পোন্ধৰঘণ্টীয়া কৰ্মসপ্তাহলৈ কিমান দূৰ?


কিছুমান ভাষণত এইটো কথাত বৰ জোৰ দিয়া হয় যে-'আমি আগতকৈও অধিক সক্ৰিয়তাৰে অধিক ঘণ্টা কামত মনোনিৱেশ কৰিব লাগিব। আগতে যদি কাম কৰিছিলোঁ সাত ঘণ্টা, তেন্তে এতিয়া কৰিব লাগিব আঠঘণ্টা। অধিক ঘণ্টা। কাৰণ, কেৱল কৰ্মৰ দ্বাৰাহে সংস্কৃতি। কাৰণ কৰ্মৰ জৰিয়তেহে দেশ বা মুলুক আগুৱাই যাব।' এই প্ৰাচীন কথাষাৰৰ বিৰোধিতা কৰিবলগীয়া একো নাই। কিন্তু ইতিহাসবিদ ৰুটজাৰ ব্ৰেগমেনৰ 'Eutopia for Realists' নামৰ দৃষ্টি-উন্মোচনকাৰী কিতাপখনৰ এটা বিশেষ অধ্যায় আৰু সেই অধ্যায়ত লগ পোৱা অৰ্থনীতিবিদ জন মেইনাৰ্ড কেয়ন্‌ছৰ এষাৰ কথাই উপৰিউক্ত সমস্ত চিন্তাটোতেই খেলিমেলিৰ সৃষ্টি কৰিলে। 


১৯৩০ চনত অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত অৰ্থনীতিবিদ কেয়ন্‌ছে এটা বক্তৃতাযোগে ভৱিষ্যতবাণী কৰিছিল যে-' ২০৩০ চনত তেওঁৰ নাতি-নাতিনীহঁতে সপ্তাহত কেৱল পোন্ধৰ ঘণ্টা কাম কৰিয়েই জীৱনটো স্বাচ্ছন্দ্যে যাপন কৰিব পাৰিব। অৰ্থাৎ, মানুহৰ হাতত নিজৰ ব্যক্তিগত জীৱন, পৰিয়াল, বন্ধ উদ্‌যাপন, ঘূৰা-ফুৰাৰ বাবে হাতত থাকিব অফুৰন্ত সময়। সপ্তাহত পোন্ধৰটা ঘণ্টা মানে এদিনত ২.১৪ ঘণ্টা। কি যে মজাৰ কথা, নহয়নে ! পিছে ৰ'ব...


কেয়ন্‌ছৰ এই ভৱিষ্যৎবাণীৰ আমিতো কাষ চাপিব পৰা নায়েই। বৰঞ্চ আগতকৈ (১৯৮০ চন মানৰ পৰা) দেখোন কামৰ হেঁচা বাঢ়িছেহে! ইয়াতেই আছে মূল টুইষ্টটো। কেয়নছ্‌ৰ অত্যুৎসাহী ভৱিষ্যতবাণীৰ বিৰোধিতা কৰিবলৈ যোৱাৰ আগতে তিনিটা বিশেষ কথা এইখিনিতে মন কৰিব-


(১) গৱেষণাৰ মতে, এজন মানুহ অবিৰতভাৱে ছঘণ্টাতকৈ অধিক সময় সৃজনীশীল হৈ থাকিব নোৱাৰে। তেনে এক প্ৰেক্ষাপটত দৈনিক আঠ ঘণ্টা কাম কৰাটো অযুক্তিকৰ। অথচ হাৰ্ভাৰ্ড বিছনেজ স্কুলৰ এক অধ্যয়নত ওলাইছে যে-প্ৰযুক্তিগত আহিলাৰ সহায় আৰু সুবিধা লৈ এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ পেছাদাৰীসকল আৰু প্ৰবন্ধকসকলে সপ্তাহত আশী-নবৈ ঘণ্টা কাম কৰে! 


(২) ঔদ্যোগিক বিপ্লৱ আৰু পৰৱৰ্তী সময়ৰ বিজ্ঞান বিপ্লৱে মানুহৰ কৰ্মঘণ্টা বহুপৰিমাণে হ্ৰাস কৰি আজৰি সময়ৰ পৰিমাণ বঢ়াবহে লাগিছিল। কাৰণ একবিংশ শতিকাৰ দুৱাৰদলিতে 'আজৰি সময়' বঢ়োৱা আমি আৰু এবিধ চমৎকাৰী বস্তু লাভ কৰিলোঁ-কম্পিউটাৰ। তাৰ পিছত আহিল ৰ'বট। তাৰ সমান্তৰালকৈ আগমন ঘটিল কৃত্ৰিম বুদ্ধিমত্তাৰ। পিছে এই সকলো সুবিধাইও মানুহৰ কৰ্মঘণ্টা কমাব পৰা নাই৷ শেহতীয়াকৈ বেলজিয়ামত 'সংযোগ বিচ্ছিন্নৰ অধিকাৰ' নামৰ অভিনৱ আইন এখন প্ৰণয়ণ কৰা হৈছে বুলি 'শতাব্দ' কাককতে পঢ়িছিলোঁ৷ এই বাতৰিটো এইকাৰণেই গুৰুত্বপূৰ্ণ যে, পৃথিৱীৰ বহুকেইখন দেশতেই ভৱিষ্যতে সক্ৰিয় কৰাৰ সম্ভাৱনীয়তা আছে৷ স্মাৰ্টফোন, ইণ্টাৰনেট আৰু কোলাতে কঢ়িয়াব পৰা লেপটপটোৰ সুবিধালৈ আঙুলিয়াই আজিকালি কাৰ্যালয়ৰ পাছতো অনেক মানুহক কৰ্মত খটুৱাই থকা হয়৷ 


(৩) কুৰি শতিকাৰ মধ্যভাগৰ পৰা মহিলাসকলে যেতিয়া কৰ্মত সক্ৰিয়ভাৱে যোগদান কৰিবলৈ ধৰিলে, তেতিয়া ভবা হৈছিল যে-এতিয়া বোধকৰোঁ, কৰ্মঘণ্টাৰ কিছু হীনডেড়ি হ'ব। পিছে আশ্চৰ্যকৰ কথা, দ্বৈত কৰ্মপদ্ধতিয়ে কৰ্মঘণ্টা বছৰৰ পিছত বছৰজুৰি বঢ়াইহে আনিলে। 


দেশবোৰ ধনী হৈছে। মানৱজাতিৰো অৰ্থনৈতিক অৱস্থা পূৰ্বতকৈ টনকিয়াল হৈছে। কিন্তু সেই অনুপাতে মানুহৰ কৰ্মঘণ্টা কমা নাই। অথচ তাৎপৰ্যপূৰ্ণভাৱে, কিছুমান চাঞ্চল্যকৰ তথ্য আৰু লণ্ডন স্কুল অৱ ইক'নমিক্‌ছৰ নৃতত্ত্ববিদ ডেভিড গ্ৰেবাৰৰ মতে, সাম্প্ৰতিক সময়ৰ একাধিক কৰ্ময়েই 'Bullshit Jobs'। অৰ্থাৎ যিবোৰ কৰ্ম অৰ্থহীন আৰু ৰসহীন। এইবোৰ কৰ্মত নিযুক্ত অনেক চাকৰিয়ালেও এইটো স্বীকাৰোক্তি প্ৰদান কৰিছে। এটা শেহতীয়া প'লত ওলাইছে যে, ৩৭% ব্ৰিটিছ কৰ্মীয়েই নিজৰ চাকৰিটোক 'বুলশ্বিট জব' বুলি ক'ব খোজে। আন এটা অধ্যয়নে কৈছে-যিবোৰ দেশত মেনেজাৰ বেছি, সেইবোৰ দেশ কম উৎপাদনশীল আৰু কম সৃজনীশীল। গতিকে অধিকসংখ্যক মানুহক আঠ-ন ঘণ্টালৈকে কাম কৰোৱাতকৈ দুজন মানুহ চাৰি ঘণ্টাকৈ কাম কৰোৱাত আপত্তি কি! কামো হ'ল, নতুন এজনে নিযুক্তিও পালে। 


ইতিহাসকাৰ ব্ৰেগমেনৰ গৱেষণা মতে, কৰ্মঘণ্টা হ্ৰাস হ'লে মানুহৰ মানসিক চাপ, দুৰ্ঘটনা কমিব; জলবায়ুলৈ সুস্থিৰতা আহিব, নিবনুৱা সমস্যা হ্ৰাস হ'ব, নাৰী-পুৰুষৰ মাজত সমতা বৰ্তি থাকিব, নতুন প্ৰজন্মৰ কৰ্মসংস্থাপনে আগভাগ পাব ইত্যাদি। পোন্ধৰঘণ্টীয়া কৰ্মঘণ্টাত যদি ইমানবোৰ সা-সুবিধা আছেই, তেন্তে ইয়াক সবলভাৱে প্ৰৱৰ্তন কৰা হওক। পিছে ভোগবাদ আৰু বস্তুবাদে পৰিচালিত কৰি থকা গোলকীয় বজাৰখনৰ মালিকসকলে নিজৰ প'লিচি সলাব লাগিব। এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল'ব লাগিব দেশৰ উচ্চবৰ্গীয় নেতাসকলে। সহযোগিতা আগবঢ়াব লাগিব অভিজাত প্ৰতিষ্ঠান আৰু কোম্পানীবোৰে। শিক্ষাৰ ক্ষেত্ৰত অধিক ধন বিনিয়োগ কৰি সকলোকে শিক্ষিত কৰিব লাগিব। অৱসৰৰ প্ৰক্ৰিয়াটো হ'ব লাগিব অধিক সুবিধাজনক আৰু দূৰদৰ্শী। ইউনিভাৰ্ছেল বেছিক ইনকাম বা 'সাৰ্বজনীন প্ৰাথমিক আয়'ৰ ধাৰণাটোকো পৰীক্ষামূলকভাৱে এক নিৰ্দিষ্ট ভৌগোলিক পৰিসৰত প্ৰৱৰ্তন কৰি চাব পাৰি। উল্লেখযোগ্য যে, পৃথিৱীৰ সবাতোকৈ কম কৰ্মঘণ্টাৰ দেশখন হৈছে-নেডাৰলেণ্ড। তেওঁলোকে সপ্তাহত প্ৰায় ২৭ ঘণ্টা কাম কৰে। অৰ্থাৎ দিনত ৩.৮৫ ঘণ্টা। চাবলৈ গ'লে ১৫ ঘণ্টালৈ এতিয়াও বহু দূৰ। 


ব্ৰেগমেনৰ উক্ত প্ৰস্তাৱটো ইউট'পিয়ান বুলি নকৈ ব্যৱহাৰযোগ্য আৰু বাস্তৱিক ভিত্তিসম্পন্ন বুলি ভাবিলে বোধহয় সুদূৰ ভৱিষ্যতে কৰ্মঘণ্টালৈ পৰিৱৰ্তন এটা আহিব। ৰাছেলৰ 'To be able to fill leisure intelligently is the last product of civilization' শীৰ্ষক কথাষাৰ বাস্তৱায়িত হ'বলৈ তেতিয়া বোধকৰোঁ বেছি দিন নালাগিব।

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা