পৰিচিতিয়ে সঁচাকৈয়ে অৱজ্ঞাৰ সৃষ্টি কৰেনে?


সাতবছৰমানৰ আগতে, হোমেন বৰগোহাঞিদেৱৰ এটা বিশেষ প্ৰবন্ধত 'Familiarity breeds contempt' নামৰ ব্যাকাংশ পাইছিলোঁ। অৰ্থাৎ, একেধৰণৰ মানুহ, বিষয়, চৰ্চাত দীৰ্ঘদিনলৈকে জড়িত হৈ থাকিলে এসময়ত সেই বিষয়বস্তুৰ প্ৰতি অনীহাৰ সৃষ্টি হয়। অৰ্থাৎ পৰিচিতিয়ে অৱজ্ঞাৰ জন্ম দিয়ে। এইটো আছিল এটা জনপ্ৰিয় প্ৰবচন-যাৰ লগত মোৰ তেতিয়ালৈকে পৰিচয় হোৱা নাছিল। 


লেখাটোত নিজৰ ব্যক্তিগত জীৱনৰ উপলব্ধিৰে যু্ক্তিসহকাৰে বৰগোহাঞিদেৱে ব্যাখ্যা কৰা এই কথাষাৰৰ গভীৰতাত ইমানেই আপ্লুত হৈ পৰিলোঁ যে কথাষাৰ মন-মগজুৰ গুৰিত নি গপচত বহুৱাই থ'লোঁ। আত্মপক্ষৰ সমৰ্থনতো এটা 'সাংঘাতিক' সামাজিক প্ৰসংগ পাই গ'লোঁ।  অসমৰ বহু বিজ্ঞানৰ ছাত্ৰই পৰৱৰ্তী সময়ত লেখা-মেলা কৰি সাহিত্যিকৰ মৰ্যাদা লাভ কৰে যদিও তেওঁলোকে নিজৰ সাহিত্যিক জীৱনত বিজ্ঞানধৰ্মী বিষয়ক নিজৰ লেখাৰ মাধ্যম হিচাপে নিৰ্বাচিত নকৰে। কাৰণ হৈছে 'পৰিচিতিয়ে সৃষ্টি কৰা অৱজ্ঞা'। এটা 'সাংঘাতিক' উদাহৰণঃ ড° ভবেন্দ্ৰনাথ শইকীয়াছাৰ। 

ভালেমান বছৰ এই চিন্তাটোক মূৰত সুমুৱাই ৰাখিলোঁ। এই প্ৰবচনটি অসত্য বুলি দাবী কৰিব বিচৰা নাই। ক'ব খোজা হৈছেঃ প্ৰসংগ আৰু পৰিসৰ অনুযায়ী এই কথাষাৰ সম্পূৰ্ণ ভিত্তিহীন হিচাপে প্ৰমাণিত হ'ব পাৰে। 

শেহতীয়াকৈ পঢ়ি শেষ কৰা সাংগঠনিক আৰু ঔদ্যোগিক মনোবিজ্ঞানী আডাম গ্ৰাণ্ট এখন বহুল-সমাদৃত কিতাপে মোৰ এই আওপুৰণি চিন্তাটোক ওলট-পালট কৰি দিলে।  'Originals' নামৰ এই গ্ৰন্থখনত থকা আলোচনাৰ শীৰ্ষকটোৱেই হৈছেঃ Unfamiliarity breeds contempt.(অপৰিচিতিয়ে অৱজ্ঞাৰ সৃষ্টি কৰে।) 

প্ৰখ্যাত সামাজিক মনোবিজ্ঞানী ৰ'বাৰ্ট জাজংক। এটা পৰীক্ষাত তেওঁ দুটা অৰ্থহীন শব্দ মানুহক দেখুৱাইছিল। (ক) iktitaf (খ) sarick.(।) প্ৰথমাৱস্থাত প্ৰায়বোৰ মানুহেই দুয়োটা শব্দকে প্ৰায় সমতুল্যভাৱে গ্ৰহণ কৰিলে। কিন্তু দ্বিতীয়টো পৰীক্ষাত যেতিয়া জাজংকে এটা শব্দ আনটোতকৈ দুগুণ মাত্ৰাত প্ৰদৰ্শন কৰিলে; তেতিয়া মানুহক সেই শব্দটোৱে দুগুণ বা ততোধিক আকৰ্ষণ কৰিবলৈ ধৰিলে। ইয়াকে বোলা হৈছেঃ Mere Exposure Effect.(।) 

আমি যিটো উপাদানৰ অধিক সাক্ষাৎ লাভ কৰোঁ, যাক সঘনে দেখি থাকোঁ;- সেইটো উপাদানকে আমি পছন্দ কৰোঁ। তাৰ প্ৰতি আমি এক অগ্ৰাধিকাৰভিত্তিক প্ৰৱণতা অনুভৱ কৰোঁ। এয়াই হৈছে উক্ত প্ৰভাৱটোৰ গুৰিকথা। যেনেঃ টিভিত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আহি থকা বিজ্ঞাপনবোৰে এইটো প্ৰভাৱ অনুসৰণ কৰে। যেনেঃ বহুকেইজন মানুহৰ মুখত আপুনি 'কখগ মহাবিদ্যালয়'ৰ নামটো শুনি নিজৰ সন্তানকো তাতেই নামভৰ্তি কৰোৱাৰ সংকল্প এটা ল'লে। অথচ তাতকৈও উন্নত কিন্তু প্ৰচাৰত অধিক ধন ব্যয় নকৰা মহাবিদ্যালয় জিলাত কেইবাখনো আছে। যেনেঃ দিনটোত এটা গীত দহবাৰমান শুনি আপুনিও 'Stuck Song Syndrome'ৰ বলি হৈ একেটা গীতেই অলপ পাছতে ভুন্‌ভুনাবলৈ ধৰিলে। 

'তাৰক মেহতা কা উল্টা ছশমা'ত জেঠালালৰ ঘৰত সততে খাদ্য হিচাপে ব্যৱহাৰ কৰা 'ফাপড়া জিলাপি'য়ে ধাৰাবাহিকখনৰ দৰ্শকসকলক সেই খাদ্যবিধৰ প্ৰতি কৌতূহলী কৰাৰ সম্ভাৱনা যিমান, গুজৰাটী খাদ্যৰ ভিতৰত সেই দৰ্শকজনে নিজাকৈ খাবলগীয়া খাদ্য হিচাপে নিৰ্বাচিত কৰিবলগীয়া হ'লে; একেটা খাদ্যকে নিৰ্বাচিত কৰাৰ সম্ভাৱনাও সিমান। ইও 'mere exposure effect'ৰ এটা উদাহৰণ হ'ব পাৰে।  

এইখিনিতে এটা 'কম প্ৰভাৱশালী' কিন্তু আনুষংগিক উপ-ঘটনা হৈছেঃ অগ্ৰাধিকাৰ পাবলৈকে যদি এটা শব্দকে বা এটা বিষয়কে ঘনাই কৈ থকা হয়, তেতিয়া সি কেতিয়াবা বিপৰীত প্ৰতিক্ৰিয়াও দেখুৱাব পাৰে। মানুহ বৰড'মত আক্ৰান্ত হ'ব পাৰে। যেনেঃ যোৱাবছৰত এখন কিতাপৰ বিষয়ে চৌদিশে ইমানেই অত্যধিক একপক্ষীয় আলোচনা হোৱা দেখিলোঁ যে, কিতাপখন পঢ়াৰ প্ৰতি আকৰ্ষতেই হেৰুৱাই পেলালোঁ। 

গ্ৰাণ্টৰ লেখাটো পঢ়ি উঠি ভাৱ হ'লঃ এই প্ৰভাৱটো মোটামুটি 'Priming'ৰ লগত একেই। ইয়াত প্ৰাথমিক অনুঘটক হৈছেঃ সম্পৰ্কযুক্ত এটা উদ্দীপক। আনহাতে 'এক্সপ'জাৰ ইফেক্ট'ত প্ৰাথমিক অনুঘটক হৈছেঃ বস্তুটো নিজেই। 

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা