হৃদয়ম : জীৱন-বৈচিত্ৰ্যৰ আন্তৰিক অনুসন্ধান

বিগত দুটামান বছৰত, বিশেষকৈ ক’ভিড-উত্তৰ সময়ছোৱাত মালায়ালম ভাষাৰ ছবি-উদ্যোগৰ প্ৰতি সাধাৰণ দৰ্শকৰ কৌতূহল বঢ়া যেন অনুমান হয়৷ বিশেষকৈ ‘দ্য গ্ৰেট ইণ্ডিয়ান কিটচেন’, ‘জ’জি’, ‘মালিক’, ‘আৰাকাৰিয়াম’ আদিৰ দৰে কলাত্মক আৰু বাণিজ্যিকভাৱে সফল ছবিয়ে এচাম নতুন দৰ্শকৰ লগত উদ্যোগটোৰ পুনৰ-পৰিচয় ঘটাইছে৷ ময়ো ব্যক্তিগতভাৱে মালায়ালম ভাষাৰ চলচ্চিত্ৰত বিষয়বস্তু আৰু কাহিনীকেন্দ্ৰিক কিছুমান যোগাত্মক সম্পৰীক্ষা প্ৰত্যক্ষ কৰি সমপৰিমাণে পুলকিত হৈছোঁ৷

তেনে এক সততাপূৰ্ণ সম্পৰীক্ষাৰেই শেহতীয়া নিদৰ্শন দেখা পালোঁ বিনীত শ্ৰীনিৱাসনৰ দ্বাৰা লিখিত, পৰিচালিত আৰু প্ৰযোজিত প্ৰায় তিনিঘণ্টাজোৰা ছবি ‘হৃদয়ম’ত৷ ছবিখনক ‘ইণ্টাৰনেট মুভি ডাটাবেছ’ৰ এইবছৰৰ এতিয়ালৈকে মুক্তিপ্ৰাপ্ত ছবিৰ দহখনীয়া তালিকাত স্থান দিয়া হৈছে৷ ছবিৰ নামটোৱে এখন পোনপটীয়া ৰোমাণ্টিকধৰ্মী চলচ্চিত্ৰৰ ইংগিত বহন কৰিছে যদিও কাহিনীটো যৌৱনকালৰ প্ৰেম তথা ভালপোৱাৰ পৰিধিতেই সীমাবদ্ধ হৈ থকা নাই৷ ভাৰতৰ দক্ষিণাঞ্চলৰ ভিন ভিন ঠাইৰ পৰা শিক্ষা লাভ কৰিবলৈ অহা এচাম নৱাগতই চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত কটোৱা চাৰিটা বৰ্ষৰ ৰং-সংঘাত, বন্ধুত্ব, বিচ্ছেদৰ কাহিনীক ছবিখনৰ মধ্যান্তৰলৈকে উপস্থাপিত কৰা হৈছে৷ মধ্যান্তৰৰ অন্তত বৈচিত্ৰ্যময় জীৱনক আঁকোৱালি লৈ পুনৰ এক বৈসাদৃশ্যপূৰ্ণ শৃংখলত সোমাই পৰা ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ দুটা আৰু তেওঁলোকৰ আনুষংগিক গতি-পথবোৰক চিত্ৰনাট্যই অনুসৰণ কৰা পৰিলক্ষিত হৈছে৷ চৰিত্ৰৰ শৈক্ষিক জীৱনৰ পৰা তেওঁলোকৰ দাম্পত্য জীৱনলৈকে সমৃদ্ধ হৈ থকা এই অগতানুগতিক কাহিনীপটটোৱে ছবিখনক সমসাময়িক ৰোমাণ্টিক কলেজীয়া কাহিনীৰ পৰা পৃথক কৰিছে৷

অভিযান্ত্ৰিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অৰুণ (প্ৰণৱ মোহনলাল) আৰু দৰ্শনাৰ (দৰ্শনা ৰাজেন্দ্ৰন) মাজত খুব কম সময়ৰ ভিতৰতে এটা প্ৰেমজনিত সম্পৰ্ক গঢ় লৈ উঠে৷ সেই সম্পৰ্কটোত ভাঙোনো সৃষ্টি হয় সোনকালে৷ স্বাভাৱিকতেই এই অনাকাংক্ষিত বিচ্ছেদে যৌৱনোচ্ছল দুটি যুৱ-মনক তেওঁলোকৰ মানসিক জগতৰ এটা কল্পনাতীত অৱস্থানত নি থিয় কৰোৱায় আৰু প্ৰত্যাখ্যানৰ এই বিন্দুতেই আৰম্ভ হয় পাৰস্পৰিক জেদ, ইগোকেন্দ্ৰিক যুঁজ, অথবা পুনৰুত্থানৰ অংগীকাৰেৰে উদ্ৰেক ঘটা প্ৰতিশোধপৰায়ণতাৰ ভাৱনা৷ সমান্তৰালভাৱে দেখুওৱা হৈছে-ব্যক্তিকেন্দ্ৰিকতাই চৰম বিন্দু স্পৰ্শ কৰাৰ মুহূৰ্তত অৰুণ আৰু দৰ্শনাৰ (বিশেষকৈ অৰুণৰ) অধ্যয়ন আদি দিশবোৰ কিদৰে ক্ষতিগ্ৰস্ত হৈছে৷ যিটো সচৰাচৰ কলেজীয়া প্ৰেমকাহিনীৰ বিশিষ্ট উপাদান৷ তাৎপৰ্যপূৰ্ণভাৱে কাহিনীকাৰে এইটো পৰ্যায়তে কাহিনীত সন্নিৱিষ্ট কৰিলে অৰুণৰে সহপাঠী ‘ছেলভা’ নামৰ উদ্যমী, মেধাৱী অথচ সামাজিকভাৱে দায়বদ্ধ নামৰ ছাত্ৰজনৰ আদৰ্শ আৰু চিন্তাৰ কিছু আংশিক চিত্ৰণ৷ ছেলভাই নিজৰ ঘৰৰ ছাদতে কিছুসংখ্যক দৰিদ্ৰ শিক্ষাৰ্থীক পঢ়ুৱাই তেওঁলোকক বিদ্যায়তনিক দিশত আগবাঢ়ি যোৱাত সহায় কৰি আহিছে৷ ছেলভাৰ এই ‘কমবাইণ্ড ষ্টাডি ছাৰ্কল’তে অৰুণে যোগদান কৰেহি আৰু অনুতীৰ্ণ হৈ থকা বিষয়কেইটাত সুফল দেখুওৱাবলৈ আগ্ৰহী হয়৷ প্ৰেমজনিত হতাশা আৰু নেতিবাচক পৰিৱেশৰ পৰা আঁতৰি অহা অৰুণে আৰম্ভ কৰা এই ইতিবাচক পদক্ষেপে তেওঁক উজ্জীৱিত কৰে৷ ফলাফলো হৈ পৰে আশাতীত৷ কিন্তু আকস্মিক এক দুৰ্ঘটনাত অৰুণৰ শিক্ষাদাতা-সহপাঠী আৰু উপদেষ্টা ছেলভাৰ সকৰুণ মৃত্যু হোৱাত তেওঁৰ সমস্ত ভাৱ-জগত পুনৰ এবাৰ চূৰ্ণাকৃত হৈ পৰে৷ চিত্ৰনাট্যৰ এই কৰুণ মুহূৰ্তটোত কাহিনীকাৰে প্ৰেম বনাম বন্ধুত্বৰ মাজত এডাল প্ৰভাৱশালী ৰেখা অংকন কৰাত সফল হৈছে৷ বুজাব বিচৰা হৈছে যে-বন্ধুত্বৰ অৰ্থ কেৱল ভাৱ আৰু সামৰ্থৰ পাৰস্পৰিক বিনিময়েই নহয়৷ বন্ধুত্বৰ প্ৰভাৱে কেতিয়াবা সামাজিক দিশতো যোগাত্মক পৰিৱৰ্তন সাধন কৰিব পাৰে৷ কিয়নো ছেলভাৰ দেহাৱসানৰ পাছত অৰুণ আৰু তেওঁলোকৰ বন্ধুহঁতে অধ্যয়ন-চক্ৰটো আগবঢ়াই নিয়ে৷ অভিযান্ত্ৰিকৰ শিক্ষা সমাপ্তি আৰু শিক্ষাৰ্থীসকলৰ কৰুণাত্মক বিদায়ৰ দৃশ্যৰ দ্বাৰা ছবিখনৰ প্ৰথমাৰ্ধ শেষ হয়৷ মধ্যান্তৰৰ শেষত কি হ’ব বা চলচ্চিত্ৰকাৰে কি দেখুৱাব-সেই বিষয়ে কোনোধৰণৰ ইংগিত পোৱা নাযায়৷  

 জীৱনৰ অবাধ আৰু অনিশ্চিত গতিয়ে আৱেগোচ্ছল যৌৱনকালত গ্ৰহণ কৰা সিদ্ধান্ত, পছন্দ-অপছন্দ, জীৱনৰ লক্ষ্য তথা আন্তৰিক অনুৰাগবোৰক পৰৱৰ্তী জীৱনত বিস্ময়সূচক সংশয়েৰে চাবলৈ বাধ্য কৰায়৷ ইয়াৰ এটা পৰিণতি হিচাপে সেই যুৱক বা যুৱতীগৰাকীয়ে তেওঁলোকৰ জীৱন-উদ্দেশ্যক পুনৰ এবাৰ অগ্ৰাধিকাৰভিত্তিত পুনৰীক্ষণ কৰে৷ পূৰ্বতে যদি তেওঁলোকৰ মন-মগজু পৰিচালিত হৈছিল অৰ্থ, খ্যাতি আৰু ধন-সম্পত্তিৰ আৰ্জনে; এতিয়া তাৰ ছন্দপতন ঘটি তাৰ ঠাই অধিগ্ৰহণ কৰিছে সুখ আৰু শান্তিলাভৰ আকাংক্ষাই৷ লক্ষ্য-নিৰ্বাচনত স্বচ্ছতা নাথাকিলে, সঠিক সময়ত সঠিক মাৰ্গ-দৰ্শন লাভ নকৰিলে, আৰু দূৰদৃষ্টিতকৈ ক্ষণস্থায়ী আৱেগৰ ওপৰত অধিক নিৰ্ভৰশীল হ’লে যুৱক-যুৱতী এনেধৰণৰ কেৰিয়াৰ-কেন্দ্ৰিক অন্তৰ্দ্বন্দ্বত ভোগাটো স্বাভাৱিক৷ বোধহয়; সেই বাবেই ‘হৃদয়ম’ৰ দ্বিতীয়াৰ্ধত আমি মূল চৰিত্ৰ অৰুণ আৰু দৰ্শনাক দেখা পাওঁ সম্পূৰ্ণ দুটি বিপৰীত পৰিৱেশ আৰু পৰিস্থিতিত৷ দুয়োগৰাকী অভিযান্ত্ৰিকৰেই ছাত্ৰ-ছাত্ৰী আছিল যদিও, এতিয়া অৰুণে কৰ্পোৰেটৰ জীৱনলৈ মোটামুটি পিঠি দি সেউজীয়া অৰুণ্যানিৰ মাজত একাকীত্ব উদ্‌যাপন কৰিছে৷ আনহাতে দৰ্শনাইও নিজা পছন্দৰ ক্ষেত্ৰ এখনত ভ্লগিং আদি কৰি এগৰাকী সফল, প্ৰতিষ্ঠিত আৰু স্বাধীন ইউটিউবাৰ হোৱাৰ সপোন ৰচিছে৷ অৰুণ আৰু দৰ্শনাৰ এই দুয়োটা স্বভাৱগত পৰিৱৰ্তন বৰ্তমান আধুনিক ভাৰতৰ অনেক শিক্ষাৰ্থীৰ প্ৰতিনিধি যেনেই লাগে৷ কিয়নো, নিৰন্তৰ সলনি হ’ব ধৰা ভাৰতৰ উপাৰ্জনমুখী প্ৰেক্ষাপটটোৱে লক্ষাধিক শিক্ষাৰ্থীক নিজৰ জীৱন সম্বন্ধে পূৰ্বতে গ্ৰহণ কৰা সিদ্ধান্তবোৰত প্ৰশ্নচিহ্ন তুলিবলৈ প্ৰৰোচিত কৰিছে৷ সঘনাই সলনি হৈছে জীৱনৰ সংজ্ঞা আৰু মৰ্মাৰ্থ৷ বোধহয়, সেইবাবেই অৰুণে দুবছৰীয়া কৰ্মজীৱনৰ অৱসান ঘটাই হাতত এদিন তুলি লয় কেমেৰা আৰু আৰম্ভ কৰে জিমি নামৰ এজন ব্যক্তিৰ লগত ৱেডিং ফটোগ্ৰাফীৰ এটা কোম্পানী৷


অৱশ্যে ‘হৃদয়ম’ৰ কাহিনী তাতেই শেষ নহয়৷ ইয়াৰ পিছত কাহিনীত আৰু এটি অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰ ‘নিত্যা’ৰ (কল্যাণী প্ৰিয়দৰ্শন)ৰ সংযোজন হয়৷ নিত্যা আৰু অৰুণৰ মাজত গঢ় লৈ উঠা সম্বন্ধ আৰু সেই বিশেষ সম্বন্ধটোক লৈ দৰ্শনাৰ মানসিক পৰিৱৰ্তন অতি সূক্ষ্মানুভূতিশীল দৃষ্টিৰে কাহিনীকাৰে চিত্ৰনাট্যত তুলি ধৰিবলৈ সক্ষম হৈছে৷ পিছে ঘটনাচক্ৰটো ত্ৰিকোণীয় প্ৰেমৰ চাকনৈয়াত নোসোমায়৷ তাৰ পৰিৱৰ্তে ধীৰে ধীৰে উন্মোচন হ’ব ধৰে সময় আৰু জীৱনে প্ৰভাৱিত কৰা তিনিজন মানুহৰ মনস্তাত্ত্বিক পৰ্যায়ৰ আনুভূতিক পৰিক্ৰমা৷ ইয়াৰ জৰিয়তে চৰিত্ৰৰ প্ৰতি পুতৌসূচক দৃষ্টি এটা সৃষ্টি কৰাও কাহিনীকাৰৰ উদ্দেশ্য নহয়৷ চৰিত্ৰকেইটাৰ মাজত থকা অন্তৰ্দ্বন্দ্বৰ সৈতে দৰ্শকক একাত্ম কৰোৱা আৰু তাৰেই ভেটিত চৰিত্ৰগত নৈতিকতা সম্পৰ্কে এটা আন্তৰিক সিদ্ধান্ত ল’বলৈ উৎসাহিত কৰাহে যেন চলচ্চিত্ৰকাৰৰ লক্ষ্য৷ মন কৰিবলগীয়া যে, হেছাম আব্দুল ৱাহাবৰ অনবদ্য সংগীত সংযোজনে সৌন্দৰ্যশালী কৰি ৰখা ছবিখনৰ সমগ্ৰ পটভূমি আৰু কাহিনী-বিন্যাসত অৰুণ আৰু দৰ্শনাই এৰি থৈ অহা কলেজীয়া জীৱনটো আৰু তাৰ লগত জড়িত হৈ থকা সুখ-দুখৰ প্ৰতিটো স্মৃতিয়ে ছবিখনক শেষলৈকে জীপাল কৰি ৰাখে৷ অভিযান্ত্ৰিক জীৱন অতিক্ৰম কৰি অহা শিক্ষাৰ্থীসকলে ছবিখনৰ লগত অধিক অন্তৰংগতা অনুভৱ কৰিব৷  

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা