ফাৰকুশ্বিয়াৰ, হেমিল্টন আৰু এটা বিৱৰ্তনীয় ত্ৰুটি

 



শাসনত বহাৰ দুটা বছৰৰ পাছতেই মোগল সম্ৰাট ফাৰকুশ্বিয়াৰ উৰুসন্ধিৰ এক জটিল নৰীয়াত পৰিল৷ প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত সম্ৰাটৰ অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে ঢাল খালে৷ হেনসময়তে ফাৰকুশ্বিয়াৰৰ ত্ৰাণকৰ্তা হিচাপে আৰ্ৱিভাৱ ঘটিল উইলিয়াম হেমিল্টনৰ৷ হেমিল্টন আছিল স্কটলেণ্ডৰ এজন অভিজ্ঞ শল্য চিকিৎসক৷ বাণিজ্য বিস্তাৰৰ বাবে ভাৰতলৈ অহা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি দলটোৰো হেমিল্টন আছিল এজন সদস্য৷ এইজন হেমিল্টনকে সম্ৰাটৰ চিকিৎসা কৰিবলৈ মতাই অনা হ’ল৷ হেমিল্টনেও চেষ্টাত কোনো ত্ৰুটি নকৰিলে৷ অভিজ্ঞতা আৰু দক্ষতাৰ বলত ফাৰকুশ্বিয়াৰক তেওঁ ৰোগমুক্ত কৰিলে৷ পিছে একেটা বছৰতে (১৭১৫) ফাৰকুশ্বিয়াৰ পুনৰ এবাৰ প্ৰচণ্ড নৰীয়াটোত পৰিল৷ বিষত কেঁকাই থকা সম্ৰাটৰ শাৰীৰিক বিপদৰ পৰা পুনৰ এবাৰ উদ্ধাৰৰ অৰ্থে যথাৰীতি হেমিল্টনক মতাই অনা হ’ল৷ এইবাৰো হেমিল্টন সফল হ’ল আৰু সম্ৰাটেও ৰোগৰ পৰা মুক্তি পালে৷

বিপদৰ বন্ধুৱে আচল বন্ধু৷ ফাৰকুশ্বিয়াৰে হেমিল্টনৰ সহায় আৰু চিকিৎসাৰ কথা পাহৰি নগ’ল৷ তেওঁক হিয়া উজাৰি পুৰস্কৃত কৰা হ’ল৷ কিন্তু সবাতোকৈ বৃহৎ পুৰস্কাৰটো আহিল ১৭১৭ চনত৷ বংগকে ধৰি ভাৰতৰ অন্যান্য প্ৰান্তত মুক্তভাৱে বাণিজ্য কৰাৰ অনুমতি বিচাৰি ব্ৰিটিছ ইণ্ড ইণ্ডিয়া কোম্পানীয়ে ইয়াৰ আগতেও মোগল সম্ৰাটসকলক কাকূতি-মিনতি কৰিছিল যদিও তেওঁলোকৰ মিনতি আংশিকভাৱেহে মঞ্জুৰ হৈছিল৷ কিন্তু এইবাৰ ! এইবাৰ ফাৰকুশ্বিয়াৰে ‘বিপদৰ বন্ধু’ হেমিল্টনৰ সহায়ক স্বীকৃতি আৰু কৃতজ্ঞতা জনাই কোম্পানীক ভাৰতত কৰমুক্ত ব্যৱসায় কৰিবলৈ আনুষ্ঠানিক ‘ফৰমান’ বা ‘অনুমতি-পত্ৰ’ প্ৰদান কৰিলে৷ 

১৭১৭ চনৰ জন ছাৰ্মনৰ নেতৃত্বত অহা এই গোটটোক ফাৰকুশ্বিয়াৰৰ পৰা সংগ্ৰহ কৰা অনুমতি-পত্ৰকেইখনে ইষ্ট ইণ্ডিয়া কোম্পানীক বহুকেইটা ব্যৱসায়িক সুবিধা প্ৰদান কৰিলে। পূৰ্বে নিৰ্ধাৰিত মাত্ৰ ৩,০০০ টকাৰ ধন বছৰেকৰ মূৰত পৰিশোধ কৰিয়েই কোম্পানীয়ে বংগত আমদানি-ৰপ্তানি কৰাৰ সুযোগ পালে। কোনো অতিৰিক্ত কৰ-কাতল দিব লগা‌ নহ'ব। একেদৰে গুজৰাটৰ চুৰততো কোম্পানীয়ে মাত্ৰ ১০,০০০ টকাৰ বছৰেকীয়া মাছুল দিয়েই নিজৰ সমস্ত ব্যৱসায় চলাব পাৰিব। আনহাতে বোম্বাইত কোম্পানীয়ে কাটি লোৱা মুদ্ৰাকে বৃহত্তৰ ভাৰতবৰ্ষত ব্যৱহাৰ কৰিব পাৰিব। কলিকাতাক প্ৰধান বাণিজ্য-কেন্দ্ৰ হিচাপে বিকশিত কৰাৰ লগতে কোম্পানীয়ে কলিকাতাক ওচৰে-পাজৰে থকা প্ৰায় ৪০খন গাঁও ক্ৰয় কৰিবলৈ অনুমতি দিয়া হ’ল৷ 


ফাৰকুশ্বিয়াৰৰ ‘ৰোগ’ আৰু উইলিয়াম হেমিল্টনৰ ‘চিকিৎসা’৷ নাম, স্থান আৰু পৰিচয় বাদ দি সাধাৰণ দৃষ্টিৰে এই দুজন ব্যক্তিৰ সমগ্ৰ প্ৰেক্ষাপটটো বিচাৰ কৰিলে আমি মানুহৰ এটা আদিম প্ৰৱণতা উপলব্ধি কৰিব পাৰোঁ৷ ইয়াৰ লগত বিৱৰ্তনৰ এটা সুদূৰপ্ৰসাৰী প্ৰভাৱ জড়িত হৈ আছে৷ সেইটো হ’ল-সংকটত পৰা মানুহ এজনক যেতিয়া অইন মানুহে উদ্ধাৰ কৰে, তেতিয়া ত্ৰাণকৰ্তাৰ প্ৰতি মানুহজনে এক কৃতজ্ঞতা অনুভৱ কৰে৷ প্ৰতিদান দিবলৈ তেওঁ একপ্ৰকাৰে সাজু হৈ থাকে৷ কাৰণ, ডাৰউইনীয়ান মতবাদৰ ‘
Survival of the fittest’ শীৰ্ষক ধাৰণাটোত টিকি থাকিবলৈ সেই বিপদাসন্ন মানুহ এজনেও সদায়েই শক্তিশালী মানুহৰ লগতেই সম্পৰ্ক এটাৰ স্থায়ীত্ব হোৱাটো কামনা কাৰে৷ সেয়েহে প্ৰপঞ্চটো ঠিক ‘তুমি মোক সহায় কৰিছা, এতিয়া ময়ো তোমাক সহায় কৰিম’ জাতীয় ধাৰণা এটালৈ পৰ্যবসিত হয়৷

কিন্তু আঁসোৱাহটো হৈছে-এই ‘অনুগ্ৰহ’ বা ‘favour’টো সঠিকভাৱে জুখিব পৰাৰ কোনো বস্তুনিষ্ঠ নীতি নাই৷ অৰ্থাৎ, হেমিল্টনে ৰোগ নিৰ্মূলকৰণৰ প্ৰতিদান হিচাপে ফাৰকুশ্বিয়াৰে ব্ৰিটিছক ‘অনুমতি-পত্ৰ’ প্ৰদান কৰা প্ৰসংগ দুটাত সমতা নাই৷ যদিহে ঘটনাটো ‘চিকিৎসা’ৰ প্ৰতিদানত ‘চিকিৎসা’ হ’লহেঁতেন, তেতিয়া অৱশ্যে অঘটন নঘটিলহেঁতেনেই৷ কিন্তু আমি মানুহ Reciprocity Bias’ নামৰ পক্ষপাতিতা এটাত আক্ৰান্ত৷ আমাক সংকটৰ পৰা উদ্ধাৰ কৰা মানুহজনক প্ৰতিদানস্বৰূপে সহায় কৰাৰ প্ৰৱণতা৷ কিন্তু এই প্ৰতিদান গঠিত হয় একধৰণৰ ‘অসমমিতি’ৰ আধাৰত৷ এটা বাস্তৱিক উদাহৰণ৷ আপোনাক পৰীক্ষাত কোনোবাই কলম এটা দি সহায় কৰিলে৷ বৰ গুৰুত্বপূৰ্ণ সহায়৷ আপোনাৰ মনত তেওঁৰ প্ৰতি কৃতজ্ঞতাবোধৰ সৃষ্টি হ’ল৷ দুদিন পাছত বন্ধুজনে আপোনাৰ সংগ্ৰহত থকা বিৰল কিতাপ এখন বিচাৰিলে৷ আপুনিও ততালিকে আগ-পিছ নুগুনি কিতাপখন দি দিলে৷ কিন্তু দুয়োটা বস্তু নিজৰ নিজৰ ধৰণ অ-সম।

মোগল সম্ৰাট ফাৰকুশ্বিয়াৰো উপৰিউক্ত Reciprocity Bias’ত আবদ্ধ হৈছিল৷ প্ৰতিদানত দিবলগীয়া সমলৰ বস্তুনিষ্ঠ, নিৰপেক্ষ আৰু দূৰদৰ্শী পৰ্যবেক্ষণ নকৰি তেওঁ এটা মহাভুলক সাবটি ল’লে আৰু ব্ৰিটিছক ভাৰতত বাণিজ্য-বিস্তাৰৰ পথছোৱা প্ৰশস্ত কৰি তুলিলে৷ অদূৰদৰ্শী আৰু অবিবেচক সম্ৰাটে প্ৰদান কৰা অনুমতি-পত্ৰক সুবিধাবাদী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অপব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু এনেকৈয়ে বংগকে ধৰি ভাৰতৰ অন্যান্য প্ৰান্তত ব্যৱসায় বিস্তাৰৰ সুবিধা এটাও অৱলীলাক্ৰমে কোম্পানীৰ হাতলৈ আহিল৷ আৰু এই অনুমতি-পত্ৰৰ অপব্যৱহাৰৰ ফলত অৱশেষত কোম্পানী আৰু বংগৰ নবাবসকলৰ মাজত এদিন সংঘাতৰ সৃষ্টি হয়। ১৭৫৭ চন পলাশীৰ যুদ্ধ এই সংঘাতৰ  চূড়ান্ত বিন্দু।

এই পক্ষপাতটো 'Reciprocal Altruism'ৰ‌ আনুষংগিক। যিটো বিৱৰ্তনীয় ধাৰণা প্ৰাণীকুলতো দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, প্ল'ভাৰ‌ নামৰ‌ চৰাইটোৱে মুখ মেলি থকা ঘৰিয়ালৰ দাঁতৰ পৰা অৱশিষ্ট খাদ্যাংশক নিজৰ আহাৰ হিচাপে গ্ৰহণ কৰে। ইয়াৰ ফলত ঘৰিয়ালৰ দাঁত চাফা হয় আৰু সি দ্বিতীয়টো চিকাৰৰ বাবে সাজু হৈ উঠে। আনহাতে ঘৰিয়ালটোৱেও চৰাইটোক খাদ্য হিচাপে গ্ৰহণ নকৰি তাৰ নিজৰ কামফেৰা সম্পন্ন কৰি লয়। এনেকৈয়ে এক অলিখিত চুক্তিৰ জৰিয়তে দুয়োটা প্ৰাণী একেখন‌ ধৰাতলতে বাস কৰিছে।

বিৱৰ্তনীয় জীৱবিজ্ঞানী ৰিচাৰ্ড ডকিনছে গ্ৰন্থ 'The Selfish Gene'ত পাৰস্পৰিক সাহায্যৰ তিনিটা বিশেষ বিৱৰ্তনীয় কৌশল অনুসন্ধান কৰিছিল। (১) হেবাং বা Sucker, (২) প্ৰবঞ্চক বা Cheat, (৩) বিদ্বেষী বা Grudger(।) হেবাংসকলে কোনো ভেদ-বিভেদ নামানি যাকে-তাকে সহায় কৰে। প্ৰবঞ্চকসকলে সকলোৰে পৰা সহায় লয়, কিন্তু বিনিময়ত কাকো সহায় নকৰে। আনহাতে বিদ্বেষীসকলে প্ৰয়োজনত অচিনাকিজনকো সহায় কৰে, কিন্তু কোনোবাই প্ৰবঞ্চনা কৰিলে তেওঁলোকে তাক মনত ৰাখে আৰু ভৱিষ্যতে কোনোধৰণৰ সহায় আগনবঢ়ায়। এই কৌশলবোৰ জীৱ-জন্তুৰ লগতে মানৱজাতিৰ ক্ষেত্ৰতো সমভাৱেই প্ৰযোজ্য বুলি ভাবিব পাৰি।

এনে এক প্ৰেক্ষাপটত 'বিৱৰ্তনীয়ভাৱে সুস্থিৰ কৌশল' এটাত উপনীত হ'বলৈ দেখদেখকৈ বিদ্বেষীৰ সংখ্যাধিক্য হোৱা উচিত। অন্যথা প্ৰবঞ্চকৰ প্ৰকোপত বিৱৰ্তনীয় প্ৰক্ৰিয়াটোৱেই আগ্ৰাসনৰ সন্মুখীন হ'ব। কাৰণ, দেখা গৈছে-একমাত্ৰ প্ৰবঞ্চকসকলেই সকলোবোৰ সুযোগ আৰু সুবিধা হস্তগত কৰি অইনতকৈ শ্ৰেষ্ঠতৰ আৰু সুদৃঢ় হিচাপে স্থান পাইছে। যাৰ বিপৰীতে তেওঁলোকে অইনক একো দিবলগীয়া হোৱা নাই। সমান্তৰালভাৱে হেবাংসকলৰ অস্তিত্বলৈও বিপদ নামি আহিছে। যদিহে তেওঁলোকক প্ৰত্যাহ্বান জনাবলৈ কিছুসংখ্যক বিদ্বেষী থাকে, তেন্তে বিৱৰ্তনীয় কৌশলটো সুস্থিৰ হ'ব পাৰে। 

এই কৌশলকেইটাৰ বন্ধু-নিৰ্বাচনৰ দৰে লঘু মাত্ৰাৰ সামাজিক প্ৰসংগতো বিশেষ গুৰুত্ব আছে। একেদৰে ভূ-ৰাজনৈতিক প্ৰেক্ষাপটতো ইয়াৰ আলোচনাই নতুন দিশ মুকলি কৰিব পাৰে। 

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা