শক্তিশালী শত্ৰুৰ বাবে শক্তিশালী কৌশল



আফ্ৰিকাৰ অৰণ্যত সততে দৃষ্টিগোচৰ হোৱা চিতা বাঘ পৃথিৱীৰ ভিতৰতে এটা দ্ৰুতবেগী জন্তু হিচাপে পৰিগণিত৷ একোটা চিতা বাঘে ঘণ্টাত প্ৰায় ৮০-১২০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে৷ ৩-৫ ছেকেণ্ডৰ ভিতৰতে চিতা বাঘে ৫০-৬০ মাইল প্ৰতি ঘণ্টাৰ বেগত উপনীত হ'লেও আচৰিত হ'বলগীয়া কথা নহয়৷

এনেকুৱা এটা চিতা বাঘে যেতিয়া চৰি থকা হৰিণৰ জাক এটা দেখে, তেতিয়া পিছে চিতা বাঘটোৱে ততালিকে জাকটোক আক্ৰমণ নকৰে৷ সি চোপ লৈ থাকে৷ জাকটোৰ চকুত নপৰিবলৈ অহোপুৰুষাৰ্থ কৰে৷ দ্বিতীয়তে, বাঘটোৱে হৰিণৰ জাকটোৰ ভিতৰত থকা সবাতোকৈ দুৰ্বল হৰিণটোক চিনাক্ত কৰিবলৈ প্ৰয়াস কৰে৷ সৰু, চাপৰ, দুৰ্বল, বেমাৰী, লেহুকা হৰিণ এটাৰ সমুখত অকস্মাতে উপস্থিত হৈ তাক নিজৰ আহাৰ হিচাপে গ্ৰহণ কৰাটোৱেই বাঘটোৰ লক্ষ্য৷

পিছে শক্তিশালী শত্ৰু বাঘৰ এই কৌশলবোৰ হৰিণেও বুজি পায়৷ বহুশতিকাজোৰা চিকাৰ-চিকাৰীৰ খেলখনৰ অন্তত, আৰু বাঘৰ নানানটা কৌশল দেখি-শুনি হৰিণে নিজাববীয়াকৈ কিছুমান কৌশল সৃষ্টি কৰি লৈছে৷ তেনে এটা কৌশল হৈছে-'Stotting'

হৰিণটোৱে যেতিয়া চোপ লৈ থকা বাঘটোক দূৰৈত দেখা পায়, তেতিয়া হৰিণটোৱে চাৰিওটা ঠেং শূন্যলৈ দাঙি থকা ঠাইতে জাঁপ কেইটামান মাৰে৷ বহু ওপৰলৈ মৰা এই জাঁপকেইটাৰে হৰিণটোৱে বাঘক প্ৰতীকীভাষাৰে ইয়াকে বুজাব খোজে যে-'দেখিছ, মোৰ চাৰিওখন ঠেঙেই শক্তিশালী, সমৰ্থৱান আৰু অক্ষত৷ ইচ্ছা কৰিলে এতিয়াই এই চাৰিওখন ঠেঙৰ সহায়ত দৌৰ মাৰি মুহূৰ্ততে ধুবুৰী পাবগৈ পাৰোঁ৷ গতিকে মোৰ লগত জেং নকৰিবি৷ মোৰ পিছ নল'বি৷ পাত্তা নাপাবি৷'

চিতা বাঘ হৰিণৰ এই বুদ্ধিদীপ্ত কৌশলটোত ধৰাশায়ী হৈ পৰে৷ সেয়েহে, বাঘে এইদৰে জঁপিয়াই থকা হৰিণৰ পাছ নলয়৷ আনকি যদি শাৰীৰিকভাৱে দুৰ্বল হৰিণ এটাও সামান্য পৰিশ্ৰম কৰি এইদৰে জাঁপ কেইটামান মাৰিব পাৰে, তেন্তে সি বাঘক বিভ্ৰান্ত কৰিবলৈ সক্ষম হ'ব৷

চিতা বাঘ আৰু হৰিণৰ এই ঘটনাৱলীটোৰ পৰা মানুহে শিকিবলগা দুটা প্ৰধান কথা হৈছে-

(১) শত্ৰুক দেখি ভয় নাখাব৷ শক্তিশালী শত্ৰুক পৰাভূত কৰিবলৈও শক্তিশালী কৌশল আছে৷ উপযুক্ত কৌশলৰ সহায়ত মানসিক পৰ্যায়তেই কেতিয়াবা জয় সাব্যস্ত কৰিব পাৰি৷

(২) সকলো মানুহৰে দুৰ্বলতা আছে৷ কিন্তু মানুহক নিজৰ দুৰ্বলতাবোৰ দেখুৱাই থাকিলে আপুনি এক বিপদৰ চাকনৈয়াত সোমাই পৰিব৷ বিশেষকৈ মানসিকভাৱে শক্তিশালী হৈ থকাটো আজিৰ তাৰিখত বৰ প্ৰয়োজনীয়৷ গতিকে পৰাপক্ষত নিজকে মানসিকভাৱে দৃঢ় কৰক৷ জীৱনৰ শক্তিশালী বিপদবোৰ অতিক্ৰম কৰিবলৈ নিজকে শক্তিশালী হিচাপে গঢ়ি তোলক৷

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা