সপোন নেদেখাকৈ থকাটো সম্ভৱনে?

সন্দীপ মহেশ্বৰীৰ ভিডিঅ'সমূহৰ পৰা (বিশেষকৈ তেখেতৰ দ্বিতীয়টো চেনেল "আধ্যাত্মিকতাবাদ"ৰ) মই কিছুমান কথা জানি উপকৃত হৈছোঁ৷ কিন্তু প্ৰিয় ব্যক্তিজনৰ দুই-এক সিদ্ধান্তৰ বৈজ্ঞানিক ভিত্তিটো ত্ৰুটিমুক্ত নহয় ৷ তেখেতৰ এটা ছিৰিজ প্ৰেক্টিকেল ছাইক'লজিৰ পাঁচটা খণ্ড চাইছিলোঁ৷ ছিৰিজটোৰ "হোৱাট ইজ ইগো" নামৰ খণ্ডটিৰ শেষৰফালে সন্দীপ মহেশ্বৰীয়ে কোৱা কথা এষাৰৰ সাৰাংশ এনেধৰণৰ-"মানুহ যদি বিষয়-বাসনা আৰু অৱদমিত প্ৰত্যাশাৰ পৰা মুক্ত হ'ব পাৰে, তেন্তে মানুহে সপোনো নেদেখা হ'ব৷ কাৰণ সপোন হৈছে মানুহৰ অৱচেতন মনৰেই বহিঃপ্ৰকাশ৷" এই কথাটো সন্দীপ মহেশ্বৰীয়ে বৰ আত্মবিশ্বাসেৰে ক'লে যদিও তেখেতৰ সপোন-সম্বন্ধীয় এই তত্ত্বটো গণ্ডগোলীয়া৷


ইয়াৰ আঁৰত থকা কাৰণটো হৈছে-তেখেত বিশিষ্ট বিজ্ঞানী ছিগমন ফ্ৰয়দৰ (ক) "অৱদমিত আকাংক্ষা" আৰু (খ) সপোনৰ উৎপত্তি হৈছে মানুহৰ সুপ্ত আশা পূৰণৰ বাবে" শীৰ্ষক ধাৰণা দুটাৰ দ্বাৰা প্ৰভাৱিত৷ পিছে আমোদজনকভাৱে, ১৯৫০-৬০ চনৰ পৰা বিকশিত হোৱা নিদ্ৰা বিজ্ঞানৰ নানানটা উদ্ঘাটন আৰু পৰৱৰ্তী পৰ্যায়ৰ এম-আৰ-আই স্কেনত উন্মোচিত হোৱা মগজুৰ সম্পৰীক্ষাসমূহে ছিগমন ফ্ৰয়ডৰ একাধিক চিন্তা আৰু চিকিৎসাবিধিক অবৈজ্ঞানিক, অপ্ৰমাণিত আৰু মাথোন অভিজ্ঞতা-নিৰ্ভৰ বুলিহে অভিহিত কৰিছে৷ বৰঞ্চ দুই-এজন অনুসন্ধানকাৰী-মনোবিজ্ঞানীয়ে তেখেতৰ চিন্তা-চৰ্চাক "অপবিজ্ঞান" বুলিও উপেক্ষা কৰে৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল ছিগমন ফ্ৰয়ডৰ চেতন আৰু অৱচেতন মনৰ ধাৰণাটোৰ আধাৰত নিদ্ৰা বিজ্ঞানে অগ্ৰগতি লাভ কৰা নাই৷ সেয়েহে, সপোনৰ লগত অৱচেতন মনৰ চিন্তা, বাসনা আৰু অৱদমিত ইচ্ছাৰ কিবা ঘনিষ্ঠ সম্বন্ধ আছে বুলি বুকু ফিন্দাই আজিৰ তাৰিখত কৈ দিব নোৱাৰি৷ তাৰ পৰিৱৰ্তে সপোনৰ লগত শিকনপ্ৰণালী, স্মৃতিসংৰক্ষণ, সৃষ্টিশীলতাৰহে স্নায়ুগত কিছুমান সম্বন্ধ আছে৷

চিন্তা-উদ্ৰেককাৰী কথাটো হ'ল, মানুহৰ বোধগত বিকাশ আৰু মগজুৰ বিভিন্ন ক্ৰিয়া সম্পাদনাৰ বাবে সুস্থ পৰিমাণৰ REM নিদ্ৰা অতি জৰুৰী৷ REM নিদ্ৰা মানে Rapid eye movement, টোপনিৰ যিটো কালত মানুহৰ চকুহাল লৰি থাকে, কিন্তু হাত-ভৰিৰ দৰে পেশীবোৰ বিকল হৈ পৰে৷ এইছোৱা কালত মানুহে সপোন দেখাৰ সম্ভাৱনা বেছি৷ সুস্থ টোপনিৰ আঠঘণ্টীয়া পৰিক্ৰমাটোত (পাঁচ-ছটা চক্ৰৰ সমষ্ঠি) ৰেম-নিদ্ৰাৰ পৰিসৰতকৈ NREM (Non rapid eye movement)ৰ পৰিসৰ বেছি৷ ৰেমনিদ্ৰা সাধাৰণতে আৰম্ভ হয় টোপনিত পৰাৰ নবৈ মিনিটমানৰ পিছত৷ আগনিশাতকৈ পিছৰনিশা ৰেমনিদ্ৰাৰ প্ৰভাৱ বেছি৷ আৰু সেইকাৰণেই আমি দেখা প্ৰায়বোৰ সপোনৰে উৎপত্তি হয় পুৱতি নিশা আৰু মাজনিশাৰ পিছত৷ বোধগত সক্ৰিয়তাৰ বাবে REM নিদ্ৰাৰহে গুৰুত্ব সৰ্বাধিক৷ গতিকে অৱধাৰিতভাৱে ৰেম-নিদ্ৰাত দেখা সপোনো আমাৰ বাবে অতি লাগতিয়াল৷ অন্য এক অৰ্থত সপোন নেদেখাকৈ থকাটো সুস্থ টোপনিৰ বৈশিষ্ট্য হ'ব নোৱাৰে৷

তথ্যসূত্ৰ :
১.Why do we dream, https://www.healthline.com/health/why-do-we-dream
২. Dreams, https://www.sleepfoundation.org/dreams
৩. REM Sleep, https://www.sleepfoundation.org/stages-of-sleep/rem-sleep
৪. On Dreams and Motivation: Comparison of Freud’s and Hobson’s Views, https://www.frontiersin.org/articles/10.3389/fpsyg.2016.02001/full
৫. Do dreams really guard sleep? Evidence for and against Freud's theory of the basic function of dreaming, https://www.ncbi.nlm.nih.gov/pmc/articles/PMC3558686/

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা