বিশেষজ্ঞৰো ভুল হ'ব পাৰে


আমেৰিকীয় প্ৰাণীবিজ্ঞানী থিঅ'ফিলাছ পেইণ্টাৰ। ক্ৰ'ম'জমৰ গঠন-তত্ত্ব আৰু তাৰ কাৰ্য-প্ৰণালীৰ বৈজ্ঞানিক অনুসন্ধান কৰি পেইণ্টাৰ সেইসময়ত জনাজাত হৈছিল। ১৯২৩ চনত পেইণ্টাৰে নিজা চৰ্চাৰে মানৱ দেহত ক্ৰ'ম'জ'মৰ সংখ্যা ২৪যোৰ বুলি ঘোষণা কৰিলে। পেইণ্টাৰ আছিল সেইসময়ত এগৰাকী জনপ্ৰিয় ব্যক্তি। গতিকে জনপ্ৰিয় বিজ্ঞানী এজনে দেখুৱাই দিয়া পথৰেই সমকালীন বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰি গৈ থাকিল আৰু পৰৱৰ্তী ৩০ টা বছৰলৈকে মানৱ দেহত ক্ৰম'জ'মৰ সংখ্যা ২৪যোৰ বুলিয়েই চৌদিশে প্ৰচাৰিত হ'ল। পাঠ্যপুথিত ছবিসহ ত্ৰুটিপূৰ্ণভাৱে লিখিত হ'ল।

পিছে ১৯৫৬ চনত কোষ আৰু ক্ৰ'ম'জমৰ বিষয়ে গৱেষণা কৰা ইণ্ডোনেছিয়ান বংশোদ্ভূত বিজ্ঞানী ছাইট'জেনেটিচিষ্ট জ' হিন জিঅ'ৱে অত্যাধুনিক আহিলাৰে নিৰীক্ষণ কৰি সকলোকে স্তম্ভিত কৰি দেখুৱাই দিলে যে, মানৱ দেহত ২৪যোৰ নহয়, ২৩যোৰহে ক্ৰ'ম'জম আছে। ১৯৫৬ চনত জ'ৱে ছুইডেনৰ উদ্ভিদ বিজ্ঞানী আৰু জীনতত্ত্ববিদ এলবাৰ্ট লেভানৰ লগত যৌথভাৱে এইবিষয়ে নিজৰ গৱেষণা প্ৰকাশ কৰি আনুষ্ঠানিক স্বীকৃতি পালে। লেভানৰ গৱেষণাগাৰতে জ'ৱে নিজৰ যুগান্তকাৰী আৱিষ্কাৰটো সম্পন্ন কৰিছিল। মন কৰিব যে, পেইণ্টাৰৰ এটা ত্ৰুটিপূৰ্ণ উদ্ভাৱনৰ ভুল উদঙাই শুদ্ধতাৰ পোছাক পিন্ধাবলৈ সময় লাগিল প্ৰায় ৩২ বছৰ।
পেইণ্টাৰৰ সময়ছোৱাত হয়তো বৈজ্ঞানিক আহিলা-সঁজুলিয়ে অত্যাধুনিক ৰূপ এটা পোৱা নাছিল। গৱেষণাগাৰতো বোধহয় কিছুমান কাম কৰিব পৰাকৈ সীমাবদ্ধতা আছিল। পিছে বিপদজনক কথা সেইটো নহয়। বিপদজনক কথা এইটোহে যে, এজন বিশেষ বিজ্ঞানীৰ পৰীক্ষালব্ধ ফলাফলটোকেই অন্ধভাৱে অনুকৰণ কৰি তেওঁৰ একাংশ গুণমুগ্ধ অনুজে সত্য বুলি বিশ্বাস কৰি লৈছিল আৰু ক'ব নোৱাৰাকৈয়ে তেওঁলোক অবৈজ্ঞানিক পৰিক্ৰমা এটাত সোমাই গৈছিল। নতুন ধৰণে পৰ্যবেক্ষণ কৰি নতুন তথ্য অন্বেষণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে ইতিমধ্যেই স্থাপিত আসোঁৱাহপূৰ্ণ তথ্যটোকে স্কুল/কলেজৰ পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি সকলোতে বিয়পাই দিছিল।
এই গোটেই ঘটনাটোত ''Argument From Authority' শীৰ্ষক ভ্ৰান্তি এটা জড়িত। এটা যৌক্তিক আসোঁৱাহ, logical fallacy.(।) বিশেষ কৰ্তৃত্বশীল মহলৰ পৰা আৰোপ কৰা চিন্তা/যুক্তি এটাকে বহুদিনলৈকৈ অঘোষিত সত্য বুলি মানি লোৱাৰ বৌদ্ধিক প্ৰৱণতা।
কিছুমান ক্ষেত্ৰত প্ৰসিদ্ধ ব্যক্তিৰ উদ্ধৃতি এটাক কৌশলগতভাৱে ব্যৱহাৰ কৰিও সমাজত এটা ধাৰণাক সত্য বুলি প্ৰতিপন্ন কৰিবলৈ বিচৰা হয়। অথচ 'ক' নামৰ বিষয়টোৰ লগত 'খ' নামৰ ব্যক্তিজন প্ৰত্যক্ষভাৱে জড়িতও নহয়। বৈজ্ঞানিক অনুসন্ধান (লগতে যৌক্তিক চৰ্চাতো) কৰ্তৃপক্ষৰ একপক্ষীয় সিদ্ধান্তক অন্ধভাৱে মানি ল'ব নালাগে। যেনেঃ আইনষ্টাইনৰ ধৰ্ম-সম্পৰ্কীয় মতটোক ধৰ্ম তথা ঈশ‌্বৰৰ চিৰাচৰিত বিতৰ্কবোৰত আত্মপক্ষ সমৰ্থনত অসংযতভাৱে ব্যৱহাৰ কৰা।
সাহিত্যৰ সমালোচনাতো কোনোবা এগৰাকী ব্যক্তিয়ে তাহানিতেই কৈ যোৱা কথা এষাৰক বা প্ৰতিষ্ঠিত মহলত সমাদৃত কথা এষাৰক আলোচনাৰ আৰম্ভণিতে ব্যৱহাৰ কৰি লেখকে নিজৰ যু্ক্তিক সবল কৰিবলৈ প্ৰয়াস কৰে। বিশেষকৈ একাংশ অসমীয়া প্ৰবীণ সমালোচকে পাশ্চাত্যৰ সমালোচকৰ উদ্ধৃতি ব্যৱহাৰ কৰাটো সাধাৰণ কথা। এই উদ্ধৃতিবোৰে লেখাৰ মান উন্নীত কৰিলেও পাঠকৰ মনত সমালোচনাটোৰ সম্পৰ্কে নিৰপেক্ষ চিন্তাৰ প্ৰৱণতাটো কমাই আনে। কাৰণ, মানুহে জনপ্ৰিয় ব্যক্তিৰ বক্তব্যক গ্ৰহণ কৰি Conformity Biasত আক্ৰান্ত হয়।
প্ৰসিদ্ধ জ্যোতিৰ্পদাৰ্থবিদ কাৰ্ল ছাগানৰ দ্বাৰা ১৯৯৫ চনত লিখিত প্ৰভাৱশালী গ্ৰন্থ 'দ্য ডেমন হাণ্টেড ৱৰ্ল্ড'ত এনেধৰণৰ বিশটা যৌক্তিক বিভ্ৰান্তি আলোচনা কৰা হৈছিল। তাৰে ভিতৰত উক্ত 'argumentum ad verecundium' শীৰ্ষক বিভ্ৰান্তিটোও আছিল। এই প্ৰসংগত ছাগানে কৈছেঃ
"One of the great commandments of science is, 'Mistrust arguments from authority.'.... Too many such arguments have proved too painfully wrong. Authorities must prove their contentions like everybody else."

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা