আনএবোম্বাৰ – এটি ভয়ংকৰ জটিল চৰিত্ৰ


থিয়ড
ৰ জন কেজিনস্কি৷ চমুকৈ টেড৷ এটি অদ্ভুতধৰণে ভয়ংকৰ অথচ বাস্তৱ চৰিত্ৰ৷ সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰা মনোবৈজ্ঞানিক জটিলতাৰ এটি দুৰ্বোধ্য প্ৰতীক৷ ষোল্ল বছৰ বয়সতে হাৰ্ভাডৰ জলপানি লাভ কৰা অংক-পাগল টেডৰ বৌদ্ধিক উজ্জ্বলতা দেখি অধ্যাপকে এদিন কৈছিল এওঁৰ নিচিনা শিক্ষাৰ্থী আজিলৈকে দেখা নাই৷পিছে একেজন টেডেই পাছলৈ আমেৰিকাৰ এফবিআইৰ অপৰাধীৰ অনুসন্ধানৰ তালিকাতো নামাৰ্জন কৰিছিল আতংকসৃষ্টিকাৰী নৈপুণ্যৰ বাবে৷ ফ্ৰিডম ক্লাৱ বুলি নিজকে পৰিচয় দিয়া টেডৰ জনপ্ৰিয় নাম হৈছিলগৈ- “University and Airline Bomber” যাৰ সংক্ষিপ্ত ৰূপ ‘Unabomber’ ৷ প্ৰশ্ন উঠে, তীক্ষ্ণধী আৰু মেধাৱী টেডৰ জীৱনত এনেনো কি ঘটনা ঘটিল যে তেওঁ অংকৰ জটিল জগতখনৰ পৰা ওলাই আহি ঔদ্যোগিক বিপ্লৱক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ বাধ্য হ, আৰু লিখি উলিয়ালে ৩৫,০০০ শব্দৰ ঔদ্যোগিক সমাজ আৰু ইয়াৰ ভৱিষ্যত শীৰ্ষক ৰচনা! (ৰচনাখন গুগলত উপলব্ধ) কিহৰ তাড়নাতনো টেডে আধুনিক জীৱন পৰিহাৰ কৰি গাণিতিকভাৱে বিশুদ্ধ এটি সৰু ঘৰ সাজি অৰণ্যত দিন পাৰ কৰিবলৈ বাছি ললে! ত নাছিল কোনো বৈদ্যুতিক সংযোগ, নাছিল কোনো আধুনিক সৰঞ্জাম৷ ১৯৭৮ চনৰ পৰা ১৯৯৫ চনলৈকে পৰৱৰ্তী প্ৰায় দুটা দশক টেডে আমেৰিকাৰ আকাশ-বতাহ ভীতিগ্ৰস্ত কৰি ৰাখিছিল পত্ৰ-বোমাৰে৷ নিজে তৈয়াৰ কৰা টেডৰ চিঠি-বোমাত মৃত্যু ঘটিছিল তিনিজনকৈ নিৰীহ লোকৰ৷ চূৰ্ণাকৃত হৈছিল উৰাজাহাজ৷ আঘাতপ্ৰাপ্ত হৈছিল তেইশজন৷ অৱশেষত ১৯৯৮ চনত টেডক অমানুষিক অপৰাধৰ বাবে আঠটা জীৱনজোৰা কাৰাদণ্ডৰে দণ্ডিত কৰা হয়৷

জীৱনৰ আগবয়সত টেড আছিল এজন প্ৰখৰ মেধাসম্পন্ন লৰা৷ যৌৱনাৱস্থাত এজন তীক্ষ্ণধী গণিতজ্ঞ হিচাপে স্বীকৃতি লাভ কৰা টেডৰ বৌদ্ধিক সূচাংক ১৬৭৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ টেডে কেলিফৰ্ণিয়া আৰু চিকাগো বিশ্ববিদ্যালয়ত উচ্চশিক্ষা তথা গৱেষণাৰ বাবে সুযোগ পাইছিল৷ পাছলৈ তেওঁ গৱেষণা পত্ৰ লিখিছিল ‘Complex Analysis’ (জটিল বিশ্লেষণ) বিষয়ত৷ গৱেষণা কৰিছিল মিচিগান বিশ্ববিদ্যালয়ৰ পৰা৷ ইয়াৰ পিছত, পঁচিশ বছৰ বয়সতে বাৰ্কলেস্থিত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে টেডে যোগদান কৰে৷ কিন্তু ১৯৬৯ চনত তেওঁ আকস্মিকভাৱে শৈক্ষিক জীৱন ত্যাগ কৰে আৰু ১৯৭১ চনত মণ্টানাৰ এক দুৰ্গম অৰণ্যত ঘৰ সাজি বাস কৰিবলৈ লয়৷ ইয়াৰ কেইটামান বছৰৰ পাছত টেডে আৰম্ভ কৰিলে বোমা-বিস্ফোৰণৰ এটা ক্ষমাহীন কাণ্ড৷ এই মানসিক পৰিৱৰ্তনৰ আঁৰত আছিল আধুনিক আৰু উদ্যোগমুখী সমাজৰ প্ৰতি তেওঁৰ মনত জন্ম হোৱা অত্যুগ্ৰ ক্ৰোধ, ক্ষোভ আৰু নিৰাশা৷ ব্যক্তিগত জীৱনতো অল্পভাষী, মানুহৰ লগত বৰকৈ মিলা-মিছা নকৰা, অন্তৰ্মুখী চৰিত্ৰৰ মানুহ আছিল টেড৷ আত্মমগ্ন স্বভাৱৰ বাবে সামাজিকভাৱেও তেওঁ বিচ্ছিন্ন হৈ পৰিছিল৷ তেওঁৰ এটা পক্ষপাতিত্বমূলক ধাৰণা আছিল যে, আধুনিকতা আৰু উদ্যোগীকৰণৰ সন্মিলিত প্ৰভাৱে মানৱজাতিৰ মানসিকতা আৰু ধৰণ-কৰণলৈ বিপদ মাতি আনিব৷ মানুহ আৰু প্ৰকৃতিৰ মাজত থকা স্বাভাৱিক যোগসূত্ৰটো বিপথগামী হব৷ বিপন্ন হব মানুহৰ স্বাধীনতা৷ সেইবাবে টেডে বিদ্যায়তনিক প্ৰগতিকো সংশয়ৰ দৃষ্টিৰে চাইছিল৷ আধুনিকীকৰণ আৰু ঔদ্যোগীকৰণৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ থকা বিজ্ঞানী, গৱেষক হৈ পৰিছিল তেওঁৰ পত্ৰ-বোমাৰ মূল লক্ষ্য৷ নিজৰ এইবোৰ লক্ষ্যকে চৰিতাৰ্থ কৰিবলৈ টেডে ১৯৭৮ চনৰ পৰা আৰম্ভ কৰিছিল সেই অক্ষমণীয় অভিযান৷ যিটো অভিযানৰ ৰহস্য ভেদ কৰিবলৈ পৃথিৱীবিখ্যাত অনুসন্ধানকাৰী সংস্থা এফবিআইক সময় লাগিল প্ৰায় বিশ বছৰ৷ যিটো অনুসন্ধান পৰিগণিত হৈছিল আমেৰিকীয় ইতিহাসৰ সবাতোকৈ সময়খৰচী আৰু সবাতোকৈ কষ্টকৰ পুলিচী-কাৰবাৰৰ ভিতৰত এটা৷


তেন্তে কিদৰে কৰায়ত্ত কৰা হল গণিতজ্ঞৰ পৰা আতংকবাদী হোৱা থিয়ডৰ জন কেজিনস্কিক৷ তাকেই দেখুওৱা হৈছে আঠটা খণ্ডৰ অপৰাধমূলক ড্ৰামা চিৰিজ মেনহাণ্ট : আনএবোম্বাৰত৷ অনুসন্ধানৰ সাৱলীল আৰু পুংখানুপুংখ প্ৰক্ৰিয়াটোৰ লগতে টেডৰ মনোজগতখনো বিপুল কৌতূহলৰ বিষয়৷ তাকো উন্মোচনৰ চেষ্টা কৰিছে চিৰিজটোত৷ কিন্তু চৰিত্ৰটোৰ আটাইকেইটা তৰপ চিত্ৰনাট্যকাৰে ভাঙিব নোৱাৰিলে৷ ছিৰিজটো চাই উপলব্ধি কৰিব পাৰি, মানুহৰ চৰিত্ৰৰ জটিলতা সম্বন্ধে আমাৰ জ্ঞান কিমান সীমিত আৰু অপৈণত৷ সাধাৰণীকৰণ আৰু পক্ষপাতদুষ্টতাৰ মিশ্ৰিত প্ৰভাৱত পৰি আমি মানুহ সম্বন্ধে কিমান অশুদ্ধ ধাৰণা কঢ়িয়াই ফুৰোঁ-গণনা কৰিব নোৱাৰি৷ আনকি এফবিআইৰ ডাটাবেছেও গাণিতিকভাৱে প্ৰস্তুত কৰা পাঁচ লাখ অপৰাধীৰ এটা প্ৰফাইলেও টেডক বিচাৰি পোৱা নাছিল৷ কোনেনো কল্পনা কৰিছিল, পোন্ধৰ বছৰ বয়সতে স্নাতক ডিগ্ৰী অৰ্জন কৰা টেড বোলা চোকাবুদ্ধিৰ মানুহজনে অৰণ্যত একোণত সোমাই পত্ৰ-বোমা নিৰ্মাণ কৰি থাকিব! বোধহয় তথ্যবোৰো যোগান ধৰা হৈছিল মানুহ আৰু অপৰাধী সম্বন্ধে ইতিমধ্যেই সংৰক্ষিত হৈ থকা কেতবোৰ পূৰ্ব-আৰোপিত অপৰিপক্ক সমলৰ ভিত্তিত!

২০১৭ চনত ডিস্ক’ভাৰি চেনেলযোগে সম্প্ৰচাৰিত হোৱা এই অপৰাধমূলক বাস্তৱকাহিনীটোৰ নিৰ্দেশক হৈছে গ্ৰেগ য়াইটেনছ৷ মূল চৰিত্ৰত অভিনয় কৰিছিল প’ল বেটানীয়ে৷

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা