শিক্ষকসমাজৰ বিবেচনামৰ্মে আগবঢ়োৱা দুটামান চিন্তা


উপদেশ বা পৰামৰ্শ নহয়। নতুন সময়ৰ নতুন শিক্ষকসমাজৰ বিবেচনামৰ্মে আগবঢ়োৱা দুটামান চিন্তাহে৷ দুটামান প্ৰস্তাৱৰ বাহিৰে বাকীসমূহ কথা প্ৰাথমিকৰ পৰা দশম শ্ৰেণী পৰ্যন্ত প্ৰযোজ্য৷

(১)কাহিনীধৰ্মী উপস্থাপনঃ শিক্ষকসকলে কিছুমান ধাৰণা কাহিনীৰ‌ শৈলীৰে শিক্ষাৰ্থীসকলৰ সমুখত উপস্থাপন কৰিলে শিক্ষাৰ্থীসকলৰ বুজিবলৈ সহজ হয় আৰু ধাৰণাটোৰ গভীৰতাও সহজেই উপলব্ধি হয়। দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা চিনাকি সামগ্ৰী বা উপকৰণৰ আধাৰত এটা উপমা, Analogy ব্যৱহাৰ কৰিও পাঠৰ জটিলতা হ্ৰাস কৰিব পাৰি।
(২) ইংৰাজী কথনঃ ইংৰাজী পাঠৰ পাঠদান কৰোঁতে শিক্ষক-শিক্ষয়িত্ৰীসকলে ইংৰাজী ভাষাতে কথোপকথন আগবঢ়াই নিব লাগে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ ইংৰাজী কথনশৈলী উন্নত হ'ব। আছাম ট্ৰিবিউনৰ বাতৰিবোৰ মাজে-সময়ে শিক্ষাৰ্থীৰ লগত আলোচনা কৰিব লাগে৷
(৩) অভিধান পঠনঃ শিক্ষাৰ্থীসকলক অভিধানত শব্দ-সন্ধান কিদৰে কৰিব লাগে-তাৰ এক সম্যক ধাৰণা দিয়াটো আৱশ্যক। দৈনিক কমেও দহটা নতুন শব্দ (ইংৰাজী আৰু অসমীয়া) শিকিবলৈ আৰু তাৰ প্ৰয়োগ তথা অৰ্থটো আয়ত্বাধীন কৰিবলৈ প্ৰয়োজনীয় দিহা দিলে শিক্ষাৰ্থীৰ শব্দ-সম্ভাৰ টনকিয়াল হ'ব।
(৪) বিজ্ঞানমুখী দৃষ্টিভংগীঃ কিতাপত লিখি থকা কথাটোৱেই যে এই জগতৰ সৰ্বশেষ সত্য নহয়-তাক অতি পৰিষ্কাৰকৈ আৰু দৃঢ়তাৰে শিক্ষাৰ্থীসকলক বুজাই দিয়াটো দৰকাৰ। সত্যৰ অন্বেষণৰ এক বিশ্বাসযোগ্য মাধ্যম হৈছে বিজ্ঞানমনস্কতা আৰু বিজ্ঞানধৰ্মী মানসিকতা। প্ৰশ্নমুখী চিন্তনক অগ্ৰাধিকাৰ দিবলৈ শিক্ষাৰ্থীসকলৰ লগত সেয়ে মাজে-মাজে বিতৰ্কিত বিষয়ৰো আলোচনা কৰিব লাগে।
(৫) প্ৰতিযোগিতা আৰু সহযোগিতাঃ বিদ্যালয়ত একক প্ৰতিযোগিতাৰ লগতে দলীয় প্ৰতিযোগিতাক গুৰুত্ব দিব লাগে। টিমৱৰ্কৰ মহত্বটো কম বয়সতে বুজি উঠিলে সুবিধা। কাৰণ সহযোগিতামূলক ব্যৱস্থা (Collaborative approach) এটাৰ মাজেৰেহে তেওঁলোকে যিকোনো ক্ষেত্ৰত ভৱিষ্যতে কৰ্মদান কৰিব পাৰিব। যেনে: তিনিজন ল'ৰা বা ছোৱালীক এটা গোটত ভগাই অলপ মৌলিক অংক এটাৰ সমাধানসূত্ৰ বাহিৰ কৰিবলৈ দিয়া৷
(৬) আৱেগিক বুদ্ধিমত্তাঃ আৱেগ আৰু বুদ্ধিমত্তাৰ সঠিক সংযোজন ঘটাব নোৱাৰিলে আজিৰ এই প্ৰযুক্তিনিৰ্ভৰ সময়ত শিক্ষাৰ্থীসকলৰ চিন্তা-চেতনা বিপথগামী হোৱাটো অৱধাৰিত। ইয়াৰ গুৰুত্ব অনুভৱ কৰি শিক্ষকসকলে তৃণমূল পৰ্যায়ৰপৰাই যুক্তিবাদ, সমালোচনাত্মক দৃষ্টিভংগী বা Critical Thinking বঢ়াবলৈ তেওঁলোকক অকস্মাতে কেতবোৰ বহুমুখী প্ৰশ্ন সুধি তাৰ উত্তৰ সন্ধান কৰিবলৈ উৎসাহিত কৰক। যেনেঃ (ক) তোমাৰ এজন বন্ধুৰ বিপদৰ সময়ত তোমাৰ পৰীক্ষা। এতিয়া তুমি তেওঁক সহায় কৰিবলৈ আগবাঢ়িবানে? (খ) ৰাস্তাৰে গৈ থাকোঁতে এহাজাৰটকীয়া নোট এখন পালা? ওচৰতে এজন দৰিদ্ৰ বৃদ্ধ ৰৈ আছে। আনহাতে তোমাৰো দুখনমান কিতাপ কিনিবলৈ আছে। এনে ক্ষেত্ৰত তুমি কি কৰিবা? (গ) তোমাৰ অংক এটা ভুল হ'ল। ছাৰে তাক আঙুলিয়াই দেখুৱালে। কিন্তু তুমি দেখিলা যে, তেখেতৰ উপদেশটোও ভুল। এতিয়া তুমি কি কৰিবা?
(৭) স্মাৰ্টফোনৰ সুস্থ ব্যৱহাৰঃ কথাটো হৈছে সমতাৰ। অৰ্থাৎ নিজৰ বৌদ্ধিক, মানসিক দিশত হানি নোহোৱাকৈ স্মাৰ্টফোনৰ দৰে প্ৰযুক্তিগত আহিলাসমূহ ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ্থীক শিকোৱা। কিন্তু দেখা যায়, একাংশ শিক্ষক-শিক্ষয়িত্ৰী বিপদজনকভাৱে ম'বাইলৰ নিচাত আক্ৰান্ত। আমি এইটো দিশত সতৰ্কতাৰে আগবঢ়া উচিত।
(৮) কিতাপ/আলোচনী পঢ়াৰ পৰিৱেশঃ বিদ্যালয়ত সুযোগ/সুবিধা পালেই শিক্ষক-শিক্ষয়িত্ৰীসকলে বাহিৰা কিতাপ বা আলোচনীৰ প্ৰসংগ উলিয়াব লাগে। কিতাপ পঢ়াৰ উপকাৰিতা সন্দৰ্ভে সময়োপযোগী আলোচনা হোৱা আৱশ্যক। বিদ্যায়লত প্ৰতিটো শ্ৰেণীতে একোটা অধ্যয়ন চক্ৰ মুকলি হ'ব লাগে য'ত মাহেকে/পষেকে একোখন বিশেষ কিতাপৰ আলোচনা হ'ব আৰু প্ৰতিটো শ্ৰেণীয়ে তাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা