জীৱনৰ লক্ষ্য সম্পৰ্কে এটা পুৰণি প্ৰশ্ন



'তুমি ডাঙৰ হ'লে কি হ'বা?'-এই প্ৰশ্নটো আজিৰ শিশু-কিশোৰক সোধাটো অৰ্থহীন হৈ পৰিছে। অৱশ্যে, আজি বুলিয়ে নহয়, তাহানিৰ দিনতো এই প্ৰশ্নটোৱে যে শিশু-কিশোৰৰ জীৱন-গঠনত সাংঘাতিক প্ৰভাৱশালী ভূমিকা লৈছিল-তাত সন্দেহ আছে। বৰঞ্চ কিছু কিছু ক্ষেত্ৰত এই প্ৰশ্নটোৱে তেওঁলোকৰ মনত বহুবছৰলৈকে নিজৰ লক্ষ্য সম্বন্ধে এটা অবিচলিত চাপ, যুক্তিহীন জেদ সৃষ্টি কৰাৰ লগতে কেৰিয়াৰৰ বাকী বিকল্পবোৰৰ প্ৰতি অন্ধ কৰি তুলিছিল। কিছুমান ক্ষেত্ৰত দেখা যায়, সমাজত সমাদৃত বৃত্তিবোৰৰ প্ৰতি তেওঁলোক আৱেগিকভাৱে অধিক আকৰ্ষিত হৈ পৰে আৰু আত্মীয়-স্বজনেও তেওঁলোকৰ সেই লক্ষ্যবোৰত সাৰ-পানী দি 'নিজৰ লক্ষ্যত অটুট হৈ থাকিবলৈ' অদূৰদৰ্শী পৰামৰ্শ এটা দিয়ে। এক অৰ্থত তেওঁলোকে বিকল্প চিন্তাৰ পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।

মন কৰিব যে, ২০০৫ চনত বাৰ-তেৰবছৰীয়া এটা ল'ৰা বা এজনী ছোৱালীয়ে ভৱিষ্যতে 'স্নায়ুতত্ত্ববিদ' হোৱাৰ লক্ষ্য বান্ধিলে। কিন্তু তাৰ ঠিক দহ বছৰৰ পিছত তেওঁ যেতিয়া উচ্চশিক্ষাৰ বাবে ৰাওনা হ'ল, তেতিয়া সেইটো বিভাগৰ অনেক পৰিৱৰ্তন ঘটিছে। বহুকেইটা উপ-শ্ৰেণী খোলা হৈছে। আন্তঃবিষয়ক পাঠ্যক্ৰম বিকশিত হৈছে। সিপিনে স্নায়ু বিজ্ঞানেও নতুন প্ৰযুক্তিগত বিকাশ আকোঁৱালি লৈছে। ২০০৫ চনতে তেওঁ ভৱিষ্যতৰ 'স্নায়ুতত্ত্ব'ৰ যিটো কাল্পনিক ৰূপ-ৰেখা আঁকিছিল, সেইখন ছবিৰ লগত এতিয়াৰ ছবিখনৰ বিস্তৰ অমিল। তাতকৈও গুৰুত্বপূৰ্ণ কথা, পৰৱৰ্তী পাঁচটা বছৰত তেওঁৰ সেইটো কেৰিয়াৰ-পথৰ গোলকীয় মান আৰু মৰ্যাদা নিস্তেজ হৈ পৰিব। এই অসামঞ্জস্য মুহূৰ্তত এইগৰাকী শিক্ষাৰ্থীয়ে পুৰণা চিন্তাটোক খামুচি ধৰাতকৈ নতুন সময়ৰ নতুন বিকল্পবোৰো অন্বেষণ কৰাৰ প্ৰয়োজনবোধ আছিল। কিন্তু নিজৰ লক্ষ্যটোক লৈ একপ্ৰকাৰ অন্ধ হৈ পৰাৰ ফলত তেওঁ সেইবোৰ বিকল্প জুকিয়াই নাচালে।
এইখিনিতে প্ৰাসংগিক হৈ পৰে মনোবিজ্ঞানী আডাম গ্ৰাণ্টে নিজৰ 'থিংক এগেইন' গ্ৰন্থত আগবঢ়োৱা 'Identity Foreclosure'ৰ ধাৰণাটো। ইয়াৰ অৰ্থ হৈছেঃ কৈশোৰ কালত আপুনি ভাবিছে যে আপুনি নিজৰ পৰিচয় বা Identity সম্পৰ্কে সকলোবোৰ জানে। কিন্তু আপোনাৰ এই ধাৰণাটো চৌপাশৰ সীমিত তথ্য, পক্ষপাতিত্ব, ৰুচি, বিশ্বাস, এমুঠিমান মানুহৰ বৃত্তি, সেই বৃত্তিসমূহৰ সামাজিক মৰ্যাদাইহে নিয়ন্ত্ৰিত কৰে। এইবোৰৰ ভিত্তিতে আপুনি নিজৰ পৰিচয়ৰ এটা ধূসৰ ৰূপ তৈয়াৰ কৰি লয়। আৰু সেই ৰূপটোকেই বাস্তৱত সাকাৰ কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰে। অথচ অনাগত পাঁচটা বছৰত পৃথিৱীত অনেক বৃত্তি আৰু বিষয়ৰ উত্থান ঘটিব-যাৰ বিষয়ে চৰ্চা কৰিবলৈ আপুনি অপাৰগ। কিয়নো আপুনি ইতিমধ্যেই এই 'Identity Foreclosure'ৰ গাঁতটোত সোমাই গ'ল। এয়া হৈছে কোনোধৰণৰ গভীৰতাপূৰ্ণ বিচাৰ-বিশ্লেষণ নকৰাকৈ নিজৰ পৰিচয় আৰু পছন্দ সম্বন্ধে এটা আধা-কেচেলুৱা সুকঠিন ধাৰণা তৈয়াৰ কৰি লোৱা।
মোৰ মতে; বহু ৰোমাঞ্চকৰ বৃত্তি আৰু গৱেষণাই খলকনি তুলি থকা আজিৰ বৈচিত্ৰ্যময় সময়ত আমি শিশুক সেই পুৰণিকলীয়া প্ৰশ্নটোৰ জালত আবদ্ধ কৰি তেওঁলোকৰ লক্ষ্য আৰু দৃষ্টি একমুখী কৰি পেলোৱা অনুচিত।
এই গাঁতটোৰ পৰা ওলাই অহাৰ এতিয়া উপায় কি? আডাম গ্ৰাণ্টে থূলমূলকৈ ক'ব বিচাৰিছেঃ কেৰিয়াৰ সম্বন্ধে পুনৰ্চিন্তন কৰা। বিষয়টোৰ লগত জড়িত আনুষংগিক দিশবোৰ explore কৰা। মাহেকৰ মূৰত বা বছৰেকৰ মূৰত তাৰেই আধাৰত এক তুলনামূলক আত্মকথন কৰা। আৰু সম্ভাৱনাবোৰ জুকিয়াই চোৱা।
আনহাতে অভিভাৱকলৈ আডাম গ্ৰাণ্টৰ তিনিটা উপদেশঃ
(১) 'ডাঙৰ হ'লে তুমি কি হ'বা'- প্ৰশ্নটো সুধিবলৈ বন্ধ কৰক। তাৰ পৰিৱৰ্তে তেওঁলোকৰ চিন্তাজগতৰ দুৱাৰখন বিভিন্ন সম্ভাৱনাৰ ফালে খুলি দিয়ক।
(২) পুনৰ্চিন্তন কৰিবলৈ শিশুক উৎসাহিত কৰক। যেনেঃ ছবি এখন আঁকি তাৰ খচৰাটো কেইবাটাও পৰ্যায়ত পৰিমাৰ্জন কৰক।
(৩) ভাতৰ টেবলত বা অন্য সময়ত শিশুৰ লগত আসোঁৱাহপূৰ্ণ বিষয় একোটাৰ সত্যাসত্য আলোচনা কৰক।
আডাম গ্ৰাণ্ট জনপ্ৰিয় বিজ্ঞানৰ এজন আমেৰিকান লেখক, আৰু ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞানত বিশেষজ্ঞ।

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা