প্ৰাক্‌-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস


অসমৰ অৰ্থনৈতিক ইতিহাসৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি সততে মুখামুখি হোৱা এটা গুৰুতৰ সমস্যা হৈছেঃ তথ্যৰ অনুপলব্ধতা। যাৰ বাবে অসমৰ অৰ্থনৈতিক ইতিহাস সম্বন্ধে এতিয়ালৈকে একাধিক গ্ৰন্থ লিখা হৈছে যদিও তাৰে একাংশ গ্ৰন্থত সিদ্ধান্তসমূহ নিৰূপিত হৈছে এক আৱেগিক আৰু একপক্ষীয় দৃষ্টিকোণৰ পৰা। আন এটা দুৰ্বলতা হৈছেঃ 'আন্তঃবৈষয়িক অধ্যয়ন' হিচাপে বিবেচিত অৰ্থনেতিক ইতিহাসত ভৌত সংস্কৃতিৰ (Material Culture) দিশটোৰ আলোচনা প্ৰায়েই উপেক্ষিত। অথচ এনেধৰণৰ কেন্দ্ৰীভূত বস্তুনিষ্ঠ আলোচনাইহে জাতিগত কৰ্ম-সংস্কৃতি আৰু থলুৱা ঐতিহ্যৰ এক পোনপটীয়া ইংগিত বহন কৰিব পাৰে। অৱশ্যেই কিছুমান অধ্যয়নত প্ৰযুক্তিগত সীমাবদ্ধতাও এক মুখ্য কাৰণ হৈ পৰে।তেনে এক পৰিপ্ৰেক্ষিতত আমি আমাৰ এৰি অহা সময়ৰ তথ্যসমৃদ্ধ আৰু যুক্তিসন্মত চৰ্চা বিচাৰি হাবাথুৰি খাবলগীয়া হয়।

হেনসময়তে হাতত আহি পৰিল 'প্ৰাক্‌-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস'। লেখক ড° ৰক্তিম ৰঞ্জন শইকীয়াৰ দুই-এক প্ৰবন্ধ ইতিমধ্যে সাতসৰীত পঢ়িছিলোঁ। বিশেষকৈ 'অসমৰ স্বৰ্ণ উৎপাদন' শীৰ্ষক প্ৰবন্ধটোৰ জৰিয়তে কিছুমান নতুন কথা জনাৰ সুযোগ পাইছিলোঁ।
শেহতীয়াকৈ প্ৰকাশিত তেখেতৰ দ্বাৰা লিখিত এই গ্ৰন্থখন হাতত লৈ প্ৰকৃত অৰ্থত আপ্লুত হৈছোঁ। অসমৰ 'ভৌত সংস্কৃতি' আৰু বৈচিত্ৰ্যময় অৰ্থনৈতিক ইতিহাস সম্বন্ধে ইয়াৰ আগতে ইমান শৃংখলাবদ্ধ, গৱেষণালব্ধ আৰু তথ্য-আশ্ৰিত আধুনিক সময়ৰ লগত খাপ খোৱা গ্ৰন্থ বোধহয়‌ লিখা‌ হোৱা নাই। ভিন্ন ভাষাৰ প্ৰায় ৩৫০ৰো অধিক সহায়ক-গ্ৰন্থ তথ্যসূত্ৰত‌ আছে। পাঠকক সেইসমূহ গ্ৰন্থইও বিষয়টোৰ অধিক চৰ্চা কৰিবলৈ উদ্গনি যোগাব।
৫২০ টা পৃষ্ঠাৰ এই গ্ৰন্থখন দুটা ভাগত বিভক্ত। প্ৰথমটো খণ্ডত 'অসমৰ ভৌত সংস্কৃতি'ৰ লগত অৰ্থনীতিৰ ওচৰ সম্পৰ্ক থকা দহটা ভিন্ন বিষয়ৰ বিস্তৃত আলোচনা সন্নিৱিষ্ট হৈছে। যেনেঃ বাৰুদ উৎপাদন, কঁৰাল উৎপাদন, অসমৰ লোণ উৎপাদন, ৰৌপ্য উৎপাদন, লোহ্য, পোৰামাটিৰ শিল্প, বয়ন শিল্প আদি। মন কৰিবলগীয়া যে, মধ্যযুগীয়া অসমৰ গুৰুত্বপূৰ্ণ পণ্য লোণৰ বিষয়ে খুব কমেইহে আলোচনা হৈছে। আনকি ইতিমধ্যে লিখিত গ্ৰন্থসমূহতো লোণৰ বিষয়ে দুই-এক বাক্যহে সংযোজন কৰা হৈছে। ড° শইকীয়াই এই গ্ৰন্থখনত ইয়াৰ বিষয়ে সবিস্তাৰে লিখিছে- কাৰিকৰী দিশবোৰ খৰচি মাৰি সন্নিৱিষ্ট কৰিছে।
গ্ৰন্থৰ দ্বিতীয়টো খণ্ডত লিখা হৈছে প্ৰাক-ঔপনিৱেশিক অসমত প্ৰসাৰ আৰু বিস্তাৰ‌ লাভ কৰা কিছুমান ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ কাহিনী। প্ৰাচীন প্ৰাগজ্যোতিষ-কামৰূপ, আহোম, মটক, কছাৰী, চুতিয়া, ভূঞা আদিৰ অৰ্থনৈতিক বৈচিত্ৰ্যৰ নানানটা দিশ আলোচিত হৈছে। দ্বিতীয়টো খণ্ডৰ প্ৰভাৱশালী আলোচনা কৰা হৈছে প্ৰাক-ঔপনিৱেশিক অসমৰ মুদ্ৰা অৰ্থনীতিৰ বিষয়ে। যিটো বিষয়ৰ আলোচনা আমাৰ সততে পাবলৈ টান। অথচ প্ৰাক্-ঔপনিৱেশিক কালত উত্থান ঘটা ৰাজ্যসমূহত মুদ্ৰা অৰ্থনীতি আছিল এক অবিচ্ছেদ্য অৰ্থনৈতিক উপাদান।
গ্ৰন্থখনৰ উপস্থাপন-শৈলী মোৰ বোধেৰে সহজবোধ্য। কাৰিকৰী দিশবোৰো যিমান পাৰি সিমান সৰল ভাষাতে লিখিবলৈ প্ৰয়াস কৰা হৈছে। মোৰ আন্তৰিক ধন্যবাদ লেখক ড° শইকীয়ালৈ-এনে এখন মূল্যৱান গ্ৰন্থ আমাক উপহাৰ দিয়াৰ বাবে। তেখেতে এইখন গ্ৰন্থ লিখিবলৈ যিমান গৱেষণা আৰু চৰ্চা কৰিছে-সেয়া অতুলনীয় আৰু অনুকৰণীয়। আশা কৰিছোঁ, গ্ৰন্থখনে অসমৰ ৰাইজৰ পৰা যথোচিত সঁহাৰি পাওক। ইতিহাসৰ নতুন লেখকসকলে এই গ্ৰন্থখন পঢ়ি ইতিহাস কিদৰে লিখিব লাগে-তাৰো‌ যে এক নিৰ্ভৰযোগ্য ধাৰণা পাব-তাত কোনো শংকা নাই।

Comments

Post a Comment

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা