গুণৰ বাবে সংখ্যাও দৰকাৰী

চিত্ৰকৰ আৰু ভাস্কৰ্যশিল্পী পাবলো পিকাছোৰ মুঠ সৃষ্টিৰ সংখ্যা ১,৪৭,৮০০৷ তাৰে ১৩,৫০০ খন চিত্ৰ৷ কবি এমিলি ডিকিনছনে জীৱনত লিখা মুঠ কবিতাৰ সংখ্যা প্ৰায় ১,৮০০ ৷ চৈয়দ আব্দুল মালিকৰ বিশাল সৃষ্টিৰাজিত প্ৰায় ২,০০০ গল্প, ৭০খনতকৈও উপন্যাস অন্তৰ্ভুক্ত৷ সংখ্যাৰ ফালৰ পৰা ড০ ভূপেন হাজৰিকাৰ সৃষ্টিও কম নহয়৷ তেখেতে শতাধিক গীত লিখিছে, ৰচিছে, সুৰ কৰিছে৷ হীৰুদাইও লিখিছে বহুসংখ্যক কবিতা৷

সৃষ্টি একোটা উৎকৃষ্টতাৰ শাৰীত তেতিয়াহে উপনীত হয়, যেতিয়া তাৰ লগত 'অভ্যাস' জড়িত হৈ থাকে৷ আৰু বহুক্ষেত্ৰতে 'অভ্যাস'ৰ এটা সমাৰ্থক হৈছে -'সংখ্যা'৷ অৰ্থাৎ এগৰাকী ব্যক্তিয়ে কিমান সৃষ্টি কৰিছে? কেতিয়াবা একোটা 'শ্ৰেষ্ঠ সৃষ্টি'ত উপনীত হ'বলৈ কেবাটাও ভাল/কম ভাল/সাধাৰণ পৰ্যায়ৰ সৃষ্টিৰ পৰ্যায় অতিক্ৰম কৰিবলগীয়া হয়। অৰ্থাৎ চাবলৈ গ'লে, শ্ৰেষ্ঠত্বও এক পৰ্যায়ক্ৰমিক অনুশীলনহে।
আমাৰ কিছুসংখ্যক আলোচনাত 'সংখ্যাগত দিশ'টোক নেতিবাচক দৃষ্টিৰে চায়৷ কিছুসংখ্যকে সংখ্যাগত দিশতকৈ গুণগত দিশটোকহে অগ্ৰাধিকাৰ দিয়ে৷ কিন্তু, সমালোচনাৰ এই ধাৰণাটো সদায়েই শুদ্ধ নহয়৷ সংখ্যাগত দিশটো আচলতে সেই ব্যক্তিগৰাকীৰ অভ্যাসৰহে অংশ৷ যিমানেই বৌদ্ধিক অভ্যাস কৰিব, সিমানেই তেওঁৰ পৰৱৰ্তী সৃষ্টিবোৰো উৎকৃষ্টতামুখী হ'ব৷ বিশ্বখ্যাত প্ৰতিভাধৰসকলে আমৃত্যু পৰ্যন্ত নিজৰ সৃষ্টিক 'পাৰফেক্ট' কৰাৰ চেষ্টা অব্যাহত ৰাখে৷ শ-শ, হাজাৰ-হাজাৰবাৰ৷ আৰু সেইবাবেই হয়তো তেওঁলোকে উৎকৃষ্টতাৰ এটা অসামান্য অৱস্থানত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে৷
উপৰিউক্ত কথাখিনিৰ লগত প্ৰাসংগিক পাবলো পিকাছোৰ এটা বহুল-প্ৰচলিত কাহিনী আছে এনেধৰণৰঃ
পিকাছোৱে এবাৰ বজাৰৰ মাজেৰে খোজকাঢ়ি গৈ আছিল৷ তেনেতে অকস্মাতে ভদ্ৰমহিলা এগৰাকীয়ে তেখেতৰ বাট ভেটি ধৰিলে৷ ততাতৈয়াকৈ বেগটোৰ পৰা কাগজ এখিলা উলিয়াই ভদ্ৰমহিলাই পিকাছোক সবিনয়ে ক’লে-‘মহাশয়৷ মই আপোনাৰ এগৰাকী সাংঘাতিক গুণমুগ্ধ৷ অনুগ্ৰহ কৰি এইখিলা কাগজতে সৰুকৈ আপুনি কিবা এটা আঁকি দিয়কচোন৷’ পিকাছোৰ মহিলাগৰাকীক অসন্মান কৰিবলৈ মন নগ’ল৷ পৰিশীলিত হাঁহি এটা মাৰি তেখেতে কাগজখিলা ল’লে আৰু চকুৰ পচাৰতে সৰু অথচ আকৰ্ষণীয় ছবি এখন আঁকি দিলে৷ অঁকা হ’লত কাগজখিলা বিচাৰি ভদ্ৰমহিলাই পিকাছোৰ সমুখত হাত পাতিলে৷ তেতিয়া পিকাছোৱে বিনম্ৰতাৰে সৈতে ক’লে-‘মেডাম! চিত্ৰটিৰ মূল্য দহ লাখ ডলাৰ৷’ এই কথা শুনি ভদ্ৰমহিলাৰ চকু গৈ কপালত উঠিল৷ ‘হাৰে, কি কথা কৈছে! মাত্ৰ ত্ৰিশ ছেকেণ্ডতে আঁকি শেষ কৰা এইকণ ছবিৰ মূল্য দহ লাখ ডলাৰ কেনেকৈ হ’ব পাৰে!’ পূৰ্বৰ বিনম্ৰতা অটুট ৰাখি পিকাছোৱে তেতিয়া মহিলাগৰাকীক ক’লে-‘মেডাম৷ আপুনি জানেনে যে, ত্ৰিশ ছেকেণ্ডত এই ছবিখন আঁকিবৰ বাবে মোক ত্ৰিশ বছৰ সময় লাগিছে!’
উত্তৰটোতেই পিকাছোৰ অনুশীলনৰ এক অসামান্য উদাহৰণ সোমাই আছে।

Comments

Popular posts from this blog

এটা প্ৰেৰণাদায়ক কাহিনী আৰু মোৰ কিছু অনুভৱ

এটা ল’ৰা আৰু এজোপা আপেল গছ (সাধু)

'শেষপৃষ্ঠা'ৰ পৰা