো মিনিট আৰম্ভ হৈ পঞ্চাছটা ছেকেণ্ড অতিক্ৰম হৈছিল৷ তেনেতে দুৰ্গাভৱনৰ বিশাল প্ৰৱেশ-দুৱাৰখনেদি ভোঁ-ভোঁকৈ শব্দ কৰি ক’লা ৰঙৰ এখন বিশাল বাহন সোমাই আহিল৷ বাহনখন চিধাই আহি নাৰদ আৰু দেৱী দুৰ্গাৰ মাজতে ৰ’লহি৷ ভিতৰৰ পৰা ওলাহি আহিল হাফপেণ্ট পৰিহিত দুৰন্ত এজন অসুৰ-যাৰ নাম মহিষাসুৰ৷ আহিয়েই মহিষে স্বভাৱসুলভ ‘হুহুহাহা’ জাতীয় অট্ট’হাস্য কেইটামান বাহিৰ কৰিলে৷ ইতিমধ্যে টোপনিত লবেজান হৈ পৰা বাঘেশ্বৰৰ টোপনি ভাঙিল৷ খঙতে বাঘেশ্বৰে আক্ৰমণাত্মক ভাবুকি এটা দিলে৷ তাকে দেখি মহিষৰ হাঁহি গৈ পেটত লুকাল৷

‘নাম লিয়া অঔৰ ছেয়তান হাজিৰ৷’-সাষ্টাংগে প্ৰণিপাত কৰা মহিষাসুৰক দুৰ্গাই আশীৰ্বাদ এজোঁলোকা দি নাৰদলৈ চালে৷

‘এইখন কি?’

‘এইখনেই মেইন৷’

‘মানে?’

‘মানে এইখন স্পেচিয়েল বাহন৷’-দুৰ্গাই আৰম্ভ কৰিলে-‘এই যে প্ৰতিবছৰে মৰ্ত্যৰ মানুহজাকে মোক মানে এই দুৰ্গা দেৱীক দোলাত, ঘোঁৰাত, নাৱত উঠাই-উঠাই নিয়ে, মোৰ কিমান অসুবিধা হয়, মোৰ কিমান নগুৰ-নাকতি হয় কোনোবাই খবৰ ৰাখেনে? দোলাত গৈ গৈ মোৰ কঁকালৰ বিষ, ঘোঁৰা চেঁকুৰাই-চেঁকুৰাই মোৰ পিঠিৰ বিষ, বেকপেইন৷ সিপিনে নাৱত উঠিবই নোৱাৰি৷ কোনপৰত অসমত ফ্লাড হৈ যায় ঠিকনা নাই৷ এইবাৰ ভাবিছিলোঁ খোজ কাঢ়িয়েই অসমখন ফুৰিম! পিছে সেয়াহে-ৰাজকইনাৰ দৰে অসুৰৰ স্ত্ৰীলিংগসকলে তাকো পণ্ড কৰিলে৷ কেতিয়া কি অঘটন কৰে-একো পাত্তা নাই৷ সেইবাবে এইবাৰ আমি এইখন বিশেষ গাড়ীত যাম৷’

‘হয়৷ হয়৷ একদম ঠিক৷’-এইবাৰ মহিষে মাত লগালে আৰু বিশেষ এটা ভংগীত গাড়ীখনৰ বিশিষ্টতা এইদৰে বখানিলে-

‘নাৰদ ছাৰ৷ এইখন হৈছে এখন বিশেষ গাড়ী৷ ইয়াৰ চকা মুঠতে সাতটা৷ ইয়াৰ লগত সংযোজিত হৈ থকা গাঁত-চেঞ্চৰবোৰে গাঁত-খাল দেখিলে আঁতৰৰপৰাই ‘গাঁত-গাঁত’ বুলি টেঁটুফালে৷ পানী দেখিলে গাড়ীখন দহফুটমান ওপৰলৈ উৰি যায়৷ গ্লাছ আটাইবোৰেই প্ৰদূষণ-প্ৰুফ, ধূলি-প্ৰুফ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ মনুষ্যপ্ৰুফ৷ ইয়াৰ লগতে আছে নিউৰেল নেটৱৰ্ক আৰু মেচিন লাৰ্ণিঙৰে সমৃদ্ধ অটোমেটিক দুৰ্ঘটনা-প্ৰতিৰোধী সেৱা৷ অৰ্থাৎ, ৰাজকইনাৰ দৰে অসুৰৰ স্ত্ৰীলিংগ দেখিলেই এইখন বাহনে নিজাকৈ প্ৰতিৰক্ষা ব্যৱস্থা গঢ়ি তোলে৷ ইয়াৰ লগতে আছে দুৰ্দান্ত গতিপ্ৰদানকাৰী চতুৰ্মাত্ৰিক ইঞ্জিন, ইনভিজিবল ছিট বেল্ট, অডিঅ’ নিৰ্দেশাৱলী, জিপিএছযুক্ত পানীযোগান আঁচনি, মিঠাইৰ বিপণী, টোপনিৰ পৰা উঠাই আনিবলৈ নিদ্ৰা সংবেদক আৰু আমোদ-প্ৰমোদৰ এটা গেমিং কনচোল৷’

‘সাংঘাতিক কাৰুকাৰ্য দেখোন৷’-নাৰদে সেপ গিলিলে৷ গাড়ীখনত এবাৰ উঠি চাবৰ মন গৈছিল যদিও মুখৰ পৰা নোলাল৷

‘গতিকে বুজিলানে-এইবাৰ আমি এইখনত যাম৷’-দেৱী আৰু বাঘেশ্বৰ ইতিমধ্যেই গৈ গাড়ীৰ ভিতৰত৷ সিপিনে মহিষে ষ্টিয়েৰিং ঘূৰালেই৷ তাকে দেখি নাৰদে নমস্কাৰ এটা জনাই তিনিওকে বিদায় দিলে- ‘আপোনালোকৰ যাত্ৰা শুভ হওক৷ হেপি পূজা!’

 

---------------------------০০০০----------------------------

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা